LESSON 1
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Chapter 1: আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in our Surroundings)
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
1. তলৰ কোনবোৰ পদার্থ? (চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পনীয়, সুগন্ধি দ্ৰৱৰ সুবাস)
উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়।
2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা। কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰঃ ইয়াৰ কাৰণ হ’ল গেছৰ ব্যাপনৰ মাত্ৰা উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। গৰম বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা বাঢ়ে বাবে বস্তুৰ গোন্ধ বহু দূৰলৈ বিয়পি যায়। আনহাতে ঠাণ্ডা বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা কম হয় বাবে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
3. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
উত্তৰঃ পানীৰ কণিকাবোৰৰ মাজত খালী ঠাই থাকে বাবে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে।
4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ’ল –
(i) ইহঁতৰ মাজত খালী ঠাই থাকে।
(ii) ইহঁতৰ মাজত আকৰ্ষণী বল থাকে।
(iii) ইহঁত সদায় গতিশীল।
5. তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা – বায়ু, চিমনিৰ পৰা ওলোৱা ধোৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰঃ উৰ্দ্ধক্ৰমত সজালে হ’ব – চিমনিৰ পৰা ওলোৱা ধোৱা < বায়ু < কপাহ < পানী < চক < মৌ < লো।
6. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰঃ
| বৈশিষ্ট্য | গোটা | জুলীয়া | গেছীয় |
|---|---|---|---|
| খালী ঠাই | খুব কম | কম | বেছি |
| অণুৰ মাজৰ আকৰ্ষণীয় বল | খুব বেছি | মধ্যম | কম |
| দৃঢ়তা | খুব বেছি | কম | খুব কম |
| ঘনত্ব | খুব বেছি | কম | খুব কম |
(b) তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া — দৃঢ়তা, সংকোচনশীলতা, প্রবাহীতা, আকাৰ, গতিশক্তি আৰু ঘনত্ব।
উত্তৰঃ
দৃঢ়তা (Rigidity): দৃঢ়তা পদাৰ্থৰ এটা বৈশিষ্ট্য যাৰ বাবে পদার্থই এটা নির্দিষ্ট আকৃতি লয়। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি। সেইবাবে ইহঁতৰ ওপৰত বল প্ৰয়োগ কৰিলে ভাঙি যাব পাৰে, কিন্তু আকৃতিৰ পৰিবৰ্তন কৰা টান। জুলীয়া পদাৰ্থৰ দৃঢ়তা কম। আনহাতে গেছীয় পদার্থ দৃঢ় নহয়।
সংকোচনশীলতা (Compressibility): যি ধৰ্মৰ বাবে বল বা চাপ প্রয়োগ কৰাৰ ফলত বস্তুৰ আয়তন কমি যায় তাক সংকোচনশীলতা বোলে। গেছৰ অণুসমূহৰ মাজৰ খালী ঠাই বেছি বাবে ইহঁত খুব বেছি সংকোচনশীল।
প্রবাহীতা (Fluidity): যি ধৰ্মৰ বাবে পদাৰ্থৰ অণুসমূহ এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে তাক প্ৰবাহীতা বোলে। জুলীয়া পদাৰ্থই এই ধৰ্ম দেখুৱায়।
আকাৰ (Shape): এইটো পদাৰ্থৰ অণুৰ এটা নির্দিষ্ট জ্যামিতীয় সজ্জা। কঠিন পদাৰ্থৰ অণুসমূহৰ নিৰ্দিষ্ট আকাৰ আছে। আনহাতে গেছীয় আৰু জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই।
গতিশক্তি (Kinetic Energy): অণুসমূহৰ গতিৰ ফলত পোৱা শক্তিক গতিশক্তি বোলে। গেছীয় পদাৰ্থৰ গতিশক্তি বেছি।
ঘনত্ব (Density): পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে। ঘনত্ব = ভৰ / আয়তন।
7. (a) ৰখা পাত্ৰটোত গেছে সম্পূৰ্ণৰূপে ভৰি পৰে কিয়?
উত্তৰঃ কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অণুসমূহে য’তে ত’তে খুব বেগত ঘুৰি ফুৰে।
(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে কিয়?
উত্তৰঃ কাৰণ গেছৰ অণুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে আৰু পাত্ৰৰ বেৰত খুন্দা মাৰি চাপৰ সৃষ্টি কৰে।
(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি কিয়?
উত্তৰঃ কাৰণ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ, ভৰ আৰু আয়তন আছে।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন কিয়?
উত্তৰঃ কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম। কিন্তু কঠিন পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি।
8. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে; কিয় বাৰু?
উত্তৰঃ কাৰণ বৰফৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম।
9. তলত দিয়া উষ্ণতাবোৰ চেণ্টিগ্ৰেড স্কেলত প্ৰকাশ কৰা। (a) 300k (b) 573k
উত্তৰঃ
(a) 300k = 300 – 273 = 27°C
(b) 573k = 573 – 273 = 300°C
10. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব? (a) 250°C (b) 100°C
উত্তৰঃ (a) গেছ। (b) জুলীয়া আৰু গেছ দুয়োটা।
11. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?
উত্তৰঃ কাৰণ প্ৰয়োগ কৰা তাপ অণুসমূহৰ মাজৰ আকৰ্ষণ বল অতিক্রম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।
12. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ উচ্চ চাপ আৰু নিম্ন উষ্ণতা প্ৰয়োগ কৰি গেছ জুলীয়া কৰিব পাৰি।
13. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰঃ কাৰণ শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আর্দ্ৰতা কম হোৱা বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয়।
14. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰঃ কাৰণ মাটিৰ কলহৰ ছিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে। এই পানীৰ বাষ্পীভৱন হয়। বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী ঠাণ্ডা হৈ থাকে।
15. হাতৰ তলুৱাত এচিটন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয়?
উত্তৰঃ কাৰণ এচিটন, পেট্ৰ’ল বা সুগন্ধি আতৰৰ অণুবোৰে হাতৰ তলুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাষ্পীভূত হয়। বাষ্পীভৱনৰ বাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়।
16. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
উত্তৰঃ কাৰণ কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি। ফলত প্লেটত বাষ্পীভৱন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়।
17. গ্রীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
উত্তৰঃ বগা কপাহী কাপোৰ।
অনুশীলনী
1. তলৰ উষ্ণতাবিলাক ছেণ্টিগ্ৰেডত প্ৰকাশ কৰা— (a) 293k (b) 470k
উত্তৰঃ
(a) 293k = 293 – 273 = 20°C
(b) 470k = 470 – 273 = 197°C
2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা – (a) 25°C (b) 373°C
উত্তৰঃ
(a) 25°C = 273 + 25 = 298k
(b) 373°C = 273 + 373 = 646k
3. (a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কিয়?
উত্তৰঃ কাৰণ উৰ্ধপাতন প্ৰক্ৰিয়াৰে নেফথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় কিয়?
উত্তৰঃ কাৰণ আতৰৰ অণুসমূহে খুব বেগত চাৰিওফালে গতি কৰে।
4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱাঃ পানী, চেনি আৰু অক্সিজেন।
উত্তৰঃ অক্সিজেন < পানী < চেনি।
5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? (a) 25°C (b) 0°C (c) 100°C
উত্তৰঃ (a) জুলীয়া। (b) গোটা। (c) গেছীয়।
6. (a) সাধাৰণ উষ্ণতাত পানী জুলীয়া কিয়?
উত্তৰঃ সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰপৰা আনঠাইলৈ বাগৰি যাব পাৰে।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰি কঠিন কিয়?
উত্তৰঃ সাধাৰণ উষ্ণতাত লোৰ আলমাৰিৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যৱধান খুব কম হোৱা বাবে আলমাৰিটো দৃঢ় হয়। সেইবাবে আলমাৰিটো কঠিন।
7. 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়?
উত্তৰঃ বৰফে গলিবলৈ গোপন তাপ (latent heat of fusion) গ্ৰহণ কৰে, সেইবাবে ই পানীতকৈ বেছি ঠাণ্ডা কৰে।
8. উতলা পানী আৰু ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰঃ পানীৰ ভাপে বেছিকৈ পুৰিব।
9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰঃ A → বিগলন, B → বাষ্পীকৰণ, C → ঘনীভৱন, D → হিমায়ন, E → উৰ্ধপাতন, F → অধঃপাতন।