SEBA/SCERT Class 9 English Assamese Medium

The Road Not Taken

✍️ Admin👑 👁 4 views 📅 04 May 2026 📌 Chapter 2
0
⚠️ Report

The Road Not Taken Class 9 English Chapter 1 (Poem) Question Answer | SEBA HSLC

This page provides complete solutions for Class 9 English Poem “The Road Not Taken” by Robert Frost from the textbook Beehive (Assam SEBA). It includes stanza-wise summary, word meanings, answers to all textbook questions, and bilingual explanations for exam preparation.

পাঠৰ তথ্য

বিষয়ইংৰাজী (English)
কিতাপখনৰ নামBeehive
পাঠৰ নামThe Road Not Taken
শ্ৰেণীনৱম (IX)
অধ্যায় (Chapter)অধ্যায় 1 (কবিতা)
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

About the Poet

Robert Frost (1874–1963) was one of the most celebrated American poets. His poems often explore rural life, human decision-making, and the complexities of nature. “The Road Not Taken” is one of his most famous works, symbolizing choices and their impact on life.

Word Meaning

  • diverged = separated, went in different directions
  • undergrowth = bushes, small plants growing under trees
  • claim = right or demand
  • grassy = covered with grass
  • wear = damage from use
  • trodden = walked on
  • hence = from here, in the future
  • sigh = a deep breath expressing sadness or regret

Summary of Each Stanza

1st Stanza

English: The poet was standing at a junction where the road forked into two. It was a forest full of yellow leaves due to the autumn season. As the poet could not travel both roads, he stood there for a long time, deciding which road to take. He looked down at one road as far as he could, to where it bent and disappeared in the wild bushes.

অসমীয়া অৰ্থঃ কবিয়ে এটা জংচনত ৰৈ আছিল য'ত ৰাস্তাটো দুভাগ হৈ গৈছিল। সন্মূখৰ ৰাস্তাকেইটা হালধীয়া সৰাপাতেৰে ভৰপূৰ হৈ আছিল। কবিয়ে বহু সময় হতভম্ব হৈ ৰাস্তা দুটাৰ সন্মুখত ৰৈ আছিল। যিহেতু তেওঁ দুয়োটা পথেৰে যাব নোৱাৰে, তেওঁ ৰাস্তাটো যিমান দূৰলৈকে বিয়পি আছিল আৰু যিমান দূৰলৈ সেউজীয়াবোৰ আছিল সিমান দূৰলৈকে তেওঁ ৰ লাগি চাই আছিল।

2nd Stanza

English: After viewing both the roads, the poet decided to take the second road because it was grassy and had not been traveled by many. Being adventurous, he wanted to travel on the road which had not worn off. After going forward on the road, the poet noticed that both roads had worn in the same manner.

অসমীয়া অৰ্থঃ দুয়োটা পথ অনুধাৱন কৰাৰ পিছত কবিয়ে দ্বিতীয়টো পথ বাছি ল'লে। কিয়নো সেই পথটো ঘাঁহেৰে ভৰা আছিল আৰু বেছি মানুহ সেই ৰাস্তাটোৰে যোৱা নাছিল। কবিৰ অনুসন্ধিৎসু মনটোৱে তেখেতক সেই পথটো বাছি ল'বলৈ প্ৰেৰণা দিছিল। তাৰ পাছত তেওঁ সেই পথেদি আগুৱাই গৈ লক্ষ্য কৰিলে যে দুয়োটা পথ সমানভাৱে উৱালি গৈছিল।

3rd Stanza

English: The poet noticed that both roads were equally worn that morning. No leaf had been crushed black because no one had passed from either road that morning; thus, both were covered with fresh leaves. The poet decided to go back to the first road some other day, although he knew that one way leads to another and doubted if he would ever be able to travel on the first road.

অসমীয়া অৰ্থঃ কবিয়ে সেইদিনা পুৱা দুয়োটা উৱালি যোৱা ৰাস্তা লক্ষ্য কৰিছিল। সেই ৰাস্তাকেইটাৰ পাতবোৰ সজীৱ হৈ আছিল যিহেতু সেই বাটেদি কোনো মানুহ যোৱা নাছিল। কবিয়ে ভাবিলে যে প্ৰথমটো পথ আন কেতবাও বাছি ল’ব, যদিও তেওঁ জানিছিল যে এটা পথে আনটো পথলৈ লৈ যায়। তেওঁৰ সন্দেহ আছিল যে পুনৰ আগৰ পথটো পাব পাৰিব নে নাই।

4th Stanza

English: The poet was not sure about the success of his choice. He thought that he might regret his decision of taking the second road and might tell about it with a sigh. He again talked about the two roads from which he selected the one that was less traveled, and that choice made all the difference in his life.

অসমীয়া অৰ্থঃ কবিয়ে নিজৰ সিদ্ধান্তৰ সফলতাৰ বিষয়ে নিশ্চিত নাছিল। তেওঁ ভাবিছিল যে তেওঁ হয়তো দ্বিতীয়টো পথ বাছি লোৱা সিদ্ধান্তৰ বাবে অনুতপ্ত হ’ব পাৰে আৰু দীৰ্ঘনিশ্বাসেৰে সেই কথা ক’ব পাৰে। তেওঁ পুনৰ দুয়োটা পথৰ কথা ক’লে যাৰ মাজত তেওঁ কম মানুহ যোৱা বাটটো বাছি লৈছিল, আৰু সেই সিদ্ধান্তই তেওঁৰ জীৱনত সকলো পাৰ্থক্য সৃষ্টি কৰিলে।

Thinking about the Poem

I. 1. Where does the traveler find himself? What problem does he face?

উত্তৰঃ The traveler finds himself at a point where two roads diverge. He faces the problem of having to choose one path, as he cannot travel both.
অসমীয়া অৰ্থঃ কবিয়ে এটা ৰাস্তাৰ সীমাত ৰৈ আছিল য'ত ৰাস্তাটো দুটা ভাগত ভাগ হৈ গৈছিল। কবিয়ে অসুবিধাৰ সন্মূখীন হৈছিল যিহেতু দুটা ভাগত ভাগ হোৱা ৰাস্তাৰ কোনটো বাছি ল'ব নিধাৰণ কৰিব পৰা নাছিল।

I. 2. Discuss what these phrases mean to you.

(i) a yellow wood

উত্তৰঃ A yellow wood refers to a forest with wilting yellow leaves in the autumn season. It symbolizes a world of aging or a phase of life where decisions become crucial.
অসমীয়া অৰ্থঃ শৰৎ কালৰ শুকান সৰাপাতেৰে ভৰা বননি। ই পৃথিৱীৰ বৃদ্ধ মানুহখিনিকো সূচাইছে।

(ii) it was grassy and wanted wear

উত্তৰঃ The road was grassy because it was less traveled. It means the road was inviting people to walk on it.
অসমীয়া অৰ্থঃ পথটো ঘাঁহনিৰে ভৰা আছিল কিয়নো এই পথেদি মানুহে বেছিকৈ অহা-যোৱা নকৰে। এই ৰাস্তাটোৱে বিচাৰে মানুহে যাতে ইয়াৰ ওপৰেদি আগুৱাই যায়।

(iii) the passing there

উত্তৰঃ It means walking on the path that he had chosen.
অসমীয়া অৰ্থঃ ইয়াৰ অৰ্থ হ'ল যে তেওঁ নিজে নিৰ্বাচন কৰি লোৱা পথটোৰেদি আগুৱাই গৈছিল।

(iv) leaves no step had trodden black

উত্তৰঃ It means no one had walked over the leaves, so they remained fresh and green. If they had been walked on, they would have turned black.
অসমীয়া অৰ্থঃ ইয়াৰ অৰ্থ হ'ল যে কোনো ব্যক্তিয়ে পাতবোৰৰ ওপৰেদি আগবাঢ়ি যোৱা নাছিল আৰু পাতবোৰ সেউজীয়া হৈ আছিল। কিয়নো কোনোবা সেইফালেদি আগবাঢ়ি যোৱা হ'লে পাতবোৰ মৰহি গ'লহেঁতেন।

(v) how way leads on to way

উত্তৰঃ It means that as we walk on a path, we come across more options and make further choices. We keep moving ahead without the chance to return.
অসমীয়া অৰ্থঃ ইয়াৰ অৰ্থ হৈছে যে আমি এটা পথত খোজ কাঢ়োঁতে অধিক বিকল্পৰ সন্মুখীন হওঁ আৰু আগলৈ বাছনি কৰোঁ। আমি সেই পথত আগবাঢ়ি যাওঁ, উভটি অহাৰ সুযোগ নাথাকে।

I. 3. Is there any difference between the two roads as the poet describes them?

(i) in stanzas two and three?

উত্তৰঃ The two paths appeared similar. Initially, the poet felt that one was grassy and less traveled, but after walking some distance, he realized both were equally worn.
অসমীয়া অৰ্থঃ দুটি পথ একেই আছিল। প্ৰথমে কবিয়ে ভাবিছিল যে পথ দুটিৰ ভিতৰত এটি পথ ঘাঁহনিময় কিয়নো সেই বাটেদি কোনো মানুহ আগবাঢ়ি যোৱা নাছিল। কিন্তু কিছু দূৰ যোৱাৰ পিছত তেওঁ বুজিলে যে দুয়োটা পথ সমানভাৱে উৱালি গৈছিল।

(ii) in the last two lines of the poem?

উত্তৰঃ In the last two lines, the poet reflects on his initial belief that the roads were different. He chose the one less traveled, and that choice made all the difference in his life.
অসমীয়া অৰ্থঃ শেষৰ শাৰীকেইটাত কবিয়ে তেওঁৰ প্ৰাৰম্ভিক ধাৰণাৰ কথা কৈছে যে পথ দুটি বেলেগ বেলেগ আছিল। তেওঁ কম মানুহ যোৱা বাটটো বাছি লৈছিল, আৰু সেই সিদ্ধান্তই তেওঁৰ জীৱনত সকলো পাৰ্থক্য সৃষ্টি কৰিলে।

I. 4. What do you think the last two lines of the poem mean? Does the poet regret his choice or accept it?

উত্তৰঃ The last two lines contain the essence of the poem. The poet expresses that it becomes difficult for a normal person to change their decision. Life does not offer multiple chances. The choice made may shape one’s future – it makes all the difference. The poet seems to accept his choice, though with a hint of reflection and perhaps a desire to have experienced both paths.
অসমীয়া অৰ্থঃ কবিতাটোৰ শেষৰ শাৰীকেইটাতে সাৰাংশ লুকাই আছে। কবিয়ে নিজৰ মতামত আগবঢ়াইছে যে এজন সাধাৰণ মানুহৰ নিজৰ সিদ্ধান্ত সলনি কৰা কঠিন। জীৱনে অসংখ্য সুযোগ নিদিয়ে। লোৱা সিদ্ধান্তই ভৱিষ্যত গঢ়ি তোলে – ই সকলো পাৰ্থক্য সৃষ্টি কৰে। কবিয়ে নিজৰ সিদ্ধান্তক গ্ৰহণ কৰিছে, কিন্তু সম্ভৱতঃ আনটো পথৰ বিষয়েও ভাবি আছে।

II. Additional Questions

1. Have you ever had to make a difficult choice (or do you think you will have to make a difficult choice)? How will you make the choice and for what reasons?

উত্তৰঃ Such situations occur in everyone’s life. In today’s world, people have numerous alternatives, but a decision should be taken after considering all the pros and cons. We must also reflect on the disadvantages. Choosing wisely requires patience, self-awareness, and understanding of long-term consequences.
অসমীয়া অৰ্থঃ এনেধৰণৰ পৰিস্থিতি সকলোৰে জীৱনত আহে। আজিৰ যুগত মানুহৰ ওচৰত অসংখ্য পৰিপূৰক থাকে। কিন্তু পৰিস্থিতিৰ সকলো আতি-গুৰি চাইহে সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিকূল পৰিস্থিতিও বিবেচনা কৰিব লাগে। সঠিক সিদ্ধান্তৰ বাবে ধৈৰ্য, আত্মসচেতনতা আৰু দীৰ্ঘম্যাদী প্ৰভাৱ বুজিব পৰা ক্ষমতাৰ প্ৰয়োজন।

2. After you have made a choice, do you always think about what might have been, or do you accept the reality?

উত্তৰঃ One should live in the present and not dwell too much on the past. The philosophy of “what is” is the key to attaining success. Life is not a bed of roses; its hurdles must be crossed bravely. One must not feel nervous or dejected in trying circumstances. On some occasions, one needs to be confident about the choice they make and accept the reality with courage.
অসমীয়া অৰ্থঃ অতীতক পাহৰি প্ৰত্যেক মানুহে বৰ্তমানক গুৰুত্ব দিব লাগে। বৰ্তমানেই হৈছে ভৱিষ্যতৰ সফলতাৰ মাপকাঠি। জীৱনৰ বাটটো ফুলৰ দৰে মসৃণ নহয়। জীৱনৰ ঘাত-প্ৰতিঘাত সদায় সাহসেৰে সন্মুখীন হব লাগে। যিকোনো পৰিস্থিতিতে মানুহে কেতিয়াও দুৰ্বল হোৱা উচিত নহয়। সিদ্ধান্ত সদায় আত্মবিশ্বাস আৰু সাহসেৰে ল’ব লাগে আৰু বাস্তৱতাক গ্ৰহণ কৰিব লাগে।

Theme of the Poem

  • Life is full of choices, and each choice leads to different consequences.
  • Once a path is chosen, we cannot go back to explore the alternative.
  • Individual decisions shape our destiny and make “all the difference.”
  • The poem celebrates individuality and the courage to choose the less conventional path.

Short Summary (for quick revision)

A traveler comes to a fork in the road in a yellow autumn wood. He cannot take both paths, so he chooses the one that appears less traveled. After walking, he realizes both paths were actually similar. He knows he may never return to try the first path. In the future, he will look back and say that choosing the road less traveled made all the difference in his life.

অসমীয়া সংক্ষিপ্ত সাৰাং
এজন বাটৰুৱা শৰৎকালीन হালধীয়া বননিৰ মাজত দুটা বাটৰ সন্মুখত থিয় দিয়ে। সি দুয়োটা বাটেৰে যাব নোৱাৰে, সেয়ে সি কম চলাচল হোৱা বাটটো বাছি লয়। কিছু দূৰ যোৱাৰ পিছত সি জানে যে দুয়োটা বাট প্ৰায় একে। সিয়ে জানে যে সি পুনৰ প্ৰথম বাটটোলৈ উভটি যাব নোৱাৰিব। ভৱিষ্যতে সি মনত পেলাই ক’ব যে কম চলাচল হোৱা বাটটো বাছি লোৱাৰ ফলতে তেওঁৰ জীৱনত সকলো পাৰ্থক্য সৃষ্টি হ’ল।

Symbolism in the Poem

  • The two roads: represent life choices and decisions.
  • The yellow wood: symbolizes a stage of life where important decisions are made.
  • The less traveled road: represents unconventional or unique choices.
  • “The difference”: the impact of choices on one’s life journey.

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute