লোকসংস্কৃতি
লোকসংস্কৃতি – Class 9 Assamese Chapter 12 Question Answer
| শ্ৰেণী (Class) | নৱম শ্ৰেণীৰ (IX) |
| বিষয় (Subject) | অসমীয়া (Assamese) |
| কিতাপৰ নাম (Book) | সাহিত্য চয়নিকা (Sahitya Chayanika) |
| পাঠ (Lesson – 12) | লোকসংস্কৃতি |
| লেখক | ড° নবীন চন্দ্ৰ শৰ্মা |
| পাঠ্যক্ৰম | ছেবা (SEBA) |
পাঠভিত্তিক প্ৰশ্নাৱলী
ভাব-বিষয়ক
(ক) লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বােলা হয়?
উত্তৰঃ লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক লােক সংস্কৃতি বােলা হয়।
(খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ।
উত্তৰঃ লােক সমাজত পুৰণি সময় বা দিনৰ কথাৰ অধিক সমাদৰ।
(গ) লােক কৃষ্টি কাক বােলে?
উত্তৰঃ লােক বা জ্ঞানৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, খােৱা-লােৱা, পিন্ধা-উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিকে লােক কৃষ্টি বােলে। লােক কৃষ্টিক লােক সংস্কৃতি বা গঞা সংস্কৃতি বুলিও ক’ব পাৰি। চমুকৈ জনসাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লােককৃষ্টি।
(ঘ) লােক সংস্কৃতিৰ দৃশ্যমান দিশক কি বােলা হয় ?
উত্তৰঃ লােক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বােলা হয়।
(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম হ’ল – ‘বুঢ়ী আইৰ সাধু’।
২। লােকসমাজ সম্পর্কে কিছুমান লােকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নােৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নােৱৰাৰ কাৰণ কি?
উত্তৰঃ কিছুমান লোকতত্ত্ববিদে লোক সমাজক সমাজৰ নিম্ন স্তৰৰ অংগ বুলি ধাৰণা কৰিছিল। কিন্তু লেখকে এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি কৈছে। কাৰণ গাঁৱত শিক্ষিত লোক থাকে আৰু নগৰ-চহৰতো গাঁৱলীয়া লোকৰ বসতি দেখা যায়। লগতে নগৰ-চহৰৰ কাম-কাজত গাঁৱৰ লোকৰ প্ৰয়োজন হয়, তেওঁলোকে তাত মজদুৰ বা কামুৰ ভূমিকা পালন কৰে। গতিকে ‘গাঁৱলীয়া’ মানে নিম্ন স্তৰ বুলি কোৱাটো শুদ্ধ নহয়।
৩। চমু টোকা লিখাঃ
নিচুকনি গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্রুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুচৰি গীত।
উত্তৰঃ
নিচুকনি গীত→ নিচুকনি গীত হ’ল ল’ৰা-ছােৱালী ওমলােৱা আৰু নিচুকুওৱা গীত। এইবােৰক ধাই নামাে বােলা হয়। মিঠা কোমল সুৰৰ এই গীতবােৰৰ যােগেদি শিশুমনক এক আনন্দৰ জগতলৈ লৈ যােৱা হয়। উদাহৰণ: “আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ, বাৰীৰে বগৰী পৰি সৰিব, আমাৰে মইনাই বুটলি খাব এ।”
মালিতা বা কাহিনী গীতঃ পৌৰাণিক কাহিনী বা বুৰঞ্জীমূলক আখ্যান আদিৰ বৰ্ণনা কৰা গীতক মালিতা বা কাহিনী গীত বোলে। ইংৰাজীত ‘বেলাড’ কোৱা হয়। পালা-পাৰ্বতীৰ গীত, মণি কোঁৱৰৰ গীত, মানামতীৰ গীত আদি এই শ্ৰেণীৰ গীত।
সাঁথৰঃ সাঁথৰ হ’ল সাধাৰণ মানুহৰ বুদ্ধিজাত শব্দৰ ধেমালি। ইয়াত কল্পনা, কাব্যশ্ৰী আৰু অনুপ্ৰাস আদি শব্দালংকাৰ দেখা যায়। উদাহৰণ: ইয়ে সিহে, পিঠিৰে দৌৰে কিহে – (নাও)।
জনশ্রুতিঃ পুৰণি কালৰে পৰা মানুহৰ মুখে মুখে পৰম্পৰাগতভাৱে চলি অহা মাত-কথা, কাহিনী আদিকে জনশ্ৰুতি বোলে। এইবোৰ মৌখিক সাহিত্যৰ অন্তৰ্ভুক্ত।
জিকিৰঃ ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে শ্বাহ মিলন বা আজান ফকীৰে জিকিৰ ৰচনা কৰিছিল। ৰচনা কাল ১৬৩৪–১৭৩৪ খ্ৰীষ্টাব্দ বুলি অনুমান কৰা হয়। উদাহৰণ: “চিন্তা হেৰা মোৰ মন আল্লাৰ নামত। ভজা হেৰা মোৰ মন গুৰুৰ পাৱত।”
দেহবিচাৰৰ গীতঃ এই গীতসমূহ এক প্ৰকাৰৰ ভকতীয়া গীত, য’ত গুপ্ত সাধনা আৰু শৈৱ-শাক্তৰ তান্ত্ৰিক ৰূপ প্ৰকাশ পায়। শৰীৰক নাও, ঘৰ, চাকি আদিৰ লগত তুলনা কৰি “চতুৰ্দশ অধিক কুৰি জোনৰ মন্দিৰ”, “চৌৰিশ তত্ত্বৰ ঘৰ” বুলি কোৱা হয়।
হুঁচৰিগীতঃ হুঁচৰি গীত ধৰ্মীয় ভাবাপন্ন আশীৰ্বাদ-প্ৰাৰ্থনামূলক গীত। বিহুৰ সময়ত এই গীত গাই গৃহস্থ আৰু ৰাইজৰ মঙ্গল কামনা কৰা হয়।
৪। “লােক জীৱন তিনিটা ভাগত বিভক্ত” —- লােক জীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰঃ লোকজীৱন তিনিটা ভাগত বিভক্ত –
(ক) সামাজিক আচাৰ অনুষ্ঠানঃ সমাজ আৰু পৰিয়ালত অনুষ্ঠিত কৃষি, জন্ম-বিবাহ-মৃত্যু আদিৰ ৰীতি-নীতি, উৎসৱ আদি। ই লোকবিশ্বাসৰ সৈতে জড়িত আৰু চাৰিটা ভাগত বিভক্ত: উৎসৱ অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোকঔষধ, লোকধৰ্ম।
(খ) ভৌতিক বা বস্তু সংস্কৃতিঃ লোক সংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, খাদ্য প্ৰস্তুতি আদি। ইয়াৰ উপভাগ: লোককলা, লোকশিল্প, লোক স্থপতি কলা, লোক আভৰণ, লোক ৰন্ধন প্ৰণালী।
(গ) লোক পৰিবেশ্য কলাঃ পৰম্পৰাগত সংগীত, নৃত্য, নাট আদি। লোকবাদ্য, নৃত্যৰ পোছাক-পৰিচ্ছদৰ সৈতে ৰূপায়িত। লোকনাট গীত আৰু নৃত্যৰ সমষ্টি; সংলাপতকৈ গীত-নৃত্যৰ গুৰুত্ব বেছি।
৫। বহলাই লিখাঃ (ক) সামাজিক আচাৰ-অনুষ্ঠান (খ) লোেক পাৰিবেশ্য কলা (গ) ভৌতিক বা বস্তু সংস্কৃতি।
উত্তৰঃ
(ক) সামাজিক আচাৰ-অনুষ্ঠানঃ প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে চলি অহা গীত-মাত, ফকৰা-যোজনা, প্ৰবচন, সাধুকথা আদি মৌখিক সাহিত্য। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, ৰন্ধা-বঢ়া আদি ভৌতিক সংস্কৃতি। এই দুয়োৰ মাজৰ সংযোগসেতু হৈছে সামাজিক আচাৰ-অনুষ্ঠান। এইবোৰ লোকবিশ্বাসৰ সৈতে জড়িত আৰু চাৰি ভাগত বিভক্ত: (১) উৎসৱ অনুষ্ঠান (যেনে: বিহু, নামকৰণ, চূড়াকৰণ), (২) অৱসৰ বিনোদন আৰু খেল-ধেমালি (যেনে: কড়ি খেল, তাছ খেল, টল খেল), (৩) লোকঔষধ (যেনে: জৰা-ফুকা, বনৌষধি), (৪) লোকধৰ্ম (যেনে: আইনাম, শীতলা পূজা, গাৰ্হস্থ্য ধৰ্ম)।
(খ) লোক পৰিবেশ্য কলাঃ পৰম্পৰাগত সংগীত, নৃত্য, নাট আদি লোকবাদ্য-যন্ত্ৰ, নৃত্যৰ পোছাক-পৰিচ্ছদ, দৃশ্য বিবৰণীৰ সৈতে ৰূপায়িত। পৰিবেশ্য কলাৰ পৰিসৰত গীত, নৃত্ত-নৃত্য, বাদ্যযন্ত্ৰ আদি সামৰা হয়। লোকনাট গীত আৰু নৃত্যৰ সমষ্টি। সংলাপতকৈ গীত আৰু নৃত্যক প্ৰাধান্য দিয়া হয় – অংকীয়া নাট, খুলীয়া ভাওনাত এই প্ৰাধান্য স্পষ্ট।
(গ) ভৌতিক বা বস্তু সংস্কৃতিঃ লোক সংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সঁজুলি, সমল নিৰ্মাণ, খাদ্যৰ ৰন্ধা-বঢ়া প্ৰস্তুতি আদি ইয়াৰ অন্তৰ্ভুক্ত। ইয়াৰ পাঁচটা উপভাগ: (১) লোককলা – কাৰুকার্য খটুৱাই সজোৱা সামগ্ৰী, (২) লোকশিল্প – চিত্ৰাংকন, বাঁহ-বেত, কাঠ-লোহাৰ তৈয়াৰী বস্তু, (৩) লোক স্থপতি কলা – কাৰুকার্যখচিত মঠ-মন্দিৰ, মূৰ্তি, (৪) লোক আভৰণ – অলংকাৰ, পোছাক-পৰিচ্ছদ, (৫) লোক ৰন্ধন প্ৰণালী – খাদ্য ৰন্ধন আৰু সংৰক্ষণ প্ৰণালী।
৬। লােক নাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তােমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ লেখকে লোকনাট গীত আৰু নৃত্যৰ সমষ্টি বুলি কৈছে। এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়। অংকীয়া নাট বা খুলীয়া ভাওনাত গীত আৰু নৃত্যৰ মাধ্যমেহে নাটৰ বিষয়বস্তু আৰু উদ্দেশ্য প্ৰকাশ কৰা হয়, সংলাপ গৌণ।
৭। লােক সাহিত্য কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবােৰৰ নাম লিখা।
উত্তৰঃ লোক সাহিত্যক (বাচিক কলা) পাঁচটা উপভাগত ভাগ কৰিব পাৰি –
(ক) লোক বা মৌখিক কবিতা / লোকগীত,
(খ) গদ্যধৰ্মী সাধুকথা, লোককথা,
(গ) প্ৰবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ,
(ঘ) সাঁথৰ, দৃষ্টান্ত,
(ঙ) লোক ভাষা।
৮। ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি ? ইয়াৰ উপবিভাগ কি কি ?
উত্তৰঃ ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী হ’ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, খাদ্য সামগ্ৰীৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদি। ইয়াৰ উপবিভাগ কেইটা হ’ল – লোককলা, লোকশিল্প, লোক স্থপতি কলা, লোক আভৰণ আৰু লোক ৰন্ধন প্ৰণালী।
৯। ‘অ’ মাই যশােদা হে, মাই হে যশােৱা ” গীতটি কোনে লিখিত ৰূপ দিছিল ?
উত্তৰঃ এই গীতটো মূলত এখন লোকগীত। ড° ভূপেন হাজৰিকাই ইয়াক জনপ্ৰিয় কৰে।
১০। তাৎপর্য ব্যাখ্যা কৰা ?
(ক) “লােক সংস্কৃতি পুৰণি হৈও নতুন নতুন হৈও পুৰণি।”
(খ) “সমাজৰ পৰিবৰ্তনৰ লগে লগে লােক সংস্কৃতিৰাে পৰিবৰ্তন ঘটে।”
উত্তৰঃ
(ক) লোক সংস্কৃতি লোকজনতাৰ হৃদয়ৰ বস্তু। ই পুৰণি কালত যেনেদৰে জনপ্ৰিয় আছিল, আজিও একেদৰে জনপ্ৰিয়। ইয়াৰ উপাদানসমূহ যুগে যুগে মুখে মুখে পৰম্পৰা প্ৰচলিত হৈ, শিক্ষিত লোকৰ হাতত পৰি আধুনিক ৰূপ লৈছে, তথাপিও ই নিজৰ স্বৰূপ নেহেৰুৱায়। সেইকাৰণে ই পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।
(খ) লোক সংস্কৃতিৰ উপাদানসমূহ যুগে যুগে পৰম্পৰাগতভাৱে চলি আহি বৰ্তমান শিক্ষিত সমাজতো প্ৰচলিত হৈছে। সমাজৰ পৰিৱৰ্তনৰ লগে লগে ৰুচি, পৰিবেশ আৰু প্ৰয়োজন অনুসৰি লোক সংস্কৃতিৰো পৰিৱৰ্তন ঘটে, কিন্তু ইয়াৰ মূল স্বৰূপ নাইকিয়া নহয়।
ভাষা-বিষয়ক
১১। তলৰ শব্দ কেইটাত মূর্ধণ্য “ণ” আৰু “ষ হােৱাৰ কাৰণ দশোৱা
কৃষি, অনুষ্ঠান, ধাৰণ, আহৰণ
উত্তৰঃ
কৃষি – সংস্কৃত ‘কৃষি’ শব্দৰ পৰা অহা; ‘ঋ’ৰ পৰৱৰ্তী ‘ষ’ স্থায়ী হয়।
অনুষ্ঠান – ‘স্থ’ যুক্তাক্ষৰত ‘ষ’ হয়।
ধাৰণ – ‘ৰ’ৰ পিছত সাধাৰণতে ‘ণ’ হয়।
আহৰণ – ‘ৰ’ৰ পিছত ‘ণ’ হয়।
Comments
No comments yet. Be the first!