SEBA/SCERT Class 9 Social Science Assamese Medium

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

✍️ Admin👑 👁 16 views 📅 20 Mar 2026 📌 Chapter 7
0
⚠️ Report

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অনুশীলনী

১। বায়ুমণ্ডল কাক বোলে ? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ- পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হৈছে বায়ুমণ্ডল।

বায়ুমণ্ডলৰ গঠনঃ বায়ুমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে।

বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণঃ বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰজেন, ২০.৯৪ শতাংশ অক্সিজেন, ০.৯৩ শতাংশ আৰ্গন, ০.০৩৬ শতাংশ (প্ৰায় ০.০৪ শতাংশ) কাৰ্বন-ডাই-অক্সাইড আৰু ০.০১৪ শতাংশ অন্যান্য গেছ (নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অ'জন, জেনন আদি) আছে।

২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি ? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰঃ- বায়ুমণ্ডলত থকা গেছসমূহৰ ৰাসায়নিক গঠন অনুসৰি ইয়াক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হয়ঃ (১) হ'ম'স্ফিয়েৰ আৰু (২) হেটেৰ'স্ফিয়েৰ।

(১) হ'ম'স্ফিয়েৰঃ ভূপৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়ে একে থাকে বাবে এই নিম্নস্তৰটোক হ'ম'স্ফিয়েৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হ'ম'স্ফিয়েৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপ'স্ফিয়েৰ, ষ্ট্ৰেট'স্ফিয়েৰ আৰু মেছ'স্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।

(২) হেটেৰ'স্ফিয়েৰঃ মেছ'স্ফিয়েৰ স্তৰৰ পিছৰ পৰা, অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ'স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰজেন তৰপ (৮০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত), অক্সিজেন তৰপ (২০০–১১০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত), হিলিয়াম তৰপ (১১০০–৩৫০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত) আৰু হাইড্ৰজেন তৰপ (প্ৰায় ৩৫০০–১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত)। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য।

৩। উচ্চতা আৰু উত্তাপৰ হ্ৰাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি। চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ- উচ্চতা আৰু উত্তাপৰ হ্ৰাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক পাঁচটা স্তৰত ভাগ কৰিব পাৰি। সেইকেইটা হ'লঃ ট্ৰপ'স্ফিয়েৰ, ষ্ট্ৰেট'স্ফিয়েৰ, মেছ'স্ফিয়েৰ, থাৰ্ম'স্ফিয়েৰ আৰু এক্স'স্ফিয়েৰ।

(১) ট্ৰপ'স্ফিয়েৰঃ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ'ল ট্ৰপ'س্ফিয়েৰ। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি-চতুৰ্থাংশ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপ'স্ফিয়েৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া-কাৰ্য যেনে- মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা-বৃষ্টি আদি এই ট্ৰপ'স্ফিয়েৰতে সংঘটিত হয়।

(২) ষ্ট্ৰেট'স্ফিয়েৰঃ ট্ৰপ'স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ'ল ষ্ট্ৰেট'স্ফিয়েৰ বা স্তৰমণ্ডল। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অ'জন গেছৰ এটা স্তৰ আছে। অ'জন গেছৰ অণুৱে সূৰ্য্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেট'স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়।

(৩) মেছ'স্ফিয়েৰঃ ষ্ট্ৰেট'স্ফিয়েৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ ষ্ট্ৰেট'পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ'স্ফিয়েৰ বোলা হয়। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়।

(৪) থাৰ্ম'স্ফিয়েৰঃ মেছ'স্ফিয়েৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ মেছ'পজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্ম'স্ফিয়েৰ বা তাপমণ্ডল বোলে। এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় ১৫০০° চেন্টিগ্ৰেড বা তাতকৈ বেছি (সৌৰ কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰশীল) পৰ্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্ৰায় শূণ্যলৈ হ্ৰাস পায়। উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়।

(৫) এক্স'স্ফিয়েৰঃ থাৰ্ম'স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স'স্ফিয়েৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কিলোমিটাৰ উচ্চতাৰ পৰা ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন। কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল।

৪। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ- বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ প্ৰধানকৈ দুটা - বায়ুৰ উষ্ণতা আৰু পৃথিৱীপৃষ্ঠৰ উচ্চতা।

(১) বায়ুৰ উষ্ণতাঃ পৃথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে, উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। উষ্ণতা বেছি হ'লে বায়ুৰ চাপ হ্ৰাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বायুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়।

(২) পৃথিৱীপৃষ্ঠৰ উচ্চতাঃ সমুদ্ৰপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা, অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলক ভাৱে বেছি। উল্লেখযোগ্য যে প্ৰায় ৯০০ ফুট উচ্চতা বৃদ্ধিত বায়ুৰ চাপ ১ ইঞ্চি, অৰ্থাৎ প্ৰায় ৩৪ মিলিবাৰ হাৰত হ্ৰাস পায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস-বৃদ্ধি হয়।

৫। চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ- বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্ৰধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে।

(ক) নিৰক্ষীয় নিম্নচাপ বলয়ঃ এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি। লগতে উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্ৰাস পায়। এনে কাৰণতে নিৰক্ষীয় অঞ্চলত স্থানীয়ভাৱে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে। এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস পায়। নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধগামী হয়।

(খ) উপ-ক্ৰান্তীয় উচ্চচাপ বলয়ঃ দুই মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্ৰবাহ অনুভূত হয়। উপক্ৰান্তীয় উচ্চচাপ মণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয়।

(গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয়ঃ উপমেৰু অঞ্চলৰ বায়ু উপ-ক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পাই তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়ঃ পোনপটীয়া সূৰ্য্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অত্যাধিক ঠাণ্ডা। ইয়াত বায়ু অতি শীতল। অত্যাধিক ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।

৬। পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ- বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। মাটি আৰু পানী অৰ্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াক জীৱজগত বা জীৱমণ্ডল বোলা হয়। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ-প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক অনুপাতত আছে বাবেই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক উষ্ণতা বিৰাজ কৰে। বায়ু গতিশীল হোৱা বাবে আকৌ বহু ঠাই অত্যাধিক ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ'লেও সকাহ পায়। এই বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্য্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ-প্ৰাণী জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি।

৭। বায়ুপ্ৰবাহ কাক বোলে ? বায়ুপ্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা।

উত্তৰঃ- বায়ুমণ্ডলত বায়ু কেতিয়াও স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক বায়ুপ্ৰবাহ বোলা হয়। বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্ৰবাহ বোলে। যিকোনো এখন ঠাইৰ বায়ুপ্ৰবাহত প্ৰভাৱ বিস্তাৰ মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে। বায়ুপ্ৰবাহৰ উৎপত্তিৰ প্ৰধান শক্তি বা কাৰকসমূহ হ'লঃ চাপনতি শক্তি, মাধ্যাকৰ্ষণ শক্তি, অপকেন্দ্ৰিক শক্তি, ঘৰ্ষণ শক্তি।

(১) চাপনতি শক্তিঃ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়।

(২) মাধ্যাকৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে। কিন্তু সূৰ্য্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণেও বায়ুপ্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চচাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ুপ্ৰবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰেই চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ুপ্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হয়।

(৩) অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গাচ্পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক 'কোৰিওলিচ বল' হিচাপে জনাজাত। বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱৰেখাত শূন্য আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুবীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্ৰবাহক পৃথিৱীৰ আবৰ্তন গতিয়ে প্ৰভাৱান্বিত কৰে। সেয়ে ক'ব পাৰি যে আমি দেখা বায়ুপ্ৰবাহ প্ৰকৃততে ঘূৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।

(৪) ঘৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূ-পৃষ্ঠ পৰ্বত-পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূ-পৃষ্ঠৰ কিছু ওপৰেদি বায়ুপ্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।

৮। বায়ুপ্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি ? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।

উত্তৰঃ- বায়ুপ্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো হ'ল চাপনতি শক্তি। এই চাপনতিয়েই প্ৰথমে বতাহৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে।

(১) চাপনতি শক্তিঃ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপنতি শক্তি বোলা হয়। দৰাচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়।

(২) মাধ্যাকৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে। কিন্তু সূৰ্য্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণেও বায়ুপ্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ুপ্ৰবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰেই চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ুপ্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হয়।

(৩) অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গাচ্পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক 'কোৰিওলিচ বল' হিচাপে জনাজাত। বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱৰেখাত শূন্য আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুবীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্ৰবাহক পৃথিৱীৰ আবৰ্তন গতিয়ে প্ৰভাৱান্বিত কৰে। সেয়ে ক'ব পাৰি যে আমি দেখা বায়ুপ্ৰবাহ প্ৰকৃততে ঘূৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।

(৪) ঘৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূ-পৃষ্ঠ পৰ্বত-পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ুপ্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগ বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।

৯। 'কোৰিওলিচ বল’ বুলিলে কি বুজায় ? বতাহৰ গতিদিশ নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা।

উত্তৰঃ- পৃথিৱীৰ আৱৰ্তনৰ ফলত উদ্ভৱ হোৱা অপকেন্দ্ৰিক শক্তিয়ে বতাহৰ গতি দিশৰ বিক্ষেপন ঘটায়। ১৮৪৪ চনত ফৰাছী গণিতজ্ঞ গাচ্পাৰ্ড ডি কোৰিওলিচে এই পৰিঘটনা উদঘাটন কৰে বাবে এই শক্তিক 'কোৰিওলিচ বল' বোলা হয়। কোৰিওলিচ বলৰ প্ৰভাৱত উত্তৰ গোলাৰ্ধত বতাহ সোঁফালে (ঘড়ীৰ কাঁটাৰ দিশত) আৰু দক্ষিণ গোলাৰ্ধত বাওঁফালে (ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত) বিক্ষিপ্ত হয়। এই বল বিষুৱৰেখাত শূন্য আৰু মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পায়।

১০। 'চাপনতি শক্তি' বুলিলে কি বুজায় ? বায়ুপ্ৰবাহত ইয়াৰ ভূমিকা কি ?

উত্তৰঃ- ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰৱাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়, আৰু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে কিয়নো বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে।

১১। বায়ুপ্ৰবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ- পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে বায়ুমণ্ডলখন ধৰি ৰাখে। বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। উচ্চতাৰ লগে লগে মাধ্যাকৰ্ষণ শক্তি হ্ৰাস পায়, যাৰ ফলত উচ্চতাত বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। ইয়াৰ ফলত উচ্চচাপৰ পৰা নিম্নচাপলৈ উলম্বিক বায়ুপ্ৰবাহ চলি থাকে।

১২। বতাহৰ নামকৰণ বুলিলে কি বুজায় ? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয় ?

উত্তৰঃ- যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়। তাকে বতাহৰ নামাকৰণ বোলা হয়। বতাহৰ নামকৰণ প্ৰবাহ-দিশ অনুযায়ী কৰা হয়। পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ, উত্তৰ-পূব দিশৰ পৰা বলা বতাহক উত্তৰ-পূব বতাহ বোলে।

১৩। বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ? ইয়াৰ গতিবেগৰ এককবোৰ কি ?

উত্তৰঃ- বতাহৰ গতিবেগ এনিম'মিটাৰ নামৰ যন্ত্ৰৰ দ্বাৰা জোখা হয়। বতাহৰ দিশ উইণ্ড ভেনৰ সহায়ত নিৰ্ণয় কৰা হয়। বতাহৰ গতিবেগ নট (knot) এককত প্ৰকাশ কৰা হয়। ১ নট = প্ৰতি ঘণ্টাত ১ নটিকেল মাইল = প্ৰতি ঘণ্টাত ১.৮৫২ কিলোমিটাৰ। বিউফৰ্ট স্কেল (০-১২)ৰ দ্বাৰা বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি।

১৪। বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয় ? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ- বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বায়ুপ্ৰবাহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি -
(১) মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহঃ পৃথিৱীজুৰি স্থায়ীভাৱে প্ৰবাহিত বায়ু। উদাহৰণ: বাণিজ্য বতাহ, পছোৱা বতাহ, মেৰু দেশীয় বতাহ।
(২) গৌণ বায়ু প্ৰবাহঃ আঞ্চলিক আৰু ঋতুভিত্তিক কাৰণত সৃষ্টি হোৱা বায়ু। উদাহৰণ: ঘূৰ্ণীবতাহ, প্ৰতীপ ঘূৰ্ণীবতাহ, মৌচুমী বতাহ।
(৩) স্থানীয় বায়ু প্ৰবাহঃ ভূ-অবয়বৰ বিভিন্নতাৰ বাবে সীমিত অঞ্চলত সৃষ্টি হোৱা বায়ু। উদাহৰণ: জল বতাহ, স্থল বতাহ, পাৰ্বত্য বতাহ।

১৫। প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায় ? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ- পৃথিৱী পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। প্ৰাথমিক বায়ুপ্ৰবাহৰ অন্তৰ্গত হৈছে বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ। ইয়াৰ বৈশিষ্ট্য হ'ল - (১) প্ৰাথমিক বায়ু প্ৰবাহেই অন্য নিম্নপৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে, (২) এই বায়ু প্ৰবাহ অহৰহ উপক্ৰান্তীয় আৰু মেৰু দেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে।

১৬। গৌণ বতাহ কাক বোলে ? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা।

উত্তৰঃ- ভূ-অবয়বৰ প্ৰকৃতি, ভূমি-জলভাগৰ বিস্তৃতি, আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক গৌণ বতাহ বোলে। উদাহৰণ: ঘূৰ্ণীবতাহ (নিম্নচাপ), প্ৰতীপ ঘূৰ্ণীবতাহ (উচ্চচাপ), মৌচুমী বতাহ। গৌণ বতাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে। বহি ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ফলত নাতিশীতোষ্ণ অঞ্চলত বতৰ সঘনে পৰিৱৰ্তন হয়, ঘন ডাৱৰ আৰু ধাৰাষাৰ বৰষুণ হয়। গ্ৰীষ্মকালত দক্ষিণ-পূব এছিয়াত মৌচুমী বতাহৰ বাবে প্ৰচুৰ বৰষুণ হয়।

১৭। স্থানীয় বতাহ কাক বোলে ? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় ? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ- ভূ-অবয়বৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বতাহ বোলে। উত্তৰ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিত উৎপত্তি হোৱা উষ্ণ আৰু শুকান সিৰক্কো বতাহ, উত্তৰ ভাৰতৰ গংগা সমভূমিত প্ৰবাহিত লু বতাহ, দক্ষিণ পশ্চিম ইউৰোপত প্ৰবাহিত শীতল মিষ্ট্ৰেল বতাহ স্থানীয় বতাহৰ উদাহৰণ। এই বতাহে স্থানীয় পৰ্যায়ত উষ্ণতা, আৰ্দ্ৰতা আদিৰ পৰিৱৰ্তন আনে।

১৮। 'ঘূর্ণীবতাহ’ কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা।

উত্তৰঃ- বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে অভিসাৰী চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে। ঘূৰ্ণীবতাহ দুই প্ৰকাৰৰ - (১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ, (২) বহি ক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণীবতাহ। ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ, ধাৰাষাৰ বৰষুণ, শিলাবৃষ্টি, বিজুলী-ঢেৰেকণীৰে ধুমুহা হয়। বহি ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ বাবে নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হয়।

১৯। 'বায়ুৰাশি’ কাক বোলে ? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয় ? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি ?

উত্তৰঃ- উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে। বায়ুৰাশি চাৰি প্ৰকাৰৰ - (১) ক্ৰান্তীয় মহাদেশীয় বায়ুৰাশি (উষ্ণ-শুষ্ক), (২) ক্ৰান্তীয় মহাসাগৰীয় বায়ুৰাশি (উষ্ণ-আৰ্দ্ৰ), (৩) মেৰু মহাদেশীয় বায়ুৰাশি (শীতল-শুষ্ক), (৪) মেৰু মহাসাগৰীয় বায়ুৰাশি (শীতল-আৰ্দ্ৰ)। বায়ুৰাশিয়ে যি অঞ্চলৰ ওপৰেদি প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে।

২০। 'বাতাগ্র' বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? জলবায়ু আৰু বাতাগ্ৰৰ সম্পর্ক চমুকৈ আলোচনা কৰা।

উত্তৰঃ- যেতিয়া উত্তাপ, আৰ্দ্ৰতা, চাপ আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হয়, তেতিয়া সিহঁতৰ মাজত এক বিচ্ছেদক পৃষ্ঠ বা ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্ৰ বোলে। বাতাগ্ৰ সৃষ্টি হ'বলৈ দুটা বায়ুৰাশিৰ এটা আনটোতকৈ শীতল আৰু গধুৰ হ'ব লাগে, আৰু বায়ুপ্ৰবাহ অভিসাৰী হ'ব লাগে। বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয় আৰু বৰষুণ হয়। শীতল বাতাগ্ৰই প্ৰায়ে তীব্ৰ বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰে, আনহাতে উষ্ণ বাতাগ্ৰই মৃদু বৰষুণ দিয়ে।

২১। 'মৌচুমী' বতাহ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট ?

উত্তৰঃ- ঋতুভিত্তিক বায়ুপ্ৰবাহৰ দিশ সম্পূৰ্ণৰূপে সলনি হোৱাক মৌচুমী বতাহ বোলে। গ্ৰীষ্মকালত এছিয়া মহাদেশ দ্ৰুত উত্তপ্ত হৈ নিম্নচাপৰ সৃষ্টি কৰে, আৰু সমুদ্রৰ পৰা অহা আৰ্দ্ৰ বায়ু প্ৰবল বৰষুণ দিয়ে। শীতকালত বিপৰীত পৰিঘটনা ঘটে। মৌচুমীৰ প্ৰভাৱ দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, দক্ষিণ-পূব চীন আদি অঞ্চলত সুস্পষ্ট।

কাৰণ দৰ্শাই উত্তৰ লিখাঃ

(ক) ট্ৰপ'স্ফিয়েৰ স্তৰটোতে প্রধানকৈ বতৰৰ ক্রিয়া-কলাপ কিয় সংঘটিত হয় ?

উত্তৰঃ- কাৰণ বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি-চতুৰ্থাংশ, প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপ'স্ফিয়েৰতে আছে। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া-কাৰ্য (মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ আদি) এই স্তৰত সংঘটিত হয়।

(খ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব ?

উত্তৰঃ- বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব, অৰ্থাৎ গোলকীয় উত্তাপ (global warming) বৃদ্ধি পাব।

(গ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি ?

উত্তৰঃ- কাৰণ শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম। জলীয় বাষ্পৰ আণৱিক ভৰ (H₂O) নাইট্ৰজেন (N₂) আৰু অক্সিজেন (O₂)তকৈ কম। গতিকে জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ু গধুৰ হয়, সেয়ে ইয়াৰ চাপ বেছি হয়। আনহাতে উষ্ণ আৰ্দ্ৰ বায়ু পাতল হয় বাবে ইয়াৰ চাপ কম হয়।

(ঘ) অ'জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে ?

উত্তৰঃ- বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়েৰ স্তৰত থকা অ'জন গেছে সূৰ্য্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক ৰক্ষা কৰে।

(ঙ) সাগৰপৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি ?

উত্তৰঃ- সাগৰপৃষ্ঠৰ উচ্চতা কম বাবে ওপৰৰ বায়ুমণ্ডলৰ গোটেই স্তৰটোৰ চাপ ইয়াত পৰে। উচ্চতা বাঢ়িলে বায়ুৰ ঘনত্ব আৰু চাপ হ্ৰাস পায়।

(চ) ট্ৰপ'স্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ ?

উত্তৰঃ- ট্ৰপ'স্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুৱীয় অঞ্চলত উত্তাপ বেছি বাবে বায়ুৰ সম্প্ৰসাৰণ বেছি আৰু ট্ৰপ'স্ফিয়েৰৰ উচ্চতা বেছি (প্ৰায় ১৬-১৮ কিলোমিটাৰ)। মেৰু অঞ্চলত উত্তাপ কম বাবে ইয়াৰ উচ্চতা কম (প্ৰায় ৬-৮ কিলোমিটাৰ)।

(ছ) নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয় ?

উত্তৰঃ- নিৰক্ষীয় নিম্নচাপ অঞ্চল (doldrums) ত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হয় বাবে ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো প্ৰায়েই অনুভূত নহয়। এই অঞ্চলত বায়ু প্ৰায় স্থিৰ হৈ থাকে।

তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া

(ক) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত ?

উত্তৰঃ- ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত।

(খ) ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে ?

উত্তৰঃ- ভূ-পৃষ্ঠৰ পৰা ৮০ কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে।

(গ) হ'ম'স্ফিয়েৰ আৰু হেটেৰ'স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি ?

উত্তৰঃ- হ'ম'স্ফিয়েৰ আৰু হেটেৰ'স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম হ'ল - মেছ'পজ।

(ঘ) ফেৰেলৰ সূত্ৰটো কি ?

উত্তৰঃ- পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কোৰিওলিচ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়।

(ঙ) বিউফ'ৰ্ট স্কেল কি ? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ- ১৮০৫ চনত ব্ৰিটিছ বিজ্ঞানী চাৰ ফ্ৰান্সিছ বিউফ'ৰ্টে প্ৰস্তুত কৰা ০-১২ নম্বৰৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফ'ৰ্ট স্কেল বুলি কোৱা হয়। উদাহৰণ: বিউফ'ৰ্ট নম্বৰ ০ ত বতাহ মন্থৰ, ধোঁৱা উলম্বভাৱে ওপৰলৈ উঠে; বিউফ'ৰ্ট নম্বৰ ১২ ত বতাহৰ গতিবেগ ≥৬৪ নট, ইয়াক ঘূৰ্ণীবতাহ বোলে।

(চ) লেপ্চ হাৰ কি চমুকৈ লিখা।

উত্তৰঃ- ট্ৰপ'স্ফিয়েৰ স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা হ্ৰাস পোৱাৰ হাৰক লেপ্চ হাৰ বোলে। সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত ৬.৫° চেন্টিগ্ৰেড হাৰত বায়ুৰ উষ্ণতা হ্ৰাস পায়।

চমুটোকা লিখা

ক) হ'ম'স্ফিয়েৰ

উত্তৰঃ- ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়ে একে থাকে। বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হ'ম'স্ফিয়েৰ বোলা হয়। এই স্তৰটোক পুনৰ ট্ৰপ'স্ফিয়েৰ, ষ্ট্ৰেট'স্ফিয়েৰ আৰু মেছ'স্ফিয়েৰত বিভক্ত কৰা হৈছে।

খ) হেটেৰ’স্ফিয়েৰ

উত্তৰঃ- ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি সুকীয়া অৱস্থাৰ সৃষ্টি হয়। এই স্তৰটোক হেটেৰ'স্ফিয়েৰ বোলা হয়। এই স্তৰত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে আণৱিক ভৰ অনুসৰি পৃথক তৰপ সৃষ্টি কৰে। বায়ুৰ ঘনত্ব অতি নগণ্য।

গ) বায়ুৰ তাপ, ভূ-পৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক

উত্তৰঃ- বায়ু গেছীয় পদাৰ্থ হোৱাত ইয়াৰ ওজন আছে। বায়ুৰ সম্প্ৰসাৰণ আৰু সংকোচনশীল গুণৰ বাবে ঘনত্ব কম বেছি হয়। বায়ুৰ ঘনত্ব বাঢ়িলে চাপো বৃদ্ধি পায়। ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপ হ্ৰাস পায়।

ঘ) মেৰুদেশীয় উচ্চচাপ বলয়

উত্তৰঃ- পোনপটীয়া সূৰ্যৰশ্মিৰ অভাৱত মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অত্যাধিক ঠাণ্ডা। ইয়াত বায়ু অতি শীতল আৰু শুষ্ক। ফলত এই অঞ্চলত স্থায়ীভাৱে উচ্চচাপ বিৰাজ কৰে। এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বোলা হয়।

ঙ) বায়ুপ্ৰবাহ তন্ত্ৰ

উত্তৰঃ- বায়ুপ্ৰবাহে উত্তাপ, আৰ্দ্ৰতা আদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াৰ কাম কৰে। বহল অৰ্থত ইয়াক বায়ুপ্ৰবাহ তন্ত্ৰ বোলা হয়। ই বায়ুমণ্ডলৰ ক্ৰিয়াকলাপৰ এক প্ৰয়োজনীয় মাধ্যম।

চ) চাপনতি

উত্তৰঃ- দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। এই চাপনতিৰ ফলতেই বায়ুপ্ৰবাহৰ সৃষ্টি হয়। চাপৰ পাৰ্থক্য বেছি হ'লে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়।

ছ) বাণিজ্য বতাহ

উত্তৰঃ- ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত বায়ুক বাণিজ্য বতাহ বোলে। কোৰিওলিচ বলৰ বাবে উত্তৰ গোলাৰ্ধত ই উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূব বাণিজ্য বতাহ নামেৰে পৰিচিত।

জ) অশ্ব-অক্ষাংশ

উত্তৰঃ- উপক্ৰান্তীয় উচ্চ চাপবলয়ৰ মধ্যাংশত বতাহ প্ৰায় গতিহীন হৈ এক শান্ত অৱস্থাত থাকে। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ ৩০° ৰ পৰা ৩৫° অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অশ্ব-অক্ষাংশ বোলা হয়।

ঝ) গৰ্জনমুখৰ চল্লিশ

উত্তৰঃ- দক্ষিণ গোলাৰ্ধৰ ৪০° ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি থকাত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। মহাসাগৰীয় নাবিকসকলে এই অঞ্চলক গৰ্জনমুখৰ চল্লিশ বোলে।

ঞ) প্ৰতীপ ঘূৰ্ণীবতাহ

উত্তৰঃ- যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয়। ইয়াক উচ্চ চাপ কেন্দ্ৰও বোলে।

ট) জেট প্ৰবাহ

উত্তৰঃ- ট্ৰপ'পজৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ তীব্ৰবেগে (প্ৰায় ঘণ্টাত ২০০-৪০০ কিমি) প্ৰবাহিত সংকীৰ্ণ বায়ুপ্ৰবাহক জেট প্ৰবাহ বোলা হয়। জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়।

ঠ) সমচাপ ৰেখা

উত্তৰঃ- একে বায়ুচাপ থকা স্থানসমূহ সংযোগ কৰা ৰেখাক সমচাপ ৰেখা বোলে। চাপনতিৰ মান কম হ'লে এই ৰেখাবোৰৰ মাজৰ দূৰত্ব বেছি হয়।

ড) ক্ৰান্তীয় ঘূৰ্ণীবতাহ

উত্তৰঃ- ক্ৰান্তীয় অঞ্চলত নিম্নচাপ কেন্দ্ৰক কেন্দ্ৰ কৰি চাৰিওদিশৰ পৰা অহা তীব্ৰবেগী বতাহে চক্ৰাকাৰে গতি কৰিলে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। ইয়াক বিভিন্ন অঞ্চলত চাইক্লোন, হাৰিকেন, টাইফুন আদি নামেৰে জনা যায়।

পার্থক্য লিখা

ক) অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ

উত্তৰঃ- বায়ুৰ গতি দুয়ো ধৰণৰ হ'ব পাৰে - অনুভূমিক আৰু উলম্বিক। ভূপৃষ্ঠৰ সমান্তৰালভাৱে চলা বায়ুক অনুভূমিক প্ৰবাহ বা বায়ুপ্ৰবাহ বোলে। আনহাতে বায়ু যেতিয়া ঊর্ধ্বগামী বা অধোগামী হয় তেতিয়া তাক উলম্বিক প্ৰবাহ বা স্ৰোত বোলে। বায়ুমণ্ডলত অনুভূমিক প্ৰবাহৰ পৰিমাণ উলম্বিক প্ৰবাহৰ তুলনাত বহু গুণে বেছি।

খ) বায়ুপ্ৰবাহ আৰু বায়ুৰাশি

উত্তৰঃ- বায়ুৰ গতি কৰিলেই বায়ুপ্ৰবাহ। বায়ুপ্ৰবাহ ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে হয়। আনহাতে উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ বায়ুপুঞ্জক বায়ুৰাশি বোলে।

গ) ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ

উত্তৰঃ- ক্ৰান্তীয় অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। ইয়াৰ গতিপথ সৰু আৰু ধ্বংসক্ষমতা বেছি। নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। ইয়াৰ গতিপথ ডাঙৰ আৰু ই বতৰৰ সঘন পৰিৱৰ্তন ঘটায়।

ঘ) জলবতাহ আৰু স্থলবতাহ

উত্তৰঃ- দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা বায়ুপ্ৰবাহক জলবতাহ বোলে। ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা বায়ুপ্ৰবাহক স্থলবতাহ বোলে।

ঙ) পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ

উত্তৰঃ- ৰাতি শীতল আৰু গধুৰ বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নামি অহাক পাৰ্বত্য বতাহ বোলে। দিনৰ ভাগত নদী উপত্যাকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি উৰ্ধ্বগামী হোৱা বায়ুপ্ৰবাহক ভৈয়ামৰ বতাহ বোলে।

চ) ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহ

উত্তৰঃ- নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লৈ অভিসাৰী হোৱাক ঘূৰ্ণীবতাহ বোলে। উচ্চচাপক কেন্দ্ৰ কৰি বতাহ চক্ৰাকাৰে বহিৰ্মুখী হোৱাক প্ৰতীপ ঘূৰ্ণীবতাহ বোলে।

ছ) শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰ

উত্তৰঃ- যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থান দখল কৰি দ্ৰুত গতিত ওপৰলৈ ঠেলি দিয়ে তাক শীতল বাতাগ্ৰ বোলে। ই তীব্ৰ বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰে। যি বাতাগ্ৰত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি ধীৰ গতিত প্ৰবাহিত হয় তাকে উষ্ণ বাতাগ্ৰ বোলে। ই সাধাৰণতে মৃদু বৰষুণ দিয়ে।

জ) ট্ৰপ'স্ফিয়েৰ আৰু ষ্ট্ৰেট'স্ফিয়েৰ

উত্তৰঃ- ভূ-পৃষ্ঠৰ আটাইতকৈ তলৰ স্তৰটো ট্ৰপ'স্ফিয়েৰ। বতৰৰ প্ৰায় সকলো ক্ৰিয়া-কাৰ্য ইয়াত সংঘটিত হয়। ইয়াৰ ওপৰৰ স্তৰটো ষ্ট্ৰেট'স্ফিয়েৰ। ইয়াত কোনো বতৰজনিত কাৰ্যকলাপ নাথাকে, অ'জন স্তৰ অৱস্থিত।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) অ'জন গেছৰ স্তৰটো ক'ত অৱস্থিত ? (১) ট্ৰপ'স্ফিয়েৰ (২) ষ্ট্ৰেট'স্ফিয়েৰ (৩) মেছ'স্ফিয়েৰ (৪) থাৰ্ম'স্ফিয়েৰ

উত্তৰঃ- (২) ষ্ট্ৰেট'স্ফিয়েৰ।

(খ) বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে ? (১) ২০.৯৪% (২) ২৯.০১% (৩) ৩২.৪৭% (৪) ৭৮.০৮%

উত্তৰঃ- (১) ২০.৯৪%।

(গ) বায়ুপ্ৰবাহৰ মূল কাৰণটো হ'ল — (১) আৰ্দ্ৰতাৰ তাৰতম্য (২) চাপৰ তাৰতম্য (৩) মাধ্যাকৰ্ষণ শক্তি (৪) অপকেন্দ্ৰিক বল

উত্তৰঃ- (২) চাপৰ তাৰতম্য।

(ঘ) বतাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ'ল — (১) উইণ্ড ভেন (২) এনিম'মিটাৰ (৩) বিউফ'ৰ্ট স্কেল (৪) হাইড্ৰ'মিটাৰ

উত্তৰঃ- (২) এনিম'মিটাৰ।

(ঙ) বতাহৰ গতিবেগৰ এককটো হ'ল — (১) নট (২) মিলিবাৰ (৩) শতাংশ (৪) ডিগ্ৰী

উত্তৰঃ- (১) নট।

(চ) মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত ? (১) স্থানীয় বতাহ (২) প্ৰাথমিক বতাহ (৩) গৌণ বতাহ (৪) নিয়মিত বতাহ

উত্তৰঃ- (৩) গৌণ বতাহ।

(ছ) প্রাচ্যৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূর্ণীবতাহৰ নামটো হ'ল — (১) চাইক্লোন (২) হাৰিকেন (৩) উইলী উইলী (৪) টাইফুন

উত্তৰঃ- (৪) টাইফুন।

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute