SEBA/SCERT Class 9 Science Assamese Medium

গতি

✍️ Admin👑 👁 14 views 📅 16 Mar 2026 📌 Chapter 8
0
⚠️ Report

গতি

প্ৰশ্নাৱলীঃ

1. বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ “শূন্য়” হ’ব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।

উত্তৰঃ- সৰণ হ’ল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব। কেতিয়াবা বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলেও ইয়াৰ সৰণৰ মান "শূন্য়" হ'ব পাৰে। যেনে: এজন ব্যক্তিয়ে বৃত্তাকাৰ পথেৰে গতি কৰি পুনৰ আৰম্ভণি বিন্দুলৈ উভতি আহিলে তেওঁৰ সৰণ শূন্য হয়।

2. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?

উত্তৰঃ- মুঠ দূৰত্ব = 10m + 10m + 10m + 10m = 40m
সময় = 40 ছেকেণ্ড
2 মিনিট 20 ছেকেণ্ড = 120 ছেঃ + 20 ছেঃ = 140 ছেঃ
40 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = 40 মিটাৰ
∴ 1 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = \( \frac{40}{40} \) মিটাৰ = 1 মিটাৰ
∴ 140 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = \( 1 \times 140 \) = 140 মিটাৰ

A ৰ পৰা যাত্ৰা আৰম্ভ কৰা খেতিয়কজনে 140 ছেকেণ্ডত 3 পাক সম্পূৰ্ণ কৰি C বিন্দু পাব।

∴ সৰণ AC = \( \sqrt{AB^2 + BC^2} = \sqrt{10^2 + 10^2} = \sqrt{100 + 100} = \sqrt{200} = \sqrt{2 \times 100} = 10\sqrt{2} \) মিটাৰ

3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?

(a) ই শূন্য হ'ব নোৱাৰে।

উত্তৰঃ- অসত্য।

(b) ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি।

উত্তৰঃ- অসত্য।

4. দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা।

উত্তৰঃ- দ্ৰুতি আৰু বেগৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

  • (i) কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। আনহাতে, কোনো গতিশীল বস্তুৱে কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক বেগ বোলে।
  • (ii) দ্ৰুতি স্কেলাৰ ৰাশি। আনহাতে, বেগ ভেক্টৰ ৰাশি।

5. কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়?

উত্তৰঃ- যদি বস্তুটোৱে সৰল ৰৈখিক পথেৰে গতি কৰে আৰু দিশ পৰিৱৰ্তন নকৰে, তেতিয়া তাৰ গড় দ্ৰুতি আৰু গড় বেগৰ মান সমান হয়।

6. মটৰ গাড়ীৰ অড'মিটাৰে (odometer) কি জোখে?

উত্তৰঃ- মটৰ গাড়ীৰ অড'মিটাৰে (odometer) অতিক্ৰম কৰা দূৰত্ব জোখে।

7. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা?

উত্তৰঃ- সুষমভাৱে গতিশীল বস্তু এটাই সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰে। ইয়াৰ গতি সৰল ৰৈখিক বা বৃত্তীয় দুয়ো ধৰণৰ হ'ব পাৰে।

8. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ’ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ \( 3 \times 10^8 \) m s⁻¹ দ্ৰুতিৰে গতি কৰে।

উত্তৰঃ- দিয়া আছে —
v = \( 3 \times 10^8 \) মিটাৰ/ছেকেণ্ড
t = 5 মিনিট = \( 60 \times 5 \) = 300 ছেকেণ্ড
s = ?

আমি জানো যে —
s = v × t = \( 3 \times 10^8 \times 300 \) = \( 3 \times 300 \times 10^8 \) = \( 9 \times 10^{10} \) মিটাৰ

9. তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হোৱা বুলি ক’বা?

উত্তৰঃ- (i) সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ বেগ যদি সমান সময়ৰ অন্তৰালত সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বোলা হয়।
(ii) আনহাতে, যেতিয়া কোনো গতিশীল বস্তুৰ সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন অসমান হয়, তেতিয়া বস্তুটোৰ ত্বৰণক বিষম ত্বৰণ বোলে।

10. বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 km h⁻¹ ৰ পৰা 60 km h⁻¹ লৈ হ্ৰাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা।

উত্তৰঃ- দিয়া আছে —
প্ৰাৰম্ভিক বেগ (u) = 80 km/h = \( \frac{80000}{3600} = 22.22 \) m/s
অন্তিম বেগ (v) = 60 km/h = \( \frac{60000}{3600} = 16.66 \) m/s
সময় (t) = 5 s

আমি জানো যে —
a = \( \frac{v - u}{t} = \frac{16.66 - 22.22}{5} = \frac{-5.56}{5} = -1.112 \) m/s²
∴ গাড়ীখনৰ ত্বৰণৰ মান ঋণাত্মক। গতিকে গাড়ীখনৰ গতিবেগ হ্ৰাস পাইছে।

11. ৰে'লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 km/h⁻¹ লৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা।

উত্তৰঃ- ইয়াত —
u = 0
v = 40 km h⁻¹
t = 10 মিনিট = \( \frac{10}{60} = \frac{1}{6} \) h

আমি জানো যে —
a = \( \frac{v - u}{t} = \frac{40 - 0}{\frac{1}{6}} = 40 \times 6 = 240 \) km h⁻²

12. বস্তু এটাৰ দূৰত্ব–সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা?

উত্তৰঃ- বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল হ’লে বস্তুটো স্থিৰ অৱস্থাত থকাটো বুজাব।

13. বস্তু এটাৰ দ্ৰুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা?

উত্তৰঃ- বস্তুটোৱে সুষমভাৱে গতি কৰিব। কাৰণ বস্তু এটাৰ দ্ৰুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখাই বুজাইছে যে, বস্তুটোৰ দ্ৰুতি সময়ৰ লগে লগে বাঢ়ি বা কমি যোৱা নাই।

14. বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি?

উত্তৰঃ- বেগ-সময় লেখৰ তলৰ অংশ কালিয়ে গাড়ীখনে এক প্ৰদত্ত সময়ত অতিক্ৰম কৰা সৰণ (displacement) সূচায়।

15. এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 m s⁻² ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে।
(a) গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু (b) অতিক্ৰম কৰা দূৰত্ব উলিওৱা।

উত্তৰঃ- (a) দিয়া আছে —
u = 0
a = 0.1 m s⁻²
t = 2 মিনিট = 120 ছেকেণ্ড
v = ?

আমি জানো যে —
v = u + at = 0 + 0.1 × 120 = 12 m/s

(b) s = ut + ½ at² = 0 × 120 + ½ × 0.1 × (120)² = ½ × 0.1 × 14400 = 720 মিটাৰ।

16. ৰেলগাড়ী এখন 90 km h⁻¹ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে। -0.5 m s⁻¹ সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ’ল। ৰে'লগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ’ল?

উত্তৰঃ- ইয়াত —
u = 90 km/h = \( \frac{90000}{3600} = 25 \) m/s
v = 0
a = -0.5 m/s²
s = ?

আমি জানো যে —
v² - u² = 2as
⇒ s = \( \frac{v² - u²}{2a} = \frac{0² - (25)²}{2 \times (-0.5)} = \frac{-625}{-1.0} = 625 \) মিটাৰ

17. হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলী এখনৰ ত্বৰণ 2 cm/s²। আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান হ’ব?

উত্তৰঃ- ইয়াত —
u = 0
a = 2 cm/s²
t = 3 s
v = ?

আমি জানো যে —
v = u + at = 0 + 2 × 3 = 6 cm/s

18. বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 m/s²। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব?

উত্তৰঃ- ইয়াত —
a = 4 m/s²
t = 10 s
u = 0
s = ?

আমি জানো যে —
s = ut + ½ at² = 0 × 10 + ½ × 4 × (10)² = ½ × 4 × 100 = 200 মিটাৰ।

19. শিল এটা 5 m/s⁻¹ বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 m/s⁻² হয়, তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল’ব?

উত্তৰঃ- ইয়াত —
u = 5 m/s
v = 0
a = -10 m/s²
s = h = ?
t = ?

আমি জানো যে —
v² - u² = 2as
⇒ s = \( \frac{v² - u²}{2a} = \frac{0² - 5²}{2 \times (-10)} = \frac{-25}{-20} = 1.25 \) মিটাৰ

আকৌ, a = \( \frac{v - u}{t} \)
⇒ t = \( \frac{v - u}{a} = \frac{0 - 5}{-10} = \frac{-5}{-10} = 0.5 \) ছেকেণ্ড।

অনুশীলনীঃ

1. এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে। 2 মিনিট 20 ছেকেণ্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ’ব?

উত্তৰঃ- বৃত্তটোৰ ব্যাস = 200 মিটাৰ
∴ ব্যাসার্ধ (r) = 100 মিটাৰ
পৰিধি = 2πr = \( 2 \times \frac{22}{7} \times 100 = \frac{4400}{7} \) মিটাৰ

40 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = \( \frac{4400}{7} \) মিটাৰ
∴ 1 ছেকেণ্ডত অতিক্রম কৰা দূৰত্ব = \( \frac{4400}{7 \times 40} = \frac{4400}{280} \) মিটাৰ
∴ 2 মিনিট 20 ছে. বা 140 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব = \( \frac{4400 \times 140}{7 \times 40} = 2200 \) মিটাৰ

এতিয়া,
40 ছেকেণ্ডত সম্পূৰ্ণ কৰে = 1 পাক
∴ 1 ছেকেণ্ডত সম্পূৰ্ণ কৰে = \( \frac{1}{40} \) পাক
∴ 140 ছেকেণ্ডত সম্পূৰ্ণ কৰে = \( \frac{140}{40} = 3.5 \) পাক

∴ 2 মিনিট 20 ছেকেণ্ডত দৌৰবিদজনে A বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি 3.5 পাক সম্পূৰ্ণ কৰাৰ পিছত B বিন্দু পায় (বৃত্তৰ বিপৰীত দিশ)।

∴ সৰণ AB = ব্যাস = 200 মিটাৰ।

2. 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটাৰ এটা মূৰ A ৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত যোচেফ আনটো মূৰ B ত উপনীত হ’ল আৰু তাৰ পৰৱর্তী 1 মিনিটত C বিন্দুলৈ 100 m উভতি আহিল।
(a) A ৰ পৰা B লৈ আৰু (b) A ৰ পৰা C লৈ যোচেফৰ দৌৰৰ গড় দ্রুতি আৰু বেগ নির্ণয় কৰা।

উত্তৰঃ- A ৰ পৰা B লৈ যাওঁতে লগা সময় = 2 মিনিট 30 ছেকেণ্ড = (2 × 60 + 30) = 150 ছেকেণ্ড
B ৰ পৰা C লৈ যাওঁতে লগা সময় = 1 মিনিট = 60 ছেকেণ্ড

(a) A ৰ পৰা B লৈ:
দূৰত্ব = 300 মিটাৰ, সময় = 150 ছেকেণ্ড
গড় দ্রুতি = \( \frac{300}{150} = 2 \) মিটাৰ/ছেকেণ্ড
বেগ = \( \frac{300}{150} = 2 \) মিটাৰ/ছেকেণ্ড (A ৰ পৰা B লৈ)

(b) A ৰ পৰা C লৈ:
মুঠ দূৰত্ব = AB + BC = 300 + 100 = 400 মিটাৰ
মুঠ সময় = 150 + 60 = 210 ছেকেণ্ড
গড় দ্রুতি = \( \frac{400}{210} = \frac{40}{21} \approx 1.90 \) মিটাৰ/ছেকেণ্ড

মুঠ সৰণ = AB - BC = 300 - 100 = 200 মিটাৰ (A ৰ পৰা C লৈ)
গড় বেগ = \( \frac{200}{210} = \frac{20}{21} \approx 0.952 \) মিটাৰ/ছেকেণ্ড (A ৰ পৰা C লৈ)

3. আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্রুতি 20 km h⁻¹ বুলি গণনা কৰিলে আৰু একে পথেৰে উভতি আহোতে ভিৰ কম হোৱাৰ বাবে তাৰ গড় দ্রুতি 30 km h⁻¹ হ'ল। সম্পূর্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্রুতি কিমান?

উত্তৰঃ- ধৰা হ’ল, ঘৰৰ পৰা স্কুলৰ দূৰত্ব = s km

ঘৰৰ পৰা যাওঁতে সময় t₁ = \( \frac{s}{20} \) h
স্কুলৰ পৰা আহোতে সময় t₂ = \( \frac{s}{30} \) h

মুঠ দুৰত্ব = s + s = 2s km
মুঠ সময় = t₁ + t₂ = \( \frac{s}{20} + \frac{s}{30} = \frac{3s + 2s}{60} = \frac{5s}{60} = \frac{s}{12} \) h

∴ গড় দ্রুতি = \( \frac{মুঠ দূৰত্ব}{মুঠ সময়} = \frac{2s}{\frac{s}{12}} = 2s \times \frac{12}{s} = 24 \) km/h

4. হ্রদ এটাত ইঞ্জিনচালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 m s⁻² স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8.0 ছে.ৰ বাবে ত্বৰিত হ'ল। এই সময়ত নাওখনে কিমান দূৰ অতিক্রম কৰিলে?

উত্তৰঃ- ইয়াত —
u = 0
a = 3 m/s²
t = 8 s
s = ?

আমি জানো যে —
s = ut + ½ at² = 0 × 8 + ½ × 3 × (8)² = ½ × 3 × 64 = 96 মিটাৰ

5. 52 km h⁻¹ ত গৈ থকা গাড়ী এখনৰ চালকে ব্রেক প্রয়ােগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ'ল। গাড়ীখন 5 ছেকেণ্ডত ৰৈ গ'ল। আন এখন গাড়ীৰ চালকে 30 km h⁻¹ ত গৈ থকা অৱস্থাত লাহে লাহে ব্রেক প্রয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গ’ল। একেখন লেখ-কাগজত দুয়োখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ অংকন কৰা। ব্রেক প্রয়ােগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ'ল?

উত্তৰঃ- প্রথম ক্ষেত্ৰত —
S₁ = ত্ৰিভুজ ABC ৰ কালি = ½ × AB × AC = ½ × (5/3600) h × 52 km = \( \frac{1}{2} \times \frac{5}{3600} \times 52 = 0.0361 \) km = 36.1 m

দ্বিতীয় ক্ষেত্ৰত —
S₂ = ½ × AD × AC = ½ × (10/3600) h × 30 km = \( \frac{1}{2} \times \frac{10}{3600} \times 30 = 0.04167 \) km = 41.67 m

∴ ব্রেক প্রয়োগৰ পিছত দ্বিতীয়খন গাড়ী অধিক দূৰলৈ গ’ল।

6. চিত্ৰ 8.11 ত A, B আৰু C তিনিটা বস্তুৰ দূৰত্ব-সময় লেখ দেখুৱা হৈছে। লেখকেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন?

উত্তৰঃ- ‘B’ বস্তুটোৰ বেগ আটাইতকৈ বেছি।

(b) কেতিয়াবা তিনিওটাই পথৰ কোনাে বিন্দুত একেলগ হৈছিলনে?

উত্তৰঃ- তিনিওটা বস্তুৱে কোনো বিন্দুত একলগ হোৱা নাই।

(c) A ক B এ পিছ পেলোৱাৰ মুহূর্তত C কিমান দূৰলৈ গৈছিল?

উত্তৰঃ- 9.3 কি.মি।

(d) C ক পিছ পেলোৱাৰ মুহূর্তত B কিমান দূৰলৈ গৈছিল?

উত্তৰঃ- 8 কি.মি।

7. 20 মি. উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ'ল। ইয়াৰ বেগ 10 m s⁻¹ সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব? কিমান সময়ৰ পিছত ই ভূমিত পৰিব?

উত্তৰঃ- ইয়াত —
u = 0
s = 20 মিটাৰ
a = 10 m/s²
v = ?
t = ?

আমি জানো যে —
v² - u² = 2as
⇒ v² = 0² + 2 × 10 × 20 = 400
⇒ v = 20 m/s

আকৌ,
s = ut + ½ at²
⇒ 20 = 0 × t + ½ × 10 × t²
⇒ 20 = 5t²
⇒ t² = 4
⇒ t = 2 ছেকেণ্ড

8. চিত্ৰ 8.12 ত গাড়ী এখনৰ দ্ৰুতি-সময় লেখ দেখুৱা হৈছে।

(a) প্রথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰলৈ যাব নির্ণয় কৰা। এইখিনি সময়ত গাড়ীখনে অতিক্রম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলটোত ৰং দিয়া।

উত্তৰঃ- ৰং দিয়া অংশখিনি প্রথম 4 ছেকেণ্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব। (চিত্ৰত দেখুওৱা অনুসৰি)

(b) লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নির্দেশ কৰিছে?

উত্তৰঃ- সময় অক্ষৰ সমান্তৰাল AB অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে।

9. তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

(a) স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু।

উত্তৰঃ- স্থিৰ ত্বৰণ কিন্তু শূন্য় বেগৰ বস্তু কেৱল তেতিয়াহে সম্ভৱ, যেতিয়া বস্তু এটা উলম্ব দিশত ওপৰলৈ মাৰি পঠিওৱা হয়। যেতিয়া বস্তুটোৱে সৰ্বোচ্চ উচ্চতাত উপনীত হয়, তেতিয়া তাৰ বেগ শূন্য় হয় কিন্তু মাধ্যাকৰ্ষণিক ত্বৰণ (g) স্থিৰ থাকে।

(b) কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত।

উত্তৰঃ- এইটো সম্ভৱ। যেতিয়া বস্তু এটা বৃত্তকাৰ পথেৰে গতি কৰে, তেতিয়া ইয়াৰ ত্বৰণ (অভিকেন্দ্ৰিক ত্বৰণ) সদায় গতিৰ লম্ব দিশত ক্ৰিয়া কৰে। উদাহৰণস্বৰূপে, চন্দ্ৰৰ পৃথিৱীৰ চাৰিওফালে গতি।

10. 42250 km ব্যাসার্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে। যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নির্ণয় কৰা।

উত্তৰঃ- ইয়াত —
r = 42250 km
t = 24 h
v = ?

পৰিধি s = 2πr = \( 2 \times \frac{22}{7} \times 42250 \) km

আমি জানো যে —
v = \( \frac{s}{t} = \frac{2 \times \frac{22}{7} \times 42250}{24} = \frac{2 \times 22 \times 42250}{7 \times 24} \)
= \( \frac{1859000}{168} \approx 11065.5 \) km/h

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute