The Mahatma As School Master
Comprehension
(পাঠৰ সহায়ত নিজৰ ভাষাত প্ৰশ্নসমূহৰ উত্তৰ লিখা)
1) What were the provisions made for educating the children at Tolstoy Farm in South Africa?
(দক্ষিণ আফ্ৰিকাৰ টলষ্টয় ফাৰ্মত লৰা-ছোৱালীৰ শিক্ষাৰ বাবে কি ব্যৱস্থা কৰা হৈছিল?)
Ans: When Tolstoy Farm expanded, it became necessary to arrange for the education of the children. Gandhiji made the following arrangements:
i) He did not want to appoint special teachers because they would not agree to work so far away for a small salary.
ii) He did not want to bring teachers from outside.
iii) He believed that true education should be given mainly by parents with minimum outside help.
iv) He did not believe in the prevailing education system and therefore decided to take full responsibility for training the children himself like a father.
(টলষ্টয় ফাৰ্ম ডাঙৰ হোৱাৰ লগে লগে লৰা-ছোৱালীৰ শিক্ষাৰ ব্যৱস্থা কৰাটো জৰুৰী হৈ পৰিল। গান্ধীজীয়ে এই ব্যৱস্থাবোৰ গ্ৰহণ কৰিছিল —
i) তেওঁ বিশেষ শিক্ষক নিযুক্তি দিব বিচৰা নাছিল, কাৰণ কম বেতনত ইমান দূৰলৈ আহিবলৈ তেওঁলোক সাজু নহ’লহেঁতেন।
ii) তেওঁ বাহিৰৰ শিক্ষক সুমুৱাব বিচৰা নাছিল।
iii) তেওঁ বিশ্বাস কৰিছিল যে প্ৰকৃত শিক্ষা মূলতঃ পিতৃ-মাতৃৰ দ্বাৰাই দিব লাগে আৰু বাহিৰৰ সহায় কম হোৱা উচিত।
iv) তেওঁ প্ৰচলিত শিক্ষা-পদ্ধতিত বিশ্বাস নকৰিছিল আৰু সেয়ে নিজে পিতৃৰ দৰে সকলো দায়িত্ব লোৱাৰ সিদ্ধান্ত লৈছিল।)
2) Describe the work done by the children at the Farm. How did physical labour help them?
(ফাৰ্মত লৰা-ছোৱালীয়ে কৰা কামবোৰ বৰ্ণনা কৰা। শাৰীৰিক শ্ৰমে কেনেদৰে সহায় কৰিছিল?)
Ans: At Tolstoy Farm there were no servants, so all work was done by the inmates. The children cooked, cleaned, and did scavenging work. They looked after fruit trees and worked in the garden. Those not engaged in kitchen work had to do gardening. They also dug pits, chopped wood and carried heavy loads. This provided them sufficient physical exercise, so they hardly needed any other games. Physical labour kept them strong and healthy, and there was very little illness at the Farm.
(টলষ্টয় ফাৰ্মত কোনো চাকৰ নাছিল, সেয়ে সকলো কাম বাসিন্দাসকলে কৰিছিল। লৰা-ছোৱালীয়ে ৰন্ধা-বঢ়া, চাফ-চিকুণ আৰু অন্যান্য কাম কৰিছিল। তেওঁলোকে ফলগছ চোৱা-চিতা কৰিছিল আৰু বাগিচাৰ কাম কৰিছিল। পাকঘৰত নলগা ছাত্ৰসকলে বাগিচাত কাম কৰাটো বাধ্যতামূলক আছিল। তেওঁলোকে মাটি খন্দা, খৰি ফলা আৰু ওজন কঢ়িওৱাও কৰিছিল। এই কামবোৰেই যথেষ্ট ব্যায়াম দিছিল আৰু আন খেল-ধেমালীৰ প্ৰয়োজন নাছিল। শাৰীৰিক শ্ৰমে তেওঁলোকক সুস্থ-সবল কৰি ৰাখিছিল আৰু বেমাৰ খুব কম হৈছিল।)
3) How was literary training conducted by Gandhi?
(গান্ধীজীয়ে সাহিত্যিক শিক্ষা কেনেদৰে দিছিল?)
Ans: Gandhiji had limited resources, yet he arranged literary training carefully.
i) Three periods were devoted to literary education.
ii) Hindi, Tamil, Gujarati and Urdu were taught.
iii) Students were taught through their mother tongues.
iv) English was also taught.
v) Gujarati Hindu children were taught some Sanskrit along with elementary History, Geography and Arithmetic.
vi) Gandhiji himself taught Tamil and Urdu.
(গান্ধীজীৰ হাতত সীমিত উপকৰণ থাকিলেও তেওঁ সাহিত্যিক শিক্ষা ব্যৱস্থা কৰিছিল —
i) সাহিত্যিক শিক্ষাৰ বাবে তিনিটা পিৰিয়ড নিৰ্ধাৰণ কৰা হৈছিল।
ii) হিন্দী, তামিল, গুজৰাটী আৰু উৰ্দু শিকোৱা হৈছিল।
iii) মাতৃভাষাৰ জৰিয়তে শিক্ষা দিয়া হৈছিল।
iv) ইংৰাজীও শিকোৱা হৈছিল।
v) গুজৰাটী হিন্দু ছাত্ৰসকলক অলপ সংস্কৃত আৰু প্ৰাথমিক বুৰঞ্জী, ভূগোল আৰু গণিত শিকোৱা হৈছিল।
vi) গান্ধীজীয়ে নিজে তামিল আৰু উৰ্দু শিকাইছিল।)
4) Describe Gandhiji’s relationship with his students.
(গান্ধীজী আৰু ছাত্ৰসকলৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰা।)
Ans: Gandhiji lived with the students like a father. He believed moral training could be given to all irrespective of age. He stayed with them all twenty-four hours. When students were lazy or dishonest, he was strict. Because he was truthful and transparent, the students loved and respected him deeply.
(গান্ধীজীয়ে ছাত্ৰসকলৰ সৈতে পিতৃৰ দৰে বসবাস কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে নৈতিক শিক্ষা সকলোকে দিব পাৰি। তেওঁ দিন-ৰাতি ছাত্ৰসকলৰ মাজত থাকিছিল। যেতিয়া সিহঁত এলাহ কৰিছিল বা ফাঁকি দিছিল, তেওঁ কঠোৰ হৈছিল। তেওঁৰ সততা আৰু স্পষ্ট স্বভাৱৰ বাবে ছাত্ৰসকলে তেওঁক অত্যন্ত ভাল পাইছিল আৰু সন্মান কৰিছিল।)
5) What are Gandhi's views on the education of children?
(শিশু শিক্ষাৰ বিষয়ে গান্ধীজীৰ মত কি আছিল?)
Ans: Gandhiji believed that the teacher is more important than textbooks. According to him, children learn more through listening than merely reading. He taught them in simple language, sharing knowledge gained from books and experience. He believed that students enjoyed listening to him more than studying from books.
(গান্ধীজীৰ মতে, কিতাপতকৈ শিক্ষক বেছি গুৰুত্বপূৰ্ণ। তেওঁ কৈছিল যে লৰা-ছোৱালীয়ে কাণেৰে শুনি বেছি শিকে। তেওঁ সহজ ভাষাত নিজৰ অভিজ্ঞতা আৰু পঢ়া জ্ঞান শিকাইছিল। তেওঁ বিশ্বাস কৰিছিল যে ছাত্ৰসকলে কিতাপতকৈ তেওঁৰ পৰা শুনাত বেছি আনন্দ পায়।)
6) Who was fond of gardening?
(কাৰ বাগিচাৰ কামত আগ্ৰহ আছিল?)
Ans: Mr. Kallenbach was fond of gardening. (মি. কেলেনবাখৰ বাগিচাৰ কামত বিশেষ আগ্ৰহ আছিল।)
7) Why did Mr. Kallenbach go to the Trappist monastery? What did he learn?
(মি. কেলেনবাখ ট্ৰেপিষ্ট মনাষ্টাৰীলৈ কিয় গৈছিল? তেওঁ তাত কি শিকিলে?)
Ans: He went to the Trappist monastery to receive vocational training. There he learned shoemaking.
(তেওঁ বৃত্তিমূলক প্ৰশিক্ষণ ল’বলৈ ট্ৰেপিষ্ট মনাষ্টাৰীলৈ গৈছিল। তাত তেওঁ জোতা বনোৱা শিকিছিল।)
Comments
No comments yet. Be the first!