AskAssam.Com LEARN · SHARE · GROW
HomeSEBA/SCERTClass 9Assameseসন্মান

LESSON 16

সন্মান

Class 9 · Assamese · Assamese

সন্মান Class 9 Assamese Lesson 16 Question Answer

শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX)
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপৰ নাম (Book) সাহিত্য চয়নিকা (Sahity Sayanika)
পাঠ (Lesson – 16) সন্মান
মাধ্যম (Medium) অসমীয়া
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

১। অতি চমু উত্তৰ দিয়া

(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?

উত্তৰঃ যি দেশৰ অধিকাৰ আৰু শাসনকর্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ হয়।

(খ) ছাত্ৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?

উত্তৰঃ নোৱাৰে। পৃথিৱীত এনে কোনো বস্তু নাই যাক দি ছাত্ৰে শিক্ষকৰ ঋণ শোধ কৰিব পাৰে।

(গ) ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – ‘তেওঁ’ কোন?

উত্তৰঃ ‘তেওঁ’ হ’ল জগতখন ধাৰণ কৰোতা, ভগৱান ঈশ্বৰ। তেওঁই সকলোৰে উৰ্ধত।

(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ তেওঁ ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।

(ঙ) হেমকোষ কি?

উত্তৰঃ হেমকোষ হ’ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক হ’ল হেমচন্দ্ৰ বৰুৱা।

(চ) ‘কানীয়া কীৰ্তন’ৰ ৰচক কোন?

উত্তৰঃ ‘কানীয়া কীৰ্তন’ৰ ৰচক হ’ল হেমচন্দ্ৰ বৰুৱা।

২। ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয় – কথাষাৰ বুজাই লিখা।

উত্তৰঃ ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয়। তেওঁলোকেই আমাক জন্ম দিয়ে, তুলি-তালি ডাঙৰ-দীঘল কৰে আৰু আমাৰ প্ৰথম শিক্ষক হিচাপে কাম কৰে। অনেক দুখ-কষ্ট সহি তেওঁলোকে আমাক মানুহ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। পিতৃ-মাতৃৰ বাবেই আমি এই বিচিত্ৰ সংসাৰখন দেখিবলৈ পাইছো। সেয়ে তেওঁলোক আমাৰ বাবে মান্য আৰু সন্মানৰ পাত্ৰ।

৩। শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে?

উত্তৰঃ শিক্ষক ছাত্ৰৰ জীৱনৰ পথপ্ৰদৰ্শক। তেওঁ ছাত্ৰক জ্ঞানৰ আলোৰে সমাজত সুকলমে আগবাঢ়িবলৈ শিকায়। ছাত্ৰৰ ভৱিষ্যত জীৱনটো গঢ় দিয়াত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেয়ে ছাত্ৰই শিক্ষকক সন্মান আৰু শ্ৰদ্ধা কৰা উচিত।

৪। ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা চমুকৈ লিখা।

উত্তৰঃ ‘সন্মান’ পাঠটোৰ পৰা আমি শিকো যে মানুহ সৎ হোৱা উচিত। সৎ মানুহে ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰাটো নিজৰ কৰ্তব্য বুলি জানে। নিজতকৈ ডাঙৰ জনক, সি যিয়েই নহওঁক, সন্মান কৰা দৰকাৰ। ব্যৱহাৰ সদায় মধুৰ হ’ব লাগে কাৰণ ‘কথাতে কটা যায়, কথাতে বঁটা পায়’। লগতে, সমাজত শিষ্টাচাৰ বজাই ৰাখি জীৱনত সন্মান অৰ্জন কৰিব পাৰি।

ভাষা-বিষয়ক

১। তলৰ শব্দবোৰৰ সমার্থক শব্দ লিখা :

নৰিয়া, জগত, লোতক, চকু, হেতু, মান।

  • নৰিয়া → শয্যাগত
  • জগত → ধৰা, ধৰণী
  • লোতক → চকুলো
  • চকু → নয়ন
  • মান → শ্ৰদ্ধা, সন্মান

২। বিপৰীত শব্দ লিখা :

শ্ৰদ্ধা, শলাগ, আদি, দুষ্ট, জ্যেষ্ঠ, ন্যায়

  • শ্ৰদ্ধা → অসন্মান
  • শলাগ → নিন্দা
  • আদি → অন্ত
  • দুষ্ট → সাধু
  • জ্যেষ্ঠ → কনিষ্ঠ
  • ন্যায় → অন্যায়

অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন

প্ৰঃ ‘কানীয়া কীৰ্তন’ৰ ৰচক কোন?

উত্তৰঃ ‘কানীয়া কীৰ্তন’ৰ ৰচক হ’ল হেমচন্দ্ৰ বৰুৱা।

প্ৰঃ হেমকোষ কি?

উত্তৰঃ হেমকোষ হ’ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক হেমচন্দ্ৰ বৰুৱা।

প্ৰঃ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ তেওঁ ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।