AskAssam.Com LEARN · SHARE · GROW
HomeSEBA/SCERTClass 10 HSLCSocial Scienceঅসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

LESSON 3

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Class 10 HSLC · Social Science · Assamese

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Class 10 Social Science History Chapter 3 Question Answer | SEBA HSLC

এই পৃষ্ঠাত SEBA Class 10 Social Science History Chapter 3 “অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ”ৰ সম্পূৰ্ণ সমাধান দিয়া হৈছে। অতি চমু, চমু, দীঘল প্রশ্নোত্তৰ, MCQ, অতিৰিক্ত প্রশ্ন, HSLC পূৰ্ববৰ্ষৰ প্রশ্ন আৰু FAQs সহ SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ সহায়িকা।

পাঠৰ তথ্য

বিষয় সমাজ বিজ্ঞান (ইতিহাস)
কিতাপখনৰ নাম SEBA Social Science (Part-I)
পাঠৰ নাম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
শ্ৰেণী দশম (X)
অধ্যায় (Chapter) অধ্যায় ৩
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

সাৰাংশ

English Summary:
This chapter discusses the anti-British awakening and peasant uprisings in Assam after the British established their rule in 1826. The British introduced a new revenue system based on cash payments, which caused hardship for the Assamese peasants. The chapter covers the 1857 revolt in Assam led by Maniram Dewan and Piyali Barua, which was part of the larger Sepoy Mutiny. It also covers various peasant movements – the Phuluguri Dhawa (1861), the Rangia peasant revolt (1893), the Lachima peasant revolt (1894), and the Patharughat revolt (1894). The chapter also discusses the Jayantia revolt (1861-1863) led by Ukiang Nongbah, and the Manipur revolt (1891) led by Tikendrajit. These revolts show the growing resistance against British colonial policies in Assam.

অসমীয়া সাৰাংশঃ
এই অধ্যায়ত ব্ৰিটিছ শাসন প্ৰতিষ্ঠাৰ পিছত অসমত আৰম্ভ হোৱা ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ বিষয়ে আলোচনা কৰা হৈছে। ব্ৰিটিছে মুদ্ৰা বা টকাৰ মাধ্যমত ৰাজহ সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে, যাৰ ফলত অসমীয়া কৃষকসকল অত্যন্ত দুৰৱস্থাৰ সন্মুখীন হয়। অধ্যায়টোত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ নেতৃত্বত অসমত সংঘটিত ১৮৫৭ চনৰ বিদ্ৰোহ, ফুলগুৰি ধাৱা (১৮৬১), ৰঙিয়া কৃষক বিদ্ৰোহ (১৮৯৩), লচিমা কৃষক বিদ্ৰোহ (১৮৯৪), আৰু পথৰুঘাট কৃষক বিদ্ৰোহ (১৮৯৪)ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। জয়ন্তীয়া বিদ্ৰোহ (১৮৬১-৬৩) আৰু মণিপুৰ বিদ্ৰোহ (১৮৯১)ৰ বিষয়েও আলোচনা কৰা হৈছে।

Word Meaning

  • বিদ্ৰোহ = চৰকাৰ বা শাসকৰ বিৰুদ্ধে সশস্ত্ৰ আন্দোলন
  • কৃষক বিদ্ৰোহ = কৃষকসকলৰ দ্বাৰা কৰা প্ৰতিবাদী আন্দোলন
  • ৰাইজমেল = জনসাধাৰণৰ বৃহৎ সমাৱেশ
  • খাজনা = মাটিৰ কৰ, ভূমি কৰ
  • মৌজা = ৰাজহ সংগ্ৰহৰ এটা একক
  • ফাঁচীকাঠ = মৃত্যুদণ্ড দিয়াৰ স্থান

অতি চমু উত্তৰৰ প্ৰশ্ন

১। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰঃ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল।

২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?

উত্তৰঃ ১৮৫৩ চনত।

৩। কেঞাসকল কোন আছিল?

উত্তৰঃ মাৰোৱাৰি সম্প্ৰদায়ৰ লোক।

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ মণিৰাম দেৱান।

৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰঃ কন্দৰ্পেশ্বৰ সিংহক।

৬। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?

উত্তৰঃ মধু মল্লিক।

৭। মণিৰাম দেৱানৰ লগত কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল?

উত্তৰঃ পিয়লি বৰুৱা।

৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

উত্তৰঃ কেপ্টেইন হলৰইড।

৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ (ক) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল। (খ) বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল।

১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ।

১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।

উত্তৰঃ (ক) কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। (খ) দুৰ্ভিক্ষ, প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল।

১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল?

উত্তৰঃ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল।

১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৬১ চনত।

১৪। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৩ চনত।

১৫। লচিমা ক’ত অৱস্থিত?

উত্তৰঃ অসমৰ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত।

১৬। লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৪ চনত।

১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৪ চনত।

১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ ওকিয়াং নংবাহ।

১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ সম্বোধন কছাৰী।

২০। টিকেন্দ্ৰজিৎক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰে।

২১। জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?

উত্তৰঃ ১৮৯১ চনত।

দীঘল উত্তৰৰ প্ৰশ্ন

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায়। এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণৰ জাতীয় চেতনা আৰু আত্মসন্মানত যথেষ্ঠ আঘাত জন্মিছিল। সেয়ে তেওঁলোক সংগঠিত হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায়। ইয়াৰ উপৰিও আহোম ৰাজবংশৰ উচ্চপদস্থ বিষয়া সকলে কন্দৰ্পেশ্বৰ সিংহক পুনৰ সিংহাসনত বহুৱাৰ যো-জা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতো বিদ্ৰোহৰ জুই জ্বলিছিল।

সাধাৰণ জনতাৰ ওপৰত ইংৰাজে জধে-মধে কৰ আৰোপ কৰিছিল। মাটিৰ খাজানা বৃদ্ধি কৰিছিল। কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে ব্ৰাহ্মণ, গোঁহাই আৰু সত্ৰাধিকাৰসকলে বিনা খাজানাত লাখেৰাজ ভূমি লাভ কৰিছিল। ইংৰাজে তেওঁলোকৰ পৰা সেই ভূমি কাঢ়ি লয়। অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে ব্ৰিটিছ শাসনৰ লগত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে বিফল হ’বলগীয়া হৈছিল। ইংৰাজ শাসনত বংগদেশৰ পৰা শিক্ষিত ব্যক্তি আনি অসমৰ অফিচ কাছাৰীত নিয়োগ কৰা হৈছিল। ফলত অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে নিজৰ নিজৰ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছিল।

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ মণিৰাম দেৱান অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তাদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছ মালিকাধীন অসম টি. কোম্পানীত যোগদান কৰি চৰকাৰৰ পৰা বিভিন্ন সুবিধা নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। তেওঁ সিদ্ধান্ত ল’লে যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি নহয় আৰু সেইয়া সম্ভৱ হ’ব পাৰে কেৱল আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হ’লেহে। তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। ১৮৫৩ চনত মফট মিলচ অসমলৈ আহোঁতে মণিৰাম দেৱানে তেওঁক দুখন আৰ্জি পেচ কৰিছিল। কিন্তু মিলে তেওঁক এজন চক্ৰান্তকাৰী হিচাপে অভিহিত কৰে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেওঁ কলিকতাৰ পৰা গোপন পত্ৰ প্ৰেৰণ কৰি অসমত বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। কিন্তু ব্ৰিটিছ বিষয়া কেপ্টেইন হলৰইডে তেওঁৰ চিঠি ধৰা পেলায়। অৱশেষত ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁক ফাঁচী দিয়ে।

৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।

উত্তৰঃ (ক) এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোক জড়িত হোৱা নাছিল। (খ) বিদ্ৰোহৰ নেতাসকলৰ সময়জ্ঞান নাছিল। (গ) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল। (ঘ) ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনাৰ আগতীয়াকৈ উমান পাইছিল। (ঙ) বিদ্ৰোহীৰ সংখ্যা যথেষ্ট কম আছিল। (চ) ব্ৰিটিছে মণিৰাম দেৱানক বিদ্ৰোহস্থলীৰ পৰা বহু নিলগত ৰাখিছিল। (ছ) অসমত ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহত যোগদান কৰা নাছিল। (জ) অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থা গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ (ক) অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। (খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। (গ) অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। (ঘ) অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে অসমত উৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধাচাৰণ আৰম্ভ হৈছিল। ৰাইজৰ আক্ৰোশ বাঢ়িল – বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজানা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহতৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল’বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে গুলীচালনা কৰে। ৩৯ জন নিৰীহ কৃষকৰ মৃত্যু হয়।

৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ১৮৬১ চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। ১৮৯২ চনত অসমৰ চীফ কমিচনাৰ ৱৰ্ডে খাজানা হাৰ পূৰ্বতকৈ ১০০% লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমাত কেইবাটাও অঞ্চলৰ লোকে খাজানা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ১৮৯৩ চনৰ ২৪ ডিচেম্বৰ দিনা ৰঙিয়া বজাৰত লুটপাতৰ বিদ্ৰোহ আৰম্ভ হয়। ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষকসকলে অভাৱ অভিযোগ জনাবলৈ ৰাইজমেল আয়োজন কৰে। উপায়ুক্ত মেকে কাবে গুলী চালনাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতো উত্তৰ-কামৰূপৰ অন্য প্ৰান্তত প্ৰতিবাদ অব্যাহত আছিল।

৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাঙি ধৰা।

উত্তৰঃ দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল। মঙ্গলদৈ মহকুমাৰ কৃষকসকলে মিলিত হৈ পথৰুঘাটত ২৬-২৮ জানুৱাৰীলৈকে তিনিদিনীয়া ৰাইজমেল আয়োজন কৰিলে। জিলাধিপতি জে. ডি. এণ্ডৰছন পুলিচ অধীক্ষক জে. আৰ. ৱেৰিংটনৰ সৈতে পথৰুঘাটত উপস্থিত হয়। প্ৰায় ২,০০০ কৃষকে লাঠি, কামি লৈ শিৱিৰৰ দিশে ধাৱমান হয়। জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয়। বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয়।

৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ জয়ন্তীয়া ৰাজ্যখন ১৮৩৫ চনত ইংৰাজৰ হাতলৈ যায়। স্বাধীনচিতিয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰে। ইংৰাজে তেওঁলোকৰ পৰম্পৰাগত মাছধৰা, খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰে। আয়কৰ, ঘৰকৰ বহুৱাইছিল। অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে জয়ন্তীয়াসকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল। ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে। ১৮৬২ চনৰ ১৭ জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে। অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবা ইংৰাজৰ হাতত ধৰা পৰে আৰু তেওঁক ফাঁচীকাঠত ওলোমাই। ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ অৱসান ঘটে।

৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।

উত্তৰঃ ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহ কন্দলৰ সূচনা হয়। ১৮৯০ চনৰ ২১ ছেপ্তেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়। ইংৰাজে কুলচন্দ্ৰক ৰজা হিচাপে স্বীকৃতি দিয়ে। বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে হেঁচা প্ৰয়োগ কৰে। অসমৰ চীফ কমিচনাৰ জে. ডব্লিউ. কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। ব্ৰিটিছ সৈন্যবাহিনী মণিপুৰলৈ যায় আৰু টিকেন্দ্ৰজিৎক আটক কৰে। ব্ৰিটিছ শাসনৰ বিৰোধিতা আৰু বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয়।

চমু টোকা

১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা।

উত্তৰঃ ঊনবিংশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক নতুন ৰাজহ ব্যৱস্থাৰে অৰ্থনীতি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। নতুন ৰাজহ ব্যৱস্থাত চৰকাৰে কেৱল কৰ-কাটল সংগ্ৰহ কৰাতহে গুৰুত্ব দিছিল। মুদ্ৰা বা টকাৰ মাধ্যমত কৰ-কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰলৈ লৈ ব্ৰিটিছক ৰাজহ দিছিল। ব্ৰিটিছৰ ৰাজহ ব্যৱস্থাই জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।

২। মণিৰাম দেৱান।

উত্তৰঃ মণিৰাম বৰভাণ্ডাৰ বৰুৱা অসমৰ পুৰণি অভিজাত বংশৰ লোক আছিল। প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধী নাছিল। ব্ৰিটিছৰ অধীনতে তেওঁ চিৰস্তাদাৰ আৰু পিছলৈ দেৱান হিচাপে নিযুক্তি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত ব্ৰিটিছ মালিকাধীন অসম টি. কোম্পানীত যোগদান কৰি চৰকাৰৰ পৰা বিভিন্ন সুবিধা নোপোৱাত তেওঁ চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে। তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাই আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেওঁ গোপন পত্ৰ প্ৰেৰণ কৰি অসমত বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। অৱশেষত ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত পিয়লি বৰুৱাৰ লগত তেওঁক ফাঁচী দিয়ে।

৩। ফুলগুৰি ধাৱা।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে অসমত উৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। ৰাইজৰ আক্ৰোশ বাঢ়িল – বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজানা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহতৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল’বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে হত্যা কৰে। পিছদিনা ইংৰাজ বাহিনীয়ে গুলীচালনা কৰে। ৩৯ জন নিৰীহ কৃষকৰ মৃত্যু হয়।

৪। লচিমাৰ কৃষক বিদ্ৰোহ।

উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দমনমূলক নীতিৰ লগতে অত্যাধিক কৰ সংগ্ৰহৰ পৰিণতিত প্ৰতিবাদস্বৰূপে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত হৈছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজানা সংগ্ৰহৰ বাবে যাঁওতে ৰাইজে দুয়োকে বৰ বেয়াকৈ প্ৰহাৰ কৰে। উক্ত ঘটনাত মৌজাদাৰৰ মৃত্যু হয়। প্ৰায় ৩,০০০ লোকৰ এটা দলে শিৱিৰ জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুকলাই দিয়া হয়। ২৫ তাৰিখৰ দিনা ৬,০০০ ৰাইজৰ স্বাক্ষৰসম্বলিত এখন পত্ৰ উপায়ুক্তৰ হাতত অৰ্পণ কৰা হয়। পুলিচে আটক কৰা মানুহখিনিৰ ডিঙিত যুঁৱলি বান্ধি তেওঁলোকৰ হতুৱাই হাল টনোৱা হয়। ১৬ জনক সশ্ৰম কাৰাদণ্ড বিহা হয়।

৫। পথৰুঘাটৰ ৰণ।

উত্তৰঃ দৰং জিলাতো ১৮৯৪ চনত বৰ্ধিত খাজানাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয়। মঙ্গলদৈ মহকুমাৰ কৃষকসকলে পথৰুঘাটত ২৬-২৮ জানুৱাৰীলৈকে তিনিদিনীয়া ৰাইজমেল আয়োজন কৰিলে। জিলাধিপতি জে. ডি. এণ্ডৰছন পুলিচ অধীক্ষক জে. আৰ. ৱেৰিংটনৰ সৈতে পথৰুঘাটত উপস্থিত হয়। প্ৰায় ২,০০০ কৃষকে লাঠি, কামি লৈ শিৱিৰৰ দিশে ধাৱমান হয়। জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয়। বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয়।

৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব।

উত্তৰঃ (ক) অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। (খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। (গ) অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। (ঘ) অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

৭। টিকেন্দ্ৰজিৎ।

উত্তৰঃ ১৮৯০ চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত গৃহ কন্দলৰ সূচনা হয়। ১৮৯০ চনৰ ২১ ছেপ্তেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাচুত্য কৰি নিজে ৰজা হয়। ইংৰাজে কুলচন্দ্ৰক ৰজা হিচাপে স্বীকৃতি দিয়ে। বিদ্ৰোহৰ মূল নেতা টিকেন্দ্ৰজিৎক দেশান্তৰিত কৰিবলৈ ইংৰাজে হেঁচা প্ৰয়োগ কৰে। অসমৰ চীফ কমিচনাৰ জে. ডব্লিউ. কুইন্টন আৰু চাৰিজন বিষয়াই তেওঁক ধৰিবলৈ যোৱাত মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। ব্ৰিটিছ সৈন্যবাহিনী মণিপুৰলৈ যায় আৰু টিকেন্দ্ৰজিৎক আটক কৰে। ব্ৰিটিছ শাসনৰ বিৰোধিতা আৰু বিষয়াক হত্যা কৰাৰ অপৰাধত টিকেন্দ্ৰজিৎক ফাঁচী দিয়া হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহই ব্ৰিটিছ সাম্রাজ্যবাদৰ বিৰুদ্ধে অসমীয়া জনগণৰ প্ৰতিবাদক প্ৰকাশ কৰিছে। যদিও বিদ্ৰোহটো সফল হোৱা নাছিল, ই অসমীয়া জনগণৰ মাজত স্বাধীনতা আৰু অধিকাৰৰ চেতনা সৃষ্টি কৰাত সহায় কৰিছিল। বিদ্ৰোহে কৃষক, জনজাতি, আৰু বিভিন্ন সমাজৰ লোকক একত্ৰিত কৰি স্বাধীনতাৰ দিশে উৎসাহ দিছিল।

২. ব্ৰিটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণসমূহ লিখা।

উত্তৰঃ (ক) উচ্চ খাজনা আৰু কৰ ব্যৱস্থা। (খ) ইংৰাজ শাসকসকলে স্থানীয় কৃষকৰ পৰা জমি দখল কৰা। (গ) কুটিৰশিল্পৰ বাবে বাণিজ্যিক ব্যৱস্থা অশান্তিৰ সৃষ্টি কৰা। (ঘ) প্ৰাকৃতিক সংকটৰ ফলেও কৃষকসকলক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱা।

৩. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ (ক) বিদ্ৰোহীসকলৰ মাজত সংগঠনৰ অভাৱ। (খ) সামৰিক শক্তিৰ অভাৱ। (গ) জনসাধাৰণৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব নোৱাৰা। (ঘ) ব্ৰিটিছৰ কৌশলগত পদক্ষেপ। (ঙ) বিদ্ৰোহীসকলৰ মাজত আন্তৰিক দ্বন্দ্ব।

৪. অসমত ১৮৫৭-৫৮ চনত কিয় বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ (ক) ব্ৰিটিছৰ অত্যাচাৰ আৰু দমননীতি। (খ) আৰ্থিক সমস্যাসমূহ – খাজনা বৃদ্ধি আৰু অৰ্থনৈতিক মন্দা। (গ) সাংস্কৃতিক হস্তক্ষেপ। (ঘ) নতুন কৰ নীতিৰ বাবে অসন্তোষ বৃদ্ধি। (ঙ) বিভিন্ন অঞ্চলৰ কৃষকৰ মাজত একতা আৰু সংগঠন।

৫. বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

উত্তৰঃ (ক) ব্ৰিটিছ শাসনৰ অত্যাচাৰ। (খ) আৰ্থিক চাপ – খাজনা বৃদ্ধি আৰু অৰ্থনৈতিক সমস্যা।

৬. ১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ মণিৰাম দেৱানে অসমত কৃষকসকলৰ অধিকার ৰক্ষা আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাত সক্ৰিয় আছিল। তেওঁ অসমৰ বিভিন্ন অঞ্চলত কৃষকসকলৰ মাজত সংগঠন গঢ়ি তুলিছিল আৰু তেওঁলোকক বিদ্ৰোহৰ বাবে প্ৰেৰণা দিছিল।

৭. ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ লিখা।

উত্তৰঃ ৰঙিয়াৰ কৃষক বিদ্ৰোহ ১৮৯৩ চনত সংঘটিত হৈছিল। কৃষকসকলে উচ্চ খাজনা আৰু উৎপাদনৰ ওপৰত ব্ৰিটিছৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বিদ্ৰোহ আৰম্ভ কৰিছিল। ১৮৯৩ চনৰ ২৪ ডিচেম্বৰ দিনা ৰঙিয়া বজাৰত লুটপাতৰ ঘটনা ঘটে।

৮. মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল?

উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচী দিয়া হৈছিল।

৯. কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ অসমত ১৮৫৯ চনত দাস প্রথা নিষিদ্ধ কৰা হৈছিল।

১০. অসমৰ কৃষক বিদ্ৰোহত ‘ৰাইজমেল’ৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ‘ৰাইজমেল’ত কৃষকসকলে মিলিত হৈ তেওঁলোকৰ সমস্যা আৰু দাবীসমূহ উত্থাপন কৰিছিল। এই মেলসমূহত কৃষকৰ বঞ্চনা, খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত একতা বৃদ্ধি হৈছিল। ‘ৰাইজমেল’ৰ আয়োজনৰ মাধ্যমে কৃষকসকলে নিজৰ অধিকাৰ আৰু দাবীৰ বিষয়ে আলোচনা কৰিছিল।

Multiple Choice Questions (MCQs)

১) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

  • (A) পিয়লি বৰুৱা
  • (B) মণিৰাম দেৱান
  • (C) কন্দৰ্পেশ্বৰ সিংহ
  • (D) মধু মল্লিক

উত্তৰঃ (B) মণিৰাম দেৱান

২) ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল?

  • (A) ১৮৫৭ চন
  • (B) ১৮৬১ চন
  • (C) ১৮৯৩ চন
  • (D) ১৮৯৪ চন

উত্তৰঃ (B) ১৮৬১ চন

৩) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

  • (A) ১৮৬১ চন
  • (B) ১৮৯৩ চন
  • (C) ১৮৯৪ চন
  • (D) ১৯০০ চন

উত্তৰঃ (B) ১৮৯৩ চন

৪) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?

  • (A) ১৮৬১ চন
  • (B) ১৮৯৩ চন
  • (C) ১৮৯৪ চন
  • (D) ১৮৯৫ চন

উত্তৰঃ (C) ১৮৯৪ চন

৫) জয়ন্তীয়া বিদ্ৰোহৰ নেতা কোন আছিল?

  • (A) টিকেন্দ্ৰজিৎ
  • (B) ওকিয়াং নংবাহ
  • (C) সম্বোধন কছাৰী
  • (D) কন্দৰ্পেশ্বৰ সিংহ

উত্তৰঃ (B) ওকিয়াং নংবাহ

৬) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

  • (A) ১৮৫৭ চন
  • (B) ১৮৫৮ চন
  • (C) ১৮৬১ চন
  • (D) ১৮৯১ চন

উত্তৰঃ (B) ১৮৫৮ চন

৭) অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল?

  • (A) ১৮৫৭ চন
  • (B) ১৮৫৯ চন
  • (C) ১৮৬১ চন
  • (D) ১৮৯৪ চন

উত্তৰঃ (B) ১৮৫৯ চন

৮) টিকেন্দ্ৰজিৎক ক’ত ফাঁচী দিয়া হৈছিল?

  • (A) যোৰহাট
  • (B) মণিপুৰ
  • (C) ফুলগুৰি
  • (D) পথৰুঘাট

উত্তৰঃ (B) মণিপুৰ

Previous HSLC Questions (2015–2025)

Short Questions

মণিৰাম দেৱানে কাক সিংহাসনত বহুৱাব বিচাৰিছিল? (HSLC 2016)

উত্তৰঃ কন্দৰ্পেশ্বৰ সিংহক।

ফুলগুৰি ধাৱা ক’ত আৰু কেতিয়া সংঘটিত হৈছিল? (HSLC 2017)

উত্তৰঃ ১৮৬১ চনত নগাঁও জিলাৰ ফুলগুৰিত।

অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? (HSLC 2018)

উত্তৰঃ ১৮৫৯ চনত।

লেফটেনেন্ট ছিংগাৰক কোনে আৰু ক’ত হত্যা কৰিছিল? (HSLC 2019)

উত্তৰঃ ১৮৬১ চনত ফুলগুৰিত ক্ষোভিত কৃষকসকলে।

পথৰুঘাটত কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? (HSLC 2020)

উত্তৰঃ ১৮৯৪ চনত।

Long Questions

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণ আৰু ফলাফল আলোচনা কৰা। (HSLC 2016)

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আছিল: ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ইংৰাজৰ অধীনলৈ যোৱা, অত্যাধিক কৰ আৰোপ, লাখেৰাজ ভূমি কাঢ়ি লোৱা, অসমীয়া অভিজাত শ্ৰেণীৰ কৰ্মসংস্থাপন হেৰুওৱা ইত্যাদি। বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। কিন্তু বিদ্ৰোহ অসংগঠিত, অস্ত্ৰ-শস্ত্ৰৰ অভাৱ, গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থতা আদিৰ বাবে ব্যৰ্থ হয়। তথাপি ই অসমৰ ইতিহাসত প্ৰথম সৰ্বভাৰতীয় ঘটনাৰ সৈতে জড়িত হোৱাৰ গুৰুত্ব বহন কৰে আৰু পৰৱৰ্তী কৃষক বিদ্ৰোহসমূহক অনুপ্ৰাণিত কৰে।

ফুলগুৰি ধাৱা আৰু পথৰুঘাটৰ ৰণৰ বিষয়ে লিখা। (HSLC 2018)

উত্তৰঃ ফুলগুৰি ধাৱা ১৮৬১ চনত নগাঁও জিলাত সংঘটিত হৈছিল। অত্যাধিক কৰ আৰু শোষণৰ বিৰুদ্ধে কৃষকসকলে ফুলগুৰি বৰআঁহতৰ তলত ৰাইজমেল পাতিছিল। বিদ্ৰোহৰ বিষয়ে বুজ ল’বলৈ অহা লেফটেনেন্ট ছিংগাৰক কৃষকসকলে হত্যা কৰে। পিছদিনা ইংৰাজ বাহিনীয়ে গুলীচালনা কৰি ৩৯ জন কৃষকক হত্যা কৰে।

পথৰুঘাটৰ ৰণ ১৮৯৪ চনত দৰং জিলাত সংঘটিত হৈছিল। বৰ্ধিত খাজানাৰ বিৰুদ্ধে কৃষকসকলে পথৰুঘাটত ৰাইজমেল পাতিছিল। জিলাধিপতি জে. ডি. এণ্ডৰছনে গুলীচালনা কৰিবলৈ আদেশ দিয়াত ১৫-১৪০ জন কৃষকৰ মৃত্যু হয়। এই দুটা ঘটনাই ব্ৰিটিছ শোষণৰ বিৰুদ্ধে অসমীয়া কৃষকৰ সংগ্ৰামৰ উজ্জ্বল দৃষ্টান্ত।

Frequently Asked Questions (FAQs)

Q1. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতা কোন আছিল?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱা।

Q2. ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৬১ চনৰ ১৮ অক্টোবৰত।

Q3. লেফটেনেন্ট ছিংগাৰক কোনে হত্যা কৰিছিল?

উত্তৰঃ ফুলগুৰিৰ কৃষকসকলে।

Q4. পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল?

উত্তৰঃ দৰং জিলাত।

Q5. জয়ন্তীয়া বিদ্ৰোহৰ নেতা কোন আছিল?

উত্তৰঃ ওকিয়াং নংবাহ।

Q6. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

উত্তৰঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত।

Q7. অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ ১৮৫৯ চনত।

Q8. টিকেন্দ্ৰজিৎক ক’ত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ মণিপুৰত।

Q9. এই অধ্যায়ৰ পৰা কি কি গুৰুত্বপূৰ্ণ প্রশ্ন পৰীক্ষাত আহে?

উত্তৰঃ (i) ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণ, (ii) মণিৰাম দেৱানৰ ভূমিকা, (iii) ফুলগুৰি ধাৱা, (iv) ৰঙিয়া, লচিমা আৰু পথৰুঘাট কৃষক বিদ্ৰোহ, (v) জয়ন্তীয়া বিদ্ৰোহ, (vi) টিকেন্দ্ৰজিৎৰ বিদ্ৰোহ।

Q10. ‘ৰাইজমেল’ বুলিলে কি বুজা?

উত্তৰঃ ৰাইজমেল হৈছে জনসাধাৰণৰ বৃহৎ সমাৱেশ, য’ত তেওঁলোকে নিজৰ সমস্যা আৰু দাবীসমূহ উত্থাপন কৰিছিল।