অন্যৰ প্ৰতি ব্যৱহাৰ
অন্যৰ প্ৰতি ব্যৱহাৰ – Class 9 Assamese Chapter 6 Question Answer
| শ্ৰেণী (Class) | নৱম শ্ৰেণীৰ (IX) |
| বিষয় (Subject) | অসমীয়া (Assamese) |
| কিতাপৰ নাম (Book) | সাহিত্য চয়নিকা (Sahitya Chayanika) |
| পাঠ (Lesson) | অন্যৰ প্ৰতি ব্যৱহাৰ |
| পাঠ্যক্ৰম | ছেবা (SEBA) |
পাঠটোৰ সাৰাংশ
“অন্যৰ প্ৰতি ব্যৱহাৰ” প্ৰবন্ধটি সত্যনাথ বৰাৰ দ্বাৰা ৰচিত। ইয়াত মানুহৰ পাৰস্পৰিক ব্যৱহাৰ-আচৰণৰ ওপৰত আলোকপাত কৰা হৈছে। সজ ব্যৱহাৰে মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱন সুখী কৰে, আনহাতে অসজ ব্যৱহাৰে নানা উপদ্ৰৱ আনে। নম্ৰতা, মিঠা মাত, অকপটতা আদি গুণে মানুহক সকলোৰে প্ৰিয় কৰি তোলে। আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কাৰ লগত কেনেকুৱা সম্বন্ধ ৰখা উচিত, সেই বিষয়ে লিখকে বহু উদাহৰণৰ জৰিয়তে বুজাই দিছে।
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১। অতি চমু উত্তৰ দিয়াঃ
(ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?
উত্তৰঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায়?
উত্তৰঃ মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব লগা হয়।
(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উত্তৰঃ আনৰ লগত কেটেৰা মাৰি বা কৰ্কশভাৱে কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।
(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উত্তৰঃ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়?
উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল (ছলনা) কৰা হয়।
(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।’ ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উত্তৰঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে।
(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উত্তৰঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্ৰয় দিয়া হয়।
(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?
উত্তৰঃ ‘বহুল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।
২। চমুকৈ বুজাই লিখাঃ
(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নােৱাৰি?
উত্তৰঃ ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি। কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ-ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ, আৰু শান্তি নিৰ্ভৰ কৰে। আচাৰ-ব্যৱহাৰ বেয়া হ’লে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয়। বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয়। আকৌ বহুত কপটীয়া ছলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়।
(খ) বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে?
উত্তৰঃ বিনয় মানে নম্ৰতা। নম্ৰতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয়ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্ৰদ্ধা-ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনও সুখৰ হয়।
৩। তাৎপৰ্য ব্যাখ্যা কৰাঃ
(ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
উত্তৰঃ ‘নম্ৰতা সজব্যৱহাৰৰ অনুপান’—কথাষাৰ সত্যনাথ বৰাদেৱৰ ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তোলে। নম্ৰতা (বিনয়ভাৱ) হৈছে সজ ব্যৱহাৰৰ মূল ভিত্তি। নম্ৰ ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিব বিচাৰিলেও কেতিয়াও প্ৰকৃত নম্ৰ হ’ব নোৱাৰে।
(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰঃ সোণ এবিধ অতি মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু অস্বীকাৰ কৰিলেও সোণৰ মূল্য নকমে। সোণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যবন্ত অৰ্থাৎ গুণী লোকে সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানবীয় গুণ যেনে— নম্ৰতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। কিন্তু সমাজত এনে কিছুমান লোক আছে যিসকলে মান্যৱন্ত লোকৰ কথা অমান্য কৰে আৰু সুযোগ পালেই তেনে লোকৰ লগত ছল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লোকৰ গুণ অকণো নকমে, ঠিক সোণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্ৰাস নাপায়।
৪। বিপৰীতাৰ্থক শব্দ লিখা
সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্ৰতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত।
উত্তৰঃ
- সুখ → দুখ
- সন্তোষ → অসন্তোষ
- সজ → অসজ
- চৰিত্ৰৱন্ত → চৰিত্ৰহীন
- কপটীয়া → অকপট
- মিঠা → তিতা
- বিনয় → অহংকাৰ
- নম্ৰতা → অহংকাৰ
- লঘু → গুৰু
- উচ্চ → নীচ
- নিন্দা → প্ৰশংসা
- গুপ্ত → প্ৰকাশ্য
- দোষ → নিৰ্দোষ
- গহীন → পাতল
- আঢ্যৱন্ত → দৰিদ্ৰ
৫। বাক্য ৰচনা কৰা
চকুৰ কুটা, পেটত কথা ৰাখ।
উত্তৰঃ
- চকুৰ কুটা (শত্ৰু, দেখিব নোৱৰা) : আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰে।
- পেটত কথা ৰাখ (ক’ব নলগীয়া কথা ব্যক্ত নকৰি মনতে ৰাখা) : আনৰ গুপ্ত কথা প্ৰকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্ৰুতা কমে।
শব্দাৰ্থ আৰু টোকা
- অনুপান = সহায়ক উপাদান / লগত থকা গুণ।
- আটক = বাধা।
- চাটুকাৰ = ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।
- প্ৰৌঢ়ী = জনাজাত, ব্যক্ত, প্ৰচাৰ।
- ব্যৱহাৰ = আচৰণ।
- ভাজন = পাত্ৰ।
- দুলাহী = ঠগ কথা বা আচৰণ, প্ৰবঞ্চনা কৰা।
- উলাই = অবজ্ঞা।
- কেটে = কঠুৱা, টান, কৰ্কশ।
- অৰ্বুদ = দহ কোটি (সংখ্যা বিশেষ)।
- নিমিষতে = তৎক্ষণাত, খন্তেকতে।
- দম্ভালি = অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ ডাঙৰ বুলি জানা লোক এনেভাৱ।
- বিনীত = নম্ৰ, ভদ্ৰ।
- বখনা = প্ৰশংসা কৰা।
- মহত্ত্ব = উচ্চতা, গৰিষ্ঠতা।
- দুৰাচাৰ = বেয়া আচৰণৰ।
- সুচল = সহজে চলিব পৰা / সুবিধাজনক অৱস্থা।
- সজাতী = বিশ্বাসী, প্ৰিয়ভাজন, আপোন।
- লোকৰ কথা খুচুৰি ফুৰা = আনৰ ভাল-বেয়া কথা জানিবলৈ বিচাৰি ফুৰা, আনৰ ভাল-বেয়া কথা কৈ ফুৰা।
- শ্ৰেয়স = শ্ৰেষ্ঠ, উৎকৃষ্ট, অতি ভাল।
- খুত = দোষ, ব্যতিক্ৰম।
- উপলুঙা = ভেঙুচালি, ঠাট্টা-মস্কৰা।
- শঠ = ছলনাকাৰী, বঞ্চক।
- শঠতা = ছলনা, বঞ্চনা।
- আটাৱন্ত = ধনৱন্ত।
- মানাৱন্ত = মানী, মান-সম্মান থকা।
- জেউতি = পোহৰ, উজ্জ্বলতা।
- পুৰুষালি = বল, বীৰ্য, সাহস।
- নিকৃষ্ট = নিচেই সৰু।
- বিগতি = ইতিকিং।
৬। বুজাই লিখা
(ক) কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে?
উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজপাতি থকা যায় সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে-সন্তোষেৰে কাল নিয়াব পাৰি। এই কথা ভালদৰে নজনাৰ কাৰণেই বহু মানুহে জীৱনত নানা কষ্ট ভুগিব লগাত পৰে। সেই কাৰণে মানুহে সুখে-সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। সজ ব্যৱহাৰত নম্ৰতা থাকিলে ই মানুহক অধিক আকৰ্ষিত কৰিব পাৰে।
(খ) “চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হ’ব বুলি ভবা উচিত নহয়।” – কিয় ?
উত্তৰঃ চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হ’ব বুলি ভবা অনুচিত। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা আৰু গৰিহণাৰ পাত্ৰ হয়। সজ চৰিত্ৰৰ মানুহেও কৰ্কশ মাত কথাৰ আৰু দুব্যৱহাৰ হ’ব পাৰে। গতিকে তেনে চৰিত্ৰৱন্ত লোকক সজ ব্যৱহাৰৰ লোক বুলি পৰিচয় দিব নোৱাৰে। আনহাতে অনেক কপটীয়া, ছলাহী, দুশ্চৰিত্ৰৰ মানুহেও সজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ’ব পাৰে।
(গ) “মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র।” – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহ সৰ্বজনপ্ৰিয় হ’ব পাৰে। মানুহে আনৰ মৰম আৰু সন্মান লাভ কৰিবলৈ বিচাৰে। ব্যৱহাৰত মিঠা মাতৰ অভাৱ হ’লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা। যিদৰে মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক খাবলৈ দিয়ে আৰু ৰুগীয়েও খাই ভাল পায় সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলোৰে পৰা মৰম-শ্ৰদ্ধা আদায় কৰে। সেয়ে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ বা কলপ লগালেহে মানুহৰ মনত সন্তোষ লগাব পাৰে।
(ঘ) অবাবতে কেটে মাত মাতা মানুহৰ বিষয়ে লিখকে কি কৈছে?
উত্তৰঃ অবাবতে কেটে মাত মাতা মানুহে আনৰ মনত বেজাৰ দিয়ে। এয়া কৰা অনুচিত। নিৰ্বোধ, খিংখিঙিয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু বেছি। সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল কেটে বা তিতা মাতেই সকলো ঢাকি পেলায়। কেটে মাত মাতিলে সহস্ৰ উপকাৰ মানুহে একেটিলে পাহৰে, অৰ্বুদ দানৰ ফল নিমিষতে লয় হয়।
(ঙ) “নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল।” – তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মিঠা গছৰ ফল যিদৰে মিঠা হয় ঠিক সেইদৰে মানুহৰ মিঠা গুণ নম্ৰতাৰ ফলেই হৈছে মিঠা মাত। মনত নম্ৰতাৰ ভাব থাকিলেহে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। মনত নম্ৰতাৰ পৰিবৰ্তে অহংকাৰ ভাৱ ৰাখি মুখেৰে মিঠা মাত কেতিয়াও নোলায়, সেই মাত অলপ নহয় অলপ কৰ্কশ হ’বই। অহংকাৰ ৰাখি নম্ৰ হ’বলৈ গ’লে মানুহে ছল কৰাহে হয়। তেনে আচৰণ অনুচিত। সেয়ে ব্যৱহাৰত মনে-মুখে একে হ’বলৈ সততে চেষ্টা কৰা উচিত।
(চ) “চাটুকাৰক মূৰ্খ বা দাম্ভিক মানুহে ভাল পাব পাৰে; কিন্তু জ্ঞানী মানুহে ঘিণায়।” কথাষাৰ বুজাই লিখা।
উত্তৰঃ চাটুকাৰৰ স্বভাৱ হ’ল সমুখত আনৰ প্ৰশংসা কৰি নিজৰ উদ্দেশ্য সাধন কৰা। মূৰ্খ বা দাম্ভিক লোকে এই কথা ভাল পালেও জ্ঞানী লোকে ঘিণ কৰে। মূৰ্খ বা দাম্ভিক লোকে চাটুকাৰৰ গোপন উদ্দেশ্যৰ কথা বুজি নাপায় তাৰ মুখত নিজৰ প্ৰশংসা শুনি বৰ আনন্দ পায় আৰু গৌৰৱবোধ কৰি গপত ওপন্দি পৰে। এই কথাই চাটুকাৰৰ গোপন উদ্দেশ্য পূৰণ হোৱাত সহায় কৰে। চাটুকাৰৰ এনে ছলাহীপূর্ণ প্ৰশংসাই মূৰ্খ বা দাম্ভিক লোকক অনেক বিপদতো পেলায়। সেয়ে চাটুকাৰৰ তেনে প্ৰশংসাক জ্ঞানী লোকে কোনো প্ৰকাৰেই প্ৰশ্ৰয় নিদিয়ে, বৰং ঘিণহে কৰে।
Comments
No comments yet. Be the first!