SVN Class 8 Science Assamese Medium

পোহৰ

✍️ Admin👑 👁 44 views 📅 28 Feb 2026 📌 Chapter 16
0
⚠️ Report

অধ্যায় – ১৬

১. অনুশীলনী

১। যদি A ঘনতৰ মাধ্যম আৰু B লঘুতৰ মাধ্যম হয়, তেনেহ'লে, পোহৰৰ বেগ—

(ক) দুয়োটা মাধ্যমত সমান
(খ) মাধ্যম B তকৈ A ত বেছি
(গ) মাধ্যম A তকৈ মাধ্যম B ত বেছি।

উত্তৰঃ (গ) মাধ্যম A তকৈ মাধ্যম B ত বেছি।

২। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক কি বুলি কোৱা হয়?

উত্তৰঃ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(ক) পোহৰ ৰশ্মি পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিলে, প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ – ( কাষ চাপে, আঁতৰি যায় )

উত্তৰঃ পোহର ৰশ্মি পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিলে, প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ আঁতৰি যায়

(খ) পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ – ( আঁতৰি যায়, কাষ চাপে )

উত্তৰঃ পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে

(গ) বায়ুৰ পৰা পোহৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে ইয়াৰ বেগ – ( বাঢ়ে, কমে , একে থাকে )

উত্তৰঃ বায়ুৰ পৰা পোহৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে ইয়াৰ বেগ কমে

৪। “পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্ৰকৃত গভীৰতাতকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে।” কিয় এনে হয় ৰশ্মি চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্ৰকৃত গভীৰতা তকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। কাৰণ হ'ল পোহৰৰ প্ৰতিসৰণ। পানী (ঘনতৰ মাধ্যম)ৰ পৰা মাছৰ পৰা অহা পোহৰ ৰশ্মি বায়ু (লঘুতৰ মাধ্যম)লৈ যাওঁতে অভিলম্বৰ পৰা আঁতৰি যায়। ফলত এই ৰশ্মিবোৰ অপসাৰী হৈ আমাৰ চকুত পৰে। চকুৱে এই ৰশ্মিবোৰক সৰলৰেখাত পিছফালে বঢ়াই দি যি বিন্দুত মিলিত হোৱা যেন অনুভৱ কৰে, সেই বিন্দুত মাছটো থকা যেন লাগে। এই বিন্দুটো মাছৰ প্ৰকৃত অৱস্থানতকৈ ওপৰত থাকে।

মাধ্যমৰ গভীৰতা

(ৰশ্মি চিত্ৰ অংকন কৰিব লাগে)

৫। পোহৰৰ প্ৰতিসৰণ কাক বোলে?

উত্তৰঃ পোহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আহি আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে ঘনতাৰ পাৰ্থক্যৰ বাবে পোহৰৰ বেগ সলনি হয় আৰু তাৰ ফলত দিশ সলনি হয়। ইয়াকে পোহৰৰ প্ৰতিসৰণ বোলে।

৬। বায়ুৰ পৰা কাঁচলৈ আৰু কাঁচৰ পৰা বায়ুলৈ পোহৰ কেনেকৈ প্ৰতিসৰিত হয় চিত্ৰসহ ব্যাখ্যা কৰা।

উত্তৰঃ আমি জানো যে বায়ুতকৈ কাঁচ ঘন প্ৰতিসাৰক মাধ্যম। যদি পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ (বায়ুৰ পৰা কাঁচলৈ) প্ৰৱেশ কৰে, তেনেহ’লে প্ৰতিসৰিত ৰশ্মি ঘন মাধ্যমত অভিলম্বৰ কাষ চাপি যায়, অৰ্থাৎ আপতন কোণতকৈ প্ৰতিসৰণ কোণ সৰু হয়। আকৌ যদি পোহৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ (কাঁচৰ পৰা বায়ুলৈ) যায়, তেতিয়া পাতল মাধ্যমত প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়, অৰ্থাৎ আপতন কোণতকৈ প্ৰতিসৰণ কোণ ডাঙৰ হয়।

 (চিত্ৰ অংকন কৰিব লাগে)

২. অনুশীলনীঃ

১। লেন্স কাক বোলে? প্ৰধান লেন্স দুবিধৰ নাম কি কি?

উত্তৰঃ দুখন গোলকীয় তল বা এখন গোলকীয় আৰু এখন সমতল তলেৰে আৱদ্ধ প্ৰতিসাৰক মাধ্যমক লেন্স বোলা হয়। প্ৰধান লেন্স দুবিধৰ নাম হ'ল - উত্তল লেন্স আৰু অৱতল লেন্স

২। লেন্সৰ আলোককেন্দ্র কাক বোলে? চিত্ৰ আঁকি দেখুওৱা।

উত্তৰঃ লেন্সৰ ভিতৰত মুখ্য অক্ষৰ ওপৰত থকা এনে এটা বিন্দু যাৰ মাজেৰে পোহৰৰ ৰশ্মি গ'লে তাৰ দিশ পৰিবৰ্তন নহয়, সেই বিন্দুটোক আলোক কেন্দ্ৰ বোলে। সাধাৰণতে ইয়াক 'O' আখৰেৰে সূচোৱা হয়।

(চিত্ৰ অংকন কৰিব লাগে)

৩। উত্তল লেন্সক অভিসাৰী লেন্স আৰু অৱতল লেন্সক অপসাৰী লেন্স বুলি কিয় কোৱা হয় চিত্ৰ আঁকি দেখুওৱা।

উত্তৰঃ উত্তল লেন্সত পোহৰৰ ৰশ্মি পৰিলে প্ৰতিসৰণৰ পিছত ৰশ্মিবোৰ পৰস্পৰৰ কাষ চাপি আহি এটা বিন্দুত মিলিত হয়। গতিকে ইয়াক অভিসাৰী লেন্স বোলে। আনহাতে, অৱতল লেন্সত প্ৰতিসৰণৰ পিছত ৰশ্মিবোৰ পৰস্পৰৰ পৰা আঁতৰি যায় বা অপসাৰিত হয়। সেয়ে ইয়াক অপসাৰী লেন্স বোলে।

(চিত্ৰ অংকন কৰিব লাগে)

৪। উত্তল অথবা অৱতল লেন্সৰ (ক) ভাজকেন্দ্ৰ, (খ) মুখ্য অক্ষ, (গ) ফ'কাছ, (ঘ) ফ'কাছ দৈৰ্ঘ্য কাক বোলে চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ
(ক) ভাজকেন্দ্ৰঃ লেন্সৰ গোলকীয় পৃষ্ঠ দুটা যি দুটা গোলকৰ অংশ, সেই গোলক দুটাৰ কেন্দ্ৰক লেন্সখনৰ ভাজকেন্দ্ৰ বোলে। (C₁ আৰু C₂)

(খ) মুখ্য অক্ষঃ লেন্সৰ দুটা ভাজকেন্দ্ৰ সংযোগ কৰা কল্পিত ৰেখাডালক মুখ্য অক্ষ বোলে।


(গ) ফ'কাছ বিন্দুঃ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি উত্তল লেন্সত প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ ওপৰত যি বিন্দুত মিলিত হয়, বা অৱতল লেন্সত প্ৰতিসৰণৰ পিছত যি বিন্দুৰ পৰা অপসাৰিত হোৱা যেন লাগে, তাকে ফ'কাছ বিন্দু বোলে। (F)


(ঘ) ফ'কাছ দৈৰ্ঘ্যঃ লেন্সৰ আলোক কেন্দ্ৰ (O) আৰু ফ'কাছ বিন্দু (F) ৰ মাজৰ দূৰত্বক ফ'কাছ দৈৰ্ঘ্য বোলে।

(চিত্ৰ অংকন কৰিব লাগে)

৫। এখন লেন্স উত্তল নে অৱতল কেনেকৈ চিনি উলিয়াবা?

উত্তৰঃ হাতৰ আঙুলিৰ স্পৰ্শৰ দ্বাৰা লেন্সখন চিনি উলিয়াব পাৰি। উত্তল লেন্সৰ মাজভাগ ডাঠ আৰু কাষৰ ফালে ক্ৰমে পাতল হয়। আনহাতে অৱতল লেন্সৰ মাজৰ ভাগ পাতল আৰু কাষৰ ফালে ক্ৰমান্বয়ে ডাঠ হয়।

৬। উত্তল লেন্স এখনৰ সন্মুখত লক্ষ্যবস্তু এটাৰ বিভিন্ন অৱস্থানৰ বাবে প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ'ব বুজাই লিখা।

উত্তৰঃ
(ক) লক্ষ্যবস্তু অসীম দূৰত্বত থাকিলেঃ প্ৰতিবিম্ব ফ'কাছ বিন্দুত গঠিত হয়। প্ৰতিবিম্ব সৎ, ওলোটা আৰু অত্যন্ত সৰু হয়।
(খ) লক্ষ্যবস্তু ২F₁ (ভাজকেন্দ্ৰ) ত থাকিলেঃ প্ৰতিবিম্ব ২F₂ ত গঠিত হয়। প্ৰতিবিম্ব সৎ, ওলোটা আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ হয়।
(গ) লক্ষ্যবস্তু ২F₁ আৰু F₁ (ফ'কাছ) ৰ মাজত থাকিলেঃ প্ৰতিবিম্ব ২F₂ ৰ বাহিৰত গঠিত হয়। প্ৰতিবিম্ব সৎ, ওলোটা আৰু ডাঙৰ হয়।
(ঘ) লক্ষ্যবস্তু F₁ ত থাকিলেঃ প্ৰতিবিম্ব অসীমত গঠিত হয়। প্ৰতিবিম্ব সৎ, ওলোটা আৰু অত্যন্ত ডাঙৰ হয়।
(ঙ) লক্ষ্যবস্তু F₁ আৰু O (আলোক কেন্দ্ৰ) ৰ মাজত থাকিলেঃ প্ৰতিবিম্ব লক্ষ্যবস্তুৰ একে ফালে গঠিত হয়। প্ৰতিবিম্ব অসৎ, থিয় আৰু ডাঙৰ হয়।

৭। অৱতল লেন্স এখনৰ সন্মুখত থকা থিয় লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ’ব চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ অৱতল লেন্সৰ সন্মুখত থকা থিয় লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব সদায় অসৎ, থিয়, সংকুচিত আৰু লক্ষ্যবস্তুৰ একে ফালে আলোক কেন্দ্ৰ আৰু ফ'কাছৰ মাজত গঠিত হয়।

 (চিত্ৰ অংকন কৰিব লাগে)

৮। খালী ঠাই পূৰণ কৰা

উত্তৰঃ
(ক) দুখন উত্তল বা অৱতল তলেৰে আৱৰা প্ৰতিসাৰক মাধ্যমক উত্তল বা অৱতল লেন্স বোলে।
(খ) উত্তল লেন্সক অভিসাৰী লেন্স আৰু অৱতল লেন্সক অপসাৰী লেন্স বুলি কোৱা হয়।
(গ) উত্তল লেন্সৰ মাজৰ ভাগ ডাঠ আৰু অৱতল লენ্সৰ মাজৰ ভাগ পাতল হয়।
(ঘ) প্ৰতিখন লেন্সৰ দুটা ফ'কাছ বিন্দু থাকে।
(ঙ) অৱতল লেন্সত সদায় অসৎ প্ৰতিবিম্ব গঠিত হয়।
(চ) লেন্সৰ আলোক কেন্দ্ৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিৰ দিশ সলনি নহয়।

৯। এটা শব্দত উত্তৰ দিয়া।

(ক) লেন্সত এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰ দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম কি?

উত্তৰঃ আলোক কেন্দ্ৰ।

(খ) উত্তল লেন্সৰ ফ'কাছ বিন্দুত অৱস্থিত বস্তু এটাৰ প্ৰতিবিম্ব ক’ত গঠিত হয়?

উত্তৰঃ অসীমত।

(গ) উত্তল লেন্সৰ ক্ষেত্ৰত, লক্ষ্যবস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ক’ত ৰাখিব লাগিব?

উত্তৰঃ ২F (ভাজকেন্দ্ৰ) ত।

(ঘ) লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্ৰতিবিম্ব পাবলৈ উত্তল লেন্সৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব?

উত্তৰঃ F আৰু ২F ৰ মাজত।

(ঙ) লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্ৰতিবিম্ব পাবলৈ কি লেন্স ব্যৱহাৰ কৰিবা?

উত্তৰঃ অৱতল লেন্স।

১০। সত্য নে অসত্য কোৱাঃ

(ক) উত্তল লেন্সে অসৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ সত্য। (বস্তু ফ'কাছ আৰু লেন্সৰ মাজত থাকিলে)

(খ) অৱতল লেন্সে সৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ অসত্য।

(গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব ফ'কাছত গঠিত হয়।

উত্তৰঃ সত্য।

(ঘ) উত্তল লেন্সক অপসাৰী লেন্স বোলা হয়।

উত্তৰঃ অসত্য।

(ঙ) প্ৰতিখন লেন্সৰ দুয়োফালে দুটা ফ'কাছ বিন্দু থাকে।

উত্তৰঃ সত্য।

৩. অনুশীলনীঃ

১। খালী ঠাই পূৰণ কৰা

উত্তৰঃ
(ক) হালধীয়া বস্তুৱে হালধীয়া ৰঙৰ পোহৰ প্ৰতিফলিত কৰে।
(খ) ক'লা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ শোষণ কৰে।
(গ) বগা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ প্ৰতিফলিত কৰে।
(ঘ) প্ৰিজমৰ দ্বাৰা সূৰ্যৰ বগা পোহৰক সাতোটা ৰঙলৈ বিশ্লেষণ কৰাকে বিক্ষেপণ বোলা হয়।
(ঙ) নীলা ৰঙৰ কাঁচ এখনে ইয়াৰ মাজেৰে কেৱল নীলা ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে।

২। হালধীয়া ফুল এপাহ সূৰ্যৰ পোহৰত কিয় হালধীয়া দেখি বুজাই লিখা।

উত্তৰঃ হালধীয়া ফুল এপাহে সূৰ্যৰ বগা পোহৰৰ সাতোটা ৰঙৰ মাজৰ পৰা কেৱল হালধীয়া ৰংটোহে প্ৰতিফলিত কৰে। বাকী ছয়টা ৰং শোষণ কৰি লয়। সেয়েহে ফুলপাহ সূৰ্যৰ পোহৰত হালধীয়া দেখি।

৩। তুমি পিন্ধি থকা বগা চোলাটো সূৰ্যৰ পোহৰত কিয় বগা দেখি বুজাই লিখা।

উত্তৰঃ বগা বস্তু এটাই সূৰ্যৰ বগা পোহৰৰ সাতোটা ৰঙেই প্ৰায় সম্পূৰ্ণভাৱে প্ৰতিফলিত কৰে, কোনো ৰং শোষণ নকৰে। সেয়েহে বগা চোলাটো সূৰ্যৰ পোহৰত বগা দেখা যায়।

৪। “জাৰকালি ক'লা কাপোৰ পৰিধান কৰা ভাল।” ইয়াৰ কাৰণ কি?

উত্তৰঃ ক'লা বস্তুৱে সূৰ্যৰ পোহৰৰ সাতোটা ৰঙেই শোষণ কৰি লয়। এই শোষিত পোহৰৰ শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হয়। ফলত ক'লা কাপোৰে দেহটো উষ্ণ ৰাখে। সেয়েহে জাৰকালি ক'লা কাপোৰ পিন্ধা ভাল।

৫। “গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল।” ইয়াৰ কাৰণ কি?

উত্তৰঃ বগা বস্তুৱে সূৰ্যৰ পোহৰৰ সাতোটা ৰঙেই প্ৰতিফলিত কৰে, প্ৰায় একোৱেই শোষণ নকৰে। ফলত বগা কাপোৰে তাপ শোষণ নকৰি দেহটো ঠাণ্ডা ৰাখে। সেয়েহে গ্ৰীষ্মৰ দিনত বগা কাপোৰ পিন্ধা ভাল।

৬। “গছৰ সেউজীয়া পাত এখিলা ৰঙা ৰঙৰ কাঁচ এখনৰ মাজেৰে চালে ক'লা দেখা যায়।” ইয়াৰ কাৰণ কি বুজাই লিখা।

উত্তৰঃ ৰঙা কাঁচখনে কেৱল ৰঙা ৰঙৰ পোহৰহে পাৰ হ'বলৈ দিয়ে, আন ৰংবোৰ শোষণ কৰি লয়। সেউজীয়া পাতখিলাই কেৱল সেউজীয়া ৰং প্ৰতিফলিত কৰে। গতিকে ৰঙা কাঁচৰ মাজেৰে চাওঁতে পাতখিলাৰ পৰা অহা সেউজীয়া পোহৰ ৰঙা কাঁচে শোষণ কৰি লয় আৰু আমাৰ চকুলৈ কোনো পোহৰ নাহে। সেয়েহে পাতখিলা ক'লা দেখা যায়।

৪. অনুশীলনীঃ

১। অণুবীক্ষণ যন্ত্ৰ কাক বোলে? যৌগিক অণুবীক্ষণৰ ৰশ্মি চিত্ৰ আঁকি কাৰ্যপ্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ ওচৰৰ অতি সৰু বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোক যন্ত্ৰক অণুবীক্ষণ যন্ত্ৰ বোলে। যৌগিক অণুবীক্ষণ যন্ত্ৰত দুই বা ততোধিক লেন্স ব্যৱহাৰ কৰা হয়। ইয়াত অভিলক্ষ (বস্তুৰ ফালে থকা) লেন্সে বস্তুৰ এটা সৎ, ওলোটা আৰু ডাঙৰ বাস্তৱ প্ৰতিবিম্ব গঠন কৰে। এই প্ৰতিবিম্বটো অভিনেত্ৰ (চকুৰ ফালে থকা) লেন্সৰ বাবে লক্ষ্যবস্তু হিচাপে কাম কৰে আৰু অভিনেত্ৰ লেন্সে তাৰ এটা অসৎ, থিয়, আৰু অধিক ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। (ৰশ্মি চিত্ৰ অংকন কৰিব লাগে)

২। দূৰবীণ কাক বোলে? দূৰবীণৰ গঠন প্ৰণালী চিত্ৰৰ সহায়েৰে বুজাই লিখা।

উত্তৰঃ দূৰৈৰ বস্তু এটাক ওচৰতে চাব পৰা আলোক যন্ত্ৰক দূৰবীণ বা দূৰবীক্ষণ যন্ত্ৰ বোলে। সাধাৰণ দূৰবীণত এখন ডাঙৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল অভিলক্ষ লেন্স আৰু এখন সৰু ফ'কাছ দৈৰ্ঘ্যৰ উত্তল অভিনেত্ৰ লেন্স থাকে। অভিলক্ষ লেন্সে দূৰৈৰ বস্তুৰ এটা সৎ, ওলোটা, সৰু প্ৰতিবিম্ব নিজৰ ফ'কাছৰ ওচৰত গঠন কৰে। এই প্ৰতিবিম্বটো অভিনেত্ৰ লেন্সৰ ফ'কাছৰ ভিতৰত ৰখা হয়, যাৰ ফলত অভিনেত্ৰ লেন্সে তাৰ এটা অসৎ, থিয়, ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। (চিত্ৰ অংকন কৰিব লাগে)

৩। মানুহৰ চকুৰ পৰিষ্কাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ চিহ্নিত কৰা।

উত্তৰঃ

৪। খালী ঠাই পূৰণ কৰাঃ

উত্তৰঃ
(ক) অণুবীক্ষণৰ সহায়ত সৰু বস্তু এটাক ডাঙৰকৈ চাব পৰা যায়।
(খ) দূৰবীণৰ সহায়ত দূৰৰ বস্তু এটাক ওচৰত চাব পৰা যায়।
(গ) অণুবীক্ষণ বা দূৰবীক্ষণ যন্ত্ৰত লক্ষ্য বস্তুৰ পিনে থকা লেন্সখনক অভিলক্ষ আৰু চকুৰ পিনে থকা লেন্সখনক অভিনেত্ৰ বোলে।
(ঘ) আমাৰ চকুৰ লেন্সখন উত্তল প্ৰকৃতিৰ আৰু ই প্ৰটিনেৰে তৈয়াৰী।
(ঙ) চকুৰ পৰ্দাখনৰ নাম ৰেটিনা
(চ) কৰ্ণিয়া হ'ল চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণ।
(ছ) চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ আইৰিছে নিয়ন্ত্ৰণ কৰে।
(জ) নিকট দৃষ্টিসম্পন্ন মানুহে ওচৰৰ বস্তু ভালকৈ দেখা পায়, দূৰৰ কিন্তু মনিব নোৱাৰে।
(ঝ) সুদূৰ দৃষ্টিসম্পন্ন মানুহে দূৰৰ বস্তু ভালদৰে দেখা পায়, কিন্তু ওচৰৰ বস্তু ভালদৰে মনিব নোৱাৰে।
(ঞ) নিকট দৃষ্টি বিকাৰ অৱতল লেন্সৰ চছমাৰ সহায়েৰে আৰু সুদূৰ দৃষ্টিৰ বিকাৰ উত্তল লেন্সৰ চছমাৰ সহায়েৰে নোহোৱা কৰিব পাৰি।
(ট) আমাৰ চকুৰ পৰ্দাখনৰ নাম ৰেটিনা।

৫। চমু উত্তৰ দিয়াঃ

(ক) আমাৰ চকুত থকা লেন্সখন কি প্ৰকৃতিৰ?

উত্তৰঃ উত্তল প্ৰকৃতিৰ।

(খ) আমি চকুৰে দেখা বস্তুৰ প্ৰতিবিম্ব ক’ত গঠিত হয়?

উত্তৰঃ ৰেটিনাত।

(গ) চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম কি?

উত্তৰঃ কৰ্ণিয়া।

(ঘ) লেন্স আৰু ৰেটিনাৰ মাজৰ ঠাইখিনিত থকা জেলী সদৃশ পদাৰ্থবিধৰ নাম কি?

উত্তৰঃ ভিট্ৰিয়াছ হিউমৰ।

(ঙ) লেন্সৰ সন্মুখত থকা পানীয়া পদাৰ্থবিধৰ নাম কি?

উত্তৰঃ একুৱাছ হিউমৰ।

(চ) চকুৰ মণিটো ক'লা দেখা যায় কিয়?

উত্তৰঃ চকুৰ মণিত পৰা পোহৰ চকুৰ ভিতৰলৈ সম্পূৰ্ণৰূপে সোমাই যায় আৰু ইয়াৰ পৰা কোনো পোহৰ প্ৰতিফলিত নহয় বাবে চকুৰ মণিটো ক'লা দেখা যায়।

(ছ) চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম লিখা?

উত্তৰঃ ৰড (Rod) আৰু ক'ন (Cone)।

(জ) আইৰিছ (Iris) ৰ মাজত থকা ক'লা ৰঙৰ ছিদ্ৰটোৰ নাম কি?

উত্তৰঃ চকুৰ মণি (Pupil)।

৬। দৃষ্টিদোষ কাক বোলে? দুবিধ প্ৰধান দৃষ্টিদোষৰ নাম লিখা?

উত্তৰঃ বয়স বা অন্যান্য কাৰণত চকুৰ লেন্সৰ সামৰ্থ্য কমি গৈ ওচৰ বা দূৰৰ বস্তুৰ স্পষ্ট প্ৰতিবিম্ব ৰেটিনাত গঠিত নোহোৱা হ'লে তাকে দৃষ্টিদোষ বোলে। দুবিধ প্ৰধান দৃষ্টিদোষ হ'ল – (১) নিকট দৃষ্টি (Myopia) আৰু (২) সুদূৰ দৃষ্টি (Hypermetropia)

৭। নিকট দৃষ্টি কাক বোলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ নিকট দৃষ্টি হ'ল চকুৰ এনে এটা দোষ যাৰ ফলত মানুহে ওচৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। এই দোষত চকুৰ লেন্সৰ অভিসাৰণ ক্ষমতা বেছি হৈ পৰে বা চকু গোলক দীঘল হৈ যায়, যাৰ ফলত দূৰৰ বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত নোলাই তাৰ সন্মুখত পৰে। উপযুক্ত পাৱাৰৰ অৱতল লেন্স (অপসাৰী লেন্স) ব্যৱহাৰ কৰি এই দোষ দূৰ কৰিব পাৰি। অৱতল লেন্সে দূৰৰ বস্তুৰ পৰা অহা সমান্তৰাল ৰশ্মিক অলপ অপসাৰিত কৰি লেন্সত পেলায়, ফলত প্ৰতিবিম্ব ৰেটিনাত পৰে। (চিত্ৰ অংকন কৰিব লাগে)

৮। সুদূৰ দৃষ্টি কাক বোলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰসহ বৰ্ণনা কৰা।

উত্তৰঃ সুদূৰ দৃষ্টি হ'ল চকুৰ এনে এটা দোষ যাৰ ফলত মানুহে দূৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। এই দোষত চকুৰ লেন্সৰ অভিসাৰণ ক্ষমতা কমি যায় বা চকু গোলক চুটি হৈ যায়, যাৰ ফলত ওচৰৰ বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত নোলাই তাৰ পিছফালে পৰে। উপযুক্ত পাৱাৰৰ উত্তল লেন্স (অভিসাৰী লেন্স) ব্যৱহাৰ কৰি এই দোষ দূৰ কৰিব পাৰি। উত্তল লেন্সে ওচৰৰ বস্তুৰ পৰা অহা অপসাৰী ৰশ্মিক অভিসাৰী কৰি ৰেটিনাত প্ৰতিবিম্ব গঠনত সহায় কৰে। (চিত্ৰ অংকন কৰিব লাগে)

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute