মোৰ দেশ

admin Last Updated:
SEBA/SCERT – Class 9 – Assamese

মোৰ দেশ – Class 9 Assamese Chapter 5 Question Answer

শ্ৰেণী (Class) ৯ (নৱম শ্ৰেণীৰ)
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপৰ নাম (Book) সাহিত্য চয়নিকা (Sahitya Chayanika)
পাঠ (Lesson) ৫ – মোৰ দেশ
পাঠ্যক্ৰম ছেবা (SEBA)

পাঠটোৰ সাৰাংশ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰি আহিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদায় আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যৱদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু-মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

পাঠভিত্তিক প্ৰশ্নাৱলী

ভাব-বিষয়ক

১। অতি চমু উত্তৰ দিয়া :

(ক) হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল?

উত্তৰঃ হীৰেণ ভট্টাচাৰ্যৰ ১৯৩২ চনত যোৰহাটত জন্ম হৈছিল।

(খ) হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।

উত্তৰঃ হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল – চিত্ৰবন আৰু মনন।

(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?

উত্তৰঃ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।

২। ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ ‘মোৰ দেশ’ কবিতাটো হীৰেণ ভট্টাচাৰ্যৰ এখন সুন্দৰ স্বদেশপ্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰি আহিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিছে; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদায় আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যৱদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু-মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

৩। বাখ্যা কৰা :

(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘মোৰ দেশ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেণ ভট্টাচাৰ্য।
কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে।
আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক। বিভিন্ন জাতি-ধৰ্মালম্বী লোকৰ বাসস্থান। অনৈক্য আৰু বিৰোধে দেশৰ উন্নতিত বাধা সৃষ্টি কৰে। সেয়েহে কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত কৰি সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ আহ্বান জনাইছে। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ।

(খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত ‘মোৰ দেশ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে নিজৰ দেশখনক প্ৰাণধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা আৰু কামৰ মাজত দেশৰ প্ৰগতিৰ চিন্তা প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ ‘মোৰ দেশ’ কবিতাটি এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেণ ভট্টাচাৰ্য।
কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতিৰ চিন্তা প্ৰকাশ পায়। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত একাত্ম হৈছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ চেষ্টা কৰিছে। কবিয়ে বিভিন্ন দেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?

উত্তৰঃ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।

৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?

উত্তৰঃ শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে দিছে – ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান।

ভাষা-বিষয়ক

৭। সমাৰ্থক শব্দ লিখাঃ

  • দেশ – ৰাষ্ট্ৰ
  • কাম – কৰ্ম
  • কলৰোল – কলৰৱ
  • সাগৰ – সমুদ্ৰ
  • সপোন – স্বপ্ন
  • বন্ধু – মিত্ৰ
  • শেষ – সমাপ্ত
  • সম্ভাৰ – ভাণ্ডাৰ, সঞ্চয়
  • শইচ – শস্য
  • বুকু – হৃদয়
  • তৰংগ – ঢৌ
  • কল্লোল – কলৰৱ (পুনৰাবৃত্তি)

৮। বিপৰীতাৰ্থক শব্দ লিখা:

  • সপোন – দিঠক
  • দেশ – বিদেশ
  • জীৱন – মৰণ
  • পাহাৰ – ভৈয়াম
  • ঐক্য – অনৈক্য
  • সংহতি – অসংহতি, বিভাজন
  • শয়ন – জাগৰণ
  • বিশ্বাস – অবিশ্বাস
  • শত্ৰু – মিত্ৰ


Comments

Log in to leave a comment.

No comments yet. Be the first!