মোৱামৰীয়া গণ বিদ্ৰোহ
মোৱামৰীয়া গণ বিদ্ৰোহ
অতি চমু / চমু উত্তৰৰ প্ৰশ্ন
১) মায়ামৰা কি?
উত্তৰঃ- মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। কাল সংহতিৰ অন্তৰ্ভুক্ত এই সত্ৰখন মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ মাজত জনপ্ৰিয় আছিল।
২) সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ- সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।
৩) সংহতি কি?
উত্তৰঃ- শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিষ্য-প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে সত্ৰসমূহৰ যি ভাগৰ সৃষ্টি হৈছিল তাকে সংহতি বোলা হয়। এই ভাগসমূহ চাৰিটা- ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি আৰু কাল সংহতি।
৪) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰঃ- আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল (১৭৬৯ খ্ৰীষ্টাব্দত)।
৫) মোৱамৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত ১৮০৫ খ্ৰীষ্টাব্দত শেষ হৈছিল।
৬) কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ- আহোম ৰজা চুহুংমুঙে (বা স্বৰ্গনাৰায়ণ) প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়।
৭) চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ- চুৰুমফা ভগাৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল।
৮) ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰঃ- ৰুদ্ৰসিংহৰ ৰাজসভাত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ চতুৰ্ভূজদেৱ মহন্তক অপমান কৰা হৈছিল।
৯) আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা?
উত্তৰঃ- আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হৈছে ছোমদেউ (ফুৰালুং) বা খুন-খাম-ফুৰালুং (তাই-আহোম ভাষাত)।
১০) জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ- জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল।
১১) ৰুদ্ৰ সিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ- ৰুদ্ৰ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল।
১২) কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?
উত্তৰঃ- কৃষ্ণৰাম ভট্টাচাৰ্য আছিল বংগদেশৰ নদীয়াৰ পৰা অনা এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত। স্বৰ্গদেউ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈ তেওঁক নীলাচল পাহাৰত স্থাপন কৰে। তেতিয়াৰ পৰা তেওঁ আৰু তেওঁৰ উত্তৰপুৰুষসকল 'পৰ্বতীয়া গোঁসাই' নামেৰে জনাজাত হয়।
১৩) কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ- স্বৰ্গদেউ শিৱসিংহৰ দিনত, বিশেষকৈ তেওঁৰ ৰাণী বৰৰজা ফুলেশ্বৰীৰ প্ৰভাৱত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল।
১৪) গাগিনি কোন?
উত্তৰঃ- গাগিনি হৈছে মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। বিদ্ৰোহ চলাকালত তেওঁ এগৰাকী বিদ্ৰোহী নেতা আছিল।
১৫) মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰঃ- মোৱামৰীয়াসকলে পোনপ্ৰথমে নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল। পিছলৈ তেওঁলোকে ভৰত সিংহক ৰজা পাতে।
১৬) কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ- কেপ্তেইন থমাছ ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ অসমত আছিল।
১৭) অসমৰ ক'ত লোণ উৎপাদন হৈছিল?
উত্তৰঃ- অসমৰ শদিয়া আৰু নগা পাহাৰৰ কিছু অঞ্চলত লোণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল।
১৮) অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰঃ- লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিছিল। লোণ আমদানি কৰা হৈছিল বংগদেশৰ পৰা।
চমু / দীঘল উত্তৰৰ প্ৰশ্ন
১) মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভুত্থান বুলি ক'ব পৰা যায় নে?
উত্তৰঃ- মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক আছিল, কিন্তু কছাৰী, চুতীয়া, আহোম, কৈবৰ্ত্ত আদি সম্প্ৰদায়ৰ লোকেও এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। 'মায়ামৰা' নামৰ বৈষ্ণৱ সত্ৰখনৰ পৰাই মোৱামৰীয়া শব্দটো উৎপত্তি হোৱা বুলি ধৰা হয়।
মোৱামৰীয়া বিদ্ৰোহক গণ অভুত্থান বুলি কোৱাৰ অন্যতম কাৰণ হৈছে ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক। ৰাজনৈতিক আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে এই সাধাৰণ মানুহবোৰে একত্ৰিত হৈ বিদ্ৰোহত অংশ লৈছিল।
২) মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণসমূহ তলত উল্লেখ কৰা হ'লঃ
গুৰুৰ প্ৰতি অগাধ ভক্তিঃ মায়ামৰা সত্ৰৰ শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্যৰ ওচৰত মূৰ নোদোৱাইছিল। এবাৰ স্বৰ্গদেউ প্ৰতাপ সিংহই এই গুৰুভক্তি পৰীক্ষা কৰিবলৈ দুজন মোৱামৰীয়া শিষ্যক ঘোঁৰাত উঠাই তেওঁলোকৰ ডিঙিৰ সমান উচ্চতাত তৰোৱাল বান্ধি দিলে। শিষ্য দুজনে মৃত্যুৰ ভয়ত শিৰ নত নকৰিলে আৰু তৰোৱালত ডিঙি কাটি মৃত্যু বৰণ কৰিলে। এই ঘটনাই মোৱামৰীয়াসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে।
সত্ৰাধিকাৰ হত্যাঃ প্ৰতাপ সিংহৰ পিছত চুৰুমফা ভগাৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে মোৱামৰীয়াসকলে সংকল্প লৈছিল।
ৰাজ আতিশয্যঃ গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্ত হত্যা, ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্তৰ দুৰ্ব্যৱহাৰ, শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক জোৰকৈ বলিৰ ফোট ল'বলৈ বাধ্য কৰোৱা আদি ঘটনাই মোৱামৰীয়াসকলৰ মনত ক্ষোভৰ সৃষ্টি কৰিছিল।
কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অত্যাচাৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মায়ামৰা সত্ৰৰ মাজত দ্বন্দ্ব আছিল। এবাৰ নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওঙে বাৰ্ষিক কৰৰ হাতী আনোতে কীৰ্তিচন্দ্ৰই তেওঁলোকক অপমান কৰাৰ উপৰিও ৰাঘৱ নেওগক কোবাই আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়ায়।
৩) আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা।
উত্তৰঃ- হয়, নিশ্চয় ভাবো। আহোমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজা ধৰ্মত বিশ্বাসী আছিল। ছোমদেউ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হয়।
গদাধৰ সিংহৰ নীতিঃ গদাধৰ সিংহই সিংহাসনত উঠাৰ আগতে যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল, তেতিয়া সত্ৰসমূহৰ আভ্যন্তৰীণ বিষয়বোৰৰ বিষয়ে জানিব পাৰিছিল। তেওঁ সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি ভাবে। ইয়াৰ ফলত বহু সত্ৰাধিকাৰে সত্ৰ এৰি পলাই গৈছিল আৰু বহু সত্ৰাধিকাৰক ধৰি আনি অত্যাচাৰ চলোৱা হৈছিল।
ৰুদ্ৰসিংহৰ নীতিঃ গদাধৰ সিংহৰ পিছত ৰুদ্ৰসিংহই এই নীতি সলনি কৰি নিৰ্বাসিত আৰু নিৰ্যাতিত সত্ৰাধিকাৰসকলক ঘূৰাই আনি গড়গাঁৱৰ সমীপৰ মাজুলীত থাপে। তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ ব্ৰাহ্মণ্য সত্ৰবোৰক বিশেষ মৰ্যদা দিয়ে, যাৰ ফলত শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত মনোমালিন্যৰ সৃষ্টি হয়।
শিৱসিংহ আৰু ফুলেশ্বৰীৰ নীতিঃ শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈ উঠে আৰু শাক্ত ধৰ্মই গা কৰি উঠে। ৰাজআজ্ঞামতে শূদ্ৰ মহন্তসকলক জোৰকৈ শাক্ত পূজাত ভাগ ল'বলৈ বলিৰ তেজৰ ফোট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। এই ধৰ্মীয় বৈষম্যই মোৱামৰীয়াসকলৰ মনত গভীৰ ক্ষোভৰ সৃষ্টি কৰিছিল।
৪) পাইকপ্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।
উত্তৰঃ- পাইকপ্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে বহু পৰিমাণে জগৰীয়া আছিল। আহোম ৰাজ্যৰ প্ৰতিজন পুৰুষ নাগৰিকেই আছিল এজন পাইক। আৰম্ভণিতে চাৰিজন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল আৰু পাল পাতি ৰাজকীয় কাম কৰিব লাগিছিল।
পাইকৰ ওপৰত অতিৰিক্ত বোজাঃ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্যৰ সংখ্যা ৩ জনলৈ হ্ৰাস কৰা হয়, যাৰ ফলত এজন পাইকৰ খাটনী ৪ মাহলৈ বৃদ্ধি হয়। এই অতিৰিক্ত বোজা মোৱামৰীয়াসকলে গ্ৰহণ কৰিবলৈ অনিচ্ছুক আছিল, কিয়নো তেওঁলোকৰ অধিকাংশই আছিল খাটি খোৱা সাধাৰণ মানুহ।
পাইকৰ শ্ৰেণী বিভাজনঃ পাইকসকলক দুটা ভাগত ভাগ কৰা হৈছিল- কাড়ী পাইক আৰু চমুৱা পাইক। চমুৱা পাইকসকল সংখ্যাত কম হ'লেও মানত উচ্চ আছিল আৰু তেওঁলোকে মুদ্ৰাৰ বিনিময়ত শাৰীৰিক শ্ৰমৰ পৰা অব্যাহতি পাইছিল। সময়ত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হোৱাত কাড়ী পাইকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি পাইছিল। এই সামাজিক অসমতা আৰু শোষণে বিদ্ৰোহী পৰিস্থিতিৰ সৃষ্টি কৰিছিল। মোৰ মতে, পাইকপ্ৰথাৰ জৰিয়তে সাধাৰণ কৃষকৰ ওপৰত হোৱা অত্যাচাৰ আৰু শোষণেই মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম মুখ্য কাৰণ আছিল।
৫) মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'লঃ
ক) ৰাজনৈতিক ফলাফলঃ প্ৰায় তিনিটা দশকজুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু ৰাজ্য দুয়োটাই দুৰ্বল হৈ পৰে। বিদ্ৰোহ দমনত ব্যৰ্থ হৈ আহোম শাসনতন্ত্ৰই ইংৰাজৰ সহায় ল'বলৈ বাধ্য হয়, যাৰ ফলত ইংৰাজসকলৰ অসমত খোপনি পোতাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ মন্ত্ৰী-আমোলাসকল শক্তিশালী হয় আৰু তেওঁলোকে ব্যক্তিগত স্বাৰ্থত কাম কৰিবলৈ লোৱাত প্ৰজাৰ মনত অশান্তি বৃদ্ধি পায়।
খ) আৰ্থ-সামাজিক ফলাফলঃ বিদ্ৰোহৰ সময়ছোৱাত দুয়োপক্ষৰ যুদ্ধংদেহী মনোভাৱে সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰিছিল। বহুতো লোক ঠাই এৰি হাবি-বননি, পৰ্বত-পাহাৰলৈ বা অন্য ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল। খেতি পথাৰ আৰু ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ ফলত দেশত দুৰ্ভিক্ষই দেখা দিছিল। মোৱামৰীয়াসকলৰ মাজত থকা শিল্পকৰ্মৰ দক্ষ লোকসকলৰ মৃত্যু বা দেশান্তৰ হোৱাত সোণ আৰু অস্ত্ৰ-শস্ত্ৰৰ উৎপাদন কমি গৈছিল, যাৰ ফলত অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল।
গ) সামাজিক ফলাফলঃ ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া বৈষ্ণৱপন্থাৰ বিভেদই বিদ্ৰোহৰ কাৰণ হিচাপে কাম কৰিছিল। বিদ্ৰোহে এই বিভেদ হ্ৰাস নকৰি বৃদ্ধিহে কৰিছিল, যাৰ ফলত সামাজিক বিচ্ছিন্নতা অধিক বাঢ়িছিল।
ঘ) মটক ৰাজ্যৰ সৃষ্টিঃ বিদ্ৰোহ চলাকালত সৰ্বানন্দৰ নেতৃত্বত বেংমৰা অঞ্চলত মটক ৰাজ্য গঠন কৰা হয়। পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে সৰ্বানন্দৰ লগত চুক্তি কৰি তেওঁক বৰসেনাপতি পাতে আৰু মটক ৰাজ্য আহোমৰ কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয়।
৬) মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বুলি ভাবা? যুক্তি দিয়া।
উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহক মই বিফল বিদ্ৰোহ বুলি গণ্য কৰো। কাৰণ এই বিদ্ৰোহৰ ফলাফল অত্যন্ত বিষময় আছিল। দীঘলীয়া বিদ্ৰোহৰ ফলত আহোম ৰাজতন্ত্ৰ দুৰ্বল হৈ পৰাৰ লগতে অসমৰ আৰ্থ-সামাজিক অৱস্থা চৰমভাৱে ক্ষতিগ্ৰস্ত হৈছিল।
বিদ্ৰোহে আহোম ৰাজতন্ত্ৰৰ অৱনতি ঘটাইছিল। শিৱসিংহৰ দিনৰ পৰাই ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ মন্ত্ৰী-আমোলাসকল শক্তিশালী হৈ উঠিছিল আৰু তেওঁলোকে ব্যক্তিগত স্বাৰ্থত কাম কৰিবলৈ ধৰাত প্ৰজাৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল।
মোৱামৰীয়াসকলৰ মাজতো কেন্দ্ৰীভূত শাসনব্যৱস্থা গঢ়ি উঠা নাছিল। ক্ষমতা দখলৰ পিছত তেওঁলোকৰ মাজতে ক্ষমতাক লৈ অৰিয়া-অৰি হৈছিল। তেওঁলোকে কোনো নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা নাছিল, যাৰ ফলত সাধাৰণ প্ৰজাই পৰিৱৰ্তনৰ কোনো আভাস পোৱা নাছিল।
ইয়াৰ উপৰিও বিদ্ৰোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছিল। বহু লোকৰ মৃত্যু বা দেশান্তৰ হোৱাৰ ফলত কৃষি আৰু শিল্পকৰ্মৰ ব্যাপক ক্ষতি হৈছিল। দুয়োপক্ষৰ অত্যাচাৰত সাধাৰণ মানুহ চৰম দুৰ্দশাত পৰিছিল। বিদ্ৰোহে ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া বৈষ্ণৱপন্থাৰ বিভেদ হ্ৰাস কৰাতকৈ বৃদ্ধিহে কৰিছিল। শেষত ইংৰাজৰ অসমত খোপনি পোটাৰ পথ প্ৰশস্ত হৈছিল। এই সকলো কাৰণতে মোৱামৰীয়া বিদ্ৰোহক বিফল বুলি গণ্য কৰিব পাৰি।
৭) কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল?
উত্তৰঃ- মোৱামৰীয়া বিদ্ৰোহ আৰু বৰকান্দাজসকলৰ অত্যাচাৰত জৰ্জৰিত হৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজ্য ৰক্ষাৰ বাবে ইংৰাজৰ ওচৰত সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হয়। ইংৰাজসকলেও অসম সম্পৰ্কে তথ্য সংগ্ৰহৰ সুযোগৰ অপেক্ষাতে আছিল। সেয়েহে কোম্পানী চৰকাৰে সহজেই সামৰিক অভিযান পঠাবলৈ মান্তি হয়। এই অভিযানৰ নেতৃত্ব দিছিল কেপ্তেইন থমাছ ওৱেলছে। তেওঁৰ মূল উদ্দেশ্য আছিল অসমৰ বিষয়ে তথ্য সংগ্ৰহ কৰা আৰু বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাক সিংহাসনত পুনৰ প্ৰতিষ্ঠা কৰা।
ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহত অসমত উপস্থিত হয়। তেওঁ দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, হৰদত্ত চৌধুৰী আদিৰ বিদ্ৰোহ দমন কৰে আৰু মোৱামৰীয়াসকলৰ পৰা ৰংপুৰ উদ্ধাৰ কৰে। কিন্তু ইয়াৰ মাজতে কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্তৰসূৰী ছাৰ জন ছোৰে নতুন নীতি গ্ৰহণ কৰে। এই নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। তেওঁ দৃঢ়তাৰে এই নীতি কাৰ্যকৰী কৰিব বিচাৰিছিল। সেইবাবে তেওঁ ওৱেলছক অতি সোনকালে প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে। গৌৰীনাথ সিংহ আৰু অন্যান্য আহোম ডাঙৰীয়াসকলৰ বাৰম্বাৰ অনুৰোধ সত্ত্বেও ওৱেলছে অভিযান সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত লয়।
৮) মোৱামৰীয়া বিদ্ৰোহ দমনত ওৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?
উত্তৰঃ- দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহত গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিল, কিন্তু নগাঁওতো সিন্ধুৰা হাজৰিকাৰ নেতৃত্বত বিদ্ৰোহ আৰম্ভ হোৱাত তেওঁ গুৱাহাটীলৈ পলাই আহিছিল। ব্ৰহ্মপুত্ৰত তেওঁ কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওৱেলছৰ সহায়ত গুৱাহাটী অধিকাৰ কৰে।
ওৱেলছে দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলায়। ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত গৌৰীনাথ সিংহ আৰু ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ স্বাৰ্থত উজনিৰ মোৱামৰীয়াসকলক দমন কৰাটো জৰুৰী হৈ পৰে।
ওৱেলছে গৱৰ্ণৰ জেনেৰেলৰ পৰা ছয়টা নতুন কোম্পানী ফৌজ পায়। ইতিমধ্যে ১৭৮৬ চনৰ পৰা বুঢ়াগোহাঁঞি পূৰ্ণানন্দ ডাঙৰীয়াই যোৰহাটৰ বাহিৰতে মোৱামৰীয়াসকলৰ গতিৰোধ কৰি আছিল। ওৱেলছৰ নেতৃত্বত অহা নতুন ব্ৰিটিছ ফৌজে আহোমৰ সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিলে। ব্ৰিটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত মোৱামৰীয়াসকল তিষ্ঠিব নোৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হয়। ৰংপুৰ বিদ্ৰোহীৰ কবলৰ পৰা উদ্ধাৰ হয়।
কিন্তু ছাৰ জন ছোৰে নতুন নীতি গ্ৰহণ কৰি ওৱেলছক প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে। ওৱেলছৰ প্ৰত্যাৱৰ্তনৰ পিছতে পুনৰ অৰাজকতাৰ সৃষ্টি হয় আৰু মোৱামৰীয়াসকলে পুনৰ ৰংপুৰ দখল কৰে। সেয়ে কেপ্টেইন ওৱেলছে মোৱামৰীয়া বিদ্ৰোহ দমনত কিছু সফলতা লাভ কৰিছিল যদিও সাময়িকভাৱেহে। তেওঁৰ প্ৰত্যাৱৰ্তনৰ লগে লগে বিদ্ৰোহে পুনৰ মূৰ দাঙি উঠিছিল।
৯) কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা।
উত্তৰঃ- কেপ্টেইন ওৱেলছে অসমৰ বিষয়ে এটি মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰলৈ প্ৰেৰণ কৰিছিল। এই বিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অৱস্থা সম্পৰ্কে বহু তথ্য জানিব পৰা যায়।
ৰাজনৈতিক অৱস্থাঃ ওৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন প্ৰণালী আৰু তেওঁৰ ক্ষমতা সম্পৰ্কে বিৱৰণ আছে। আহোম শাসনতন্ত্ৰৰ পাঁচগৰাকী প্ৰধান মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অৰিয়া-অৰিৰ ঘটনাও উল্লেখ আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসনৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদবীধাৰী মন্ত্ৰী-আমোলাসকলৰ মাজত ক্ষমতাৰ বাবে চলা অবাঞ্ছিত প্ৰতিযোগিতাকেই দায়ী বুলি মত পোষণ কৰে।
অৰ্থনৈতিক অৱস্থাঃ অসম আৰু বংগদেশৰ মাজত চলা আমদানি-ৰপ্তানিৰ বৃহৎ বাণিজ্যৰ কথা উল্লেখ কৰি ওৱেলছে লিখিছে যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। সেই সময়ত অসমত লোণৰ বৰ আকাল আছিল। আমদানি বস্তুবোৰৰ ভিতৰত লোণেই আটাইতকৈ উল্লেখযোগ্য আছিল। অসমৰ শদিয়া আৰু নগা পাহাৰত কিছু লোণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। অসমত ধান, সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোল-পাণ, লা, লো, সোণ আদি উৎপন্ন হৈছিল।
সামাজিক অৱস্থাঃ গুৱাহাটী এখন আহাল-বহল আৰু জনবহুল নগৰ আছিল। নগৰখন ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ জুৰি বিস্তৃত আছিল। ৰংপুৰ নগৰৰ পৰিসীমা প্ৰায় ২০ মাইল আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটি ৰজা আৰু ডাঙৰীয়াসকলৰ অধীনস্থ আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতি সস্তা আছিল। তথাপি অসম এখন ঐশ্বৰ্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্ৰিটিছ সেনাৰ ভৰণ-পোষণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সক্ষম হৈছিল।
চমু টোকা
১) কীৰ্তিচন্দ্ৰ বৰবৰুৱা
উত্তৰঃ- কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মায়ামৰা সত্ৰৰ মাজত তীব্ৰ দ্বন্দ্ব আছিল। মায়ামৰা সত্ৰৰ মহন্তই কীৰ্তিচন্দ্ৰক সঘনাই অপমান কৰিছিল। এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ সৈতে নাৱেৰে ফুৰিবলৈ গৈ মায়ামৰা সত্ৰৰ কাষত মহন্তই ৰজাক সন্মান দেখুৱালে কিন্তু কীৰ্তিচন্দ্ৰক কোনো সন্মান নিদিলে। অপমানিত হৈ বৰবৰুৱাই মহন্তক গালি-শপনি পাৰিলে। এই ঘটনাৰ কেইমাহমান পিছত নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগে বাৰ্ষিক কৰৰ হাতী লৈ আহোতে বৰবৰুৱাই তেওঁলোকক গালি-শপনি পৰাৰ উপৰিও ৰাঘৱ নেওগক কোবায় আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়ালে।
২) মায়ামৰা সত্ৰ
উত্তৰঃ- মায়ামৰা হৈছে কাল সংহতিৰ অন্তৰ্ভুক্ত এখন বৈষ্ণৱ সত্ৰ। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। কছাৰী, চুতীয়া, আহোম, কৈবৰ্ত্ত আদি লোকৰ মাজতো এই সত্ৰই জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্ৰ সম্প্ৰদায়ভুক্ত। বৰ্ণ হিন্দু সমাজত জনজাতীয়সকলৰ স্থান নিম্নস্তৰত আছিল, গতিকে শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল। তেওঁলোকৰ অকৃত্ৰিম গুৰুভক্তিয়ে মায়ামৰা সত্ৰ আৰু ইয়াৰ মহন্তসকলৰ শক্তি বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছিল।
৩) পূৰ্ণানন্দ বুঢ়াগোহাঁঞি
উত্তৰঃ- পূৰ্ণানন্দ বুঢ়াগোহাঁঞি আছিল ঘনশ্যাম বুঢ়াগোহাঁঞিৰ পুত্ৰ। তেওঁ লাড়ি বুঢ়াগোহাঁঞি নামেৰেও জনাজাত। তেওঁৰ বুদ্ধি, বিক্ৰম আৰু কৰ্তব্যনিষ্ঠাই অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰি আছে। সীমিত সৈন্যৰে বুঢ়াগোহাঁঞিয়ে ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল। তেওঁ যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। এই বিপদকালত বুঢ়াগোহাঁঞিয়ে প্ৰজাক ৰক্ষা কৰিছিল। তেওঁ গাঁৱৰ মানুহক যুদ্ধৰ শিক্ষা দি মোৱামৰীয়াৰ বিৰুদ্ধে পঠাইছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁঞিৰ নেতৃত্বতে মোৱামৰীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে।
৪) কাড়ী পাইক আৰু চমুৱা পাইক
উত্তৰঃ- আহোম ৰাজ্যৰ পাইকসকলক দুটা ভাগত ভাগ কৰা হৈছিল। প্ৰথম ভাগটো কাড়ী পাইক, যাৰ সংখ্যা আছিল অধিক। দ্বিতীয় ভাগটো চমুৱা পাইক। সংখ্যাত নিচেই তাকৰীয়া হ'লেও তেওঁলোক আছিল কাড়ী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ পৰা তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হোৱাত কাড়ী পাইকৰ সংখ্যা ক্ৰমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল।
৫) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি
উত্তৰঃ- গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি মতে:
(১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হয়।
(২) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো ১০% কৰ ধাৰ্য কৰা হয়।
(৩) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।
(৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হয়।
(৫) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।
৬) বৰৰজা ফুলেশ্বৰী
উত্তৰঃ- স্বৰ্গদেউ শিৱসিংহৰ দিনত তেওঁৰ ৰাণী বৰৰজা ফুলেশ্বৰী অতি প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই গা কৰি উঠিছিল। ৰাজআজ্ঞামতে শূদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফোট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়।
৭) পৰ্বতীয়া গোঁসাই
উত্তৰঃ- স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক অসমলৈ মতাই আনে। পিছলৈ তেওঁৰ পুত্ৰ শিৱসিংহই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লয় আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰে। তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকল 'পৰ্বতীয়া গোঁসাই' নামেৰে জনাজাত হয়।
৮) সৰ্বানন্দ
উত্তৰঃ- সৰ্বانন্দ আছিল এজন প্ৰবল প্ৰতাপী মোৱামৰীয়া নেতা। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত তেওঁ বেংমৰা অঞ্চলত পৃথক ভূ-খণ্ডত সামন্তীয় শাসন চলাইছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সৰ্বানন্দক কৰতলীয়া শাসক হিচাপে 'বৰসেনাপতি' নিযুক্ত কৰে। চুক্তি অনুসৰি বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ ভূ-খণ্ডত মটক ৰাজ্য গঠন হয়। সৰ্বানন্দই বাৰ্ষিক কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে।
৯) ভৰত সিংহ
উত্তৰঃ- ভৰত সিংহ আছিল এজন মোৱামৰীয়া বিদ্ৰোহৰ অগ্ৰণী নেতা। গৌৰীনাথ সিংহই ৰাজধানী ত্যাগ কৰি গুৱাহাটীলৈ যোৱাত মোৱামৰীয়াসকলে ভৰত সিংহক ৰজা পাতিছিল। ব্ৰিটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত তেওঁ বেয়াকৈ আহত হৈ কোনোমতে প্ৰাণ লৈ পলাই যায়। পিছত তেওঁ চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ ১৮০১ চনত পুনৰ বিদ্ৰোহ ঘোষণা কৰে। এইবাৰ ৰজাঘৰীয়া সৈন্যই বিদ্ৰোহীসকলক দমন কৰাত সফল হয় আৰু যুদ্ধত ভৰত সিংহৰ মৃত্যু হয়।
১০) ৰংপুৰ নগৰ
উত্তৰঃ- আহোমৰ ৰাজধানী আছিল ৰংপুৰ নগৰ (বৰ্তমান শিৱসাগৰৰ ওচৰত)। ইয়াৰ পৰিসীমা প্ৰায় ২০ মাইল আছিল। ইয়াত ইটাৰেৰে আগুৰা এখন সুৰক্ষিত দুৰ্গ আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটি ৰজা আৰু ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। ৰংপুৰ নগৰ আছিল আহোম ৰাজ্যৰ ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ।
Comments
No comments yet. Be the first!