বায়ু আৰু পানীৰ প্ৰদূষণ
অনুশীলনী
১. খালী ঠাই পূৰণ কৰক:
- (ক) বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰা পদাৰ্থক প্ৰদূষক বোলে।
- (খ) বিশুদ্ধ বায়ুত প্ৰায় ২১ শতাংশ অক্সিজেন থাকে।
- (গ) নগৰাঞ্চলত বায়ু প্ৰদূষণৰ এটা ডাঙৰ অংশ যান-বাহনৰ ধোঁৱাৰ বাবে হয়।
- (ঘ) ক্ল'ৰফ্লুৰ'কাৰ্বন (CFC) নামৰ গেছে 'অ'জন ছিদ্ৰ'ৰ সৃষ্টি কৰিব ধৰিছে।
- (ঙ) প্ৰতি বছৰে ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়।
২. চমু উত্তৰ দিয়া:
ক) প্ৰদূষণ বুলিলে কি বুজা?
উত্তৰঃ প্ৰদূষণ বুলিলে পৰিৱেশত ক্ষতিকাৰক পদাৰ্থৰ মিশ্ৰণক বুজায়, যাৰ ফলত বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট হয় আৰু ই জীৱকুলৰ বাবে অনুপযোগী হৈ পৰে।
খ) প্ৰদূষক কাক বোলে?
উত্তৰঃ যিবোৰ পদাৰ্থ বায়ু, পানী আৰু মাটিত মিহলি হৈ ইহঁতৰ গুণাগুণ নষ্ট কৰে, সেইবোৰক প্ৰদূষক বোলে।
গ) বায়ুমণ্ডলত থকা অ'জন স্তৰটোৱে আমাক কি ধৰণে উপকাৰ কৰি আহিছে?
উত্তৰঃ বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়েৰ অঞ্চলত থকা অ'জন গেছৰ এটা পাতল স্তৰে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিক পৃথিৱীত পৰাত বাধা দিয়ে। এই অ'জন স্তৰৰ বাবেই পৃথিৱীত জীৱই জীয়াই থাকিবলৈ সক্ষম হৈছে।
ঘ) 'সেউজ গৃহ প্ৰভাৱ' বুলিলে কি বুজা?
উত্তৰঃ সেউজ গৃহ প্ৰভাৱ বুলিলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড (CO₂), মিথেন (CH₄) আদি সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত সূৰ্যৰ তাপ বায়ুমণ্ডলত ধৰি ৰখা পৰিঘটনাটোক বুজায়। ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পায়।
ঙ) সেউজ গৃহ গেছ দুটাৰ উদাহৰণ দিয়া।
উত্তৰঃ সেউজ গৃহ গেছৰ উদাহৰণ হ'ল - কাৰ্বন ডাই অক্সাইড (CO₂) আৰু মিথেন (CH₄)।
৩. গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হ'ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মানৱ সমাজলৈ ভয়াৱহ বিপদ নামি আহিছে। ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি যোৱাৰ পৰিণতিত সাগৰপৃষ্ঠৰ উচ্চতা বিগত ১০০ বছৰত প্ৰায় ২০-২৫ চেন্টিমিটাৰ বৃদ্ধি পাইছে। সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে উপকূলীয় অঞ্চল আৰু সৰু সৰু দ্বীপবোৰলৈ ভয়াৱহ বিপদ কঢ়িয়াই আনিছে। তদুপৰি জলবায়ুৰ পৰিৱৰ্তন, খৰাং, বানপানী, প্ৰবল ধুমুহা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰকোপো বৃদ্ধি পাইছে।
৪. স্থাপত্যৰ ওপৰত প্ৰদূষণে কেনেকৈ প্ৰভাৱ পেলায় ব্যাখ্যা কৰা।
উত্তৰঃ বায়ু প্ৰদূষণে কেৱল উদ্ভিদ আৰু প্ৰাণীজগতৰ ক্ষতিই নকৰে, বৰঞ্চ ই পকী ঘৰ, প্ৰাচীন স্থাপত্য, তীখাৰে নিৰ্মিত কল-কাৰখানা, দলং, স্মৃতিস্তম্ভ আদিৰো ক্ষতি সাধন কৰে। বিভিন্ন উদ্যোগ আৰু বাহনৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাই অক্সাইড (SO₂), নাইট্ৰ'জেন ডাই অক্সাইড (NOx) আদি গেছে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰি আম্লিক বৰষুণৰ সৃষ্টি কৰে। এই আম্লিক বৰষুণে প্ৰাচীন স্মৃতিস্তম্ভসমূহৰ (যেনে তাজমহল) মাৰ্বলৰ ক্ষতি সাধন কৰে। তদুপৰি উদ্যোগ আৰু বাহনৰ পৰা ওলোৱা ধূলিকণাবোৰ স্মৃতিস্তম্ভসমূহৰ উপৰিভাগত জমা হৈ ইয়াৰ ৰং হালধীয়া কৰি পেলায়।
৫. পানী প্ৰদূষণ হোৱাৰ কেইটামান কাৰণ উল্লেখ কৰা।
উত্তৰঃ পানী প্ৰদূষণ হোৱাৰ কেইটামান কাৰণ হ'ল -
(১) উদ্যোগিক প্ৰদূষণ - ডাঙৰ ডাই-ৰাসায়নিক কাৰখানা (যেনে - তেল শোধনাগাৰ, ৰাসায়নিক সাৰ কাৰখানা, প্লাষ্টিক, ৰবৰ, ঔষধ আদি)ৰ পৰা ওলোৱা বৰ্জিত পদাৰ্থবোৰ নদী বা জলাশয়ত পেলোৱাৰ ফলত সীহ, আৰ্চেনিক, ফ্ল'ৰাইড আদি বিষাক্ত পদাৰ্থ পানীত জমা হৈ জলজ উদ্ভিদ আৰু প্ৰাণীৰ মাৰাত্মক ক্ষতি কৰে।
(২) নগৰীয়া আৱৰ্জনা - চহৰ-নগৰৰ মানুহৰ দৈনিক সৃষ্টি হোৱা নানা ধৰণৰ আৱৰ্জনা (ৰন্ধনৰ অৱশিষ্ট, ঘৰচীয়া প্ৰাণীৰ মল-মূত্ৰ, প্লাষ্টিক, পলিথিন, ৰবৰ আদি) নদী, খাল, পুখুৰীত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়।
(৩) কৃষি প্ৰদূষণ - শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ বৰষুণৰ পানীয়ে ধুই নি পুখুৰীত পেলোৱাৰ ফলত পানীত শেলাইৰ অত্যাধিক বৃদ্ধি হয়। মৃত শেলাইবোৰ অণুজীৱই ভক্ষণ কৰাৰ ফলত পানীত থকা দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ হ্ৰাস পায়। অক্সিজেনৰ অভাৱত জলচৰ প্ৰাণীসমূহ মৃত্যুমুখত পৰে।
৬. বায়ু আৰু পানী প্ৰদূষণ ৰোধ কৰিবলৈ তুমি কি কি পদক্ষেপ ল'বা? বহলাই বৰ্ণনা কৰা।
উত্তৰঃ বায়ু আৰু পানী প্ৰদূষণ ৰোধ কৰিবলৈ আমি তলত উল্লেখ কৰা পদক্ষেপসমূহ ল'ব পাৰো -
• গছ-গছনি কটা বন্ধ কৰি বৃক্ষৰোপণত গুৰুত্ব দিয়া।
• পেট্ৰ'ল-ডিজেলৰ সলনি বাহনত চি এন জি (CNG) ব্যৱহাৰ কৰা।
• কম দূৰত্বৰ বাবে খোজ কাঢ়ি যোৱা আৰু দূৰত্ব অনুসৰি চাইকেল, ৰিক্সা বা অংশীদাৰী বাছৰ ব্যৱহাৰ কৰা।
• জৈৱিক বস্তুসমূহ পুৰি পেলোৱাৰ পৰিৱৰ্তে পচন সাৰ তৈয়াৰ কৰা।
• দীপাৱলীত আতচবাজি নজলোৱা আৰু ফাকুৱাত ৰাসায়নিক গুড়ি ব্যৱহাৰ নকৰা।
• কল-কাৰখানা আৰু ঘৰুৱা আৱৰ্জনাবোৰ পোনপটীয়াকৈ নদী-নালাত নিষ্কাশন নকৰি শোধন কৰাৰ পিছতহে মেলি দিয়া।
৭. পানী বিশুদ্ধ কৰাৰ কৌশল কেইটামান আলোচনা কৰা।
উত্তৰঃ পানী বিশুদ্ধ কৰাৰ কৌশলসমূহ হ'ল -
১. নিৰ্দিষ্ট পৰিমাণৰ ক্ল'ৰিণ টেবলেট বা ব্লিচিং পাউডাৰ মিহলাই ৰাসায়নিক পদ্ধতিৰে পানী বিশুদ্ধ কৰা।
২. ফিল্টাৰ, একুৱাগাৰ্ড বা আৰ ও/ ইউ ভি (RO/UV) শোধন পদ্ধতি ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰা।
৩. পানী উতলাই বীজাণু ধ্বংস কৰা।
✏️ Found an error or want to improve this?
Submit your improved version and earn reputation points!