SEBA/SCERT Class 9 Science Assamese Medium

আমি অসুস্থ হওঁ কিয়?

✍️ Admin👑 👁 15 views 📅 18 Mar 2026 📌 Chapter 13
0
⚠️ Report

আমি অসুস্থ হওঁ কিয়?

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ- ১। সুষম আহাৰ, বীজাণুমুক্ত খাদ্য আৰু পৰিমিত খাদ্যৰ পৰিবেশন।
২। নির্মল বায়ু সেৱন, শাৰীৰিক ব্যায়াম আৰু বিশ্রাম, পৰিস্কাৰ-পৰিচ্ছন্নতা সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।

2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ- ১। জীৱন ধাৰণৰ সুস্থ পৰিবেশ, বিশুদ্ধ খোৱাপানী আৰু চাফ-চিকুন পৰিবেশ।
২। জীৱাণুমুক্ত আহাৰ; নিচাযুক্ত দ্ৰব্য বৰ্জন।

3. ওপৰৰ দুয়োটা প্রশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? আৰু কিয়?

উত্তৰঃ- বেলেগ। ৰোগমুক্ত শৰীৰ মানে বেমাৰ-আজাৰ নহোৱা শৰীৰ। আনহাতে সুস্বাস্থ্য মানে হ’ল বেমাৰ-আজাৰ নহোৱাৰ লগতে মানসিক আৰু সামাজিকভাৱে সুস্থ হোৱা।

প্রশ্নাৱলী

1. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা?

উত্তৰঃ- (i) অসুস্থতাৰ কাৰণ জনাৰ বাবে।
(ii) সুস্থ হোৱাৰ পৰামৰ্শ ল’বৰ বাবে।
(iii) ভৱিষ্যতে তেনেকুৱা ৰোগৰ পৰা হাত সৰাৰ উপায়ৰ বিষয়ে জানিবলৈ। যিকোনো অসুস্থতাৰ বাবে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

2. তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব? যদি পৰে কি?

(i) যদি তুমি জণ্ডিচত ভোগা।
(ii) যদি তোমাৰ ওকণি হয়।
(iii) যদি তোমাৰ শালমইনা হয়।

উত্তৰঃ- (i) জণ্ডিচ হ’লে স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰে। কাৰণ জণ্ডিচ হ’লে লিভাৰ দুৰ্বল হয়, ফলত খাদ্য হজমত বিঘিনি ঘটে। ইয়াৰ প্ৰতিক্ৰিয়া বহুদিনলৈ দেহত থাকি যায়।
(ii) ওকণি হ’লে সাধাৰণতে স্বাস্থ্যৰ ওপৰত ডাঙৰ প্ৰভাৱ নপৰে। ই ছালৰ স্থানীয় সমস্যা, কিন্তু চুলিৰ গুৰিত চুলকনি আৰু অস্বস্তি হয়।
(iii) শালমইনা (ringworm) হ’লে ছালৰ সংক্রমণ হয়। ই স্বাস্থ্যৰ ওপৰত থলুৱা প্ৰভাৱ পেলায়, ছালত ঘাঁ আৰু চুলকনি সৃষ্টি হয়।

প্রশ্নাৱলী

1. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়?

উত্তৰঃ- (i) পুষ্টিকৰ খাদ্য স্বাস্থ্যৰ বাবে দৰকাৰী। আনহাতে স্বাদহীন খাদ্যত মচলাৰ পৰিমাণ কম হোৱা বাবে সহজে হজম হয়।
(ii) পুষ্টিকৰ খাদ্যত ৰোগ সহজে নিৰাময় হ’বৰ বাবে দৰকাৰী ভিটামিন, খনিজ লবণ আদি থাকে। স্বাদহীন খাদ্যত মচলা কম থকাৰ ফলত ঔষধে সহজে ক্ৰিয়া কৰে।

2. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্রামক ৰোগসমূহ সঞ্চাৰিত হয়?

উত্তৰঃ- সংক্রামক ৰোগসমূহ স্পর্শ, বায়ু, পানী, খাদ্য আদি মাধ্যমৰ দ্বাৰা বিয়পে।

3. তোমালোকৰ স্কুলত সংক্রামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা।

উত্তৰঃ- (i) বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হয়।
(ii) প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হয়।
(iii) সময়ে সময়ে সজাগতা শিবিৰ পতা হয়।
(iv) স্কুলৰ লগতে চাৰিওফালৰ পৰিবেশ চাফ-চিকুণকৈ ৰখা হয়।
(v) মাজে সময়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হয়।

4. অসংক্রাম্যকৰণ কি?

উত্তৰঃ- সুস্থ ব্যক্তিৰ শৰীৰত নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণু নিষ্ক্রিয় অৱস্থাত বা মৃত্যু ঘটাব নোৱাৰা পৰিমাণৰ সক্রিয় অৱস্থাত বা সেই বীজাণুৰ পৰা সৃষ্টি হোৱা ৰোগসৃষ্টিকাৰী দ্ৰব্য সুমুৱাই দি নিৰ্দিষ্ট এন্টিবডি উৎপন্ন কৰোৱাই অসংক্রাম্যকৰণ বোলে।

5. তোমালোকৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে? তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি?

উত্তৰঃ- স্বাস্থ্যকেন্দ্ৰসমূহত যক্ষ্মা, পলিঅ’, ডিপথেৰিয়া, ধনুষ্টংকাৰ, সৰু আই, হুপিংকাহ আদি বেমাৰৰ টিকাকৰণ ব্যৱস্থা আছে। এই টিকাসমূহ জন্মৰ পৰা ১০-১৫ বছৰ বয়সলৈ দিয়া হয়। বৰ্তমান টিকাকৰণৰ ফলত বহু ৰোগৰ প্ৰভুত্ব কমি আহিছে, তথাপিও কিছু অঞ্চলত পানীলগা, ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগৰ প্ৰভুত্ব দেখা যায়।

অনুশীলনী

1. যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?

(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?
(b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা?

উত্তৰঃ- (a) দুবাৰ পানীলগা আৰু ডায়েৰিয়াত আক্ৰান্ত হৈছিল।
(i) পানী উতলাই খাব লাগে।
(ii) ৰোগ আক্ৰান্ত ৰোগীৰ পৰা দূৰত থাকিব লাগে।
(iii) পুষ্টিকৰ খাদ্য খোৱা উচিত।
(b) পৰিবেশ চাফ-চিকুণকৈ ৰাখিব লাগে। অলাগতীয়াল পদাৰ্থসমূহ গাতত পুতি পেলাব লাগে।

(এই উত্তৰ এটা উদাহৰণহে; ব্যক্তিগত অভিজ্ঞতা অনুসৰি উত্তৰ বেলেগ বেলেগ হ’ব পাৰে।)

2. এজন চিকিৎসক/নাৰ্ছ/স্বাস্থ্যকর্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে?

উত্তৰঃ- সংক্রামক ৰোগৰ পৰা পৰিহাৰ পাবলৈ তলত দিয়া ব্যৱস্থাসমূহ অৱলম্বন কৰা হয় —
(i) টিকাকৰণ কৰা হয়।
(ii) সংক্ৰমণৰ পৰা সাৱধানতা অৱলম্বন কৰা হয়।
(iii) হাতত গ্লোভচ্ আৰু মুখত মাক্স পিন্ধা হয়।
(iv) হস্পিতালত পৃথক কাপোৰ পৰিধান কৰা হয়।
(v) হাত-ভৰি বীজাণুনাশক দ্ৰব্যৰে পৰিস্কাৰ কৰা হয়।

3. ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।

তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহ হ’ল –
(i) ডায়েৰিয়া।
(ii) কাঁহ আৰু পানী লগা জ্বৰ।
(iii) মেলেৰিয়া।

উত্তৰঃ- পৰামৰ্শঃ —
(i) জনসাধাৰণৰ মাজত ৰোগসমূহৰ বিষয়ে সজাগতা আনিব লাগিব।
(ii) পৰিবেশ পৰিস্কাৰ-পৰিচন্নকৈ ৰাখিব লাগে।
(iii) টিকাকৰণৰ ব্যৱস্থা কৰিব লাগে।
(iv) পৰিস্কাৰ পানী খোৱা উচিত।

4. এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে —
(a) শিশুটো অসুস্থ হৈছে?
(b) কি কাৰণে অসুস্থ হৈছে?

উত্তৰঃ- (a) অসুস্থতাৰ লক্ষণ —
(i) শিশুটোৱে অবিৰতভাৱে কান্দি থাকিব।
(ii) শিশুটোৰ গা গৰম হ’ব।
(iii) চকুৰে পানী ওলাব।
(iv) পনীয়া শৌচ হ’ব।
(v) কাহ, বমি হ’ব।
(b) ডাক্তৰৰ ওচৰলৈ নি পৰামৰ্শ লোৱা উচিত। ডাক্তৰে বেমাৰৰ লক্ষণ জানি লৈ কিছুমান পৰীক্ষা কৰিব দিব আৰু কি কাৰণে ৰোগ হৈছে জানিব পাৰিব।

5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব —
(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।
(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আইত ভোগা ৰোগীক পৰিচৰ্য্যা কৰে।
(c) মেলেৰিয়া ৰোগত আক্রান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত চাৰিদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰোগীক পৰিচৰ্য্যা কৰে।

উত্তৰঃ- (c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত চাৰিদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্য্যা কৰিলে এজন ব্যক্তি বেছিকৈ বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। কাৰণ লঘোণে থকাৰ ফলত শৰীৰ দুৰ্বল হয় আৰু সহজে বেমাৰে আক্ৰমণ কৰিব পাৰে। মেলেৰিয়াত আক্ৰান্ত হোৱাৰ পিছত মানুহজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পৰা —
(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা?
(b) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা?
(c) যেতিয়া তোমাৰ সহপাঠী বন্ধুৱে সৰু আই ৰোগত আক্ৰান্ত হয়? কিয়?

উত্তৰঃ- (c) যেতিয়া সহপাঠী বন্ধুৱে সৰু আই ৰোগত আক্ৰান্ত হয় তেতিয়া বেমাৰত পৰাৰ সম্ভাৱনা বেছি। কাৰণ সৰু আই সংক্রামক ৰোগ। আই ৰোগৰ বীজাণু হাঁচি আৰু কাঁহৰ দ্বাৰা শৰীৰৰ পৰা ওলাই আহি বতাহত ভাঁহি ফুৰে। বতাহত ভাঁহি থকা এই বীজাণুবোৰ সুস্থ ব্যক্তিৰ শ্বাসনলীৰে উশাহৰ লগত শৰীৰত প্ৰবেশ কৰিলে সৰু আই ৰোগত আক্ৰান্ত হয়।

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute