AskAssam.Com LEARN · SHARE · GROW
HomeSEBA/SCERTClass 10 HSLCSocial Scienceভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

LESSON 4

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Class 10 HSLC · Social Science · Assamese

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 Social Science History Chapter 4 Question Answer | SEBA HSLC

এই পৃষ্ঠাত SEBA Class 10 Social Science History Chapter 4 “ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ”ৰ সম্পূৰ্ণ সমাধান দিয়া হৈছে। অতি চমু, চমু, দীঘল প্রশ্নোত্তৰ, MCQ, অতিৰিক্ত প্রশ্ন, HSLC পূৰ্ববৰ্ষৰ প্রশ্ন আৰু FAQs সহ SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ সহায়িকা।

পাঠৰ তথ্য

বিষয় সমাজ বিজ্ঞান (ইতিহাস)
কিতাপখনৰ নাম SEBA Social Science (Part-I)
পাঠৰ নাম ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
শ্ৰেণী দশম (X)
অধ্যায় (Chapter) অধ্যায় ৪
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

সাৰাংশ

English Summary:
This chapter discusses the growth of national awakening in Assam during India’s freedom movement. After the Treaty of Yandabo (1826), Assam came under British rule, leading to the “Company Era” (1826-1858). The British introduced Bengali as the official language in 1836, but Assamese was reinstated in 1873 after continuous struggle. Various organizations emerged to promote Assamese language, culture, and political awareness. The Assam Literary Society (1872), Jonaki periodical (1888), Assam Sahitya Sabha, Jorhat Sarbojonik Sabha (1884), Assam Association (1903), and Asom Chhatra Sanmilan (1916) played significant roles in awakening national consciousness. The chapter also covers the role of Assam in the Swadeshi Movement, Non-Cooperation Movement, Civil Disobedience Movement, and Quit India Movement. It highlights the contributions of leaders like Ambikagiri Raichoudhury, Nabin Chandra Bordoloi, Kuladhar Chaliha, Gopinath Bordoloi, and martyrs like Kushal Konwar and Kanaklata Barua. The post-independence period saw the establishment of Gauhati University (1948), Assam Medical College (1947), and Assam Agricultural University (1969).

অসমীয়া সাৰাংশঃ
এই অধ্যায়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত জাতীয় জাগৰণৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াণ্ডাবু সন্ধি (১৮২৬)ৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়, যাৰ ফলত “কোম্পানিৰ আমোল” (১৮২৬-১৮৫৮) আৰম্ভ হয়। ব্ৰিটিছে ১৮৩৬ চনত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰে, কিন্তু অসমীয়া ভাষাৰ বাবে সংগ্ৰামৰ ফলত ১৮৭৩ চনত অসমীয়া ভাষা পুনৰ প্ৰচলন হয়। অসমীয়া ভাষা-সাহিত্য আৰু জাতীয়তাবাদী চেতনাৰ বিকাশৰ বাবে অসমীয়া লিটাৰেৰী ছ’চাইটি (১৮৭২), জোনাকী (১৮৮৮), অসম সাহিত্য সভা, যোৰহাট সাৰ্বজনিক সভা (১৮৮৪), আছাম এছ’চিয়েচন (১৯০৩), আৰু অসম ছাত্ৰ সন্মিলন (১৯১৬) আদি সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অধ্যায়টোত স্বদেশী, অসহযোগ, আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা আলোচনা কৰা হৈছে। অম্বিকাগিৰী ৰায়চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, গোপীনাথ বৰদলৈ, কুশল কোঁৱৰ আৰু কনকলতা বৰুৱাৰ অৱদান উল্লেখ কৰা হৈছে। স্বাধীনতাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮), অসম চিকিৎসা মহাবিদ্যালয় (১৯৪৭), আৰু অসম কৃষি বিশ্ববিদ্যালয় (১৯৬৯) স্থাপিত হয়।

Word Meaning

  • ইয়াণ্ডাবু সন্ধি = ১৮২৬ চনত ব্ৰিটিছ আৰু আহোমৰ মাজত হোৱা সন্ধি
  • কোম্পানিৰ আমোল = ১৮২৬-১৮৫৮ চনৰ সময়ছোৱা
  • জাতীয়তাবাদ = নিজ দেশৰ প্ৰতি প্ৰেম আৰু অনুভূতি
  • ৰায়ত সভা = কৃষকসকলৰ সংগঠন
  • অসহযোগ = সহযোগিতা নকৰা
  • আইন অমান্য = আইন মানি নচলা
  • স্বদেশী = নিজৰ দেশৰ

অতি চমু উত্তৰৰ প্ৰশ্ন

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।

২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।

৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৭ চনৰ পৰা।

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৭৩ চনত।

৫। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?

উত্তৰঃ মিলন।

৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰা।

৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৩ চনৰ ৮ এপ্ৰিল।

৮। আহোম সভাৰ সম্পাদক কোন আছিল?

উত্তৰঃ পদ্মনাথ গোঁহাইবৰুৱা।

৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।

১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?

উত্তৰঃ সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।

১১। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?

উত্তৰঃ বিষ্ণুৰাম মেধি।

১২। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?

উত্তৰঃ গোপীনাথ বৰদলৈ, ১৯৪৬ চনত।

১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ সৰুপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত।

১৪। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?

উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্বৰ।

১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?

উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ।

চমু উত্তৰৰ প্ৰশ্ন

১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল। অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলে ১৮৭২ চনত “অসমীয়া লিটাৰেৰী ছ’চাইটী”ৰ জন্ম দিয়ে। আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। ১৮৭২ চনত জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই ছ’চাইটিৰ তৰফৰ পৰা ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক স্মাৰক পত্ৰ প্ৰদান কৰি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম-বংগৰ মাজত ৰে’ল সংযোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৱেদন জনাইছিল।

২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া।

উত্তৰঃ ১৮৮৮ চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰ নাম আছিল জোনাকী। এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। ইয়াত প্ৰকাশিত কবিতা, প্ৰৱন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীণ বৰাগী; অম্বিকাগিৰী ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশপ্ৰেমৰ ঢল বোৱাইছিল।

৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভা গঠন কৰা হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল। ১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ’চিয়েছন নাম দিয়া হয়। এই এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধান সভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা।

৪। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?

উত্তৰঃ আছাম এছ’চিয়েছনে উত্থাপন কৰা বিষয়সমূহ:

  • (i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা
  • (ii) স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিককৰণৰ দাবী
  • (iii) বৰ্ধিত কৰ, শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা
  • (iv) কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী
  • (v) মন্টেগ’-ছেমছফৰ্ড সংস্কাৰত অসমক অন্তৰ্ভুক্ত কৰাৰ দাবী
  • (vi) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী

৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ অসমত ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসহযোগ আন্দোলনৰ জোৰ বাঢ়ে। সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদি যুৱ নেতাসকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰি আন্দোলনত যোগদান কৰে। লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিও জনতাক নেতৃত্ব দিছিল। নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকিলসকলে ওকালতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল।

৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।

উত্তৰঃ আইন অমান্য আন্দোলনক ব্ৰহ্মপুত্ৰ উপত্যকাত বিস্তৃত কৰাত ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেয়ে ইংৰাজ চৰকাৰে ছাত্ৰসকলক আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ ১৯৩০ চনত কানিংহাম চাৰ্কুলাৰ জাৰি কৰে। এই চাৰ্কুলাৰে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। দোষী সাব্যস্ত হোৱা সকলক জৰিমণা আৰু ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল। কিন্তু চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল।

৭। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ স্বাধীনতাৰ পিছত উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হব লগা হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ ১২ কিঃমিঃ বহল সংকীৰ্ণ স্থলভাগে উত্তৰ-পূৱক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। অনুপ্ৰৱেশকাৰী সমস্যা আৰু ১৯৬২ চনৰ চীন আক্ৰমণেও উত্তৰ-পূৱ ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল।

৮। অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰঃ ১৯২৩ চনত কৰিমগঞ্জত আৰু পিছত তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁওত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হয়। এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূৱৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।

৯। অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰঃ ডিব্ৰুগড়ত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ১৯০০ চনত ডিব্ৰুগড়ত ডঃ জন বেৰী হোৱাটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে “বেৰী হোৱাইট মেডিকেল স্কুল” স্থাপন হয়। ১৯১০ চনত ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰা হয়। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক “অসম চিকিৎসা মহাবিদ্যালয়” নামেৰে নামাংকিত কৰা হয়।

দীঘল উত্তৰৰ প্ৰশ্ন

১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৮৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল। ১৮৭৩ চনত অসমীয়া ভাষাক পুনৰ চৰকাৰে মান্যতা দিয়ে, তথাপি বাংলা ভাষাৰ আগ্ৰাসন অব্যাহত আছিল। এই প্ৰেক্ষাপটত ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা (অঃ ভাঃ উঃ সাঃ) গঠিত হয়। এই সভা গঠনত উদ্যোগ লোৱা ছাত্ৰসকল আছিল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনক লাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি।

এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। এই সভাই অসমীয়া ভাষাৰ শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাই “হেমকোষ” প্ৰকাশ কৰিছিল। সভাই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পৰ্কে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাইছিল। এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী “জোনাকী”য়ে অসমত নৱজাগৰণৰ সূচনা কৰিছিল।

২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ অসম ছাত্ৰ সন্মিলন ১৯১৬ চনত গঠন হৈছিল। গুৱাহাটীত বহা ইয়াৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।

ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিছিল। প্ৰথম অৱস্থাত ৰাজনীতিৰ লগত জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল। ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰ আছিল মিলন। ইয়াত প্ৰকাশিত বিভিন্ন প্ৰৱন্ধে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ় দিয়াত যথেষ্ঠ অৱদান আগবঢ়াইছিল। বাৰ্ষিক অধিৱেশনসমূহত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাইবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ আদিয়ে অংশগ্ৰহণ কৰি জাতীয়তাবাদেৰে পুষ্ট বক্তৃতা প্ৰদান কৰিছিল।

৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯ শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ আৰু নগাঁওত ৰায়ত সভা গঠন কৰা হৈছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল: (ক) গ্ৰেজিং কৰ বন্ধ কৰা, (খ) মাটিৰ খাজনা হ্ৰাস কৰা, (গ) পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ১৯৩০-৩৪ চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল। নদুৱাৰ, ছয়দুৱাৰ, শিৱসাগৰ আৰু দৰংৰ ৰায়ত সভাবোৰ উল্লেখযোগ্য। ১৯৩৪ ৰ পৰা ১৯৩৯ চনৰ ভিতৰত অসমত প্ৰায় ৩০০ খন ৰায়ত সভা গঢ়ি উঠিছিল। ১৯৩৯ চনত কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ৰায়ত সভাসমূহ কংগ্ৰেছ সমিতিত বিলীন হৈ পৰিল।

৪। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।

উত্তৰঃ যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যসমূহ:

  • (ক) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা
  • (খ) চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা
  • (গ) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা

কাৰ্যাৱলীসমূহ:

  • (ক) ১৮৮৬ চনৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ
  • (খ) ১৮৯২-৯৩ চনত বৰ্ধিত কৰৰ বিৰোধ
  • (গ) ১৮৯৩ চনত ৰাজকীয় কানি আয়োগৰ ওচৰত অসমৰ পৰা কানিৰ প্ৰচলন উঠাই দিবলৈ স্মাৰক পত্ৰ
  • (ঘ) ১৯০৫ চনৰ বংগভংগৰ বিৰোধিতা

৫। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।

উত্তৰঃ ১৯০৩ চনত জন্মলাভ কৰা আছাম এছ’চিয়েচনে ৰাইজৰ মুখ্য পত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। ই শান্তিপূৰ্ণ, সাংবিধানিক আৰু প্ৰশাসনীয় সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবী তুলিছিল। ইয়াৰ উল্লেখযোগ্য কাম-কাজসমূহ:

  • (i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা
  • (ii) স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিককৰণৰ দাবী
  • (iii) বৰ্ধিত কৰ, শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা
  • (iv) কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী
  • (v) মন্টেগ’-ছেমছফৰ্ড সংস্কাৰত অসমক অন্তৰ্ভুক্ত কৰাৰ দাবী
  • (vi) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী
  • (vii) ১৯২১ চনৰ অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ
  • (viii) বংগ বিভাজনৰ বিৰোধিতা কৰি ১৯০৭ চনত স্মাৰকপত্ৰ দাখিল

৬। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছে ১৮৮৫ চনত জন্ম লাভ কৰে। অসমত আছাম এছ’চিয়েচনক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ ১৮ এপ্ৰিল ১৯২১ চনত ছৱিলাল উপাধ্যায়ৰ পৌৰহিত্যত বিশেষ অধিৱেশন অনুষ্ঠিত হয়। সেই বছৰৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছৱিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয়।

১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ জনোৱা হয়। গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কমিটিখনৰ মাজত আলোড়ন সৃষ্টি কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল। ১৯৪৬ চনৰ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু গোপীনাথ বৰদলৈ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।

৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ স্বদেশী আন্দোলনত অসমৰ ভূমিকা:

  • (i) যোৰহাট সাৰ্বজনিক সভাই বংগভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল
  • (ii) আছাম এছ’চিয়েচনে ১৯০৭ চনত অসমক পূৰ্ববংগৰ পৰা পৃথক কৰিবলৈ স্মাৰকপত্ৰ দাখিল কৰে
  • (iii) পদ্মনাথ গোহাঞি বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি নেতাই বংগ বিভাজনৰ বিৰোধিতা কৰিছিল
  • (iv) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে “বন্দিনী ভাৰত” নাটকৰ জৰিয়তে আন্দোলনৰ প্ৰচাৰ চলাইছিল
  • (v) গুৱাহাটীত ছাত্ৰসকলে সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন স্বদেশী আন্দোলনলৈ দান দিছিল
  • (vi) অসমৰ মানুহে নিমখৰ সলনি খাৰ, বেনাৰসৰ চেনী, থলুৱা কাপোৰ ব্যৱহাৰ কৰিছিল

৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়ে। কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে আন্দোলনক জনপ্ৰিয় কৰি তোলে। জনসাধাৰণে বিদেশী বস্ত্ৰ বৰ্জন কৰি জুই লগাই দিছিল।

চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদি নেতাৰ নেতৃত্বত যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰে। নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকিলসকলে ওকালতি ত্যাগ কৰে। আন্দোলনৰ প্ৰভাৱত গুৱাহাটী, যোৰহাট, নলবাৰী, তেজপুৰ, শিৱসাগৰ, নগাঁও আদিত জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠে। ১৯২১ চনত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান “তিলক সোঁৱৰণী স্কুল” প্ৰতিষ্ঠা কৰা হয়।

৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯৩০ চনত মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হয়। অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ লোণ আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে।

আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি গঠন কৰা হয়। অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনত জড়িত কৰিবলৈ চেষ্টা চলাইছিল। কানিংহাম চাৰ্কুলাৰ জাৰি কৰা সত্ত্বেও ছাত্ৰসকলে আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৯৩০ চনৰ জুলাই-আগষ্টত প্ৰায় ৩১১৭ জন ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰে। ৫০ শতাংশ ভূমিৰ খাজানা হ্ৰাসৰ দাবীৰে কৃষকসকলো আন্দোলনত জপিয়াই পৰিল।

১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। অসমত কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি আন্দোলনক অবৈধ ঘোষণা কৰা হয়। আন্দোলন অহিংস পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, পিকেটিং আদিৰে আৰম্ভ হৈছিল। কিন্তু পুলিচৰ অত্যাচাৰৰ ফলত আন্দোলন হিংসাত্মক হৈ উঠে।

আন্দোলনকাৰীসকলে চৰকাৰী ঘৰ-দুৱাৰ নষ্ট কৰাৰ লগতে ৰেলপথ বগৰুৱাৰ ঘটনা সংঘটিত কৰে। গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া, শিৱসাগৰৰ চাফ্ৰাইত ৰেলপথ বগৰুৱা ঘটে। নগাঁও, বঢ়মপুৰ, গহপুৰ, বেবেজীয়া, ঢেকীয়াজুলী, পাটাৰকুছি আদি ঠাইত প্ৰায় ২৭ গৰাকী প্ৰতিবাদকাৰী শ্বহীদ হয়। গহপুৰত ১৪ বছৰীয়া কনকলতা বৰুৱাই আত্মবলিদান দিছিল। সৰুপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হয়। অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰী আদিত আন্দোলনকাৰীয়ে গাওঁ পঞ্চায়ত গঠন কৰি স্থানীয় শাসন ব্যৱস্থা গঢ়ি তুলিছিল।

১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ অসম কৃষি বিশ্ববিদ্যালয়: ১৯২৩ চনত কৰিমগঞ্জ আৰু তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰ স্থাপিত হয়। ১৯৪৮ চনত নগাঁওত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হয়। এই দুয়োখন সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ই উত্তৰ-পূৱৰ একমাত্ৰ বৃত্তিমুখী বিশ্ববিদ্যালয়।

গুৱাহাটী বিশ্ববিদ্যালয়: উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত। প্ৰতিষ্ঠাকালত ১৭ খন মহাবিদ্যালয় আৰু ৮ টি স্নাতকোত্তৰ বিভাগ আছিল।

অসম চিকিৎসা মহাবিদ্যালয়: ১৯০০ চনত ডিব্ৰুগড়ত “বেৰী হোৱাইট মেডিকেল স্কুল” স্থাপিত হয়। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰত “অসম চিকিৎসা মহাবিদ্যালয়” নামেৰে নামাংকিত হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১. যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্য্যাবলী সম্পর্কে লিখা। (HSLC 2023)

উত্তৰঃ যোৰহাট সার্বজনিক সভা ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠিত হয়। ইয়াৰ উদ্দেশ্য আছিল অসমীয়া জনগণৰ সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন। সভাই শিক্ষামূলক, সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচী আগবঢ়াইছিল। লগতে ৰাজ্যিক স্বায়ত্তশাসনৰ অধিকাৰ, কৃষিৰ উন্নতি আৰু জাতীয়তাবাদী আন্দোলনৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰাতো গুৰুত্ব আৰোপ কৰিছিল। সভাই বিভিন্ন সভা-সমাৰোহ আয়োজন কৰি স্থানীয় সমস্যাৰ ওপৰত আলোচনা কৰিছিল আৰু জনসাধাৰণক সংগঠিত কৰি আন্দোলনসমূহৰ বাবে প্ৰেৰণা যোগাইছিল।

২. অসমত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান সম্পর্কে আলোচনা কৰা। (HSLC 2022)

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৮৮৮ চনত গঠিত হয়। ইয়াৰ অৱদানসমূহ:

  • ভাষা সন্মিলনৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰ
  • অসমীয়া ভাষাত শিক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ
  • অসমীয়া সাহিত্যৰ উন্নয়ন আৰু সংস্কৃতিৰ ৰক্ষা
  • হেমকোষ অভিধান প্ৰকাশত সহায়
  • জোনাকী আলোচনী প্ৰকাশ কৰি জাতীয়তাবাদী চেতনা জগোৱা

৩. স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল? (HSLC 2020)

উত্তৰঃ স্বাধীনতা আন্দোলনৰ সময়ত অসমত অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থানৰ কাৰণ:

  • অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ দাবী
  • ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ
  • স্থানীয় নেতা আৰু সংগঠনসমূহৰ সক্ৰিয় ভূমিকা
  • সাহিত্য, নাটক আৰু সংগীতৰ মাধ্যমে জাতীয়তাবাদী চেতনাৰ প্ৰচাৰ
  • কংগ্ৰেছৰ আন্দোলনসমূহত অসমৰ অংশগ্ৰহণ

৪. অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল? (HSLC 2020)

উত্তৰঃ অসমত অসহযোগ আন্দোলন ১৯২০ চনত আৰম্ভ হৈছিল। ইয়াৰ প্ৰসাৰৰ কাৰণ:

  • গান্ধীজীৰ অসহযোগ আন্দোলনৰ আহ্বান
  • সামাজিক সংগঠনসমূহৰ সহযোগিতা
  • সৰ্বজনৰ অংশগ্ৰহণ (কৃষক, শ্ৰমিক, মহিলা)
  • স্থানীয় নেতাসকলৰ ভূমিকা
  • ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

৫. ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। (HSLC 2019)

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত আন্দোলন আৰম্ভ হোৱাৰ পিছত অসমৰ জনসাধাৰণে ব্যাপক সক্ৰিয়তা প্ৰদৰ্শন কৰিলে। গান্ধীজীৰ ‘কৰিম কিম্বা মৰিম’ শ্লোগানৰ তলে বিভিন্ন স্থলত সভা, হরতাল আৰু পিকেটিং চলিছিল। কংগ্ৰেছৰ নেতা কনকলতা বৰুৱা আদি আটক কৰা হৈছিল। কিছু অঞ্চলত আন্দোলন হিংসাত্মক ৰূপ লৈছিল। ব্ৰিটিছ চৰকাৰে কঠোৰ হাতে আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিলে, কিন্তু অসমবাসীয়ে আন্দোলন অব্যাহত ৰাখিছিল।

৬. বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠান সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। (HSLC 2018)

উত্তৰঃ বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত স্থাপিত শিক্ষানুষ্ঠানসমূহ:

  • অসম কৃষি বিশ্ববিদ্যালয়: ১৯৬৯ চনত স্থাপিত, কৃষি আৰু পশু চিকিৎসা শিক্ষাৰ গুৰুত্বপূর্ণ কেন্দ্ৰ
  • গুৱাহাটী বিশ্ববিদ্যালয়: ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত, উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজহুৱা বিশ্ববিদ্যালয়
  • অসম চিকিৎসা মহাবিদ্যালয়: ১৯৪৭ চনৰ ৩ নৱেম্বৰত নামাংকিত, উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়

৭. অসমত ‘ভাৰত ত্যাগ আন্দোলন’ৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা। (HSLC 2018)

উত্তৰঃ কাৰ্যাৱলী: লোকসকলে হৰতাল, সমাৰোহ, আৰু পিকেটিংৰ জৰিয়তে প্ৰতিবাদ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ আৰু ৰেলপথ ধ্বংস কৰাৰ দৰে কাৰ্যকলাপত অংশ লৈছিল। কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰভাৱ: গান্ধীজীৰ ‘কৰিম কিম্বা মৰিম’ শ্লোগানে জনসাধাৰণক একতা আৰু উৎসাহিত কৰিছিল। ব্ৰিটিছ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ ফলত অসংখ্য লোক গুলিত নিহত হৈছিল। এই আন্দোলনে অসমত তথা সমগ্ৰ দেশত জাতীয়তাবাদী চেতনাৰ উত্থান ঘটাইছিল।

৮. যোৰহাট সার্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা। (HSLC 2018)

উত্তৰঃ যোৰহাট সার্বজনিক সভা অসমৰ এটি গুৰুত্বপূর্ণ সংগঠন। ইয়াৰ মুখ্য কাৰ্য্যাবলী:

  • সামাজিক সজাগতা বৃদ্ধিৰ বাবে নানা অনুষ্ঠান আয়োজন
  • শিক্ষা আৰু সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণ
  • ৰাজনৈতিক জাগৰণৰ ক্ষেত্ৰত উৎসাহ
  • স্থানীয় সমস্যা সমাধানৰ বাবে চৰকাৰী কৰ্মকৰ্তাসকলৰ সৈতে আলোচনা
  • একতা আৰু সংগঠন সৃষ্টি

৯. মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা। (HSLC 2018)

উত্তৰঃ মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ মাধ্যমেৰে অংশগ্ৰহণ কৰিছিল। আন্দোলন চলাকালত, কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত, জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ ধ্বংস কৰিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল।

১০. ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল? (HSLC 2023)

উত্তৰঃ ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক আছিল বৈদ্যনাথ শৰ্মা।

Multiple Choice Questions (MCQs)

১) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

  • (A) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী
  • (B) ১৮৩৭ চনৰ ২৪ ফেব্ৰুৱাৰী
  • (C) ১৮৭৩ চনৰ ২৪ ফেব্ৰুৱাৰী
  • (D) ১৯২১ চনৰ ২৪ ফেব্ৰুৱাৰী

উত্তৰঃ (A) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী

২) অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

  • (A) ১৮৩৬ চন
  • (B) ১৮৭৩ চন
  • (C) ১৮৮৮ চন
  • (D) ১৯১৬ চন

উত্তৰঃ (B) ১৮৭৩ চন

৩) যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল?

  • (A) লক্ষ্মীনাথ বেজবৰুৱা
  • (B) জগন্নাথ বৰুৱা
  • (C) পদ্মনাথ গোঁহাইবৰুৱা
  • (D) হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ (B) জগন্নাথ বৰুৱা

৪) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল?

  • (A) নবীন চন্দ্ৰ বৰদলৈ
  • (B) কুলধৰ চলিহা
  • (C) বিষ্ণুৰাম মেধি
  • (D) গোপীনাথ বৰদলৈ

উত্তৰঃ (B) কুলধৰ চলিহা

৫) অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

  • (A) বিষ্ণুৰাম মেধি
  • (B) কুলধৰ চলিহা
  • (C) গোপীনাথ বৰদলৈ
  • (D) তৰুণ ৰাম ফুকন

উত্তৰঃ (C) গোপীনাথ বৰদলৈ

৬) গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

  • (A) ১৯৪৬ চন
  • (B) ১৯৪৭ চন
  • (C) ১৯৪৮ চন
  • (D) ১৯৪৯ চন

উত্তৰঃ (C) ১৯৪৮ চন

৭) অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া নামাংকিত হয়?

  • (A) ১৯৪৫ চন
  • (B) ১৯৪৬ চন
  • (C) ১৯৪৭ চন
  • (D) ১৯৪৮ চন

উত্তৰঃ (C) ১৯৪৭ চন

৮) ‘মিলন’ কাকতখন কাৰ মুখপত্ৰ আছিল?

  • (A) অসম সাহিত্য সভা
  • (B) অসম ছাত্ৰ সন্মিলন
  • (C) যোৰহাট সাৰ্বজনিক সভা
  • (D) আছাম এছ’চিয়েচন

উত্তৰঃ (B) অসম ছাত্ৰ সন্মিলন

Previous HSLC Questions (2015–2025)

Short Questions

যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্য্যাবলী সম্পর্কে লিখা। (HSLC 2023)

উত্তৰঃ যোৰহাট সাৰ্বজনিক সভা ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠিত হয়। ইয়াৰ উদ্দেশ্য আছিল ৰাইজৰ আশা-আকাংক্ষা চৰকাৰক অৱগত কৰা, চৰকাৰৰ নীতি জনসাধাৰণক বুজোৱা আৰু জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। সভাই ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ, বৰ্ধিত কৰৰ বিৰোধ আৰু বংগভংগৰ বিৰোধিতা কৰিছিল।

অসমত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান সম্পর্কে আলোচনা কৰা। (HSLC 2022)

উত্তৰঃ ১৮৮৮ চনত গঠিত অসমীয়া ভাষা উন্নতি সাধিনী সভাই অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰিছিল। ই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিছিল, “হেমকোষ” প্ৰকাশত সহায় কৰিছিল, আৰু “জোনাকী” আলোচনী প্ৰকাশ কৰি নৱজাগৰণৰ সূচনা কৰিছিল।

স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল? (HSLC 2020)

উত্তৰঃ অসমীয়া ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ দাবী, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ, স্থানীয় নেতা আৰু সংগঠনসমূহৰ ভূমিকা, সাহিত্য-সংগীতৰ জৰিয়তে জাতীয়তাবাদী চেতনাৰ প্ৰচাৰ, আৰু কংগ্ৰেছৰ আন্দোলনসমূহত অসমৰ অংশগ্ৰহণৰ ফলত অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল।

Long Questions

অসমত অসহযোগ আন্দোলনৰ কাৰ্য্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ লিখা। (HSLC 2016)

উত্তৰঃ অসমত অসহযোগ আন্দোলন ১৯২০ চনত আৰম্ভ হৈছিল। কংগ্ৰেছৰ আহ্বানত অসমৰ বিভিন্ন অঞ্চলৰ নেতাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছ চৰকাৰৰ আইনসমূহৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ কৰিছিল। বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰি ছাত্ৰসকলে আন্দোলনত অংশ লৈছিল। ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰা হৈছিল। বিভিন্ন স্থানত সভা, হৰতাল, আৰু সমাবেশ আয়োজন কৰা হৈছিল।

ব্ৰিটিছ শাসনাধীন অসমত আসাম এছ’চিয়েচনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা। (HSLC 2017)

উত্তৰঃ ১৯০৩ চনত আছাম এছ’চিয়েচন গঠিত হয়। ইয়াৰ অৱদানসমূহ: শিক্ষা বিস্তাৰৰ বাবে উদ্যোগ, সামাজিক সচেতনতা সৃষ্টি, মহিলাৰ শিক্ষা আৰু আৰ্থিক সশক্তিকৰণ, দলিত আৰু নিম্নবৰ্ণৰ লোকসকলৰ বাবে সামাজিক ন্যায়ৰ দাবী, আৰু স্থানীয় সংস্কৃতিৰ পুনৰুজ্জীৱন। ই বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ববংগৰ পৰা পৃথক কৰিবলৈ স্মাৰকপত্ৰ দাখিল কৰিছিল।

Frequently Asked Questions (FAQs)

Q1. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।

Q2. ‘কোম্পানিৰ আমোল’ বুলিলে কি বুজা?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকাল।

Q3. অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হয়?

উত্তৰঃ ১৮৭৩ চনত।

Q4. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?

উত্তৰঃ মিলন।

Q5. অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ গোপীনাথ বৰদলৈ (১৯৪৬ চনত)।

Q6. গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?

উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

Q7. অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া নামাংকিত হয়?

উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্বৰ।

Q8. কুশল কোঁৱৰক কিয় ফাঁচী দিয়া হৈছিল?

উত্তৰঃ সৰুপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত।

Q9. এই অধ্যায়ৰ পৰা কি কি গুৰুত্বপূৰ্ণ প্রশ্ন পৰীক্ষাত আহে?

উত্তৰঃ (i) অসমীয়া ভাষা আন্দোলন, (ii) অসহযোগ আন্দোলনত অসমৰ ভূমিকা, (iii) আইন অমান্য আন্দোলনত অসমৰ ভূমিকা, (iv) ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা, (v) গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ অৱদান, (vi) অসমৰ বিভিন্ন সভা-সমিতি।

Q10. ‘জোনাকী’ আলোচনীখন কিয় গুৰুত্বপূৰ্ণ আছিল?

উত্তৰঃ ‘জোনাকী’ আলোচনীয়ে অসমীয়া সাহিত্যত নৱজাগৰণ সৃষ্টি কৰিছিল আৰু ইয়াত প্ৰকাশিত ৰচনাবোৰে জাতীয়তাবাদী চেতনা জগাই তুলিছিল।