AskAssam.Com LEARN · SHARE · GROW
HomeSVNClass 8Assameseবিষয়ীৰ অধোগতি

LESSON 18

বিষয়ীৰ অধোগতি

Class 8 · Assamese · Assamese

১। চমু উত্তৰ দিয়া।

(ক) ভট্টদেৱৰ সম্পূর্ণ নাম কি?

উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য।

(খ) কপিল মুনি কোন?

উত্তৰঃ কপিল মুনি হৈছে দেৱহূতিৰ পুত্ৰ।

(গ) বিষয়ী শব্দৰ অর্থ কি?

উত্তৰঃ বিষয়ী শব্দৰ অৰ্থ বিষয়াসক্ত (সংসাৰৰ বিষয়-বস্তুত আসক্ত ব্যক্তি)।

(ঘ) ভট্টদেৱৰ মাক আৰু দেউতাকৰ নাম কি আছিল?

উত্তৰঃ ভট্টদেৱৰ মাকৰ নাম তৰা দেৱী আৰু দেউতাকৰ নাম ভাৰতী।

(ঙ) ভট্টদেৱে কোনজন গুৰুৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল।

(চ) “বিষয়ীৰ অধােগতি” পাঠটি ক’ৰ পৰা লােৱা হৈছে?

উত্তৰঃ “বিষয়ীৰ অধােগতি” পাঠটি ‘কথা ভাগৱত’ৰ পৰা লােৱা হৈছে।

(ছ) বনাগ্নিৰাে তাপ লাগে মানে কি?

উত্তৰঃ বনাগ্নিৰো তাপ লাগে মানে বনৰ জুইৰ তাপো লাগে।

(জ) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰঃ অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ।

২। ভট্টদেৱে গদ্যত কি কি পুথি লিখিছিল?

উত্তৰঃ ভট্টদেৱে গদ্যত ভাগৱত, পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল।

৩। বিষয়ী কোন? তেওঁলােকক বিষয়ী বােলাৰ কাৰণ কি?

উত্তৰঃ সংসাৰ সুখত আসক্ত লোকসকলক ‘বিষয়ী’ বোলা হয়। তেওঁলােকক বিষয়ী বোলাৰ কাৰণ হৈছে— তেওঁলােকে সৎসঙ্গ নলয়, হৰিৰ উপাসনা নকৰে। মিছা দেহটোক সঁচা জ্ঞান কৰি সংসাৰৰ সুখ-ভোগত মত্ত হৈ থাকে।

৪। বিষয়ী সকলৰ নৰক যন্ত্রণাৰ এটি বর্ণনা দিয়া।

উত্তৰঃ বিষয়ী সকলক নৰকলৈ নিওতে পথত কুকুৰে কামোৰে, তপ্ত বালিত খোজ কাঢ়িব লগা হয়, ওপৰত সূৰ্যৰ তাপ লাগে, বনৰ জুইৰ তাপো লাগে, পিঠিত চাবুক মাৰে, শৰীৰত খেৰ মেৰিয়াই জুই দিয়ে, নিজৰ মাংস কাটি খুৱায়, সাপে কামোৰে, বিচ্ছাই দংক্ষত কৰে, পানীত ডুবাই যন্ত্ৰণা দিয়ে— এনেকুৱা নানা যন্ত্ৰণা ভোগ কৰিব লগা হয়।

৫। “বিৰক্ত নহে-সংসাৰৰ প্ৰতি”–তাৎপর্য লিখা।

উত্তৰঃ বিষয়ী লোকসকল সংসাৰ সুখত আসক্ত। পুত্ৰ-ভাৰ্যাক লৈ তেওঁলোকে সুখ অনুভৱ কৰে আৰু পুত্ৰ-ভাৰ্যাৰ ভৰণ-পোষণৰ বাবে নিজৰ দেহ নষ্ট কৰে। বৃদ্ধ কালত পুত্ৰ-ভাৰ্যাক পুহিব নোৱৰা হ’লে সেই পুত্ৰ-ভাৰ্যাই তেওঁলোকক অনাদৰ কৰে, তথাপিও তেওঁলোক সংসাৰৰ প্ৰতি বিৰক্ত নহয়। তেওঁলোক মায়াত বন্দী হৈ থাকে। তেওঁলোকে অনুভৱ নকৰে যে এই দেহ মিছা মাথোঁ। তেওঁলোকে ভাৱে দেহৰ সুখেই সকলো। তেওঁলোকে উপলব্ধি নকৰে যে গোটেই সংসাৰখন মায়াৰে আবৰা। সুখৰ আশাতেই তেওঁলোক জীয়াই থাকিব বিচাৰে আৰু দুখ-কষ্ট পালেও এই সংসাৰৰ প্ৰতি বিৰক্ত হ’ব নোখোজে।

৬। কোনে কাৰ আগত বিষয়ীৰ জীৱিত কালৰ দুখ-যন্ত্রণাৰ কথা বর্ণনা কৰিছিল?

উত্তৰঃ কপিল মুনিয়ে নিজ মাতৃ দেৱহূতিৰ আগত বিষয়ীসকলৰ জীৱিত কালৰ দুখ-যন্ত্ৰণাৰ কথা বৰ্ণনা কৰিছিল।

৭। ভট্টদেৱৰ সাহিত্য কৃতিৰ বিষয়ে লিখা।

উত্তৰঃ ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক। তেওঁ কথাত বা গদ্যত ভাগৱত, পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে। অসমীয়া ভাষাত তেওঁ শৰণ-মালিকা, গুৰু বংশাৱলী, প্ৰসংগমালা আৰু সংস্কৃত ভাষাত ভক্তিবিবেক আৰু ভক্তিসাৰ ৰচনা কৰে।

৮। তাৎপর্য ব্যাখ্যা কৰা—

“পাপার্জিত ধন সবে খাই, / কর্তা মাত্র নরক যায়।”

উত্তৰঃ বিষয়ীসকলে সাংসাৰিক সুখ-সম্ভোগতে সদায় নিমগ্ন হৈ থাকে। তেওঁলোকে পুত্ৰ-ভাৰ্যাক লৈ সুখ অনুভৱ কৰে আৰু সিহঁতৰ ভৰণ-পোষণৰ বাবে দেহপাত কৰে। এনে লোকৰ নিজৰ হাতত ধন নাথাকিলে বেয়া কামৰ যোগেদি ধন গোটায় বা আনৰ ধন হৰণ কৰি হলেও পুত্ৰ-ভাৰ্যাক পোহ-পাল দিয়ে। এনেকৈ ধন গোটোৱা মহাপাপ। পাপ কৰিলে তাৰ ফল ভোগ কৰিব লাগে। গতিকে পাপ কৰি গোটোৱা ধনৰ ব্যৱহাৰ কৰিলেও সেই ধন যিসকলে খায়, তেওঁলোকৰ একো নহয়; কিন্তু যি কৰ্তাই সেই ধন উপাৰ্জন কৰে, তেওঁ নৰকগামী হয়।

৯। বৃদ্ধ কালত পিতৃ-মাতৃৰ প্রতি আমি কেনেধৰণৰ কর্তব্য পালন কৰিব লাগে?

উত্তৰঃ পিতৃ-মাতৃয়ে আমাক জন্ম দি ডাঙৰ-দীঘল কৰিছে। গতিকে বৃদ্ধ কালত সেই পিতৃ-মাতৃৰ প্ৰতি আমি কিছুমান দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। বৃদ্ধ কালত শৰীৰ দুৰ্বল হয়, বহু সময়ত অল-অচৰ হয়, চকুৰে কম দেখা পায় বা নেদেখা হয়, কাণেৰে কম শুনে। শৰীৰত নানা অসুখে লগ ধৰে, নিজে একো কৰিব নোৱাৰা হয়। গতিকে, বৃদ্ধকালত আমি পিতৃ-মাতৃক ভালদৰে চোৱা-চিতা কৰিব লাগে— সময়মতে গা-পা ধুৱাই দিব লাগে, উপযুক্ত খাদ্য খাবলৈ দিব লাগে, প্ৰয়োজনীয় দৰৱ-পাতি খুৱাব লাগে, কাপোৰ-কানি ধুই দিব লাগে, প্ৰয়োজন সাপেক্ষে ঠায়ে ঠায়ে ধৰি দাঙি লৈ যাব লাগে। তেওঁলোকৰ লগত ভালদৰে কথা পাতিব লাগে। এই সকলো কৰাৰ উপৰিও আমাৰ কথা-বতৰা আৰু আচৰণত যাতে তেওঁলোকে কোনো ধৰণৰ মানসিক আঘাত নাপায়, তাৰ প্ৰতি আমি সচেতন হ’ব লাগে।

ভাষা বিচাৰ

২। তলত দিয়া শব্দবােৰৰ সমার্থক শব্দ লিখা―

  • ভাৰ্য্যা – পত্নী, ঘৈণী
  • গৃহ – ঘৰ, আলয়
  • বলুকা – বালি, বালিচৰ
  • অন্ন – ভাত, আহাৰ
  • কুৎসিত – নীচ, বেয়া
  • আদিত্য – সূৰ্য, দেৱতা
  • অগ্নি – জুই, অনল
  • মনুষ্য – মানুহ, নৰ

৩। আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা—

পাপার্জিত ধন সৱে খাই, কর্তা মাত্র নরক যাই। এমনে পাপ অনুসাৰে নৰক-ভােগ কৰি মনুষ্যৰ অধত আউঠ কোটি যােনি অনুক্রমে ফুৰি নানা দুখ পায়া পুনু মনুষ্য হয়।

উত্তৰঃ পাপৰ দ্বাৰা অৰ্জন কৰা ধন সকলোৱে খায়, কিন্তু পাপ কৰোঁতাজনেহে নৰকলৈ যায়। এনেকৈ পাপ অনুসাৰে নৰক যন্ত্ৰণা ভোগ কৰাৰ পাছত মানুহতকৈ নিম্ন আঠ কৌটি যোনিত অনুক্রমে জন্ম লাভ কৰি নানা দুখ-কষ্ট পোৱাৰ অন্তত, অৱশেষত পুনৰ মানুহ হৈ জন্ম লাভ কৰে।