অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

admin Last Updated: Published:
SEBA/SCERT – Class 9 – Social Science

Lesson 12: অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

অতি চমু উত্তৰৰ প্রশ্নঃ

১। অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?

উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ পৰা অনা হৈছে।

২। অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰঃ অৰ্থনীতি শব্দটো 'Oikonomia' শব্দৰ পৰা লোৱা হৈছে। 'Oikos' শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু 'nomos' ৰ অৰ্থ হৈছে নিয়ম। গতিকে অৰ্থবিজ্ঞান শব্দটোৱে পৰিয়াল বা সমাজ পৰিচালনা নিয়ম বুলি গণ্য কৰা হয়।

৩। অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল- এডাম স্মিথ।

৪। অর্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল।

৫। অর্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কেম্ব্ৰিজ অৰ্থনীতিবিদ আলফ্রেড মাৰ্ছেলে আগবঢ়াইছিল।

৬। অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়'নেল ৰবিন্সে আগবঢ়াইছিল।

৭। এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ এডাম স্মিথে 'An Enquiry into the Nature and Causes of the Wealth of Nations' নামৰ গ্ৰন্থত ১৭৭৬ চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল।

৮। আলফ্রেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ আলফ্ৰেড মাৰ্ছেলে 'Principles of Economics' নামৰ গ্ৰন্থত ১৮৯০ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।

৯। লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ লায়'নেল ৰবিন্সে 'An Essay on the Nature and Significance of Economic Science' নামৰ গ্ৰন্থত ১৯৩২ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।

১০। এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?

উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল।

১১। দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?

উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।

১২। কোনাে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?

উত্তৰঃ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়।

১৩। উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?

উত্তৰঃ উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়।

১৪। 'Micro' আৰু 'Macro' শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰঃ 'Micro' শব্দটো গ্ৰীক শব্দ 'Mikros' ৰ পৰা আহিছে যাৰ অৰ্থ হ'ল 'সৰু'। 'Macro' শব্দটো গ্ৰীক শব্দ 'Makros' ৰ পৰা আহিছে যাৰ অৰ্থ হ'ল 'ডাঙৰ'।

চমু উত্তৰৰ প্ৰশ্নঃ

১। এডাম স্মিথৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ এডাম স্মিথে অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান (Science of Wealth) বুলি অভিহিত কৰিছে। তেওঁৰ মতে, অৰ্থনীতি হৈছে সেই বিজ্ঞান যিয়ে সম্পদৰ উৎপাদন, সঞ্চয় আৰু বিতৰণৰ বিষয়ে অধ্যয়ন কৰে।

২। মাৰ্ছেল অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ আলফ্ৰেড মাৰ্ছেলৰ মতে, "মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি"। ই ব্যক্তিগত আৰু সামাজিক কার্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

৩। ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ লায়'নেল ৰবিন্সৰ মতে, "যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি"।

৪। ছেমুৱেলছন আৰু নৰ্দহাছৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছৰ মতে, "দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সীমিত সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি অসীম মানৱীয় আকাংক্ষা পূৰণৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়"।

৫। ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?

উত্তৰঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ'লঃ

  • ক) মানুহৰ অভাৱ অসীম।
  • খ) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
  • গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

৬। ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?

উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত।

৭। সমষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?

উত্তৰঃ এখন দেশত অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উৎপাদক আদিৰ সমষ্টিগত আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ মুঠ জনসংখ্যা, মুঠ নিয়োগ, মুঠ ঔদ্যোগিক উৎপাদন, ৰাষ্ট্ৰীয় আয় ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত।

৮। আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য লিখা।

উত্তৰঃ আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত আৰু ইয়াৰ বাবে দাম দিবলগীয়া হয়। উদাহৰণস্বৰূপে - খাদ্য, বস্ত্ৰ, ঘৰ আদি।

আনহাতে, অনাআৰ্থিক বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান (Free Goods), যাৰ কোনো দাম নাথাকে আৰু যাৰ যোগান প্ৰচুৰ। যেনে - সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী ইত্যাদি।

৯। ৰাষ্ট্ৰীয় আয় কাক বােলে ?

উত্তৰঃ এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ মূদ্ৰা মূল্যক ৰাষ্ট্ৰীয় আয় বোলে।

১০। জনমূৰি আয়ৰ সূত্ৰটো লিখা।

উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়।

জনমূৰি আয় = মুঠ ৰাষ্ট্ৰীয় আয় মুঠ জনসংখ্যা

দীঘল উত্তৰৰ প্রশ্নঃ

১। অর্থবিজ্ঞান অধ্যয়নৰ প্রয়ােজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ'লঃ

  • সুস্থ গণতন্ত্ৰৰ বাবে নাগৰিকৰ সচেতনতা অপৰিহাৰ্যঃ কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি।
  • সামাজিক সমস্যা বিশ্লেষণৰ বাবেঃ সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব। তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক।
  • সচেতন গ্ৰাহক হিচাপেঃ আমি জানিব খুজিম যে বজাৰত অত্যাৱশকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণসমূহ কি? বিশ্বায়ন বা গোলকীকৰণ কি? ইয়াৰ সুফল আৰু কুফলসমূহ কি কি?
  • বিকাশ আৰু পৰিৱেশৰ ধাৰণাঃ অৰ্থনৈতিক বিকাশ কি? বহনক্ষম উন্নয়ন কি? পৰিৱেশীয় অৰ্থনীতি কি? এনেবোৰ গুৰুত্বপূৰ্ণ বিষয় অৰ্থনীতিত অধ্যয়ন কৰা হয়।

২। অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযােগ্য আৰু কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ অৰ্থনীতিবিদ লায়'নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ 'An Essay on the Nature and Significance of Economic Science' ত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে। তেখেতৰ মতে 'যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি'।

এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছেঃ

  • ১) মানুহৰ অভাৱ অসীম।
  • ২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
  • ৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যা সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পছন্দৰ (বাছনি) সমস্যা বোলা হয়। ৰবিন্সৰ সংজ্ঞাক দুষ্প্ৰাপ্যতা (নাটনি)ৰ সংজ্ঞা বুলি কোৱা হয়। এনেবোৰ কাৰণতে ৰবিন্সৰ সংজ্ঞাটোক অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু বৈজ্ঞানিক সংজ্ঞা বুলি গণ্য কৰা হয়।

৩। অর্থবিজ্ঞানৰ পৰিসৰ সম্পর্কে লিখা।

উত্তৰঃ অৰ্থবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক। ই সমাজৰ আৰ্থিক কাৰ্যকলাপসমূহ অধ্যয়ন কৰে। অৰ্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লয়ঃ

  • ১) ভোগকাৰ্যঃ উপযোগিতা সৃষ্টিৰ বাবে দ্ৰব্য-সেৱাৰ ব্যৱহাৰকে ভোগ বোলে। ভোক্তাৰ আচৰণ, উপযোগিতা, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
  • ২) উৎপাদনঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ উপাদান (ভূমি, শ্ৰম, মূলধন, সংগঠন), উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, উৎপাদন ব্যয় আদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়।
  • ৩) বিতৰণঃ উৎপাদিত সামগ্ৰী আৰু আয় সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত কেনেদৰে বিতৰিত হয় তাৰ অধ্যয়নেই বিতৰণ। ভূমিৰ মালিকে খাজনা, শ্ৰমিকে মজুৰি, মূলধনৰ গৰাকীয়ে সুত আৰু উদ্যোক্তাই লাভৰ ৰূপত আয় পায়।
  • ৪) বিনিময়ঃ দ্ৰব্য-সেৱাৰ ক্ৰয়-বিক্ৰয় আৰু বিনিময় প্ৰক্ৰিয়াক বুজায়। ইয়াৰ অন্তৰ্গত বজাৰ, দাম নিৰ্ধাৰণ, মুদ্ৰাৰ ভূমিকা, বাণিজ্য আদি বিষয় আলোচনা কৰা হয়।
  • ৫) মুদ্ৰাঃ মুদ্ৰাৰ কাৰ্য, মুদ্ৰা যোগান, মুদ্ৰাস্ফীতি, কেন্দ্ৰীয় বেংকৰ ভূমিকা ইত্যাদি অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত।
  • ৬) ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয়ঃ ৰাষ্ট্ৰীয় আয়ৰ ধাৰণা, ইয়াৰ পৰিমাপ, জনমূৰি আয়, অৰ্থনৈতিক উন্নয়নৰ সূচক হিচাপে ইয়াৰ গুৰুত্ব আলোচনা কৰা হয়।
  • ৭) ৰাজহুৱা বিত্তঃ চৰকাৰৰ ৰাজহ আৰু ব্যয় সংক্ৰান্ত বিষয় অধ্যয়ন কৰে। কৰ, চৰকাৰী ব্যয়, ৰাজকোষীয় ঘাটতি, ৰাজহুৱা ঋণ আদি ইয়াৰ অন্তৰ্গত।
  • ৮) আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিঃ দেশসমূহৰ মাজত হোৱা দ্ৰব্য, সেৱা, মূলধনৰ লেনদেন, বিনিময় হাৰ, বৈদেশিক বাণিজ্য নীতি আদি অধ্যয়ন কৰে।
  • ৯) কল্যাণমূলক অৰ্থনীতিঃ অৰ্থনৈতিক নীতিৰ দ্বাৰা সামাজিক কল্যাণ কেনেদৰে বৃদ্ধি কৰিব পাৰি তাৰ অধ্যয়ন।
  • ১০) পৰিৱেশ অৰ্থনীতিঃ অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক, প্ৰদূষণ নিয়ন্ত্ৰণ, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আদি বিষয় অধ্যয়ন কৰে।


Comments

Log in to leave a comment.

No comments yet. Be the first!