প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতা Class 9 Assamese Lesson 4
| শ্ৰেণী | নৱম শ্ৰেণীৰ (IX) |
| বিষয় | অসমীয়া (Assamese) |
| কিতাপৰ নাম | সাহিত্য চয়নিকা (Sahitya Chayanika) |
| উপলব্ধ | প্ৰশ্নৰ উত্তৰ (Question Answer) |
| পাঠ (Lesson) | প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক |
| মাধ্যম | অসমীয়া |
| পাঠ্যক্ৰম | ছেবা (SEBA) |
পাঠটোৰ সাৰাংশ
“প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক” কবিতাটি ড° ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত। কবিয়ে এই কবিতাত মানৱতাৰ কল্যাণৰ বাবে ধুমুহা, বজ্ৰ আৰু আকাশৰ পৰা প্ৰতীকীভাৱে শক্তি আৰু প্ৰেৰণা গ্ৰহণ কৰিছে। কবিৰ মনত দানৱসদৃশ নিষ্ঠুৰ সমাজত মানুহৰ বাবে গীত গাই এক সুস্থ, শান্তিময় মানৱ সমাজ গঢ়াৰ প্ৰবল ইচ্ছা আছে। ইয়াৰ বাবে তেওঁ আকাশৰ বিশালতা, ধুমুহাৰ প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ উদাত্ত কণ্ঠ লাভ কৰে। এই শক্তিৰে সজ্জিত হৈ কবি মূমূৰ্ষ মানৱক জীৱনৰ শক্তি আৰু উদ্যম দিবলৈ ইচ্ছা প্ৰকাশ কৰে। কবিতাটোৰ মূল ভাৱ হ’ল— প্ৰকৃতিৰ শক্তিৰ প্ৰতীকী গ্ৰহণেৰে মানৱতাৰ গীত গাই সমাজত পৰিৱৰ্তন আনা সম্ভৱ।
পাঠভিত্তিক প্ৰশ্নাৱলী
ভাব-বিষয়ক
১। অতি চমুকৈ উত্তৰ দিয়া :
(ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
উত্তৰঃ কবি ভূপেন হাজৰিকাই আকাশক সংকীর্ণতা এৰি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।
(খ) কবিৰ প্রাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল ?
উত্তৰঃ কবিৰ প্ৰাপ্য কি বুলি প্রচণ্ড ধুমুহাই প্রশ্ন কৰিছিল।
(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ কবিক বিশাল দৃষ্টি মহাকাশে দিলে।
(ঘ) মূমূর্ষ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতাে যদি দিব পাৰোঁ
-ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
উত্তৰঃ ইয়াত ‘বিদ্যুৎ’ শব্দই প্ৰাণশক্তিৰ কথা বুজাইছে।
(ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল?
উত্তৰঃ প্রচণ্ড ধুমুহাই কবিৰ প্রাপ্য কি বা কবিৰ কি লাগে বুলি প্ৰশ্ন কৰিছিল।
২। বজ্ৰই কবিক কি কি দিলে?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে।
৩। কবিয়ে সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে সকলোকে সমভাৱে দান কৰা আৰু সংকীর্ণতা ত্যাগ কৰাকে বুজাব খুজিছে।
৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে। চমুকৈ বর্ণনা কৰা।
উত্তৰঃ কবিয়ে উদাত্ত কণ্ঠৰ দ্বাৰা গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে। অৰ্থাৎ কবিয়ে বজ্ৰৰ পৰা কণ্ঠ আৰু ধুমুহাৰ পৰা শক্তি লাভ কৰি এখন সুস্থ সবল শান্তিৰে ভৰা সমাজৰ হকে গান গাবলৈ মন মেলিছে।
৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱসদৃশ নিষ্ঠুৰ সমাজত মানৱতাৰ গীত গাবলৈ সাজু হৈছে। কবি আশাবাদী যে তেওঁৰ গীতৰ শক্তিৰে দানৱক নাশি প্রকৃত মানৱতাবাদী সমাজ প্রতিষ্ঠা কৰিব পাৰিব।
৬। আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্রণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ সমাজৰ নিঃকিন দুর্বল আৰু দানৱসদৃশ নিষ্ঠুৰতাৰ কবলত পৰি যন্ত্রণা ভােগ কৰি থকা মানুহক সেৱা কৰিবলৈ কবিৰ প্ৰৱল ইচ্ছা আছে। ইয়াৰ বাবে কবিৰ শক্তিৰ প্ৰয়ােজন। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহস আৰু ধুমুহা বতাহৰ পৰা প্রচণ্ড শক্তি প্ৰতীকীভাৱে গ্ৰহণ কৰি সিহঁতক শতবাৰ প্রণিপাত জনাইছে যাতে কবিয়ে সেই শক্তিৰে বলীয়ান হৈ মানুহৰ বাবে গান গাব পাৰে।
৭। তাৎপৰ্য ব্যাখ্যা কৰা :
(ক) বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক’লে
তােমাৰ কাম্য কি কোৱা।
মই ক’লাে, বজ্ৰ তােমাৰ
শক্তিশালী উদাত্ত কণ্ঠ দিয়া।
উত্তৰঃ উক্ত কবিতাফাঁকি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই মােক প্রশ্ন কৰিলে’ নামৰ গীতিকবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ মাজেদি কবিয়ে মানুহৰ বাবে গীত গাবলৈ উদাত্ত কণ্ঠ বিচাৰি বজ্ৰক প্ৰতীকী আহ্বান জনাইছে।
কবি মানৱপ্রেমী। মানুহক সেৱা কৰা, দানৱসদৃশ নিষ্ঠুৰতাৰ পৰা মানুহক উদ্ধাৰ কৰা আৰু এক শান্তিময় মানৱ সমাজ গঢ়াৰ বাবে কবিয়ে মনত তীব্র ইচ্ছা পুহি ৰাখিছে। কবিয়ে জানে যে তেওঁ এক অদম্য শক্তি অবিহনে এই কাম কৰিব নােৱাৰে। গতিকে সি বজ্ৰক তাৰ শক্তিশালী উদাত্ত কণ্ঠ দান কৰিবলৈ আহ্বান জনাইছে যাতে দি সেই উদাত্ত কণ্ঠৰে গীত গাই মানুহক প্ৰেৰণা যােগাব পাৰে।
(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছই
সংকীর্ণতা এৰি দিয়া
অৱদানৰূপে তােমাৰ পূর্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।
উত্তৰঃ উক্ত কবিতাফাঁকি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে আকাশৰ বিশালতাখিনি পাবলৈ কামনা কৰিছে।
কবিয়ে মানুহক অতি ভালপায় আৰু মানু কল্যাণ সাধন কৰিব বিচাৰে। আকাশে তেওঁক সংকীর্ণতা ত্যাগ কৰি বিশালতা অৰ্জনৰ প্ৰেৰণা দিয়ে। সেয়ে কবিয়ে আকাশক ইয়াৰ বিশালতাখিনি কবিক দান কৰিবলৈ আহ্বান জনাইছে যাতে সি সেই বিশালতাবােৰ মানুহ মাজত বিলাই দি মানুহক সংকীর্ণতাৰ পৰা তুলি ধৰিব পাৰে।
(গ) মহাকাশে দিলে মােক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তি
বজ্ৰই দিলে মােক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি গীতি কবি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ নামৰ গীতি-কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে প্রকৃতিৰ কোন কোন উৎসৰ পৰা কি কি বস্তু বা শক্তি লাভ কৰিলে তাক উক্ত কবিতাফাঁকিৰ মাজেদি প্রকাশ কৰিছে।
কবি মানৱ দৰদী। মানুহৰ কল্যাণ সাধন কৰাই কবিৰ মনৰ উদম্য বাসনা। কিন্তু দানৱসদৃশ সমাজত মানুহৰ বাবে কিবা কৰিবলৈ কবিৰ শক্তিৰ প্ৰয়ােজন। সেয়ে কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা সিহঁতৰ শক্তি কবিক দিবলৈ আহ্বান জনাইছে। কবিয়ে কল্পনাৰ মাধ্যমেই এই শক্তিসমূহ লাভ কৰা বুলি প্ৰকাশ কৰিছে। আকাশে কবিক নিজৰ বিশালতা দিলে, ধুমুহাই প্ৰচণ্ড শক্তি দিলে আৰু বজ্ৰই উদাত্ত কণ্ঠ আৰু সাহস দিলে। কবিয়ে প্রকৃতিৰ বিভিন্ন উৎসৰ পৰা পােৱা এই শক্তিৰ বলীয়ান হৈ গীত গাই তাৰ জৰিয়তে মানুহক প্ৰেৰণা যােগাবলৈ প্ৰৱল হাবিয়াস কৰিছে।
(ঘ) মূমূর্ষ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতাে যদি দিব পাৰোঁ
আকাশ, ধুমুহ আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি গীতিকবি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবি মানৱপ্রেমী। কবিয়ে দানৱসদৃশ সমাজত মানুহৰ বাবে এক শান্তিপূর্ণ মানৱ সমাজ গঢ়াৰ বাঞ্ছা কৰিছে। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ বিচাৰিছে। কবিৰ কামনাত সিহঁতে সিহঁতৰ বিশেষত্ববােৰ কবিক দি দিয়ে। কবিয়ে সিহঁতৰ শক্তিৰে বলীয়ান হৈ মানুহৰ মুক্তি আৰু কল্যাণৰ হকে গীত গাব বিচাৰে। কবিয়ে ভাৱে যে যদিহে কবিয়ে নিজৰ গীতৰ জৰিয়তে মানৱ সমাজৰ কিঞ্চিতমানাে উপকাৰ সাধন কৰিব পাৰে তেন্তে তাৰ বাবে কবি আকাশ, ধুমুহা আৰু বজ্ৰৰ প্রতি কৃতজ্ঞ হৈ থাকিব কাৰণ কবিয়ে উক্ত তিনিটা উৎসৰ পৰাই গীত গােৱাৰ শক্তি লাভ কৰিছিল।
ভাষা-বিষয়ক
১। তলত দিয়া শব্দবােৰৰ সমার্থক শব্দ লিখা :
উত্তৰঃ
| শব্দ | সমার্থক শব্দ |
|---|---|
| ধুমুহা | পৱন, বৰদৈচিলা, ঘূর্ণিবতাহ, চক্রবাত, মাৰুত |
| বুকু | বক্ষ, বক্ষঃস্থল |
| কাম্য | অভিলাষ, আশা, আকাঙক্ষা, বাসনা, কামনা |
| সংকীর্ণতা | সৰু মন, অনুদাৰতা |
| বিশাল | সুবিশাল, বিপুল, বিৰাট, প্রকাণ্ড, ইলাহি, ডাঙৰ |
| দানৱ | দৈত্য, অসুৰ, দনুজ, সুৰাৰি, ৰাক্ষস |
| প্রণিপাত | প্রণাম, প্রণতি, নমস্কাৰ, চৰণসেৱা, পদসেৱা |
| সিক্ত | আর্দ্র, সজল, জলসিক্ত, বর্যাস্নাত, জলময়, তিতা, ভিজা |
২। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে।
কণ্ঠ, পূর্ণ, প্রচণ্ড, সংকীর্ণতা, প্রণিপাত।
উত্তৰঃ
- কণ্ঠ = ট-বৰ্গীয় ধ্বনিৰ প্ৰভাৱত দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
- পূর্ণ = ‘ৰ’ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
- প্রচণ্ড = ট-বৰ্গীয় ধ্বনিৰ লগত যুক্ত হ’লে দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
- সংকীর্ণতা = ‘ৰ’ৰ পাছত থকা দন্ত্য ‘ন’ ‘ণ’ হয়।
- প্রণিপাত = ‘প্ৰ’ উপসৰ্গৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
৩। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ষ’ হৈছে লিখাঃ
মূমূষ, দৃষ্টি
উত্তৰঃ
- মূমূৰ্ষ = ‘অ’ৰ বাহিৰে অন্য স্বৰবৰ্ণ বা ‘ৰ’ ৰ পাছত থকা প্রত্যয়ৰ দন্ত্য ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয়।
- দৃষ্টি = ট-বৰ্গীয় বৰ্ণৰ লগত যুক্ত দন্ত্য ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয়।
৪। সন্ধি ভাঙা :
দিগন্ত, সর্বাকাশ, সংকীর্ণ।
উত্তৰঃ
- দিগন্ত = দিক্ + অন্ত
- সর্বাকাশ = সর্ব + আকাশ
- সংকীর্ণ = সম্ + কীর্ণ
Comments
No comments yet. Be the first!