পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন

admin Last Updated:
SEBA/SCERT – Class 9 – Assamese

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন – Class 9 Assamese Chapter 10 Question Answer

শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX)
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপৰ নাম (Book) সাহিত্য চয়নিকা (Sahitya Chayanika)
পাঠ (Lesson – 10) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঞি
পাঠ্যক্ৰম ছেবা (SEBA)

পাঠটোৰ সাৰাংশ

“পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন” পাঠটোত ৰাজস্থানৰ পিপলান্ত্ৰি গাঁৱৰ এক আশ্চৰ্যকৰ পৰিৱৰ্তনৰ কাহিনী বৰ্ণনা কৰা হৈছে। মাৰ্বল খনিয়ে ধ্বংস কৰা এই গাঁওখন শ্যাম সুন্দৰ পালিৱাল নামৰ এজন দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বত পুনৰ সেউজ আৰু সমৃদ্ধ হৈ উঠে। তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত ‘কিৰণ নিধি যোজনা’ৰ আৰম্ভণি কৰি গাঁওখনত কন্যা সন্তান সুৰক্ষা, পৰিৱেশ সংৰক্ষণ, পানী সঞ্চয় আৰু কৃষিৰ এক সুদৃঢ় ব্যৱস্থা গঢ়ি তোলে। আজি এই গাঁওখন পৰিবেশৰ বাবে আৰু কন্যা শিশুৰ প্ৰতি থকা সংবেদনশীলতাৰ বাবে সমগ্ৰ বিশ্বতে আদৰ্শ হৈ পৰিছে।

গুৰুত্বপূৰ্ণ শব্দাৰ্থ

  • মুখিয়াল = গাঁৱৰ মুৰব্বী; নেতা।
  • পিপলান্ত্ৰি = ৰাজস্থানৰ এক আদৰ্শ গাঁও।
  • কিৰণ নিধি যোজনা = কন্যা শিশুৰ নামত গছ ৰোপণ আৰু আৰ্থিক সঞ্চয়ৰ আঁচনি।
  • মাৰ্বল = এবিধ মূল্যবান পাথৰ।
  • উৰ্বৰা শক্তি = মাটিৰ উৎপাদন ক্ষমতা।
  • ভূ-গৰ্ভৰ পানী = মাটিৰ তলৰ পানী।
  • সামাজিক মাধ্যম = ফেচবুক, ইউটিউব আদি যোগাযোগৰ মাধ্যম।

পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। চমুকৈ উত্তৰ লিখা।

(ক) ৰাজপুত বীৰ ৰাণা প্ৰতাপৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ ৰাজস্থানৰ উদয়পুৰত।

(খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত?

উত্তৰঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত।

(গ) কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল?

উত্তৰঃ গছ ৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে।

(ঘ) পৃথিৱীৰ কিছু দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে।

উত্তৰঃ বিদেশৰ কিছু দেশত ইয়াৰ কাহিনী শিক্ষামূলক পাঠ হিচাপে ব্যৱহাৰ কৰা হৈছে।

(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ বিদেশী চলচ্চিত্ৰ নিৰ্মাতাসকলে।

(চ) কিৰণ কোন আছিল?

উত্তৰঃ পিপলান্ত্ৰি গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল।

(ছ) ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?

উত্তৰঃ গছত ৰক্ষা সূত্ৰ (ৰাখী) বান্ধে।

(জ) কিৰণ যোজনাৰ আঁৰৰ মানুহজন কোন?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল।

(ঝ) কোনোবা এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?

উত্তৰঃ মৃতকৰ স্মৃতিত ১১ জোপা গছপুলি ৰোপণ কৰে।

২। পিপলান্ত্ৰি গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল?

উত্তৰঃ পিপলান্ত্ৰি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্ৰকৃতি ধ্বংস হ’বলৈ ধৰে। খনিবোৰত দিনে-নিশাই কাম চলাৰ ফলত পৰিবেশ দূষিত হয়। গছ-গছনি কমি অহাত বৰষুণৰ পৰিমাণ কমি যায় আৰু পৰিবেশ অধিক দূষিত হৈ পৰে।

৩। শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাঁওখন বিশ্বজুৰি খ্যাতি লাভ কৰাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল ৰাজস্থানৰ পিপলান্ত্ৰি গাঁৱৰ এজন আদৰ্শ ব্যক্তি। মাত্ৰ ছয় বছৰ বয়সতে মাতৃ হেৰুওৱা তেওঁ জীৱন-সংগ্ৰামত গাঁও এৰি গৈছিল যদিও পিছত মাৰ্বল খনিয়ে বিধ্বস্ত কৰা গাঁওখনলৈ ঘূৰি আহি পুনৰুদ্ধাৰত নামি পৰে। ২০০৫ চনত তেওঁ গাঁওখনৰ মুখিয়াল হয়। তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত ‘কিৰণ নিধি যোজনা’ আৰম্ভ কৰে, যাৰ মাজেৰে কন্যা সন্তানৰ নামত গছ ৰোপণ, পানী সংৰক্ষণ, পৰিৱেশ ৰক্ষা আদি নিয়ম প্ৰৱৰ্তন কৰে। তেওঁৰ নেতৃত্বত গাঁওখন পুনৰ সেউজ হৈ উঠে আৰু বিশ্বৰ বাবে আদৰ্শ হৈ পৰে।

৪। ‘কিৰণ নিধি যোজনা’ কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱত মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত আৰম্ভ কৰা এক পৰিৱেশ আৰু কন্যা সন্তান সুৰক্ষাৰ আঁচনি। এই যোজনাৰ অধীনত প্ৰতি কন্যা সন্তানৰ নামত ১১১টা গছপুলি ৰোপণ কৰা হয়। গাঁওবাসীয়ে চাৰিটা দায়িত্ব পালন কৰিব লাগে—
১। কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ডাঙৰ-দীঘল কৰা,
২। পানী সংৰক্ষণ কৰা,
৩। গছ-গছনি ৰুই প্রতিপালন কৰা,
৪। খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা।

৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তান সুৰক্ষাৰ বাবে নিম্নলিখিত আঁচনি লৈছিল—
➢ কন্যা ভ্ৰুণ হত্যা নিষিদ্ধ,
➢ প্ৰতি কন্যা সন্তানৰ নামত ১১১টা গছপুলি ৰোপণ,
➢ কন্যা সন্তানক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰি,
➢ বাল্যবিবাহ নিষিদ্ধ,
➢ কন্যা সন্তানৰ নামত বেংকত ৩১,০০০ টকা (ৰাইজে ২১,০০০ আৰু পিতৃ-মাতৃয়ে ১০,০০০) জমা কৰি সেই টকা কেৱল শিক্ষা আৰু বিবাহৰ বাবেহে খৰচ কৰিব পাৰি,
➢ এই নিয়মসমূহ ষ্টাম্প পেপাৰত চুক্তি স্বাক্ষৰ কৰি গাঁওবাসীয়ে প্ৰতিশ্ৰুতি দিয়ে।
ইয়াৰ দ্বাৰা সমাজত কন্যা সন্তানৰ প্ৰতি ইতিবাচক মনোভাব গঢ়ি তোলে।

৬। পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল, পাঠৰ সহায়ত লিখা।

উত্তৰঃ কিৰণ নিধি যোজনাৰ আঁচনি অনুসৰি প্ৰতি কন্যা সন্তানৰ লগত ১১১টা গছপুলি ৰোপণ কৰা হয় আৰু গছপুলি কন্যাজনীৰ দৰেই যত্নেৰে ডাঙৰ-দীঘল কৰা হয়। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰক্ষা সূত্ৰ (ৰাখী) বান্ধে। এইদৰে গছ আৰু মানুহৰ মাজত পাৰস্পৰিক যত্ন আৰু সংযোগ গঢ় লৈ উঠে। পানী সংৰক্ষণ আৰু গছ-গছনিৰ বাবে পৰিবেশ সুস্থ হৈ উঠে। গছবোৰ গাঁৱৰ সামূহিক সম্পত্তি হিচাপে গণ্য কৰা হয়, যাৰ ফলত মানুহ-প্ৰকৃতিৰ এক গভীৰ আত্মিক সম্পৰ্ক সৃষ্টি হয়।

৭। পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কেনেকৈ প্ৰচাৰ হৈছে?

উত্তৰঃ পিপলান্ত্ৰি গাঁও চাবলৈ অহা বিভিন্ন প্ৰান্তৰ মানুহ আৰু চৰকাৰী প্ৰতিনিধিৰ জৰিয়তে সফলতাৰ কাহিনী প্ৰচাৰিত হৈছে। বহুতো তথ্যচিত্ৰ আৰু ‘পিপলান্ত্ৰি’ নামৰ এখন হিন্দী ছবিও নিৰ্মাণ হৈছে। বিদেশৰ কিছু দেশত ইয়াৰ কাহিনী শিক্ষামূলক পাঠ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজস্থান চৰকাৰে সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত ইয়াৰ বিষয়ে অন্তৰ্ভুক্ত কৰিছে।

৮। পিপলান্ত্ৰি গাঁওখন কিয় আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক?

উত্তৰঃ পিপলান্ত্ৰি গাঁওখন পৰিৱেশ ধ্বংসৰ পৰা নিজৰ প্ৰচেষ্টাৰে পুনৰুজ্জীবিত হৈ বিশ্বৰ বাবে আদৰ্শ হৈ পৰিছে। শ্যাম সুন্দৰ পালিৱালৰ দূৰদৰ্শী নেতৃত্বত গাঁওবাসীয়ে কন্যা সন্তানৰ অধিকাৰ, পৰিৱেশ সংৰক্ষণ, পানী ব্যৱস্থাপনা আৰু কৃষিত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছে। ইয়াত গছ আৰু মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ এক মৰ্মস্পৰ্শী উদাহৰণ সৃষ্টি হৈছে।
শিক্ষণীয় দিশসমূহ—
➢ যৌথ প্ৰচেষ্টাৰে যিকোনো সংকট অতিক্ৰম কৰিব পাৰি।
➢ কন্যা সন্তানক সমান অধিকাৰ দিলে সমাজ সমৃদ্ধ হয়।
➢ পৰিৱেশ সংৰক্ষণ আৰু পানী সঞ্চয় জীৱনৰ অতি জৰুৰী অংশ।
➢ এজন মানুহৰ দৃঢ় সংকল্পে সমগ্ৰ গাঁৱৰ ভাগ্য সলনি কৰিব পাৰে।

৯। বহলাই বুজাই লিখা ।

(ক) বাৰটা মাহত তেৰটা খেতি।

উত্তৰঃ পানীৰ অভাৱ আৰু কাৰ্যপদ্ধতিৰ অভাৱত বহু ঠাইত মানুহে বছৰি সীমিত খেতি কৰিবলৈ বাধ্য হয়। কিন্তু পিপলান্ত্ৰি গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত পানী সংৰক্ষণ আৰু গছ-গছনি ৰোপণৰ ফলত মাটি সাৰুৱা হৈ পৰে। গাঁওবাসীয়ে গোটেই বছৰ ধৰি বিভিন্ন শস্য উৎপাদন কৰিবলৈ সক্ষম হয়। সেয়েহে “বাৰটা মাহত তেৰটা খেতি” উক্তিটোৱে ইয়াত অতি উৎপাদনশীলতা আৰু নিয়মীয়া কৃষি কাৰ্য বুজায়।

(খ) স্বচ্ছ ভাৰত অভিযান।

উত্তৰঃ ২০১৪ চনত ভাৰত চৰকাৰে আৰম্ভ কৰা ‘স্বচ্ছ ভাৰত অভিযান’ হৈছে দেশখন পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখাৰ এক বৃহৎ জনঅভিযান। ইয়াৰ মূল লক্ষ্য মুকলি স্থানত শৌচ-প্ৰস্ৰাৱ বন্ধ কৰা, প্ৰতিঘৰে শৌচালয় নিৰ্মাণ কৰা, আৰু নাগৰিকসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সচেতন কৰা। এই অভিযানত চৰকাৰী-বেচৰকাৰী সকলো স্তৰৰ লোকে অংশগ্ৰহণ কৰিছে।

(গ) সামাজিক মাধ্যম।

উত্তৰঃ ইউটিউব, ফেচবুক, টুইটাৰ আদি প্লেটফৰ্মক সামাজিক মাধ্যম বোলে। ইয়াৰ জৰিয়তে কোনো তথ্য বা ঘটনা তৎক্ষণাৎ দেশ-বিদেশৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব পাৰি। সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমেও প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাষা-বিষয়ক

১০। বাক্য ৰচনা কৰা :

উত্তৰঃ
হাতে-কামে: মুখেৰে কৈ থাকিলে নহয়, হাতে-কামে কৰি দেখুৱাব লাগে।
নিয়মশৃংখলা: সকলো ক্ষেত্ৰতে নিয়ম-শৃংখলা মানি কাম কৰিব লাগে।
দিনে-নিশাই: অকণো জিৰণি নোহোৱাকৈ দিনে-নিশাই কাম কৰি থাকিলে দেহা ৰুগীয়া হয়।
খেতি-বাতি: খেতিয়কে খেতি-বাতিত মনপুতি লাগিলেহে খেতি ভাল কৰিব পাৰে।
আনন্দ-উল্লাস: স্বচ্ছ ভাৰত অভিযান অনুসৰি কাম কৰাত গাঁওখনে পুৰস্কাৰ লাভ কৰাত সকলোৰে মনত আনন্দ-উল্লাসে ভৰি পৰিছে।
ডাঙৰ-দীঘল: ল’ৰা সন্তানৰ দৰেই কন্যা সন্তানক লালন-পালন কৰি ডাঙৰ-দীঘল কৰিব লাগে।
সুখ-সমৃদ্ধি: কঠোৰ পৰিশ্ৰম কৰাৰ ফলত ঘৰখনলৈ পুনৰ সুখ-সমৃদ্ধি আহি পৰিছে।

১১। কিয় মূৰ্ধন্য ‘ণ’ হৈছে লিখা : বৰষুণ, পৰিমাণ, ৰূপায়ণ।

উত্তৰঃ
বৰষুণ: মূৰ্ধন্য ‘ষ’ৰ পিছৰ ‘ন’ মূৰ্ধন্য ‘ণ’ হয় কাৰণে।
পৰিমাণ: ‘ৰ’ৰ পিছৰ ‘ন’ মূৰ্ধন্য ‘ণ’ হয় কাৰণে।
ৰূপায়ণ: ‘য়’ৰ পিছৰ ‘ন’ মূৰ্ধন্য ‘ণ’ হয় কাৰণে।

১২। তলৰ শব্দবােৰৰ প্ৰতিটোৰ একোটাকৈ সমাৰ্থক শব্দ লিখা : মুক্ত, বায়ু, বৃহৎ, পানী, গছ, চকু, গাঁও।

উত্তৰঃ
মুক্ত = স্বাধীন
বায়ু = বতাহ
বৃহৎ = ডাঙৰ
পানী = জল
গছ = বৃক্ষ
চকু = চক্ষু, নয়ন
গাঁও = গ্ৰাম

১৩। তলৰ উপসর্গ কেইটিৰে একোটিকৈ শব্দ গঠন কৰা : প্রতি, অধি, উপ, অৱ, দুৰ।

উত্তৰঃ
প্রতি – প্রতিকাৰ, প্রতিদিন
অধি – অধিকাৰ, অধ্যয়ন
উপ – উপকাৰ, উপদেশ
অৱ – অৱতৰণ, অৱসাদ
দুৰ – দুৰ্নীতি, দুৰ্ভিক্ষ

অতিৰিক্ত প্ৰশ্নোত্তৰ

(ক) ৰাজস্থানৰ ৰাজধানী কি?

উত্তৰঃ জয়পুৰ।

(খ) পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন বুলি কোনখন গাৱৰ কথা কৈছে?

উত্তৰঃ ৰাজস্থানৰ ‘পিপলান্ত্ৰি’ নামৰ গাঁওখন।

(গ) উদয়পুৰ কাৰ জন্মস্থান বুলি কৈছে?

উত্তৰঃ মহাৰাণা প্ৰতাপ।

(ঘ) উদয়পুৰ কোন জিলাৰ অন্তৰ্গত?

উত্তৰঃ ৰাজছমন্দ জিলাৰ।

(ঙ) গছ ৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কোনখন গাঁও গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল?

উত্তৰঃ ৰাজস্থানৰ পিপলান্ত্ৰি গাঁওখন।

(চ) পিপলান্ত্ৰি গাঁওখন পুনৰ জীয়াই তোলাৰ আঁৰত কোন আছিল?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল।

(ছ) কোন কোন শ্ৰেণীত ৰাজস্থানৰ শিক্ষা বিভাগে পিপালান্ত্ৰি গাঁওৰ বিষয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে?

উত্তৰঃ সপ্তম আৰু অষ্টম শ্ৰেণীৰ।

(জ) পিপালান্ত্ৰি গাঁওখনক লৈ নিৰ্মাণ কৰা হিন্দী ছবিখনৰ নাম কি?

উত্তৰঃ “পিপলান্ত্ৰি”।

(ঝ) শ্যাম সুন্দৰ পালিৱালৰ মৃত কন্যাজনীৰ নাম কি আছিল?

উত্তৰঃ কিৰণ।

(ঞ) শ্যাম সুন্দৰ পালিৱালে তেওঁৰ কিমান বছৰ বয়সত মাতৃক হেৰুৱাইছিল?

উত্তৰঃ ছয় বছৰ বয়সত।

(ট) গাঁৱৰ মুখিয়াল হিচাপে শ্যাম সুন্দৰ পালিৱালে কিমান চনৰ পৰা কিমান চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰঃ ২০০৫ চনৰ পৰা ২০১০ চনলৈ।

(ঠ) শ্যাম সুন্দৰ পালিৱালে মৃত কন্যাৰ স্মৃতিত কি কৰিছিল?

উত্তৰঃ এটি গছপুলি ৰুইছিল আৰু ‘কিৰণ নিধি যোজনা’ৰ সূচনা কৰিছিল।

(ড) গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে কি কৰিব লাগিছিল?

উত্তৰঃ ১১১ টাকৈ গছপুলি ৰুব আৰু প্রতিপাল কৰিব লাগিছিল।

(ট) পিপলান্ত্ৰি গাঁৱত ‘কিৰণ নিধি যোজনা’ কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱালে।

(৭) পিপলান্ত্ৰি গাঁৱত একোজনী কন্যা সন্তানৰ নামত ৰাইজে কিমান টকা বেংকত স্থায়ী জমা ৰাখিছিল?

উত্তৰঃ ৩১ হাজাৰ টকা।

(ত) এজনী কন্যা সন্তানৰ নামত বেংকত জমা ৰখা ৩১ হাজাৰ টকা কি উদ্দেশ্যত খৰচ কৰিব পাৰিছিল?

উত্তৰঃ কন্যাজনীৰ শিক্ষা আৰু বিবাহৰ ক্ষেত্ৰত।

(থ) এজনী কন্যা সন্তানৰ নামত বেংকত জমা ৰখা ৩১ হাজাৰ টকা বেংকত কেনেকৈ জমা কৰিছিল?

উত্তৰঃ ৰাইজে ২১ হাজাৰ আৰু পিতৃ-মাতৃ তথা অভিভাৱকে ১০ হাজাৰ মুঠ ৩১ হাজাৰ বেংকত জমা ৰাখিছিল।

(দ) পিপলান্ত্ৰি গাঁৱৰ অধিবাসীৰ সংখ্যা কিমান?

উত্তৰঃ ৮০০০ৰ অধিক।

(ধ) কোনে কেতিয়া গছত ৰছী বান্ধিছিল?

উত্তৰঃ পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে ৰাখীবন্ধনৰ দিনা গছত ৰক্ষা সূত্ৰ (ৰাখী) বান্ধিছিল।

(ন) ভাৰতৰ কোন ৰাষ্ট্ৰপতিয়ে পিপলান্ত্ৰি গাঁৱলৈ গৈছিল আৰু ৰাষ্ট্ৰপতি পুৰস্কাৰ আগবঢ়াইছিল?

উত্তৰঃ ২০০৭ চনত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ড° এ. পি. জে. আব্দুল কালামে।

(প) কিমান চনত ভাৰত চৰকাৰে “স্বচ্ছ ভাৰত অভিযান” আৰম্ভ কৰিছিল?

উত্তৰঃ ২০১৪ চনত।

(ফ) “ইউনিয়ন বেংক অব ইণ্ডিয়াই পিপলান্ত্ৰি গাঁৱত ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে কিমান টকা আগবঢ়াইছিল?

উত্তৰঃ ৬০ লাখ টকা।

২। পিপলান্ত্ৰি গাঁওখন এসময়ত কেনে দুখ লগা অৱস্থা হৈছিলগৈ?

উত্তৰঃ এসময়ত পিপলান্ত্ৰি গাঁও মাৰ্বল খনিৰ বাবে পৰিবেশ দূষণ, পানী সংকট, কৃষিৰ উৰ্বৰা শক্তি হ্ৰাস আৰু দৰিদ্ৰতাৰ সন্মুখীন হৈছিল। ভূ-গৰ্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। গছ-গছনি ধ্বংস হৈ বৰষুণ কমি গৈছিল। যুৱক-যুৱতীসকলে কামৰ সন্ধানত জয়পুৰ, মুম্বাই আদি চহৰলৈ পলাই গৈছিল। গোটেই গাঁওখন ধ্বংসৰ মুখত পৰিছিল।

৩। পিপলান্ত্ৰি গাঁৱৰ প্ৰতি কৰা চৰকাৰৰ উন্নয়নমূলক কামৰ উল্লেখ কৰা।

উত্তৰঃ ৰাজস্থান চৰকাৰে পৰিবেশ দূষণৰ বাবে মাৰ্বল খনি বন্ধ কৰি দিয়ে। গাঁওখনৰ ৰাস্তা পকী কৰি দিয়ে। বিদ্যালয় স্থাপন কৰে। পৰৱৰ্তী সময়ত ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত শৌচালয় নিৰ্মাণ, পানী সংৰক্ষণৰ বাবে চৰকাৰী সহায় আগবঢ়ায়।



Comments

Log in to leave a comment.

No comments yet. Be the first!