A Letter to God

admin Last Updated: Published:
SEBA/SCERT – Class 10 – English

A Letter to God Class 10 English Chapter 1 Question Answer | SEBA HSLC

This page provides complete solutions for Class 10 English Chapter 1 “A Letter to God” from the textbook First Flight. It includes word meanings, textbook questions and answers, and additional explanations for SEBA HSLC exam preparation.

Word Meaning

  • solitary = lonely, isolated
  • crops = plants grown for food
  • harvest = the process of gathering crops
  • hailstorm = a storm with falling hailstones
  • conscience = inner sense of right and wrong
  • peso = currency unit
  • postmaster = head of a post office
  • crook = dishonest person

Main Content

1. What did Lencho hope for?

উত্তৰঃ Lencho hoped for rain as it was much needed for a good harvest.
অসমীয়া অৰ্থঃ লেঞ্চই বৰষুণৰ বাবে আশা কৰি আছিল যিটো তাৰ খেতিডৰাৰ বাবে খুবেই প্ৰয়োজন আছিল।

2. Why did Lencho say the raindrops were like ‘new coins’?

উত্তৰঃ For Lencho, the raindrops were like ‘new coins’ as they promised him a good harvest resulting in more prosperity.
অসমীয়া অৰ্থঃ বৰষুণৰ টুপালবোৰ লেঞ্চৰ বাবে নতুন পইচাৰ দৰে আছিল কিয়নো ই তেখেতৰ খেতিডৰাক সমৃদ্ধিশালী কৰাৰ সপোন দেখাইছিল।

3. How did the rain change? What happened to Lencho’s fields?

উত্তৰঃ The rain who came with a new hope had changed into a hailstorm. A strong wind began to blow and huge hailstones began to fall along with the rain. All the crops in Lencho’s field got destroyed due to hailstorm.
অসমীয়া অৰ্থঃ নতুন আশা কঢ়িয়াই অনা বৰষুণজাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হ’ল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে, যাৰ ফলত লেঞ্চৰ পথাৰখনৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থাকিল।

4. What were Lencho’s feelings when the hail stopped?

উত্তৰঃ When the hail stopped Lencho was filled with grief as everything was ruined and there was nothing that could feed his family. He could see a bleak future for him and his family.
অসমীয়া অৰ্থঃ ধুমুহা শেষ হোৱা পাছত লেঞ্চৰ খং উঠিছিল কিয়নো ই সকলো ধ্বংস কৰি পেলাইছিল যাৰ ফলত তেওঁ পৰিয়ালক খুৱাবৰ বাবে একো বাছি নাথাকিলে। তেওঁ নিজৰ মাথো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল।

5. Who or What did Lencho have faith in? What did he do?

উত্তৰঃ Lencho had firm faith in God. He believed that God sees everything including one’s deep conscience and helps everyone in one’s problems. He wrote a letter to God demanding him a hundred pesos to his field again.
অসমীয়া অৰ্থঃ লেঞ্চৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলোৰে মনৰ ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওচৰত ১০০ টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে।

6. Who read the letter?

উত্তৰঃ The postmaster read the letter.
অসমীয়া অৰ্থঃ প’ষ্টমেনজনে চিঠিখন পঢ়িছিল।

7. What did the postmaster do then?

উত্তৰঃ The postmaster helped Lencho by sending money on behalf of God. Lencho had written a letter to God for money. The postmaster didn’t want to shake Lencho’s faith in God. So he collected money and sent it to Lencho.
অসমীয়া অৰ্থঃ ভগৱানৰ হৈ প’ষ্টমাষ্টৰজনে লেঞ্চৰ বাবে পইচা পঠাইছিল। লেঞ্চই ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি, সেইবাবে পষ্টমাষ্টজনে লেঞ্চৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা গোটাই লেঞ্চলৈ পঠিয়াছিল।

8. Was Lencho surprised to find a letter for him with money in it?

উত্তৰঃ No, Lencho was not surprised to find a letter for him with money in it, because he had full faith in God. He knew that God saw everything even in one’s conscience.
অসমীয়া অৰ্থঃ নাই, লেঞ্চই চিঠিখনৰ সৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল, কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ জানিছিল যে ভগৱানে সকলোৰে মনৰ ভিতৰৰ দূৰৱস্থাও বুজি পাই।

9. What made him angry?

উত্তৰঃ Lencho asked for hundred pesos from God. But God sent him only seventy pesos. It was not good on God’s part. This made him angry.
অসমীয়া অৰ্থঃ লেঞ্চই ভগৱানৰ পৰা এশ টকা বিচাৰিছিল। কিন্তু ভগৱানে মাত্ৰ সত্তৰ টকা দিছিল, যিটো ভগৱানৰ ক্ষেত্ৰত অসম্ভৱ হয়। এইটো কথাতে লেঞ্চৰ খঙ উঠিছিল।

Thinking about the Text

1. Who does Lencho have complete faith in? Which sentences in the story tell you this?

উত্তৰঃ Lencho has complete faith in God. The following sentences show his faith:

  • “But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope: help from God.”
  • “All through the night, Lencho thought only of his one hope: the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one’s conscience.”
  • “God could not have made a mistake, nor could he have denied Lencho what he had requested.”

অসমীয়া অনুবাদঃ লেঞ্চৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেওঁ সদায় শুনি আহিছিল যে ভগৱানে সকলোৰে কথা শুনে আৰু সহায় কৰে। পাঠটিৰ পৰা কেইটামান বাক্য তলত উল্লেখ কৰা হ’ল—

  • “এই সকলোবোৰৰ ভিতৰত অঞ্চলটোত নিগাজীকৈ বাস কৰা সিহঁতৰ মাজত ভগৱানৰ পৰা সহায় লাভ কৰা এক আশা আছিল।”
  • “গোটেই নিশা লেঞ্চই নিজৰ একমাত্ৰ আশাটিৰ কথা ভাবি আছিল যিটো আছিল ভগৱানৰ সহায়। কিয়নো তেওঁ সদায় শুনি আহিছিল যে ভগৱানে সকলোকে সহায় কৰে আৰু সকলোকে চাই থাকে।”
  • “ভগৱানে কেতিয়াও ভূল নকৰে আৰু তেওঁ লেঞ্চৰ লগতো কোনো অন্যায় নকৰে বুলি লেঞ্চৰ বিশ্বাস।”

2. Why does the postmaster send money to Lencho? Why does he sign the letter “God”?

উত্তৰঃ The postmaster does not want Lencho’s faith in God to be broken. He in fact feels proud that Lencho has such a great faith in God. He signs the letter as “God” to keep Lencho’s faith intact. If he does not do so, Lencho might think differently and his faith in God might shake.
অসমীয়া অৰ্থঃ পষ্টমাষ্টৰজনে কেতিয়াও বিচাৰা নাছিল যে লেঞ্চৰ ভগৱানৰ ওপৰৰ পৰা বিশ্বাসটো উঠি যাওক; বৰঞ্চ তেওঁ লেঞ্চৰ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাসক লৈ তেওঁ গৌৰৱ অনুভৱ কৰিছিল। সেইবাবে তেওঁ লেঞ্চৰ বাবে চিঠিখন লিখি পঠাওতে ভগৱানৰ নাম দি স্বাক্ষৰ কৰি দিছিল, কিয়নো তেনে নকৰা হ’লে লেঞ্চৰ হয়তো ভগৱানৰ ওপৰৰ পৰা বিশ্বাস উঠি গ’লহেঁতেন।

3. Did Lencho try to find out who had sent the money to him? Why/Why not?

উত্তৰঃ Lencho did not try to find out who had sent the money to him. It was because he had complete faith in God. Therefore he did not bother about the sender.
অসমীয়া অৰ্থঃ লেঞ্চলৈ কোনে পইচা পঠাইছিল তাৰ বিষয়ে কোনো অনুসন্ধান চলোৱা নাছিল কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ কেতিয়াও লেঞ্চক নিৰাশ নকৰে। সেয়েহে লেঞ্চই পইচা পঠিওৱা মানুহজনৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল।

4. Who does Lencho think has taken the rest of the money? What is the irony in the situation?

উত্তৰঃ Lencho thinks that the rest of the money have been taken by the employees of the post office because he had asked for a hundred pesos from God but received only seventy pesos with a letter from God. He believes God cannot make such a mistake, so he assumes that they have stolen the money.
The irony in the situation is that due to his full faith in God, Lencho suspects those people who actually helped him in his problem and tried to keep his faith alive.
অসমীয়া অৰ্থঃ লেঞ্চই ভাবিছিল যে তেওঁৰ বাকী পইচাকেইটা ডাকঘৰৰ মানুহে লৈ থৈছিল। কিয়নো তেওঁ ভগৱানক ১০০ টকা বিচাৰিছিল, মাত্ৰ ৭০ টকাহে তেওঁ পাইছিল আৰু লগত ভগৱানৰ স্বাক্ষৰিত এখন চিঠি। লেঞ্চৰ দৃঢ় বিশ্বাস আছিল যে ভগৱানে কেতিয়াও ভূল নকৰে গতিকে বাকী পইচাকেইটা চুৰ হোৱাটো নিশ্চিত। এই পৰিস্থিতিৰ আমোদজনক তথা আশ্চৰ্যজনক ঘটনা হ’ল যে লেঞ্চৰ ভগৱানৰ ওপৰত থকা অন্ধ বিশ্বাসে তেওঁক মনত সেইসকল ব্যক্তিৰ প্ৰতি সন্দেহৰ ভাব জন্মাইছিল যিসকল ব্যক্তিয়ে তেওঁক পইচা দি সহায় কৰিছিল যাতে তেওঁৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস অটুট থাকে।

5. Are there people like Lencho in the real world? What kind of a person would you say he is? You may select appropriate words from the box to answer the question. (Greedy, Naive, Stupid, Ungrateful, Selfish, Comical, Unquestioning)

উত্তৰঃ In this world of science, it is hard to find a person like Lencho who is unquestioning and naive by nature. He looks so stupid as he doesn’t understand who has sent him money and how his letter reached God without any address. It is Lencho’s faith in God. In the real world, people are selfish, greedy, and ungrateful, while Lencho is totally lovable and different.
অসমীয়া অৰ্থঃ বৰ্তমানৰ এই বিজ্ঞানৰ যুগত লেঞ্চৰ দৰে অপ্ৰশ্নসূচক সৰল মনৰ মানুহ বিচাৰি পোৱাটো অধিক কঠিন। তেওঁক কিছুমান মূহুৰ্তত মূৰ্খৰ দৰে দেখা গৈছিল যিহেতু তেওঁ সহায় লাভ কৰা মানুহবিলাককে সন্দেহ কৰিছিল চুৰ বুলি আৰু কোনোধৰণৰ ঠিকনা নোহোৱাকৈ ভগৱানক উদ্দেশি চিঠি লিখিছিল। একমাত্ৰ ভগৱানৰ ওপৰত থকা অন্ধবিশ্বাসৰ বাবে। পিছে আজিকালিৰ পৃথিৱীত স্বাৰ্থপৰ, অকৃতজ্ঞ মানুহহে পোৱা যায়। আৰু লেঞ্চ হৈছে ইয়াৰ সম্পূৰ্ণ ওলোটা প্ৰকৃতিৰ মৰমীয়াল।

6. There are two kinds of conflict in the story: between humans and nature, and between humans themselves. How are these conflicts illustrated?

উত্তৰঃ The conflict between humans and nature is illustrated by the destruction of Lencho’s crop by the hailstorm. Lencho was expecting a good rain to have a good harvest as that was the only hope he had for his earning. He worked hard to feed his family, but he became the victim of nature which destroyed his crop field.
The story also illustrates another conflict between humans themselves. After receiving Lencho’s letter to God, the postmaster along with the staff sent him the money which he asked from God in order to keep his belief in God. But Lencho blamed the staff of the post office for taking away the remaining money because he called them “a bunch of crooks”. It shows that man does not have faith in other man, thereby giving rise to this conflict.
অসমীয়া অৰ্থঃ মানুহ আৰু প্ৰকৃতিৰ মাজৰ বিবাদক বুজোৱা গৈছে লেঞ্চৰ খেতিডৰাৰ বিনষ্ট হোৱাক লৈ যি সংঘটিত হৈছিল প্ৰচণ্ড শিলাবৃষ্টি বাবে। লেঞ্চ বৰষুণৰ বাবে অপেক্ষা কৰি আছিল যিয়ে তেওঁৰ খেতিডৰাক ভাল কৰি তুলিব আৰু তেওঁৰ উপাৰ্জনৰ পথ মুকলি হ’ব। তেওঁ নিজ পৰিয়ালক খুৱাবৰ বাবে যথেষ্ট কষ্ট কৰিছিল। কিন্তু তেওঁ অৱশেষত গৈ প্ৰকৃতিৰ ৰোষত পৰিলগৈ যিয়ে তেওঁৰ সম্পূৰ্ণ খেতিডৰা নষ্ট কৰি পেলালে।
উক্ত পাঠটিতে মানুহৰ মাজত হোৱা বিবাদৰ কথা উল্লেখ আছে। ডাকঘৰৰ পষ্টমাষ্টৰজনে লেঞ্চই ভগৱানলৈ লিখা চিঠিখন লাভ কৰাৰ পাছত তেওঁ সহকমীসকলৰ সহায়ত লেঞ্চলৈ ৭০ টকা এখন চিঠিৰ লগত দি পঠালে যাতে লেঞ্চৰ বিশ্বাস অটুট থাকে। কিন্তু লেঞ্চই তেওঁলোককে সন্দেহ কৰিলে বাকী পইচাখিনি ডাকঘৰৰ কৰ্মচাৰীসকলে চুৰি কৰিলে বুলি।

Thinking about Language

There are different names in different parts of the world for storms, depending on their nature. Can you match the names in the box with their descriptions below, and fill in the blanks?

  • 1. cyclone – A violent tropical storm in which strong winds move in a circle.
  • 2. gale – An extremely strong wind.
  • 3. typhoon – A violent tropical storm with very strong wind.
  • 4. tornado – A violent storm whose centre is a cloud in the shape of a funnel.
  • 5. hurricane – A violent storm with very strong winds especially in the western Atlantic Ocean.
  • 6. whirlwind – A very strong wind that moves very fast in a spinning movement and causes a lot of damage.

অসমীয়া অৰ্থঃ
1. চাইক্ল’ন – সময়সাপেক্ষে বলা এক ঘূৰ্ণী বতাহ তথা ধুমুহা।
2. গেল – অতি শক্তিশালী ৰূপত বলা বতাহ।
3. টাইফোন – সময়সাপেক্ষে হোৱা তীব্ৰ বতাহৰ ধুমুহা।
4. টৰনেড – এক ভয়ানক ধুমুহা যাৰ উপত্তি স্থান হৈছে ডাৱৰ।
5. হাৰিকেন – শক্তিশালী বতাহৰ সহিতে অহা এক ভয়ানক ধুমুহা যি বিশেষকৈ আটলানটিক মহাসাগৰৰ পশ্চিম দিশত উপত্তি হয়।
6. ঘূৰ্ণি বতাহ – শক্তিশালী ভাবে বলা ঘূৰ্ণী বতাহ যি বিস্তৰ ক্ষতি সাধন কৰে।



Comments

Log in to leave a comment.

No comments yet. Be the first!