ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

admin Last Updated: Published:
SEBA/SCERT – Class 9 – Social Science

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অনুশীলনী

১। ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।

উত্তৰঃ- পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগ) ৰে গঠিত। ইয়াৰে প্ৰায় ৭১ শতাংশ জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰভাগত সমভূমি, মালভূমি, পাহাৰ-পৰ্বত, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ শাৰী, গভীৰ খাদ, প্ৰবাল প্ৰাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো দেখা যায়। ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলিভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা মহাসাগৰৰ তলিভাগৰ কোনো অংশ উঠি আহিব বা বহি যাব পাৰে।

২। ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।

উত্তৰঃ- পৃথিৱীৰ উপৰিভাগ পৰিৱৰ্তনশীল। সময়ৰ গতিত ভূ-পৃষ্ঠৰ সকলোতে পৰিৱৰ্তন ঘটে। ভূ-পृष্ঠৰ পৰিৱৰ্তন সাধন কৰা কাৰকবোৰৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰৰ সম্মিলিত ক্ৰিয়াই ভূ-পৃষ্ঠক বৰ্তমানৰ অৱস্থা প্ৰদান কৰিছে। এই কাৰকবোৰৰ ক্ৰিয়াৰ ফলতেই ভৱিষ্যতেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তন হৈ থাকিব। কাৰকবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটিব। বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু আভ্যন্তৰীণ কাৰকবোৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। তদুপৰি ভূ-পৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়।

৩। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।

উত্তৰঃ- ভূ-পৃষ্ঠত বাহ্যিক কাৰকবোৰ মূলতঃ বাহিৰৰ পৰা ক্ৰিয়া কৰে। এই কাৰকবোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল। বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ, আৰু সাগৰৰ ঢৌ প্ৰধান।

৪। ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?

উত্তৰঃ- আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলিভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা মহাসাগৰৰ তলিভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হ'লে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। সেইবাবে ভূমিকম্প আৰু আগ্নেয় উদগীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।

৫। নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা।

উত্তৰঃ- এখন নদীয়ে ইয়াৰ উপনদী, শাখানদী আদিৰ যোগেদি একো একোটা এলেকাৰ পানী কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক নদী অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে।

৬। উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা।

উত্তৰঃ- উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহৰ লগত মিলিত হোৱা শাখা-নদীসমূহক উপনদী বোলে। এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যোগেদি বৰষুণৰ পানী, পৰ্বতৰ ওপৰত জমা হৈ থকা পানী, বৰফৰ পানী আদি কঢ়িয়াই নিয়ে। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ হ'ল: পুঠিমাৰী, ভৰলু, সুবনশিৰি, মানাহ, ধনশিৰি আদি।

৭। নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।

উত্তৰঃ- উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ'বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়েই নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ কাৰণত খনন হয়। নদীৰ এনেদৰে হোৱা খনন কাৰ্যকে পাৰ খনন বা পাৰ্শ্বখনন বোলে।

৮। নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায়?

উত্তৰঃ- উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্ৰমে ঢাল কমি অহাৰ ফলত উচ্চভূমিৰ পৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ'বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্ৰমে হ্ৰাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়েই নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ কাৰণত খনন হয়। নদীৰ এনেদৰে হোৱা খনন কাৰ্যকে পাৰ খনন বা পাৰ্শ্বখনন বোলে।

৯। অশ্বখুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।

উত্তৰঃ- অশ্বখুৰা হ্ৰদ হ'ল ঘোঁৰাৰ খুৰা আকৃতিৰ ৰূপ লোৱা হ্ৰদ বা বিল। সমতল অঞ্চলৰ মৃদু ঢালেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হয়। নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একা-বেঁকা কৰে। একা-বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰগতি বা সৰ্পিল গতি বুলি কোৱা হয়। সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ'ব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনেদৰে অশ্বখুৰা হ্ৰদ সৃষ্টি হয়।

১০। প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ- সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয়। বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱনভূমি বোলা হয়। সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে। এইবোৰেই কালক্ৰমত প্লাৱনভূমিৰ সৃষ্টি কৰে।

১১। নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।

উত্তৰঃ- বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ-আকৃতিৰ। বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা যায়। ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাজুলী হৈছে পৃথিৱীৰ বৃহত্তম নদী দ্বীপ।

১২। ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ- উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য'ত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়া 'ব' বা ইংৰাজী 'Delta' ৰ দৰে। সেয়ে এই দ্বীপবোৰক ব-দ্বীপ (Delta) বোলা হয়। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে। তাৰ ভিতৰত গংগা-ব্ৰহ্মপুত্ৰ, নীল, মিছিছিপি আদি নদীৰ ব-দ্বীপ পৃথিৱী বিখ্যাত।

১৩। মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা।

উত্তৰঃ- মৰুভূমিৰ পৰিৱেশত বতাহে খনন, পৰিবহণ আৰু অৱক্ষেপনৰ যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে। মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। সেয়েহে মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰবল হয়।

১৪। অৱনমন বুলিলে কি বুজায়?

উত্তৰঃ- মৰুভূমি এলেকাত ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলা হয়।

১৫। বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ- অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনে পাহাৰৰ ফলত বালিৰ পাহাৰ বা বালিয়াৰিৰ সৃষ্টি হয়।

১৬। ইনছেলবাৰ্গ কি?

উত্তৰঃ- মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰবোৰেই ইনছেলবাৰ্গ। জাৰ্মান শব্দ 'ইনছেলবাৰ্গ'ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত।

১৭। হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা।

উত্তৰঃ- পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চাংশবোৰ পৰে। এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়। নদীৰ লগত হিমবাহৰ পাৰ্থক্য হ'ল: ১। নদীৰ পানীৰ গতি উচ্চভূমি অঞ্চলত ক্ষিপ্ৰ হয় আৰু ভৈয়ামত কিছু কম হয়, কিন্তু হিমবাহৰ গতি অতি লেহেম। ২। নদীয়ে ক্ষিপ্ৰ গতিত ইয়াৰ খনন কাৰ্য চলায়, কিন্তু হিমবাহৰ খননৰ গতি লেহেমীয়া। ৩। হিমবাহ বৰফৰ স্তূপেৰে গঠিত, নদী পানীৰ প্ৰবাহ। ৪। হিমবাহ কেৱল শীতল অঞ্চলত পোৱা যায়, নদী সকলো জলবায়ু অঞ্চলত পোৱা যায়।

১৮। গ্ৰাব কি? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।

উত্তৰঃ- হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰক সামগ্ৰিকভাৱে গ্ৰাব বোলা হয়। গ্ৰাব চাৰি প্ৰকাৰৰ: (ক) পাৰ্শ্বগ্ৰাব, (খ) ভূমিগ্ৰাব, (গ) মধ্যগ্ৰাব, (ঘ) প্ৰান্তগ্ৰাব।

১৯। হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ- কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত পৰ্বতৰ শীৰ্ষাংশ চোকা জোঙৰ দৰে হয়। এইবোৰক হিমবাহে সৃষ্টি কৰা শৃংগ বোলা হয়। এনেদৰে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা সদৃশ শৃংগৰ সৃষ্টি হয়। আল্পছ আৰু হিমালয় পৰ্বতত এনেকুৱা জোঙা শৃংগ দেখা যায়।

২০। উপকূল কাক বোলে?

উত্তৰঃ- পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ-মহাসাগৰে আগুৰি আছে। সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়।

২১। বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।

উত্তৰঃ- ঢৌৱে সদায় ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতল সদৃশ অৱয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট বোলা হয়। সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। উপকূলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে।

২২। সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।

উত্তৰঃ- সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে। ঢৌৰ ক্ৰিয়াৰ ফলতেই সাগৰ-মহাসাগৰৰ উপকূলত বিশেষ কিছুমান অৱয়বৰ সৃষ্টি হয়। উপকূলত সৃষ্টি হোৱা অৱয়ববোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপনজনিত। উপকূল ভাগ গ্ৰেনাইট, বেছল্ট আদিৰ দৰে কঠিন শিলাৰ দ্বাৰা গঠিত হ'লে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। সমুদ্ৰৰ তলীত ডাঙৰ ভূমিকম্প সংঘটিত হ'লে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৰ ক্ষতিসাধন কৰে। এনে ধ্বংসাত্মক ঢৌক ছুনামি বোলা হয়।

২৩। তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাঁড় চিনেৰে দেখুওৱা।

উত্তৰঃ- (ক) নদী – (১) প্লাৱনভূমি, (২) ব-দ্বীপ, (৩) বালিচৰ, (৪) অশ্বখুৰা হ্ৰদ।
(খ) বতাহ – (১) ইনছেলবাৰ্গ, (২) বালিয়াৰি।
(গ) হিমবাহ – (১) পাৰ্শ্বগ্ৰাব, (২) জোঙা শৃংগ, (৩) U-উপত্যকা।
(ঘ) সাগৰৰ ঢৌ – (১) বালিয়াতট।

২৪। ভূ-পৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা।

উত্তৰঃ- এক অবিৰত প্ৰক্ৰিয়াত ভূ-পৃষ্ঠৰ পৰিৱৰ্তন হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি হোৱা হেতু পৃথিৱীত কৃষি ভূমি অঞ্চল তথা বননি অধিক হাৰত হ্ৰাস পাইছে। ফলত কিছুমান অঞ্চলত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে আৰু অধিক খৰাং অঞ্চল সৃষ্টি হৈছে। বিশ্বব্যাপী উদ্যোগীকৰণৰ মাত্ৰা উচ্চ হাৰত বৃদ্ধি হোৱাত বায়ু প্ৰদূষিত হৈছে আৰু গোলকীয় উত্তাপ বাঢ়ি গৈছে। গোলকীয় উত্তাপৰ ফলত মেৰু অঞ্চল আৰু হিমালয় অঞ্চলৰ বৰফ বেছিকৈ গলি নদীত মাত্ৰাধিক পানী জমা হৈছে। এনে অধিক হাৰত বৰফ গলি থাকিলে অতি পলমে পৃথিৱীত ধ্বংসাত্মক বানপানীৰ সৃষ্টি হ'ব পাৰে। শেষত মেৰু অঞ্চল আৰু হিমালয় অঞ্চলত থকা পানীৰ ভাণ্ডাৰ কমি পৃথিৱীত পানীৰ নাটনি হোৱাৰ সম্ভাৱনা অধিক হৈছে। ফলত ভূ-পৃষ্ঠত অধিক মৰুভূমি অঞ্চলৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।



Comments

Log in to leave a comment.

No comments yet. Be the first!