SVN Class 8 Social Science Assamese Medium

মৌলিক অধিকাৰ

✍️ Admin👑 👁 18 views 📅 12 Mar 2026 📌 Chapter 23
0
⚠️ Report

Chapter 23: মৌলিক অধিকাৰ

১। চমু উত্তৰ দিয়া :

ক) মৌলিক অধিকাৰ বুলিলে কি বুজা?

উত্তৰঃ আমাৰ সংবিধানে সমাজত সঠিক ৰূপে বসবাস কৰিবলৈ প্ৰয়োজন হোৱা কেইটামান অধিকাৰ সকলো নাগৰিককে দিছে। এই অধিকাৰসমূহ উপভোগ কৰাত কোনো ব্যক্তিয়ে কাকো বাধা প্ৰদান কৰিব নোৱাৰে। সেয়ে ইয়াক মৌলিক অধিকাৰ বুলি কোৱা হয়।

খ) সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে?

উত্তৰঃ সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে।

গ) ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰৰ তালিকাৰপৰা সম্পত্তিৰ অধিকাৰ কোনটো সংশোধনী মতে বাতিল কৰা হয়?

উত্তৰঃ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ ৪৪ তম সংবিধান সংশোধনীৰ জৰিয়তে ১৯৭৮ চনত বাতিল কৰা হয়।

ঘ) সংবিধানৰ কোনটো অনুচ্ছেদ মতে চৰকাৰী শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্রদানত বাধা আৰোপ কৰিছে?

উত্তৰঃ সংবিধানৰ ২৮ নং অনুচ্ছেদ অনুসৰি চৰকাৰ পৰিচালিত কোনো শিক্ষানুষ্ঠানতে ধৰ্মীয় শিক্ষা প্রদানত বাধা আৰোপ কৰিছে।

ঙ) কোন চনত শিশু শিক্ষা অধিকাৰ আইন প্রণয়ন কৰা হয়?

উত্তৰঃ ২০০৯ চনত শিশু শিক্ষা অধিকাৰ আইন প্রণয়ন কৰা হয়।

২। খালী ঠাই পূৰ কৰা :

ক) ভাৰতবৰ্ষ এখন ধৰ্ম ______ ৰাষ্ট্ৰ।

উত্তৰঃ নিৰপেক্ষ

খ) শিশু শ্রমিক নিষিদ্ধ আইন ______ চনত জাৰি কৰা হয়।

উত্তৰঃ ১৯৮৬

গ) মৌলিক অধিকাৰে নাগৰিকৰ ______ বিকাশত সহায় কৰে।

উত্তৰঃ ব্যক্তিত্ব

ঘ) ন্যায়ালয় হৈছে মৌলিক অধিকাৰৰ ______।

উত্তৰঃ ৰক্ষক।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

ক) মৌলিক অধিকাৰৰপৰা বঞ্চিত হ’লে নাগৰিকে ন্যায়ালয়ৰ কাষ চাপিব পাৰে/নোৱাৰে।

উত্তৰঃ পাৰে।

খ) দেশৰ জৰুৰী অৱস্থা বাহাল থাকিলে নাগৰিকে সকলোবোৰ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে/নোৱাৰে।

উত্তৰঃ নোৱাৰে।

গ) আইনৰ চকুত সকলো সমান হয়/নহয়।

উত্তৰঃ হয়

ঘ) মৌলিক অধিকাৰ সংবিধানৰ এক অবিচ্ছেদ্য অংগ হয়/নহয়।

উত্তৰঃ হয়।

ঙ) আমাৰ দেশৰ নাগৰিকে নিজা নিজা ভাষা, সংস্কৃতি আৰু শিক্ষাৰ সুৰক্ষা লাভ কৰিব পাৰে/নোৱাৰে।

উত্তৰঃ পাৰে।

৪। মৌলিক অধিকাৰসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয়। মৌলিক অধিকাৰৰ মাজেদি এখন ৰাষ্ট্ৰৰ পৰিচয় পোৱা যায়। মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নির্বিশেষে নাৰী-পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে।

৫। মৌলিক অধিকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ মৌলিক অধিকাৰৰ প্ৰধান বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ'ল—
১। ন্যায়ালয় হৈছে মৌলিক অধিকাৰৰ ৰক্ষক।
২। মৌলিক অধিকাৰসমূহ বৈষম্যমূলক নহয়।
৩। নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে।
৪। সমাজৰ পিছপৰা লোকক মৌলিক অধিকাৰে সুৰক্ষা প্ৰদান কৰে।
৫। মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ।
৬। মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।

৬। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অধ্যায়ত ১২ অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা আছে। আমাৰ মৌলিক অধিকাৰসমূহ হ'ল—
১। সমতাৰ অধিকাৰ (১৪-১৮ অনুচ্ছেদ)
২। স্বাধীনতাৰ অধিকাৰ (১৯-২২ অনুচ্ছেদ)
৩। শোষণৰ বিৰুদ্ধে অধিকাৰ (২৩-২৪ অনুচ্ছেদ)
৪। ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ (২৫-২৮ অনুচ্ছেদ)
৫। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ (২৯-৩০ অনুচ্ছেদ)
৬। সাংবিধানিক প্রতিবিধানৰ অধিকাৰ (৩২ অনুচ্ছেদ)
এই অধিকাৰসমূহৰ যোগেদি সংবিধান প্রণেতাসকলে ভাৰতৰ জনগণক সকলো ক্ষেত্ৰতে সম অধিকাৰ প্ৰদান কৰিছে, স্বাধীনভাৱে চলা-ফুৰা, ব্যৱসায়-বাণিজ্য কৰাৰ অধিকাৰ দিছে, কোনেও যাতে অন্যায়ভাৱে শোষণ কৰিব নোৱাৰে তাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ দিছে, শিক্ষা-দীক্ষা লাভ কৰাৰ অধিকাৰ প্ৰদান কৰিছে, ইয়াৰোপৰি সকলো ধৰ্মৰ মানুহকে নিজ নিজ ধৰ্ম আচৰণ কৰাৰ অধিকাৰ অৰ্পণ কৰা হৈছে।

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute