Weathering the Storm in Ersama
Weathering the Storm in Ersama Class 9 English Chapter 6 Question Answer | SEBA HSLC
This page provides complete solutions for Class 9 English Chapter 6 “Weathering the Storm in Ersama” by Harsh Mander from the supplementary reader Moments (Assam SEBA). It includes answers to all “Think About It” questions, along with a short summary and word meanings for exam preparation.
পাঠৰ তথ্য
| বিষয় | ইংৰাজী (English) |
|---|---|
| কিতাপখনৰ নাম | Moments (Supplementary Reader) |
| পাঠৰ নাম | Weathering the Storm in Ersama |
| শ্ৰেণী | নৱম (IX) |
| অধ্যায় (Chapter) | অধ্যায় 6 |
| পাঠ্যক্ৰম (Syllabus) | ছেবা (SEBA) |
Short Summary
The story is set in Odisha during the 1999 super cyclone that devastated the coastal region. Prashant, a teenager, was visiting his friend’s family in Ersama when the cyclone hit. The storm destroyed houses, uprooted trees, and killed many people. After the flood receded, Prashant returned to his village Kalikuda to find it destroyed. He took charge of relief work, organised youth groups, arranged food, rescued orphans, and helped widows. He refused the idea of setting up separate institutions for orphans and widows, instead promoting community-based care. The story shows courage, leadership, and the power of collective effort in disaster management.
অসমীয়া সাৰাংশঃ কাহিনীটো ১৯৯৯ চনত ওড়িশাত হোৱা মহা ধুমুহাৰ পৰিপ্ৰেক্ষিতত ৰচিত। প্ৰশান্ত নামৰ কিশোৰজনৰ বন্ধুৰ ঘৰ এৰসামাত আছিল। ধুমুহাই ঘৰ-দুৱাৰ, গছ-পাত, জনপ্ৰাণ আৰু পশুপক্ষীৰ ব্যাপক ক্ষতি সাধন কৰিলে। বানপানী কমি অহাৰ পাছত প্ৰশান্ত নিজৰ গাওঁ কালিকুডালৈ উভতি আহি গাঁওবাসীক সহায়ৰ হাত আগবঢ়ালে। তেওঁ যুৱক দল গঠন কৰি খাদ্য, পানী, চিকিৎসাৰ ব্যৱস্থা কৰিলে। অনাথ আৰু বিধৱাসকলৰ বাবে পৃথক ঠাই প্ৰতিষ্ঠাৰ পৰিকল্পনা নাকচ কৰি তেওঁ সদস্যসকলে সম্প্ৰদায়ৰ মাজতে আশ্ৰয় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে। এই কাহিনীয়ে প্ৰাকৃতিক দুৰ্যোগত মানুহৰ সাহস, নেতৃত্বগুণ আৰু পৰস্পৰ সহযোগিতাৰ শক্তি প্ৰদৰ্শন কৰিছে।
Think About It
1. What havoc has the super cyclone wreaked in the life of the people of Orissa?
উত্তৰঃ The super cyclone caused terrible destruction in Orissa. Heavy rains and strong winds destroyed houses, trees and crops. Many people and animals died, and dead bodies floated everywhere. There was no food, drinking water or shelter, and the survivors suffered greatly from hunger, disease and grief.
অসমীয়া অৰ্থঃ মহা ধুমুহাই ওড়িশাত অশেষ ধ্বংস সাধন কৰিছিল। মুঠলগা বৰষুণ আৰু প্রচণ্ড বতাহে ঘৰ, গছ-গছনি আৰু খেতি-বাতি সম্পূৰ্ণ নষ্ট কৰিছিল। বহু মানুহ আৰু পশু-পক্ষীৰ মৃত্যু হৈছিল, শৱ দেহ উটি-বুৰি ফুৰিছিল। খাদ্য, খোৱা পানী বা আশ্ৰয়ৰ অভাৱ হৈছিল। যিবোৰ মানুহ বাচি থাকিল, তেওঁলোকে ভোক, ৰোগ আৰু শোকত ভুগিছিল।
2. How has Prashant, a teenager, been able to help the people of his village?
উত্তৰঃ Prashant showed courage and leadership. He gathered a group of youths and organised relief work. He arranged food for the hungry, helped rescue people, cared for orphans and widows, and motivated the villagers to remain hopeful and united during the disaster.
অসমীয়া অৰ্থঃ প্ৰশান্তে সাহস আৰু নেতৃত্ব প্ৰদৰ্শন কৰিলে। তেওঁ যুৱকসকলক সংগঠিত কৰি ত্রাণ কামত অগ্ৰসৰ হৈছিল। তেওঁ ভোকে যন্ত্রণাত থকা লোকসকলৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিলে, লোক উদ্ধাৰত সহায় কৰিলে, অনাথ আৰু বিধৱাসকলক যত্ন প্ৰদান কৰিলে, আৰু দুর্যোগৰ সময়ত গাঁওবাসীক আশাবাদী আৰু একতাবদ্ধ হৈ থাকিবলৈ যথেষ্ট অনুপ্ৰাণিত কৰিলে।
3. How have the people of the community helped one another? What role did the women of Kalikuda play during these days?
উত্তৰঃ The community members shared food, helped rescue victims and supported homeless people. They worked together to rebuild their lives. The women of Kalikuda played an important role by organising themselves, caring for children, arranging food and helping the widows and orphaned children during the difficult days after the cyclone.
অসমীয়া অৰ্থঃ সমাজৰ লোকে ইজনে সিজনৰ লগত খাদ্য ভাগ-বতৰা কৰিলে, বিপদগ্ৰস্তসকলক উদ্ধাৰ কৰিলে আৰু গৃহহীন লোকক আশ্ৰয় দিলে। তেওঁলোকে মিলি নিজৰ জীৱন পুনৰ নিৰ্মাণ কৰিবলৈ ধৰিলে। কালিকুডাৰ মহিলাসকলে আগভাগ লৈ শিশুসকলৰ যত্ন ল’লে, খাদ্যৰ ব্যৱস্থা কৰিলে আৰু বিধৱা আৰু অনাথ শিশুসকলক সহায় কৰিলে।
4. Why do Prashant and other volunteers resist the plan to set up institutions for orphans and widows? What alternatives do they consider?
উত্তৰঃ Prashant and the volunteers believe that orphans and widows should not be separated from their community and kept in institutions. They think such institutions may make them feel lonely and isolated. Instead, they suggest that the children and widows should live in foster families or community-based groups where they can receive love, care and emotional support.
অসমীয়া অৰ্থঃ প্ৰশান্ত আৰু অন্যান্য স্বেচ্ছাসেৱকসকলৰ মতে অনাথ আৰু বিধৱাসকলক নিজৰ সমাজৰ পৰা পৃথক কৰি অনাথ আশ্ৰমত সুৰক্ষিত কৰা উচিত নহয়। তেনে প্ৰতিষ্ঠানে তেওঁলোকক একাকী আৰু নিৰ্জন অনুভৱ কৰাব পাৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে পোষক পৰিয়াল বা সম্প্ৰদায় ভিত্তিক গোটত থাকিব লাগে য’ত তেওঁলোকে মৰম, যত্ন আৰু আবেগিক সমৰ্থন পাব পাৰে।
5. Do you think Prashant is a good leader? Do you think young people can get together to help people during natural calamities?
উত্তৰঃ Yes, Prashant is a good leader because he is brave, caring, responsible and selfless. He inspires others and works hard for the welfare of the community. Yes, young people can play an important role during natural calamities. By working together, they can organise rescue work, distribute relief materials, help victims and support rehabilitation efforts.
অসমীয়া অৰ্থঃ হয়, প্ৰশান্ত এজন ভাল নেতা কাৰণ তেওঁ সাহসী, অনুকম্পাশীল, দায়িত্বশীল আৰু নিঃস্বাৰ্থ। তেওঁ আনক উৎসাহিত কৰে আৰু সম্প্ৰদায়ৰ কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। হয়, প্ৰাকৃতিক দুর্যোগৰ সময়ত যুৱসকলে গোট খাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁলোকে উদ্ধাৰ কাৰ্য সংগঠিত কৰিব পাৰে, ত্রাণ সামগ্ৰী বিতৰণ কৰিব পাৰে, আহতসকলক সহায় কৰিব পাৰে আৰু পুনৰ্বাসনৰ প্রক্রিয়াত অংশ ল’ব পাৰে।
Word Meaning
- havoc = widespread destruction
- cyclone = a violent tropical storm
- recede = to move back (of water)
- grief = deep sorrow
- rescue = to save from danger
- orphan = a child without parents
- widow = a woman whose husband has died
- foster family = a family that takes care of a child not their own
- rehabilitation = helping to restore a normal life after a disaster
✏️ Found an error or want to improve this?
Submit your improved version and earn reputation points!