LESSON 13
শব্দ
অধ্যায় – ১৩
অনুশীলনীঃ
১। কম্পনে শব্দৰ সৃষ্টি কৰে। এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ- কম্পমান বস্তুৰ দ্বাৰা শব্দৰ সৃষ্টি হয়। ইয়াৰ উদাহৰণ হ’ল – সুৰশলাকা এডাল লোৱা হ’ল। শলাকাৰ বাহুত আঘাত কৰা হ’ল। এতিয়া কাণৰ ওচৰত ধৰাত শব্দ শুনা পোৱা গ’ল। ইয়েই প্রমাণ কৰে যে কম্পনে শব্দ সৃষ্টি কৰে।
২। অতিশব্দ আৰু অৱশ্ৰাব্য শব্দ কি কি?
উত্তৰঃ- ২০,০০০ হাৰ্টজতকৈ বেছি কম্পনাংকৰ শব্দ হ’ল অতিশব্দ আৰু ২০ হাৰ্টজতকৈ কম কম্পনাংকৰ শব্দবোৰ হ’ল অৱশ্ৰাব্য শব্দ।
৩। এক হাৰ্টজ কাক বোলে?
উত্তৰঃ- কম্পনাংকৰ একক হ’ল হাৰ্টজ। এক ছেকেণ্ডত এবাৰ কম্পন কৰিলে কম্পনাংক ১ হাৰ্টজ হয়। ইয়াকে এক হাৰ্টজ বোলে।
৪। মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা।
উত্তৰঃ- পৰিৱেশত অত্যাধিক বা অবাঞ্চিত শব্দৰ উপস্থিতিক শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ মুখ্য কাৰণসমূহ হ’ল যান-বাহনৰ শব্দ, ফটকাৰ শব্দ, কল-কাৰখানাৰ যন্ত্ৰপাতি, লাউডস্পিকাৰ আদি। অত্যাধিক কোলাহলে টোপনি নোহোৱা, উচ্চ ৰক্তচাপ, উৎকণ্ঠা আদি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। উচ্চ স্বৰৰ শব্দ অবিৰতভাৱে শুনি থাকিলে স্থায়ী অথবা অস্থায়ী শ্ৰৱণ বিসংগতি হ’ব পাৰে।
৫। বিজুলী পোহৰ দেখাৰ অলপ পিছতহে ঢেৰেকনিৰ শব্দ শুনা যায় কিয়?
উত্তৰঃ- শব্দৰ বেগতকৈ পোহৰৰ বেগ বেছি হোৱা বাবে বিজুলী পোহৰ দেখাৰ অলপ পিছতহে ঢেৰেকনিৰ শব্দ শুনা যায়।
৬। শব্দ ভালদৰে প্রতিফলিত কৰিব পৰা দুবিধ পদাৰ্থৰ আৰু শব্দ ভালদৰে প্রতিফলিত নকৰা দুবিধ পদাৰ্থৰ নাম লিখা।
উত্তৰঃ- শব্দ ভালদৰে প্ৰতিফলিত কৰিব পৰা দুবিধ পদাৰ্থ হ’ল – ধাতুৰ পাত আৰু প্লাইউড। শব্দ ভালদৰে প্ৰতিফলিত নকৰা দুবিধ পদাৰ্থ হ’ল – কাপোৰ আৰু থাৰ্মক’ল।
৭। ডাঙৰ প্রেক্ষাগৃহত শব্দৰ প্রতিফলন হলে কি অসুবিধা হ’ব?
উত্তৰঃ- ডাঙৰ প্ৰেক্ষাগৃহত উৎসৰ পৰা পোনে পোনে অহা শব্দৰ লগতে প্ৰতিফলিত শব্দে প্রতিধ্বনিৰ সৃষ্টি কৰিব আৰু শব্দ স্পষ্টকৈ শুনিবলৈ অসুবিধা হ’ব।
৮। ডাঙৰ প্রেক্ষাগৃহত শব্দৰ প্রতিফলন দূৰ কৰিবলৈ কি ব্যৱস্থা কৰা হয়?
উত্তৰঃ- প্ৰেক্ষাগৃহৰ বেৰ আৰু চালত শব্দ শোষক পদাৰ্থৰ আৱৰণ দিয়া হয়। এনে আৱৰণে শব্দৰ প্ৰতিফলন হ্ৰাস কৰে।
B. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
ক) শব্দ সঞ্চাৰিত হ’ব পৰা মাধ্যম হৈছে –
(i) একমাত্র গেছ
(ii) গােটা পদার্থ মাত্র
(iii) একমাত্র জুলীয়া পদার্থ
(iv) গােটা, জুলীয়া আৰু গেছীয় পদার্থ।
উত্তৰঃ (iv) গােটা, জুলীয়া আৰু গেছীয় পদার্থ।
খ) পানীত শব্দৰ বেগ –
(i) ১২০০ মি/ছে
(ii) ১৩০০ মি/ছে
(iii) ১৪০০ মি/ছে
(iv) ১৪৫০ মি/ছে
উত্তৰঃ (iii) ১৪০০ মি/ছে।
গ) মানুহৰ শ্ৰাব্য কম্পাংকৰ পৰিসৰ –
(i) ২০-২০০০ হাৰ্টজ
(ii) ২০০-২০০,০০০ হাৰ্টজ
(iii) ২০-২০,০০০ হাৰ্টজ
(iv) ২০-২০০,০০০ হাৰ্টজ
উত্তৰঃ (iii) ২০-২০,০০০ হাৰ্টজ।
ঘ) কাৰ মাত কম কম্পনাংকৰ হ’ব –
(i) কেঁচুৱা ছােৱালী
(ii) কেঁচুৱা ল’ৰা
(iii) পুৰুষ
(iv) মহিলা
উত্তৰঃ (iii) পুৰুষ।
C. শুদ্ধ – অশুদ্ধ নির্ণয় কৰা –
(ক) বাদুলিয়ে সৃষ্টি কৰা শব্দ মানুহে শুনে।
উত্তৰঃ অশুদ্ধ।
(খ) চন্দ্রপৃষ্ঠত দুজন মানুহে কথা পাতিব পাৰিব।
উত্তৰঃ অশুদ্ধ।
(গ) সকলাে বস্তুৱে কম-বেছি পৰিমাণে শব্দ প্রতিফলিত কৰে।
উত্তৰঃ শুদ্ধ।
(ঘ) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ’ব নােৱাৰে।
উত্তৰঃ শুদ্ধ।
(ঙ) শব্দ প্ৰদূষণে শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে।
উত্তৰঃ শুদ্ধ।
D. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা –
উত্তৰঃ
(i) কম্পাংকৰ একক হৈছে হাৰ্টজ।
(ii) শব্দৰ বেগতকৈ পোহৰৰ বেগ বেছি।
(iii) বাদুলিয়ে উচ্চ কম্পনাংকৰ অতি শব্দ নির্গত কৰে।
(iv) আমি কাণেৰে শব্দ শুনো।
(v) গৰম বায়ুত শব্দৰ বেগ বেছি।
E. (i) জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰিত হোৱাৰ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ- এটা বাল্টি পানীৰে পূৰ কৰি সৰু ঘণ্টা এটাক পানীৰ ভিতৰত জোকাৰি দিলে কাণৰ ওচৰত ধৰি শব্দ শুনা যায়। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে জুলীয়া পদাৰ্থৰ মাজেদিও শব্দ সঞ্চাৰিত হয়।
(ii) মাধ্যম নহ’লে শব্দ সঞ্চাৰিত হ’ব নােৱাৰে। তাকে প্রতিপন্ন কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ- টেবুল ঘড়ী এটা কাঁচৰ পাত্ৰত ৰাখি ভিতৰৰ বায়ু উলিয়াই ল’লে শব্দ ক্ষীণ হয় আৰু বায়ুশূন্য অৱস্থাত শব্দ শুনা নগ’ল। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে শব্দ সঞ্চাৰণৰ বাবে মাধ্যমৰ প্ৰয়োজন।
(iii) সাগৰৰ গভীৰতা নির্ণয় কৰা।
উত্তৰঃ- বেগ = ১৪০০ মি/ছে, সময় = ২ ছে
দূৰত্ব = ১৪০০ × ২ = ২৮০০ মি
গভীৰতা = ২৮০০ / ২ = ১৪০০ মিটাৰ।
(iv) প্রতিধ্বনি শুনিবলৈ সর্বনিম্ন দূৰত্ব নির্ণয় কৰা।
উত্তৰঃ- বেগ = ৩৩২ মি/ছে, সময় = ১/১৫ ছে
দূৰত্ব = ৩৩২ × (১/১৫) ≈ ২২.১৩ মি
সর্বনিম্ন দূৰত্ব = ২২.১৩ / ২ ≈ ১১.০৭ মি।