ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

admin Last Updated:
SEBA/SCERT – Class 9 – Social Science

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

অতি চমু / চমু উত্তৰৰ প্ৰশ্ন

১) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা।

উত্তৰঃ- ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰধান কাৰকটো হৈছে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। এই উন্মেষণৰ মূল সময় হৈছে উনবিংশ শতাব্দীৰ মধ্যভাগৰ পৰা, বিশেষকৈ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ছোৱাত।

২) আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?

উত্তৰঃ- আনন্দমঠ উপন্যাসৰ ৰচয়িতা হৈছে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।

৩) 'সাৰে জাহাঁছে আচ্ছা...' গীতৰ গীতিকাৰ কোন?

উত্তৰঃ- 'সাৰে জাহাঁছে আচ্ছা...' গীতৰ গীতিকাৰ হৈছে কবি মহম্মদ ইকবাল।

৪) ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া ক'ত সূচনা হৈছিল?

উত্তৰঃ- ভাৰতত পোন প্ৰথম ৰেল যাতায়ত ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল।

৫) ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল?

উত্তৰঃ- ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ১৮৫১ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত নিয়মীয়া সেৱা হিচাপে আৰম্ভ হয়। ইয়াৰ পূৰ্বে ১৮৩৯ চনত পৰীক্ষামূলকভাৱে এই ব্যৱস্থা আৰম্ভ হৈছিল।

৬) ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল?

উত্তৰঃ- ভাৰতত পোন প্ৰথম ছপাশাল ১৫৫৬ খ্ৰীষ্টাব্দত গোৱাত পৰ্তুগীজ মিছনেৰীসকলে স্থাপন কৰিছিল। শ্ৰীৰামপুৰত ছপাশাল স্থাপিত হয় ১৮০০ খ্ৰীষ্টাব্দত।

৭) কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ- কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে ১৮১৭ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল।

৮) লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।

উত্তৰঃ- লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হৈছে –
(ক) সতীদাহ প্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা (১৮২৯ খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়ৰ সহযোগত)।
(খ) ঠগী প্ৰথা দমন (১৮৩০-৩৫) আৰু প্ৰশাসনিক সংস্কাৰ সাধন।

৯) ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?

উত্তৰঃ- ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হৈছে 'বেংগল গেজেট' (১৭৮০ খ্ৰীষ্টাব্দত প্ৰকাশিত)।

চমু / দীঘল উত্তৰৰ প্ৰশ্ন

১) চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।

উত্তৰঃ- ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল একপ্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। বিদ্ৰোহীসকলে এই বিদ্ৰোহৰ যোগেদি ইংৰাজ শাসন ওফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল সুদূৰপ্ৰসাৰী। এই বিদ্ৰোহৰ পৰাই ভাৰতীয়সকলৰ মাজত একতাৰ ভাৱ আৰু স্বদেশপ্ৰেমৰ সূচনা হয়। বিদ্ৰোহৰ ব্যৰ্থতাই ভাৰতীয়সকলক সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা শিকাইছিল আৰু পৰৱৰ্তী সময়ত জাতীয়তাবাদী আন্দোলনৰ ভেঁটি গঢ়ি তুলিছিল। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল।

২) 'উডৰ প্ৰেৰণ পত্ৰ'ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।

উত্তৰঃ- 'উডৰ প্ৰেৰণ পত্ৰ' (১৮৫৪) ৰ মূল উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হ'লঃ
(ক) প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা।
(খ) নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা দিয়া।
(গ) মেধাৱী ছাত্ৰক বৃত্তি প্ৰদান কৰা।
(ঘ) শিক্ষানুষ্ঠানত চৰকাৰী অনুদানৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা।
(ঙ) প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়োৱা।

৩) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰকৰ বিষয়ে লিখা।

উত্তৰঃ- ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰক তলত আলোচনা কৰা হ'ল-
১) ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ: এই বিদ্ৰোহক বহু ইতিহাসবিদে ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি অভিহিত কৰে। ই ভাৰতীয়সকলৰ মাজত ব্ৰিটিছ বিৰোধী মনোভাৱ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
২) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ: ব্ৰিটিছে ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰচলন কৰিছিল যদিও তাৰ শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয়সকলে ইংৰাজ শাসনৰ শোষণমূলক চৰিত্ৰ উপলব্ধি কৰিবলৈ সক্ষম হয়।
৩) যাতায়ত ব্যৱস্থাৰ উন্নতি: ৰেল, টেলিগ্ৰাফ আদিৰ বিকাশে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত যোগাযোগ স্থাপন কৰি দূৰত্ব হ্ৰাস কৰে আৰু জাতীয় ঐক্য গঢ়ি তোলাত সহায় কৰে।
৪) সংবাদপত্ৰৰ বিকাশ: দেশীয় ভাষাৰ কাকতে ইংৰাজ শাসনৰ অন্যায় নীতি সমূহ উন্মোচন কৰি জনমত গঢ়ি তুলিবলৈ সক্ষম হয়।
৫) ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলন: ব্ৰাহ্ম সমাজ, আৰ্য সমাজ, ৰামকৃষ্ণ মিছন, প্ৰাৰ্থনা সমাজ আদিৰ দৰে সংগঠনে সমাজৰ কু-সংস্কাৰ দূৰ কৰাৰ লগতে জাতীয় চেতনা জাগ্ৰত কৰাত সহায় কৰে।
৬) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম: ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰে।

৪) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ- ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱ তলত উল্লেখ কৰা হ'লঃ
(ক) পাশ্চাত্য শিক্ষাই বংগবাসীক প্ৰথম আলোড়িত কৰিছিল। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যায়ন কৰিব পৰাটো গৌৰৱৰ বিষয় হৈ পৰিছিল।
(খ) ছাত্ৰসকলে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ দৰ্শনৰ লগত চিনাকি হৈ মানসিক সন্তুষ্টি লাভ কৰিছিল।
(গ) ৰুছো, ভল্টেয়াৰ, বাৰ্ক, মেকলে, স্পেনচাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে নতুন চিন্তাধাৰা গ্ৰহণ কৰিছিল।
(ঘ) জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মনত স্বাধীনতাৰ আকাংক্ষা জাগ্ৰত হৈছিল।

৫) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়তৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।

উত্তৰঃ- কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। প্ৰাচীন কালত শেৰ শাহ সুৰীয়ে নিৰ্মাণ কৰা গ্ৰেণ্ড ট্ৰাঙ্ক ৰোডটো ব্ৰিটিছসকলে সংস্কাৰ কৰি ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈকে বিস্তাৰ কৰে। ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়ত ব্যৱস্থাৰ সূচনা হয়। ১৮৮৩ খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰম্ভ হয়। এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল। দূৰ-দূৰণিৰ লোকসকল পৰস্পৰৰ সংস্পৰ্শলৈ অহাত জাতীয় ঐক্যৰ ভাৱ গঢ়ি উঠিছিল, যিয়ে জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষণ ঘটাইছিল।

৬) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ- ভাৰতীয়সকলৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায়। তেওঁক আধুনিক ভাৰতৰ পিতামহ বুলি কোৱা হয়। তেওঁ ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই আনিছিল।

ধৰ্মীয় সংস্কাৰঃ তেওঁ হিন্দু ধৰ্মৰ পৰা মূৰ্তিপূজা আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ চেষ্টা কৰে। ১৮২৮ চনত তেওঁ ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰে।
সমাজ সংস্কাৰঃ তেওঁ সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে আগভাগ লৈছিল। তেওঁৰ সহায়তে গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে ১৮২৯ চনত সতীদাহ প্ৰথা আইনেৰে নিষিদ্ধ কৰে। তেওঁ বাল্য বিবাহ, পৰ্দাপ্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল।
শিক্ষা বিস্তাৰঃ তেওঁ ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰৰ সমৰ্থক আছিল। তেওঁৰ প্ৰচেষ্টাতে হিন্দু কলেজ (পিছলৈ প্ৰেচিডেন্সি কলেজ) স্থাপিত হয়।
ৰাজনৈতিক চিন্তাঃ তেওঁ কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ ন্যায়পালিকাৰ পৃথকীকৰণ, ভূমি কৰ হ্ৰাস আদিৰ বাবে চৰকাৰক আবেদন জনাইছিল।

৭) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ- স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰি হিন্দু সমাজত সংস্কাৰৰ সূচনা কৰে। তেওঁ 'বেদলৈ উভতি যোৱা'ৰ মন্ত্ৰ দিছিল।

সমাজ সংস্কাৰঃ তেওঁ বাল্য বিবাহ, জাতিভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ বাবে আগভাগ লৈছিল।
শুদ্ধি আন্দোলনঃ আৰ্য সমাজে 'শুদ্ধি' আন্দোলনৰ জৰিয়তে আন ধৰ্মলৈ যোৱা হিন্দু সকলক পুনৰ হিন্দু ধৰ্মলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰে।
জাতীয়তাবাদী চেতনাঃ তেওঁৰ মতাদৰ্শই ভাৰতীয়সকলৰ মাজত গৌৰৱ আৰু আত্মবিশ্বাস জগাই তুলিছিল। আৰ্য সমাজৰ বিভিন্ন শাখাই ভাৰতৰ বিভিন্ন ঠাইত জাতীয়তাবাদী চেতনা গঢ়ি তুলিছিল।

৮) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ- কেশৱ চন্দ্ৰ সেন আছিল ব্ৰাহ্ম সমাজৰ এজন বিশিষ্ট নেতা। তেওঁৰ প্ৰচেষ্টা আৰু আদৰ্শত অনুপ্ৰাণিত হৈ মহাৰাষ্ট্ৰত ১৮৬৭ খ্ৰীষ্টাব্দত আত্মাৰাম পাণ্ডুৰংগে 'প্ৰাৰ্থনা সমাজ' প্ৰতিষ্ঠা কৰে। প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল।

প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে। ৰাণাডেৰ প্ৰচেষ্টাতে 'বিধৱা বিবাহ সংস্থা' আৰু 'দাক্ষিণাত্য শিক্ষা সমাজ' নামৰ অনুষ্ঠান দুটা গঢ়ি উঠিছিল। এই অনুষ্ঠানে বিধৱা বিবাহক উৎসাহিত কৰাৰ লগতে অনাথ শিশুৰ শিক্ষা আৰু অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ ব্যৱস্থা কৰিছিল।

৯) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ- ৰামকৃষ্ণ পৰমহংস আছিল এজন ধৰ্মীয় দাৰ্শনিক। তেওঁৰ শিক্ষা আছিল – সকলো ধৰ্মই একে সত্যলৈ লৈ যায়। তেওঁৰ প্ৰধান শিষ্য স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে।

স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশপ্ৰেম সঞ্চাৰ কৰিছিল, আত্মবিশ্বাস জগাই তুলিছিল আৰু আধ্যাত্মিকতাৰ ভাবৰ বিকাশ ঘটাইছিল। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাব গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ তেজস্বী ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰেৰণা জগাই তুলিছিল।

১০) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ- আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে মাদ্ৰাজক কেন্দ্ৰ কৰি থিয়'ছফিকেল ছ'চাইটিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত প্ৰভাৱ বিস্তাৰ কৰিছিল।

তেওঁ প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৮৯৮ খ্ৰীষ্টাব্দত বাৰাণসীত প্ৰতিষ্ঠা কৰা 'চেণ্ট্ৰেল হিন্দু স্কুল' পিছলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়।

১৯১৬ খ্ৰীষ্টাব্দত এনি বেছান্টে 'হোম ৰুল লীগ' প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টি কৰিছিল।

১১) 'আলিগড় আন্দোলন' কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।

উত্তৰঃ- ভাৰতীয় মুছলমান সমাজক আলীগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাব-চিন্তাৰ সঞ্চাৰ কৰাটোক আলিগড় আন্দোলন বুলি কোৱা হয়।

মুছলমান সমাজক আধুনিক চিন্তা-চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ ছৈয়দ আহমদ খানৰ অৱদান উল্লেখযোগ্য। তেওঁ মুছলমান সম্প্ৰদায়ক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে ১৮৬৪ খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে। ১৮৭৫ খ্ৰীষ্টাব্দত তেওঁ আলীগড়ত মহম্মদান এংলো ওৰিয়েণ্টেল কলেজ প্ৰতিষ্ঠা কৰে। ১৯২০ খ্ৰীষ্টাব্দত এই কলেখন 'আলিগড় মুছলিম বিশ্ববিদ্যালয়'ত পৰিণত হয়।

১২) 'বাতৰি কাকত'ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা।

উত্তৰঃ- দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম-কাজৰ ওপৰত কঠোৰ সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল।

উনবিংশ শতিকাৰ দ্বিতীয় ভাগত প্ৰকাশিত 'বংগ দৰ্শন', 'সঞ্জীৱনী', 'আৰ্য দৰ্শন', 'অমৃত বাজাৰ পত্ৰিকা' আদি কাকতে ভাৰতীয়ৰ মনত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনৰ শোষণৰ স্বৰূপ উদঙাই দিছিল। ১৮৭৮ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে কুখ্যাত 'প্ৰেছ আইন' জাৰি কৰি ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিছিল। এই আইনে ভাৰতীয়সকলক অধিক ক্ষুব্ধ কৰি তোলে আৰু তেওঁলোকৰ মাজত আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হোৱাৰ মনোভাৱ গঢ়ি তোলে।

১৩) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা।

উত্তৰঃ- এলেন অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াৰ প্ৰচেষ্টাত ১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্ৰতিনিধিয়ে এই অধিবেশনত অংশগ্ৰহণ কৰিছিল। সভাপতি নিৰ্বাচিত হৈছিল উমেশচন্দ্ৰ বন্দোপাধ্যায়।

১৪) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ- প্ৰথম অৱস্থাত কংগ্ৰেছ নৰমপন্থী আছিল। ই আবেদন-নিবেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯০৫ চনত বঙ্গভঙ্গৰ পিছত চৰমপন্থীসকলৰ উত্থান ঘটে। ১৯০৭ চনৰ চুৰাট অধিবেশনত কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয় – নৰমপন্থী আৰু চৰমপন্থী। চৰমপন্থী দলৰ নেতা আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিনচন্দ্ৰ পাল (লাল-বাল-পাল)। তেওঁলোকে স্বৰাজ, স্বদেশী, বৰ্জন, আৰু জাতীয় শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৯১৬ চনত লক্ষ্ণৌ চুক্তিৰ যোগেদি চৰমপন্থীসকল মূল কংগ্ৰেছত পুনৰ যোগদান কৰে। ইয়াৰ পিছত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে শক্তিশালী গণআন্দোলন গঢ়ি তোলে আৰু শেষত ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে।



Comments

Log in to leave a comment.

No comments yet. Be the first!