SVN Class 8 Science Assamese Medium

বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া

✍️ Admin👑 👁 28 views 📅 28 Feb 2026 📌 Chapter 14
0
⚠️ Report

অধ্যায় – ১৪

১) খালী ঠাই পূৰ কৰা –

উত্তৰঃ
(ক) বিদ্যুৎ পৰিবহণকাৰী বেছিভাগ জুলীয়া পদাৰ্থই এছিড, ক্ষাৰ আৰু লৱণ ৰ দ্ৰৱ।
(খ) দ্ৰৱ এটাৰ মাজেৰে প্রবাহিত হোৱা বিদ্যুতে ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি হয়।
(গ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ প্রলেপ পৰিব।
(ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক বিদ্যুৎলেপন বোলে।

২) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয়, দ্ৰৱটো বিদ্যুৎ পৰিবাহী হ’লে দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়। এই বিদ্যুৎ প্ৰৱাহৰ ফলত চুম্বক শলাই বিক্ষেপণ দেখুৱায়।

৩) তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা, যিবোৰ চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বক শলাৰ বিক্ষেপণ ঘটিব পাৰে।

উত্তৰঃ নিমখ পানী, ভিনেগাৰ আৰু নেমুৰ ৰস।

৪) চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা।

উত্তৰঃ বাল্বটো নজ্বলাৰ সম্ভৱপৰ কাৰণবোৰ হ'ল –
(ক) বৰ্তনীটোৰ সংযোগ ঠিকমতে টানকৈ লগা নাই।
(খ) বাল্বটো ফিউজড্ হ'ব পাৰে।
(গ) বেটাৰীটোৰ কোষবোৰ শেষ হ'ব পাৰে।
(ঘ) পাত্ৰত থকা দ্ৰৱখিনি বিশুদ্ধ পানী হ'ব পাৰে, যি বিদ্যুতৰ কু-পৰিবাহী।

৫) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ?

উত্তৰঃ বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে। ইয়াক পৰিবাহী কৰিবলৈ ইয়াত অলপ নিমখ, এছিড বা ক্ষাৰ মিহলাব পাৰি।

৬) অগ্নিকাণ্ডত অগ্নি নির্বাপকসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। ইয়াৰ কাৰণ কি বুলি ভাবা।

উত্তৰঃ বিশুদ্ধ পানী বিদ্যুতৰ কু-পৰিবাহী, কিন্তু সাধাৰণ পানীত লৱণ আৰু খনিজ পদাৰ্থ মিহলি থকা বাবে ই বিদ্যুতৰ পৰিবাহী হয়। অগ্নিকাণ্ডৰ সময়ত ব্যৱহৃত পানীয়ে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। সেইবাবে বিদ্যুৎ পৃষ্ট হোৱাৰ বিপদ এৰাবলৈ আগতে বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয়।

৭) উপকূলীয় অঞ্চলত থকা এটি শিশুৱে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ সাগৰৰ পানীত অধিক নিমখ থাকে। অধিক নিমখ থকা বাবে সাগৰৰ পানী বিদ্যুতৰ অধিক পৰিবাহী। সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ দেখা যায়।

৮) ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰি এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? কাৰণ দৰ্শোৱা।

উত্তৰঃ নহয়, এই কাম কৰাটো নিৰাপদ নহয়। বৰষুণৰ পানীত লৱণ বা খনিজ পদাৰ্থ মিহলি থাকে, যাৰ বাবে ই বিদ্যুতৰ পৰিবাহী। সেয়েহে বিদ্যুৎ পৃষ্ট হোৱাৰ সম্ভাৱনা অধিক থাকে।

৯) তোমাৰ চাৰিওফালৰ বিদ্যুৎলেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ গাড়ীৰ যন্ত্রাংশ, বাথৰুমৰ নল, পাকঘৰৰ গেছ বাৰ্ণাৰ, চাইকেলৰ হেণ্ডেল, চকাৰ ৰিং, বাইকৰ কালি অংশ আদি।

১০) পানীত কপাৰ ছালফেট মিহলালে কিয় বিদ্যুৎ পৰিবাহী হয়?

উত্তৰঃ পানীত কপাৰ ছালফেট মিহলালে ই আয়নত বিভক্ত হয় — Cu²⁺ (ধনাত্মক) আৰু SO₄²⁻ (ঋণাত্মক)। এই চলমান আয়নবোৰৰ উপস্থিতিৰ বাবে দ্ৰৱটো বিদ্যুৎ পৰিবাহী হয়।

১১) এটা বর্তনীৰ চিত্ৰ আঁকি কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেৰে চলিত আয়নৰ দিশ দেখুওৱা।

উত্তৰঃ (চিত্ৰত বেটাৰী, কপাৰ ছালফেট দ্ৰৱ থকা পাত্ৰ, আৰু দুটা ইলেক্ট্ৰ'ড দেখুৱাব লাগে। Cu²⁺ আয়ন কেথ'ড ফালে আৰু SO₄²⁻ আয়ন এন'ড ফালে গতি কৰে।)

১২) তড়িৎলেপন কি?

উত্তৰঃ বিদ্যুৎ প্ৰবাহৰ সহায়ত কোনো বস্তুৰ ওপৰত বিচৰা ধাতুৰ প্রলেপ দিয়া পদ্ধতিক তড়িৎলেপন বোলে।

১৩) এখন লোৰ চামুচত তামৰ প্রলেপ দিব লাগে। এই প্রলেপ কেনেকৈ দিব পাৰি বর্তনী চিত্রেৰে দেখুওৱা।

উত্তৰঃ লোৰ চামুচ কেথ'ড হিচাপে (ঋণাত্মক মেৰুৰ লগত) আৰু তামৰ পাত এন'ড হিচাপে (ধনাত্মক মেৰুৰ লগত) সংযোগ কৰি কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে লোৰ চামুচত তামৰ প্রলেপ পৰে।

১৪) বিদ্যুৎ বিশ্লেষ্য তৰল কাক বোলে? এনে তৰলৰ মাজেদি বিদ্যুৎ প্রবাহ কেনেদৰে চালিত হয়?

উত্তৰঃ যিবোৰ তৰলৰ মাজেদি বিদ্যুৎ প্ৰৱাহ চালিত হয়, সেইবোৰক বিদ্যুৎ বিশ্লেষ্য তৰল বোলে। এনে তৰলত থকা আয়নবোৰৰ গতিৰ ফলতেই বিদ্যুৎ প্রবাহিত হয়।

১৫) বিদ্যুৎলেপন কাক বোলে? এই পদ্ধতিৰে ধাতুৰ পাত এখনৰ ওপৰত ৰূপৰ প্রলেপ কেনেদৰে দিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ বিদ্যুৎ প্ৰবাহ চালিত কৰি বিচৰা ধাতুৰ প্রলেপ দিয়া ক্ৰিয়াক বিদ্যুৎলেপন বোলে। ৰূপৰ লৱণৰ দ্ৰৱ ব্যৱহাৰ কৰি, ধাতুৰ পাতখন কেথ'ড হিচাপে আৰু ৰূপৰ পাতখন এন'ড হিচাপে সংযোগ কৰি বিদ্যুৎ প্ৰৱাহিত কৰিলে Ag⁺ আয়নবোৰ কেথ'ডত জমা হৈ ৰূপৰ প্রলেপ সৃষ্টি কৰে।

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute