AskAssam.Com LEARN · SHARE · GROW
HomeSEBA/SCERTClass 10 HSLCSocial Scienceভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

LESSON 5

ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Class 10 HSLC · Social Science · Assamese

ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social Science History Chapter 5 Question Answer | SEBA HSLC

এই পৃষ্ঠাত SEBA Class 10 Social Science History Chapter 5 “ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য”ৰ সম্পূৰ্ণ সমাধান দিয়া হৈছে। অতি চমু, চমু, দীঘল প্রশ্নোত্তৰ, MCQ, অতিৰিক্ত প্রশ্ন, HSLC পূৰ্ববৰ্ষৰ প্রশ্ন আৰু FAQs সহ SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ সহায়িকা।

পাঠৰ তথ্য

বিষয় সমাজ বিজ্ঞান (ইতিহাস)
কিতাপখনৰ নাম SEBA Social Science (Part-I)
পাঠৰ নাম ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
শ্ৰেণী দশম (X)
অধ্যায় (Chapter) অধ্যায় ৫
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

সাৰাংশ

English Summary:
This chapter discusses the rich cultural heritage of India and Northeast India. It covers the Indus Valley Civilization, Vedic literature, Sanskrit literary heritage, Indian philosophy, art, architecture, sculpture, painting, music, and dance. The chapter highlights the concept of “Unity in Diversity” and cultural pluralism in India. It also focuses on the unique cultural identity of Northeast India, including its ethnic diversity, religious beliefs, festivals, folk music, and traditional practices. The chapter covers the contributions of various communities and the syncretic culture of Assam – including the influence of Aryans and non-Aryans, Assamese literature, Vaishnavite literature, Buranjis, folk music, Bihu festival, and religious harmony.

অসমীয়া সাৰাংশঃ
এই অধ্যায়ত ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে আলোচনা কৰা হৈছে। ই সিন্ধু সভ্যতা, বৈদিক সাহিত্য, সংস্কৃত সাহিত্যৰাজি, ভাৰতীয় দৰ্শন, শিল্প, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত, আৰু নৃত্যৰ বিষয়ে বৰ্ণনা কৰে। অধ্যায়টোৱে “বিবিধতাৰ মাজত একতা” আৰু ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ ধাৰণাটো তুলি ধৰে। উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য সাংস্কৃতিক পৰিচয়, জনগোষ্ঠীয় বৈচিত্র্য, ধাৰ্মিক বিশ্বাস, উৎসৱ, লোকসংগীত, আৰু পৰম্পৰাগত ৰীতি-নীতিৰ ওপৰতো আলোকপাত কৰা হৈছে। অসমৰ সংমিশ্ৰিত সংস্কৃতি – আৰ্য-অনাৰ্যৰ অৱদান, অসমীয়া সাহিত্য, বৈষ্ণৱ সাহিত্য, বুৰঞ্জী, লোকসংগীত, বিহু উৎসৱ, আৰু ধৰ্মীয় সংহতিৰ বিষয়েও আলোচনা কৰা হৈছে।

Word Meaning

  • সিন্ধু সভ্যতা = বিশ্বৰ প্ৰাচীনতম সভ্যতাসমূহৰ অন্যতম
  • ঋকবেদ = প্ৰাচীনতম বৈদিক সাহিত্য
  • উপনিষদ = বৈদান্তিক দৰ্শনৰ গ্ৰন্থ
  • বৈদিক যুগ = খ্ৰীষ্টপূৰ্ব ১৫০০-৬০০ চন
  • গান্ধাৰ শিল্পকলা = গ্ৰীক-ৰোমান প্ৰভাৱিত ভাস্কৰ্য শৈলী
  • ষড়াংগ = চিত্ৰকলাৰ ছয়টা অংগ
  • বহুত্ববাদ = বিবিধতাৰ স্বীকৃতি
  • জিকিৰ = আজানপীৰ ৰচিত ইছলামী গীত

অতি চমু উত্তৰৰ প্রশ্ন

১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?

উত্তৰঃ মিৰাট পৰ্যন্ত।

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত।

৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ ৰ ভিতৰত।

৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘মুণ্ডক উপনিষদ’ৰ পৰা।

৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰ।

৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?

উত্তৰঃ জৱহৰলাল নেহৰুৰ “ভাৰত সম্ভেদ” (Discovery of India) নামৰ গ্ৰন্থৰ জৰিয়তে।

৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ কৰা হৈছিল?

উত্তৰঃ গান্ধাৰ শিল্পকলাত।

৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা দ্বিতীয় শতিকালৈ।

৯। ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে?

উত্তৰঃ প্ৰায় ৬০০০ টা শ্লোক।

১০। হেৰাকা আন্দোলন কি?

উত্তৰঃ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে “হেৰাকা” নামৰ আন্দোলনৰ জন্ম দিয়ে।

১১। নগালেণ্ডৰ “হৰ্ণবিল” উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?

উত্তৰঃ ধনেশ পক্ষী।

১২। “চপচৰ কূট” কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?

উত্তৰঃ মিজোৰামৰ।

১৩। “মিজো” শব্দৰ অৰ্থ কি?

উত্তৰঃ “মিজো” শব্দৰ অৰ্থ হ’ল “পাহাৰৰ বাসিন্দা”।

১৪। উত্তৰ-পূর্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত?

উত্তৰঃ মেঘালয়।

১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?

উত্তৰঃ চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি।

১৬। অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰঃ অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।

১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?

উত্তৰঃ ‘হা-চোম’ শব্দৰ পৰা।

১৮। চৰ্যাপদ মানে কি?

উত্তৰঃ চৰ্যাপদ হৈছে কেইটামান সহজযান পন্থীয় গীত।

১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত।

২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?

উত্তৰঃ বৰাহী ৰজা মহামাণিক্য।

২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?

উত্তৰঃ শংকৰদেৱ।

২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?

উত্তৰঃ আজানপীৰ নামেৰে খ্যাত চাহ মিলনে।

২৩। আজানপীৰ কোন?

উত্তৰঃ এজন চুফী সাধক, যিজনে ইছলামধৰ্মীয় গীত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।

২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত (ত্ৰয়োদশ শতিকাত)।

২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?

উত্তৰঃ খ্ৰীষ্টিয় ষষ্ঠ শতিকাত।

২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?

উত্তৰঃ আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নির্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল।

২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?

উত্তৰঃ প্ৰতিমা পাণ্ডে বৰুৱা।

২৮। অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?

উত্তৰঃ অৰুণোদয়।

২৯। উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?

উত্তৰঃ খাছীয়া।

৩০। ৰচয়িতাসকলৰ নাম লিখা:

  • (ক) অর্থশাস্ত্র — কৌটিল্য
  • (খ) হস্তিবিদ্যার্ণৱ — সুকুমাৰ বৰকাইথ
  • (গ) কীৰ্ত্তন — শংকৰদেৱ
  • (ঘ) নামঘোষা — মাধৱদেৱ
  • (ঙ) চোৰধৰা পিম্পৰা গুচোৱা — মাধৱদেৱ
  • (চ) কালিয় দমন — শংকৰদেৱ
  • (ছ) ৰামবিজয় — শংকৰদেৱ
  • (জ) কথাগীতা — ভট্টদেৱ
  • (ঝ) ৰাজতৰঙ্গিনী — কলহন
  • (ঞ) ভাৰত সম্ভেদ — জৱাহৰলাল নেহৰু

চমু উত্তৰৰ প্ৰশ্ন

১। খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?

উত্তৰঃ গ্ৰীক আৰু মোগল।

২। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা?

উত্তৰঃ পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি।

৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।

উত্তৰঃ ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল।

৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?

উত্তৰঃ কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণত কোনো অঞ্চল হয়তো আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে। আকৌ অন্য কোনোটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন হৈ কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।

৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।

উত্তৰঃ ঋগবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ।

৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?

উত্তৰঃ এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয়ৰ বাট মুকলি কৰিব লাগে।

৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়।

৮। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।

উত্তৰঃ আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত।

৯। প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।

উত্তৰঃ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।

১০। ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ দুটা ভাগ – বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ।

১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।

উত্তৰঃ ছাহজাহান আৰু জাহাংগীৰ।

১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।

উত্তৰঃ লৱ-কুশৰ যুদ্ধ আৰু গীতা গোবিন্দ।

১৩। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।

উত্তৰঃ দিলবৰ আৰু দোচাই।

১৪। ঝুম খেতি মানে কি বুজা?

উত্তৰঃ পাহাৰীয়া অঞ্চলত হাবি-বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা-সঁজুলিৰে যি খেতি কৰা হয়, তাকে ঝুম খেতি বোলে।

১৫। জেং বিহু মানে কি?

উত্তৰঃ ব’হাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ অগোচৰে নির্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য-গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়।

১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।

উত্তৰঃ ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।

১৭। প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।

উত্তৰঃ কপিল আৰু পতঞ্জলি।

১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।

উত্তৰঃ দেওধাই বুৰঞ্জী আৰু তুংখুঙীয়া বুৰঞ্জী।

১৯। বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।

উত্তৰঃ দৰং জিলাত উদযাপিত দেউল আৰু গোৱালপাৰা জিলাত উদযাপিত বাঁস পূজা।

২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ (ক) ঢেপা ঢুলীয়া নৃত্য আৰু (খ) বৰ ঢুলীয়া নৃত্য।

২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?

উত্তৰঃ (ক) অষ্ট্ৰিকসকল, (খ) নিগ্ৰো গোষ্ঠী, (গ) মংগোলীয় গোষ্ঠী, (ঘ) আর্যভাষী নর্ডিক, (ঙ) দ্রাবিড়সকল, আৰু (চ) পশ্চিমৰ প্রশস্ত মস্তিস্কী (ৱেষ্টাৰ্ণ ব্রেচিচেফালিক)।

২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।

উত্তৰঃ (ক) সাংস্কৃতিক বহুত্ববাদ, (খ) বিভিন্ন যুগৰ সাম্রাজ্যৰ দ্বাৰা সৃষ্টি হােৱা ৰাজনৈতিক একতা, (গ) বিভিন্ন শাসকে অক্ষুন্ন ৰখা ধর্মীয় আৰু সাংস্কৃতিক একতা।

২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগােৱা হৈছে?

উত্তৰঃ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলীত ভগোৱা হয়।

২৪। ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা।

উত্তৰঃ ভাৰতবৰ্ষক ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি বুজাব বিচৰা হৈছে। সিন্ধু সভ্যতা, বৈদিক সভ্যতা আৰু আর্য সভ্যতাৰ ভিন্ন নৃগােষ্ঠী যেনে – দ্রাবিড়, আর্যভাষী নর্ডিক, প্রট’ অষ্ট্ৰলয়ড, নিগ্রো, মংগােলীয়, ৱেষ্টাৰ্ণ ব্রেচিচেফালিক আদিৰ প্ৰভাৱৰ পৰিণতিত ভাৰতৰ ঐতিহ্য গঢ়ি উঠাৰ দৰে উত্তৰ–পূর্বাঞ্চলতাে মংগােলীয় আৰু অষ্ট্ৰিক নৃগােষ্ঠীয় লােকৰ পৰা কালক্ৰমত উত্থান হােৱা ভালেমান জাতি–জনজাতিৰ প্ৰভাৱত এক বৈশিষ্ট্যসম্পন্ন ঐতিহ্য গঢ়ি উঠিছে। সমগ্ৰ ভাৰতখন বিভিন্ন ক্ষেত্ৰত বিবিধতাৰ সৃষ্টি কৰিও একতাৰ বান্ধোনেৰে বান্ধ খাই আছে।

২৫। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।

উত্তৰঃ (ক) তাজমহল, (খ) অজন্তাৰ গুহাসমূহ আৰু (গ) সাঁচীৰ স্তুপ।

২৬। ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল?

উত্তৰঃ গৌতম বুদ্ধ, মহাবীৰ, হিন্দুধর্মীয় বিভিন্ন দেৱ–দেৱী, যক্ষ–যক্ষিণী, অপেশ্বৰী, বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ–জন্তুৰ মূর্তি আদি।

২৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?

উত্তৰঃ (ক) গান্ধাৰ শিল্পকলা, (খ) মথুৰা শিল্পকলা, আৰু (গ) অমৰাৱতী শিল্পকলা।

২৮। দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰঃ (ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ (মহাৰাষ্ট্র), (খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ (মধ্য প্রদেশ), আৰু (গ) চিত্তনাৱাচলৰ দেৱালয় চিত্রসমূহ (তামিলনাড়)।

২৯। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় (১)আকৃতি, (২)জোখমাখ, (৩) আৱেগ-অনুভূতি প্ৰকাশক কৌশল, (৪) কলাত্মক উপস্থাপন, (৫) সাদৃশ্য জ্ঞান, (৬) তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল। যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায়।

৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য। সিন্ধু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল। বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল। আনুমানিক খ্রীষ্টিয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্রন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংগত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে গঢ় দিছিল।

৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (ক) নাগৰ শৈলী – উত্তৰ ভাৰতত এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায়। এই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ হৈ থাকে। (খ) দ্ৰাবিড় শৈলী – এই ধৰণৰ নির্মাণ কাৰ্য থকা মন্দিৰসমূহ দক্ষিণ ভাৰতত পোৱা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (বিমান) আয়তাকাৰৰে ওপৰলৈ ক্ৰমে সৰু হৈ যায়। (গ) ৱেচ শৈলী – বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায়, নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ।

৩২। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?

উত্তৰঃ গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু।

৩৩। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?

উত্তৰঃ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ-দেৱীৰ প্ৰশস্তি আদি।

৩৪। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ৰামায়ণ, মহাভাৰত আৰু বিষ্ণু পুৰাণ।

দীঘল উত্তৰৰ প্ৰশ্ন

১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি-উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবৰ্তিতা আৰু সন্মানৰ মনোভাৱ পোষণ কৰা যায়। ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক আৰু আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকাৰ সত্ত্বেও ভাৰতীয়সকলে এক ঐক্যৱদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

২। “ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে” – বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।

উত্তৰঃ বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য, গীতা, পুৰাণ, বেদাংগসমূহ; ৰাজনীতি বিষয়ক কৌটিল্যৰ অৰ্থশাস্ত্ৰ; চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা; কালিদাস, শুদ্ৰক, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজী ভাৰতীয় সাহিত্যৰ উজ্বল নিদৰ্শন। কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মাধবাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শন গ্ৰন্থসমূহ; বুৰঞ্জীমুলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিনী; আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। “সত্যমেৱ জয়তে” (মুণ্ডক উপনিষদ), “অহিংসা পৰম ধৰ্ম” (মহাভাৰত), “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী” (ৰামায়ন), “বসুধৈৱ কটুম্বকম” (মহোপনিষদ) আদি আমোঘ বাণীয়ে ভাৰতীয় মূল্যবোধৰ ভেটি ৰচনা কৰিছিল।

৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন। এই পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্মণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন বাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবলৰূপত বিকশিত হৈছিল। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ কোনো সংঘাত হোৱা নাছিল। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত সম্ৰাট অশোকৰ গিৰ্ণাৰত থকা ১২ নং বৃহৎশিলালেখ খনত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে।

৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিস্থিতিয়ে এক উমৈহতীয়া পৰিচয় সৃষ্টি কৰাত বিশেষ সহায় কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই পাহাৰীয়া। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ, পূৱ আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখনে আৱৰি আছে। অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক। পৰম্পৰাগত পোছাক, নৃত্য গীত, বাদ্য, উৎসৱ, দোৱান, লোক বিশ্বাস, ৰীতি নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায়। প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন, পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা মদিৰাপান, আমিষ খাদ্য, পৰম্পৰাগত গ্ৰাম্য প্ৰশাসন, খেৰ বাঁহ আদিৰে নিৰ্মিত চাঙঘৰ বা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায়।

৫। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমত আর্যভাষা আৰু হিন্দুধর্মৰ প্রসাৰ অতি প্রাচীন কালতেই ঘটিছিল। মণিপুৰ আৰু ত্রিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধর্মৰ প্রসাৰ ঘটিছিল। অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রীষ্টিয়ান আৰু বৌদ্ধ ধর্মাৱলম্বী। নগাসকলে ধনেশ পক্ষীক এক পবিত্র জীৱ হিচাপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত হৰ্ণবিল উৎসৱটো উদযাপন কৰে। মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধর্মাৱলম্বী। মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটক অকাদেমিৰ দ্বাৰা স্বীকৃতি প্রাপ্ত ধ্রুপদী নৃত্য। মেঘালয়ৰ খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্রীষ্টিয়ান ধর্মত দীক্ষিত হয়। মিজোৰামৰ অধিকাংশ লোক খ্রীষ্টিয়ান ধর্মাৱলম্বী।

৬। অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল – প্ৰসংগটো চমুকৈ আলোচনা কৰা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে। ভাৰতত বাস কৰা প্ৰধান নৃ-গোষ্ঠী (দ্ৰাবিড়, নিগ্ৰো, অষ্ট্ৰিক আৰু মংগোলীয় আদি) কেইটাৰ অসমতো উপস্হিতি দেখা যায়। ফলস্বৰূপে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল।

৭। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰাকৃতিৰ পুথি চিত্ৰ সমূহৰ আৰ্হিত ৰজাঘৰীয়া আৰু সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয়। সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হৈছে – আনন্দলহৰী, হস্তীবিদ্যাৰ্ণ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংখচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচিপাতৰ পুথি। উক্ত পুথিসমূহত স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুবৰণীয়া চিত্ৰ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱজন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। চিত্ৰসমূহত সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োভৰ দেখা যায়। সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যাৰ্ণ পুথিখনত কাৰ আৰু বৰণৰ হাতীৰ ছৱি আছে – দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকৰে এই চিত্ৰবোৰ অংকন কৰিছিল।

৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।

উত্তৰঃ অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু। ইয়াৰ পিছতে আছে – ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায়। কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল। খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটে। হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই। আজানপীৰে ৰচনা কৰা জিকিৰ আৰু জাৰি অসমত প্ৰচলিত জনপ্ৰিয় ধৰ্মীয় সংগীত। অসমৰ পূৱ অংশত বাস কৰা টাই-ফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যামসকল বৌদ্ধ ধৰ্মাৱলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল।

৯। পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায়-বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে।

১০। “লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে” – এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰঃ এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং, সুখ–দুখ, শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে কিন্তু সেইবোৰৰ সৈতে অপৰিচিত লোক এজনে লোক সংস্কৃতি বিষয়ক প্ৰতিটো কথাই সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব। অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক পৰিচ্ছদ, আ-অলংকাৰ, খোৱা বোৱা, গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছধৰা, বিভিন্ন উৎসৱ, বাঁহ বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক, ৰীতি নীতি আদি বিষয়ক অনেক দিশত লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায়। গতিকে দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মূহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ যোগেদি লোকসংস্কৃতি প্ৰতিফলিত হয়।

চমু টোকা

১। প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প

উত্তৰঃ সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা যায়। পৰবৰ্তী সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে মূৰ্তি নির্মাণ কৰা শৈলীত ভাৰতীয়সকলে স্থানীয় কলা কৌশলৰ লগতে বিদেশী বৈশিষ্ট্যৰো সংযোজন ঘটোৱা হৈছিল। এই মূৰ্তি সমূহৰ মাজত দ্বিভংগ, ত্ৰিভংগ আৰু চতুৰ্ভংগ আৰ্হিৰ মূৰ্তি দেখা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী আদিৰ মূৰ্তি এই ভাস্কৰ্য সমূহত দেখিবলৈ পোৱা যায়। ভাৰতৰ ভাস্কৰ্য শিল্পক তিনিটা ভাগত ভগাব পাৰি – গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা।

২। ভাৰতীয় চিত্ৰকলা

উত্তৰঃ প্ৰাচীন ভাৰতৰ চিত্ৰকলাসমূহক দুটা ভাগত ভাগ কৰিব পাৰি – বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। বৃহদাকাৰ চিত্ৰসমূহ অজন্তা, বাঘ, চিত্তনাৱাচল আদি গুহাৰ দেৱালসমূহত অংকন কৰা হৈছিল। দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা আদি ঠাইত তালপাত, সাঁচিপাত, পাটকাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অঁকা হৈছিল। চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় ৬টা কৌশলক চিত্ৰকলাৰ ষড়াংগ বুলি জনা যায়। এলান্ধু, হালধী, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল। মোগল যুগত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল।

৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য

উত্তৰঃ সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত গীত আকাৰে পাঠ কৰিছিল। ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু-শিষ্যৰ অনুক্ৰমে বৰ্তি আছে। মোগল সকলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিল। বাঁহী, পেপা, চেহনাই, ঢোল, তবলা, মৃদংগ, খোল, চাৰংগী, চন্তুৰ, চেতাৰ, বীণা আদি বাদ্যযন্ত্ৰ উদ্ভাৱন কৰা হৈছিল। নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী নৃত্য হৈছে – কথাকলি, মোহিনী আট্টম, ভাৰতনাট্যম, কুচিপুড়ী, অডিশি, কথক, সত্ৰীয়া আৰু মণিপুৰী।

৪। অসমৰ ভাস্কৰ্য শিল্প

উত্তৰঃ অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত মূৰ্তি আৱিস্কৃত হৈছে। শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নির্মাণ কৰা হৈছিল। এই মূর্তিসমূহৰ ভিতৰত দেৱীমূর্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি দেখা যায়। দ’-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা-যমুনাৰ মূৰ্তি দুটা গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত। মদন কামদেৱ মন্দিৰত মৈথুন মূর্তি দেখিবলৈ পোৱা যায়।

৫। অসমৰ স্থাপত্য-শিল্প

উত্তৰঃ অসমত স্থাপত্য শিল্পৰ যিবোৰ নিদর্শন দেখিবলৈ পোৱা যায়, সেইবোৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশ অথবা কোঁচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল। শিৱসাগৰ জিলাত ৰংঘৰ, কাৰেঙঘৰ, তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে। কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নবগ্রহ মন্দিৰ, শিবদ’ল, জয়দ’ল, দেৱীদ’ল, হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ আদি উল্লেখযোগ্য। মন্দিৰবোৰত গর্ভগৃহ আৰু মণ্ডপ অংশ দেখা যায়। তলাতল ঘৰটো নির্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো এতিয়াও ব্যবহৃত হৈ আছে।

৬। অসমৰ বৈষ্ণৱী সাহিত্য

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি কৰে। শংকৰদেৱৰ কীর্তন, মাধৱদেৱৰ নামঘোষা আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয়। শংকৰদেৱৰ অংকীয়া নাট – পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয় আদি নামঘৰ, সত্ৰ আদি ঠাইত প্রদর্শন কৰা হয়। শংকৰদেৱৰ প্রথম নাট ‘চিহ্নযাত্রা’ শ্বেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ। শংকৰদেৱ-মাধৱদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে। ভট্টদেৱে কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে।

৭। অসমৰ লোকসংগীত

উত্তৰঃ অসমত ভিন ভিন পৰিৱেশ তথা প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে। নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি উল্লেখযোগ্য। বিয়ানাম দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণেৰে গোৱা হয়। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশস্তি আদি প্রকাশমূলক। লোকগীতৰ অৱদানৰ বাবে সংগীত নাটক অকাদেমিৰ বটা পোৱা শিল্পীসকলৰ ভিতৰত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা উল্লেখযোগ্য।

৮। অসমৰ ধৰ্মীয় সংহতি

উত্তৰঃ অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু। ইয়াৰ পিছতে আছে ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায়। কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। হাজোৰ পোৱা মক্কা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই। আজানপীৰে ৰচনা কৰা জিকিৰ আৰু জাৰি অসমত প্ৰচলিত জনপ্ৰিয় ধৰ্মীয় সংগীত। অসমৰ পূৱ অংশত বাস কৰা টাই-ফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যামসকল বৌদ্ধ ধৰ্মাৱলম্বী। আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল।

৯। অসমৰ বুৰঞ্জী সাহিত্য

উত্তৰঃ মধ্যযুগত আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্য ভাণ্ডাৰৰ অমূল্য সম্পদ। ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনা সমূহ প্ৰথম অৱস্থাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল। ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয়। এনে কেতবোৰ বুৰঞ্জী হৈছে – দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী আদি।

১০। অসমৰ বিহু উৎসৱ

উত্তৰঃ বিহু অসমৰ এক অতি আদৰৰ উৎসৱ। বহাগ মাহ, কাতিমাহ আৰু মাঘমাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু পালন কৰা হয়। ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্ৰথম ছদিনলৈ পালন কৰা হয়। গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু – এই সাতদিনে ৰঙালী বিহু গঠন কৰে। উজনি অসমৰ মহিলাসকলে জেং বিহু পাতে। কাতি বিহু আধ্যাত্মিক পবিত্রতাৰে পালন কৰা হয়। মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদযাপন কৰা হয়; তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। ভেলাঘৰ সাজি মেজি জ্বলাই উৎসৱ পালন কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১. অসমৰ চিত্রকলা সম্পর্কে এটি টোকা লিখা। (HSLC 2022)

উত্তৰঃ অসমৰ চিত্রকলা বহুতো ঐতিহ্যবাহী আৰু সমৃদ্ধ। অসমীয়া চিত্রকলাৰ ভিতৰত ‘মাকুৰা’, ‘পাথৰীৰ’, আৰু ‘মিথুন’ চিত্র খুবেই জনপ্রিয়। এই চিত্রকলাবোৰ সাধাৰণতে স্থানীয় পৰিৱেশ, সংস্কৃতি আৰু দৈনন্দিন জীৱনক প্ৰতিফলিত কৰে। অসমৰ চিত্রকলাৰ এক উল্লেখযোগ্য দিশ হৈছে ইয়াৰ কাহিনী আৰু আধ্যাত্মিকতা। সাঁচিপাতীয়া পুথিৰ চিত্ৰসমূহ বিশেষভাৱে উল্লেখযোগ্য।

২. ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? (HSLC 2010)

উত্তৰঃ ভাৰতবৰ্ষত ২২টা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।

৩. বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো কি? (HSLC 2014)

উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো হৈছে “ভট্টদেৱ”।

৪. আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? (HSLC 2015)

উত্তৰঃ আজান ফকীৰৰ প্ৰকৃত নাম আছিল “আজানউদ্দিন” (চাহ মিলন)।

৫. ‘অর্থশাস্ত্র’ কোনে ৰচনা কৰিছিল? (HSLC 2023)

উত্তৰঃ ‘অর্থশাস্ত্র’ ৰচনা কৰিছিল কৌটিল্য, যাক চাণক্য বুলি জানা যায়।

৬. লোকসংস্কৃতি কি? অসমৰ লোকসংস্কৃতিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ লোকসংস্কৃতি হৈছে জনতাৰ দৈনন্দিন জীৱন, অভ্যাস, ৰীতি-নীতি, কৃষ্টি আৰু পৰম্পৰাৰ সমষ্টি। এই সংস্কৃতি প্ৰায়েই মৌখিক আৰু স্থায়ী পৰম্পৰাৰ জৰিয়তে প্ৰজন্মে প্ৰজন্মলৈ প্ৰবাহিত হয়। অসমৰ লোকসংস্কৃতিৰ দুটা উদাহৰণ: (i) বিহু – কৃষি, শ্ৰমিক আৰু সামাজিক জীৱনৰ দিশবোৰক সন্মান জনোৱা উৎসৱ। (ii) ওজাপালি – অসমৰ পৰম্পৰাগত লোকনৃত্য আৰু গীত।

৭. মধ্যযুগৰ অসমীয়া সাহিত্য সম্পর্কে এটি চমু টোকা লিখা। (HSLC 2011)

উত্তৰঃ মধ্যযুগৰ অসমীয়া সাহিত্য প্ৰায় ১২ শতিকাৰ পৰা ১৭ শতিকাৰ মাজৰ সাহিত্যিক অভিব্যক্তি। এই সময়ত ধৰ্মীয় আৰু সাংস্কৃতিক উন্নয়ন ঘটিছিল। শংকৰদেৱ আৰু মাধৱদেৱে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰে। কীৰ্ত্তন, নামঘোষা, বৰগীত, অংকীয়া নাট আদি ৰচিত হয়। ভট্টদেৱে গদ্য সাহিত্যৰ সূচনা কৰে।

৮. অসমীয়া সমাজলৈ বিহুৰ অৱদান সম্পর্কে চমুকৈ আলোচনা কৰা। (HSLC 2013)

উত্তৰঃ বিহুৱে অসমীয়া সমাজলৈ একতা আৰু সম্প্রীতিৰ বোধ বৃদ্ধি কৰে। এই উৎসৱে সকলো পৰ্যায়ৰ মানুহক একসাথে আনিবলৈ সহায় কৰে। লোকসঙ্গীত, নৃত্য আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপৰ মাধ্যমে অসমীয়া সংস্কৃতিৰ মূল্যবোধ আৰু পৰম্পৰা জনপ্ৰিয় হয়। বিহুৱে কৃষিজীৱনৰ উৎসাহ দিয়া আৰু উদ্যম সৃষ্টিত সহায় কৰে। বিহু অসমীয়া সমাজৰ এক অভিন্ন মঞ্চ, যি সাংস্কৃতিক ঐক্য আৰু সামাজিক সম্পৰ্কৰ বাবে অপূৰ্ব অৱদান ৰাখে।

৯. অসমত কিদৰে মুছলমান লোকসকলৰ বসবাসৰ সূচনা হৈছিল? (HSLC 2014)

উত্তৰঃ অসমত মুছলমান লোকসকলৰ বসবাসৰ সূচনা ১৩শ শতিকাৰ পৰা আৰম্ভ হৈছিল। এই সময়ত বিভিন্ন মুসলিম শাসক আৰু বাণিজ্যিক দলসমূহ অসমত আগমন কৰে। বিশেষকৈ তুৰস্ক-আফগান শাসকসকলৰ আগমনৰ ফলত মুছলমান জনসংখ্যা বৃদ্ধি পায়। আজানপীৰ (চাহ মিলন) নামৰ চুফী সাধক অসমলৈ আহি ইছলাম ধৰ্ম প্ৰচাৰ কৰে।

১০. অসমৰ যি কোনো তিনিটা প্রধান জনজাতীয়ে ‘বিহু’ উৎসৱক কি কি বোলে লিখা। (HSLC 2015)

উত্তৰঃ (i) আহোমসকলে বিহুক ‘ৰঙালী বিহু’ বা ‘বহাগ বিহু’ বুলি কয়। (ii) বড়োসকলে বিহুক ‘বহাগ বিহু’ হিচাপে পালন কৰে। (iii) ৰাভাসকলে নিজা ৰীতি-নীতি আৰু সাজ-পোছাকৰে বিহু উৎসৱ পালন কৰে।

১১. আহোম সকলৰ দিনত অসমীয়া সাহিত্যৰ উন্নয়নৰ এটি খতিয়ান দিয়া। (HSLC 2016)

উত্তৰঃ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমীয়া সাহিত্যৰ যথেষ্ঠ উন্নয়ন হয়। বুৰঞ্জী সাহিত্য (দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী) ৰচিত হয়। বৈষ্ণৱ সাহিত্যৰ বিকাশ ঘটে – শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, অনন্ত কন্দলি আদি সাহিত্যিকে অসমীয়া সাহিত্যক সমৃদ্ধ কৰে। আহোম ৰজাসকলে সংস্কৃত আৰু অসমীয়া ভাষাৰ পৃষ্ঠপোষকতা কৰিছিল।

Multiple Choice Questions (MCQs)

১) সিন্ধু সভ্যতাৰ পূব সীমা ক’লৈ বিস্তৃত আছিল?

  • (A) দিল্লী
  • (B) মিৰাট
  • (C) আগ্রা
  • (D) লখিমপুৰ

উত্তৰঃ (B) মিৰাট

২) ঋকবেদ ৰচিত হৈছিল কেতিয়া?

  • (A) খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০
  • (B) খ্ৰীষ্টপূৰ্ব ১৫০০-১০০০
  • (C) খ্ৰীষ্টপূৰ্ব ১০০০-৫০০
  • (D) খ্ৰীষ্টপূৰ্ব ৫০০-২০০

উত্তৰঃ (B) খ্ৰীষ্টপূৰ্ব ১৫০০-১০০০

৩) ‘সত্যমেৱ জয়তে’ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে?

  • (A) ঋকবেদ
  • (B) মুণ্ডক উপনিষদ
  • (C) মহাভাৰত
  • (D) ৰামায়ণ

উত্তৰঃ (B) মুণ্ডক উপনিষদ

৪) অৰ্থশাস্ত্ৰৰ ৰচক কোন?

  • (A) কলহন
  • (B) কৌটিল্য
  • (C) পতঞ্জলি
  • (D) ভৰত মুনি

উত্তৰঃ (B) কৌটিল্য

৫) ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোন শৈলীত গ্ৰীক-ৰোমান প্ৰভাৱ দেখা যায়?

  • (A) মথুৰা
  • (B) গান্ধাৰ
  • (C) অমৰাৱতী
  • (D) নাগৰ

উত্তৰঃ (B) গান্ধাৰ

৬) ‘হৰ্ণবিল’ উৎসৱ কোন ৰাজ্যৰ?

  • (A) মণিপুৰ
  • (B) নাগালেণ্ড
  • (C) মিজোৰাম
  • (D) মেঘালয়

উত্তৰঃ (B) নাগালেণ্ড

৭) ‘মিজো’ শব্দৰ অৰ্থ কি?

  • (A) পাহাৰৰ বাসিন্দা
  • (B) নদীৰ বাসিন্দা
  • (C) বনৰ বাসিন্দা
  • (D) সাগৰৰ বাসিন্দা

উত্তৰঃ (A) পাহাৰৰ বাসিন্দা

৮) অসমৰ প্ৰাচীন নাম কি আছিল?

  • (A) প্ৰাগজ্যোতিষপুৰ
  • (B) কামৰূপ
  • (C) উভয়েই
  • (D) কোনোটো নহয়

উত্তৰঃ (C) উভয়েই

Previous HSLC Questions (2015–2025)

Short Questions

অসমৰ চিত্রকলা সম্পর্কে এটি টোকা লিখা। (HSLC 2022)

উত্তৰঃ অসমৰ চিত্রকলা ঐতিহ্যবাহী। সাঁচিপাতীয়া পুথিৰ চিত্ৰসমূহ বিশেষভাৱে উল্লেখযোগ্য। হস্তীবিদ্যার্ণৰ চিত্ৰসমূহ দিলবৰ আৰু দোচাই নামৰ চিত্ৰকৰ দুগৰাকীয়ে অঁকা। অসমীয়া চিত্ৰত ৰঙা, সেউজীয়া, হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োগ দেখা যায়।

ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? (HSLC 2010)

উত্তৰঃ ২২টা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।

বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো কি? (HSLC 2014)

উত্তৰঃ ভট্টদেৱ।

Long Questions

ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক আৰু আৰ্থিক ক্ষেত্ৰত বিবিধতা থকাৰ সত্ত্বেও ভাৰতীয়সকলে এক ঐক্যৱদ্ধ অনুভূতিৰে বান্ধ খাই আছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে সাংস্কৃতিক পৰিয়ালৰ অনুভূতি সৃষ্টি কৰিছে। বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই এই ক্ষেত্ৰত অৰিহণা যোগাই আহিছে।

Frequently Asked Questions (FAQs)

Q1. সিন্ধু সভ্যতাৰ পূব সীমা ক’ত আছিল?

উত্তৰঃ মিৰাট পৰ্যন্ত।

Q2. ঋকবেদ ৰচিত হৈছিল কেতিয়া?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০-১০০০ চনৰ ভিতৰত।

Q3. ‘সত্যমেৱ জয়তে’ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ মুণ্ডক উপনিষদ।

Q4. অৰ্থশাস্ত্ৰৰ ৰচক কোন?

উত্তৰঃ কৌটিল্য (চাণক্য)।

Q5. ভাৰতৰ ভাস্কর্য শিল্পৰ তিনিটা প্রধান শৈলী কি?

উত্তৰঃ গান্ধাৰ, মথুৰা আৰু অমৰাৱতী।

Q6. ‘হৰ্ণবিল’ উৎসৱ কোন ৰাজ্যৰ?

উত্তৰঃ নাগালেণ্ড।

Q7. অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।

Q8. জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?

উত্তৰঃ আজানপীৰ (চাহ মিলন) নামৰ চুফী সাধকে।

Q9. ৰঙালি বিহুৰ সাতদিন কি কি?

উত্তৰঃ গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু।

Q10. অসমৰ চিত্ৰকলাত কোন ৰঙৰ প্ৰয়োগ দেখা যায়?

উত্তৰঃ ৰঙা, সেউজীয়া, হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োগ দেখা যায়।