SEBA/SCERT Class 9 English Assamese Medium

My Childhood

✍️ Admin👑 👁 1 views 📅 04 May 2026 📌 Chapter 6
0
⚠️ Report

My Childhood Class 9 English Chapter 6 Question Answer | SEBA HSLC

This page provides complete solutions for Class 9 English Chapter 6 “My Childhood” by Dr. A.P.J. Abdul Kalam from the textbook Beehive (Assam SEBA). It includes answers to all textbook questions with bilingual explanations for exam preparation.

পাঠৰ তথ্য

বিষয়ইংৰাজী (English)
কিতাপখনৰ নামBeehive
পাঠৰ নামMy Childhood
শ্ৰেণীনৱম (IX)
অধ্যায় (Chapter)অধ্যায় 6
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

Summary of the Lesson

English Summary: “My Childhood” is an autobiographical account by Dr. A.P.J. Abdul Kalam that describes his early life in Rameswaram, a small town in Tamil Nadu. He was born into a middle-class family. His father was a wise and generous man, and his mother was kind and caring. Kalam grew up in a simple environment but was deeply influenced by the values of honesty, discipline, and hard work taught by his parents.

He had close friends from different religions, and they lived together in harmony despite social differences. However, he also experienced instances of social discrimination, such as when a teacher asked him to sit separately from his Brahmin friend. These differences were later resolved by wise and kind individuals like Lakshmana Sastry and Sivasubramania Iyer, who believed in equality and unity.

Kalam worked hard from a young age, earning money by selling newspapers and tamarind seeds. He wanted to study further, so he left his hometown to pursue higher education. His father encouraged him by explaining that one must leave home to grow and succeed. The lesson highlights values such as simplicity, unity, hard work, and determination.

অসমীয়া সাৰাংশঃ “My Childhood” হৈছে ড° এ.পি.জে. আব্দুল কালামৰ আত্মজীৱনীমূলক বৰ্ণনা য’ত তেওঁৰ শৈশৱৰ জীৱনৰ কথা কোৱা হৈছে। তেওঁ তামিলনাডুৰ ৰামেশ্বৰমত এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক এজন বুদ্ধিমান আৰু উদাৰ ব্যক্তি আছিল আৰু মাক আছিল দয়ালু আৰু যত্নশীলা। কালাম সৰল পৰিৱেশত ডাঙৰ হৈছিল আৰু পিতৃ-মাতৃৰ পৰা সৎতা, শৃংখলা আৰু পৰিশ্ৰমৰ মূল্য শিকিছিল।

তেওঁ বিভিন্ন ধৰ্মৰ বন্ধুৰ সৈতে বন্ধুত্ব ৰাখিছিল আৰু সকলোয়ে মিলি-জুলি বাস কৰিছিল। যদিও কিছুমান সামাজিক বৈষম্য দেখা গৈছিল, যেনে এজন শিক্ষকে তেওঁক ব্ৰাহ্মণ বন্ধুৰ পৰা আঁতৰাই বহুৱাইছিল। কিন্তু লক্ষ্মণ শাস্ত্ৰী আৰু শিবসুব্ৰমণিয় আয়াৰৰ দৰে লোকসকলে এই বৈষম্য দূৰ কৰিছিল।

কালামে সৰুতে বাতৰি কাকত বিতৰণ আৰু তেতেলীৰ গুটি বিক্ৰী কৰি ধন উপাৰ্জন কৰিছিল। তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ নিজৰ গাঁও এৰি গৈছিল। তেওঁৰ দেউতাকে তেওঁক কৈছিল যে সফলতা লাভ কৰিবলৈ মানুহে ঘৰ এৰি আগবঢ়িব লাগিব। এই পাঠটোৱে সৰলতা, একতা, পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ গুৰুত্ব শিকায়।

I. Answer these questions in one or two sentences each.

1. Where was Abdul Kalam's house?

উত্তৰঃ Abdul Kalam's house was in Rameswaram.
অসমীয়া অৰ্থঃ আব্দুল কালামৰ ঘৰ ৰামেশ্বৰমত।

2. What do you think Dinamani is the name of? Give a reason for your answer.

উত্তৰঃ Dinamani is the name of a newspaper. Abdul Kalam attempted to trace the Second World War's news in the headlines of this newspaper.
অসমীয়া অৰ্থঃ দীনমনি এখন বাতৰি কাকতৰ নাম। এই বাতৰি কাকতখনৰ শিৰোনামত আব্দুল কালামে দ্বিতীয় বিশ্বযুদ্ধৰ বাতৰি বিচাৰি পাইছিল।

3. Who were Abdul Kalam's school friends? What did they later become?

উত্তৰঃ Abdul Kalam's school friends were Ramanadha Sastry, Aravindan and Sivaprakasan. Later, Ramanadha became the high priest of the Rameswaram temple, Aravindan went into the business of arranging transport for visiting pilgrims, and Sivaprakasan became a catering contractor for the Southern Railways.
অসমীয়া অৰ্থঃ আব্দুল কালামৰ স্কুলৰ বন্ধু আছিল ৰামানাধ শাস্ত্ৰী, অৰবিন্দন আৰু শিৱপ্ৰকাশন। পৰৱৰ্তী সময়ত ৰামানাধ শাস্ত্ৰী ৰামেশ্বৰম মন্দিৰৰ প্ৰধান পুৰোহিত হৈছিল, অৰবিন্দনে তীৰ্থযাত্ৰী সকলৰ যাতায়তৰ ব্যৱসায়ত হাত দিছিল, আৰু শিৱপ্ৰকাশনে দক্ষিণ ৰেলবিভাগৰ বাবে খাদ্য যোগানৰ কাম কৰিছিল।

4. How did Abdul Kalam earn his first wages?

উত্তৰঃ Abdul Kalam earned his first wages by distributing newspapers.
অসমীয়া অৰ্থঃ আব্দুল কালামে প্ৰথম আয় বাতৰি কাকত বিতৰণ কৰি উপাৰ্জন কৰিছিল।

5. Had he earned any money before that? In what way?

উত্তৰঃ Yes, he had earned money before that. He used to sell tamarind seeds to a provision shop on Mosque Street, for which he got one anna.
অসমীয়া অৰ্থঃ হয়, ইয়াৰ পূৰ্বেও তেখেতে পইচা উপাৰ্জন কৰিছিল। তেখেতে মস্ক ষ্ট্ৰীটৰ এখন পাইকাৰী দোকানত তেতেলীৰ গুটি বিক্ৰী কৰি পইচা অৰ্জন কৰিছিল যাৰ বাবে তেওঁ এক অনা (পইচা) পাইছিল।

II. Answer each of these questions in a short paragraph (30 words).

1. How does the author describe (i) his father (ii) his mother (iii) himself?

উত্তৰঃ (i) The author describes his father as a wise and generous person who felt happy helping others. He had great wisdom despite having no formal education.
(ii) His mother was a noble, kind-hearted, typical Indian woman who loved to feed a large number of people.
(iii) He was born into a middle-class Tamil family, a short boy with undistinguished looks, born to tall and handsome parents. He studied physics and aerospace engineering and became a scientist.
অসমীয়া অৰ্থঃ (i) লিখকে তেখেতৰ দেউতাকক এজন বুদ্ধিমান তথা দয়ালু মানুহ হিচাপে পৰিচয় কৰাইছে যিয়ে মানুহক সহায় কৰি ভাল পায়। যদিও তেখেতৰ আনুষ্ঠানিক শিক্ষা নাছিল তথাপিও তেখেত অতি জ্ঞানী আছিল।
(ii) তেখেতৰ মাক এগৰাকী দয়ালু ভাৰতীয় মহিলা আছিল যিয়ে আনক শুশ্ৰুষা কৰি ভাল পাইছিল।
(iii) তেখেতে এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, দেখিবলৈ অতি সাধাৰণ তথা চাপৰ আছিল যাতে পিতৃ-মাতৃ দেখনিয়াৰ আছিল। তেওঁ পাছলৈ পদাৰ্থ বিজ্ঞান আৰু এৰোস্পেচ অভিযান্ত্ৰিকী পঢ়ি বিজ্ঞানী হৈছিল।

2. What characteristics does he say he inherited from his parents?

উত্তৰঃ The author inherited humility and benevolence from his parents. He learned honesty and integrity from them. He was self-disciplined because of his parents' exemplary life.
অসমীয়া অৰ্থঃ লিখকে নিজৰ পিতৃ-মাতৃৰ পৰা নম্ৰতা তথা পৰোপকাৰিতাৰ গুণ লাভ কৰিছিল। তেখেতে তেওঁলোকৰ পৰা সৰলতা আৰু সাধুপৰায়ণতা শিকিছিল। তেওঁ নিজৰ পিতৃ-মাতৃৰ আদৰ্শময় জীৱনৰ বাবে নিয়মানুবৰ্তী আছিল।

III. Discuss these questions in class with your teacher and then write down your answer in two or three paragraphs each.

1. “On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups.” says the author.

(i) Which social groups does he mention? Were these groups easily identifiable? (for example, by the way they dressed)

উত্তৰঃ The author talks about people who belonged to various castes and followed different religious practices. Yes, they were easily identifiable because of their different dress, traditions, and culture.
অসমীয়া অৰ্থঃ লিখকে বিভিন্ন জাতি আৰু ধৰ্মীয় ৰীতি-নীতি পালন কৰা লোকৰ কথা উল্লেখ কৰিছে। হয়, তেওঁলোকক সহজে চিনাক্ত কৰিব পাৰি তেওঁলোকৰ সাজ-পাৰ, পৰম্পৰা আৰু সংস্কৃতিৰ জৰিয়তে।

(ii) Were they aware only of their differences or did they also naturally share friendships and experiences? (Think of the bedtime stories in Kalam's house, of who his friends were and of what used to take place in the pond near his house)

উত্তৰঃ They did share their personal experiences and friendships. Lakshmana Sastry summoned the teacher who separated the author and his friend in class and told him not to spread the poison of social inequality and communal hatred in the minds of innocent children.
অসমীয়া অৰ্থঃ তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু বন্ধুত্ব দুয়োটাই ভগাই লৈছিল। লক্ষ্মণ শাস্ত্ৰীয়ে সেই শিক্ষকজনক মাতি পঠিয়াইছিল যিয়ে লেখক আৰু তেওঁৰ বন্ধুজনৰ মাজত প্ৰভেদ আনিছিল। শাস্ত্ৰীয়ে তেখেতক কৈছিল যাতে তেওঁ বৰ্ণ বৈষম্যৰ বিষ শিশুসকলৰ মাজত নুসিচে।

(iii) The author speaks both of people who were very aware of the differences among them and those who tried to bridge these differences. Can you identify such people in the text?

উত্তৰঃ The school teacher encouraged communal differences, while Lakshmana Sastry and Sivasubramania Iyer discouraged this malpractice.
অসমীয়া অৰ্থঃ স্কুল শিক্ষকজনে বৰ্ণ বৈষম্যক সমৰ্থন কৰিছিল, আনহাতে লক্ষ্মণ শাস্ত্ৰীয়ে আৰু শিবসুব্ৰমণিয় আয়াৰে এই কু-প্ৰথাৰ বিৰোধিতা কৰিছিল।

2. Narrate two incidents that show how differences can be created and also how they can be resolved. How can people change their attitudes?

উত্তৰঃ Influential people can do both: create differences and resolve them. The new teacher in the school created a difference by asking Kalam to sit separately from his Brahmin friend. This incident shows how communal differences can be created. On the other hand, Lakshmana Sastry resolved this difference by summoning the teacher and warning him not to spread social inequality. Another incident is of Sivasubramania Iyer, a Brahmin science teacher, who invited Kalam to his home for a meal. His orthodox wife initially refused to serve Kalam in her kitchen, but Iyer did not give up. He served Kalam himself and later his wife changed her attitude and began inviting Kalam to her home. People can change their attitudes through interaction, education, and exposure to different cultures.
অসমীয়া অৰ্থঃ প্ৰভাৱশালী ব্যক্তিসকলে দুয়োটা কামেই কৰিব পাৰে – পাৰ্থক্য সৃষ্টি কৰা আৰু সেই পাৰ্থক্য দূৰ কৰা। নতুন শিক্ষকজনে কালামক তেওঁৰ ব্ৰাহ্মণ বন্ধুৰ পৰা আঁতৰাই বহুৱাই পাৰ্থক্য সৃষ্টি কৰিছিল। আনহাতে, লক্ষ্মণ শাস্ত্ৰীয়ে সেই শিক্ষকক মাতি সকীয়াই দিছিল যাতে তেওঁ শিশুৰ মনত সামাজিক বৈষম্যৰ বিষ নুসিচে। আন এক ঘটনা হৈছে শিবসুব্ৰমণিয় আয়াৰৰ, যিজন ব্ৰাহ্মণ বিজ্ঞান শিক্ষক আছিল, তেওঁ কালামক ঘৰলৈ ভাত খাবলৈ আমন্ত্ৰণ কৰিছিল। তেওঁৰ ৰক্ষণশীলা পত্নী প্ৰথমে কালামক নিজৰ ৰান্ধনীঘৰত খাবলৈ দিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু আয়াৰে হাৰ নামানিলে। তেওঁ নিজে কালামক খুৱাইছিল, আৰু পিছত তেওঁৰ পত্নীৰ ধাৰণা সলনি হৈছিল। মানুহে মতবিনিময়, শিক্ষা আৰু বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ জৰিয়তে নিজৰ মনোভাৱ সলনি কৰিব পাৰে।

3. Why did Abdul Kalam want to leave Rameswaram?

উত্তৰঃ Abdul Kalam wanted to leave Rameswaram to study at the district headquarters in Ramanathapuram.
অসমীয়া অৰ্থঃ আব্দুল কালামে ৰামানাথপুৰমৰ জিলা সদৰত পঢ়িবলৈ যাবৰ বাবে ৰামেশ্বৰম ত্যাগ কৰিব বিচাৰিছিল।

4. What did his father say to this?

উত্তৰঃ His father said that to grow, one had to go. He gave the example of a seagull that flies across the sun alone and without a nest.
অসমীয়া অৰ্থঃ তেওঁৰ দেউতাকে কৈছিল ডাঙৰ হ'বলৈ মানুহ ঘৰৰ পৰা আঁতৰলৈ যাবই লাগিব। তেওঁ এটা শালিক চৰাইৰ উদাহৰণ দিছিল যিয়ে সূৰ্য্যৰ সন্মুখেৰে অকলে আৰু বাহ নোহোৱাকৈ উৰি যায়।

5. What do you think his words mean? Why do you think he spoke these words?

উত্তৰঃ In order to hone his son's skills and prepare him for life, he spoke these words. He knew the harsh reality that children may have to live far from home to make their career and earn their livelihood. He wanted his son to be fearless and independent.
অসমীয়া অৰ্থঃ নিজ পুত্ৰৰ পাৰদৰ্শিতা তীক্ষ্ণ কৰি তোলাৰ বাবে আৰু তেওঁক জীৱনৰ বাবে প্ৰস্তুত কৰিবলৈ তেওঁ এই কথাবোৰ কৈছিল। তেওঁ জানিছিল যে কঠোৰ বাস্তৱত সন্তানসকলে নিজৰ কেৰিয়াৰ আৰু জীৱিকা অৰ্জনৰ বাবে ঘৰৰ পৰা আঁতৰত থাকিব লগা হয়। তেওঁ বিচাৰিছিল যে পুত্ৰ নিৰ্ভীক আৰু স্বাধীন হওক।

Word Meaning

  • generous = willing to give and share
  • humility = the quality of being humble
  • benevolence = kindness, goodwill
  • integrity = honesty, moral uprightness
  • segregation = separation of people based on caste, race, etc.
  • communal = relating to different communities or religious groups
  • pilgrim = a person who travels to a holy place
  • contractor = a person who supplies something on contract

✏️ Found an error or want to improve this?

Submit your improved version and earn reputation points!

Contribute