মানৰ অসম আক্ৰমণ

raktim Last Updated:
SEBA/SCERT – Class 9 – Social Science

মানৰ অসম আক্ৰমণ

অতি চমু / চমু প্ৰশ্নৰ উত্তৰ

১) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে কোনখন দেশ জয় কৰিছিল?

উত্তৰঃ- ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে আৰাকান দেশ জয় কৰিছিল।

২) মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল?

উত্তৰঃ- মান আৰু ব্ৰিটিছৰ মাজত ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত যুদ্ধ আৰম্ভ হৈছিল যদিও ইয়াৰ পূৰ্বে ১৮২০ দশকৰ আৰম্ভণিতে আৰাকান শৰণাৰ্থী আৰু সীমান্ত সমস্যাৰ বাবে শত্ৰুতা আৰম্ভ হৈছিল।

৩) মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ- মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ সিংহ আছিল।

৪) কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?

উত্তৰঃ- ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।

৫) বৈশালী হুকুং কি?

উত্তৰঃ- বদনচন্দ্ৰৰ লগত অহা দুজন মান লিপিকাৰৰ ভিতৰত এজনে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখি থৈ যোৱা টোকাটো হৈছে বৈশালী হুকুং (অন্যান্য পাঠত বৈশালী হুকুম বুলিও উল্লেখ আছে)।

৬) বৈশালী মুং-ডুন-চুন-খাম কি?

উত্তৰঃ- বদনচন্দ্ৰৰ লগত অহা দুজন মান লিপিকাৰৰ ভিতৰত আনজন লিপিকে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখি থৈ যোৱা টোকাটো হৈছে বৈশালী মুং-ডুন-চুন-খাম।

৭) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ- বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই।

৮) বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল?

উত্তৰঃ- বদনচন্দ্ৰই ৮০০০ মান সৈন্য লগত আনিছিল।

৯) বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?

উত্তৰঃ- বদনচন্দ্ৰই অসমত সোমায়েই ৮০০০ অতিৰিক্ত সৈন্য গোটাইছিল।

১০) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল?

উত্তৰঃ- বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই বৰফুকন উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল।

১১) মানৰ আক্ৰমণ কোন কোন চনত হৈছিল?

উত্তৰঃ- মানৰ আক্ৰমণ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত হৈছিল।

১২) কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল?

উত্তৰঃ- ১৮১৮ চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।

উত্তৰঃ- ১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।

২) জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল।

উত্তৰঃ- জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল।

৩) বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত।

উত্তৰঃ- বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৮ চনৰ আগষ্ট মাহত।

৪) ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ / পূৰ্ণানন্দ বুঢ়াগোহাঁই / ব্ৰজনাথ গোহাঁইৰ মাতৃ আছিল।

উত্তৰঃ- ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল।

৫) ইয়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

উত্তৰঃ- ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

ৰচনাধৰ্মী প্ৰশ্ন

১) মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ- মান ৰজা আলংপায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টা সীমামূৰীয়া মণিপুৰ আৰু কাছাৰলৈও বিস্তাৰিত হৈছিল। ব্ৰহ্মদেশে আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈকে সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰে।

২) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা।

উত্তৰঃ- পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিতকালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দ স্বেচ্ছাচাৰী, দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভালপোৱা নাছিল। সুদীৰ্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাৱে একো ক'ব পৰা নাছিল।

ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামৰ কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভালপোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহ পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত।

আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সাবালক হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সৎৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সৎৰামক চাৰিঙীয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সৎৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে সৎৰামে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।

৩) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল?

উত্তৰঃ- পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচী দিয়া হ'ল। সৎৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল। দন্দুৱা বিদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে যে সৎৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল।

৪) বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ- বদনচন্দ্ৰই পূৰ্ণানন্দৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ পৰা সহায় নাপাই মান দেশৰ ৰজা বদৌপায়াৰ সহায় বিচাৰিছিল। সেইমতে মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিছিল। এই সন্মিলিত সেনাৰ নেতৃত্ব দিছিল বদন বৰফুকনে। ১৮১৭ খ্ৰীষ্টাব্দৰ প্ৰথম আক্ৰমণৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা। পিছৰ আক্ৰমণসমূহ (১৮১৯, ১৮২১)ত মানসকলে অসম দখল কৰাৰ নীতি গ্ৰহণ কৰিছিল।

৫) বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ- বদন বৰফুকনে বদৌপায়াৰ সহায় লৈ ৮০০০ মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা আঠ হেজাৰ; মুঠ ১৬,০০০ সৈন্য লৈ পাটকাই পথেদি অসমত সোমাল। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয়ৰ বাতৰি পায়েই তেওঁ মৃত্যুমুখত পৰে। তেওঁৰ পুত্ৰ ৰুচিনাথক বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত কৰা হয়।

মানসকলে যোৰহাট অধিকাৰ কৰিলে। বদনে যথাবিহিতভাৱে নিজকে বৰফুকন বুলি ঘোষণা কৰিলে। নামত চন্দ্ৰকান্ত ৰজা হৈ থাকিল। এইবাৰ সকলো ক্ষমতা বদনে নিজৰ হাতলৈ নিলে। নুমলী ৰাজমাওয়ে বিস্তৰ আয়োজন কৰি ৰাজধানীত বদনক আদৰিছিল। প্ৰথম আক্ৰমণত মানসকল অতি কম সময় (প্ৰায় এমাহ) আহোম ৰাজ্যত আছিল। মানে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু বদনচন্দ্ৰই তেতিয়া মানসেনাক অনেক ধন-সোণ আৰু অন্যান্য উপঢৌকন আগবঢ়াই মান ৰজালৈ থেমো আইদেউক উপহাৰ হিচাপে পঠালে।

৬) মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ- মানৰ অসম আক্ৰমণৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'লঃ
১) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাধান্য আৰু স্বেচ্ছাচাৰিতা: পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিতকালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। তেওঁৰ স্বেচ্ছাচাৰী, দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভালপোৱা নাছিল। তেওঁৰ বিৰুদ্ধে কেইবাটাও ষড়যন্ত্ৰ সংঘটিত হৈছিল, যাৰ ভিতৰত পানীমুৱা বিদ্ৰোহ আৰু সৎৰামৰ ষড়যন্ত্ৰ উল্লেখযোগ্য।
২) বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰোধ: দন্দুৱা বিদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ সন্দেহৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। পিছলৈ বদনে গুৱাহাটীৰ প্ৰজাবৰ্গৰ ওচৰত অত্যাচাৰ কৰা, কামাখ্যা, হাজো আদি মন্দিৰৰ সোণ-ৰূপ আত্মসাৎ কৰা, কানিৰ প্ৰচলন বন্ধ কৰাৰ বুঢ়াগোহাঁইৰ আদেশ অমান্য কৰা আদি কাৰণত তেওঁলোকৰ মাজৰ বিদ্বেষ বাঢ়ি গ'ল।
৩) ব্ৰিটিছৰ পৰা সহায় নাপাই মানৰ ওচৰত বদনৰ আশ্ৰয় লোৱা: পূৰ্ণানন্দৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰিলে। কিন্তু ব্ৰিটিছ চৰকাৰে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল। ইতিমধ্যে বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰি মান ৰজা বদৌপায়াৰ ওচৰত সহায় বিচাৰিলে।
৪) মানৰ সাম্ৰাজ্যবাদী আকাংক্ষা: মান ৰজা আলংপায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। তেওঁৰ ৰাজ্যৰ পশ্চিমফালে ৰাজ্য বিস্তাৰ নীতি গ্ৰহণ কৰিছিল। পিছৰ আক্ৰমণসমূহত মানসকলে অসম দখল কৰাৰ পৰিকল্পনা কৰিছিল।
৫) মান-ব্ৰিটিছ মনোমালিন্য: প্ৰায় চল্লিছ হেজাৰ আৰাকানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ইংৰাজ অধিকৃত বংগদেশত আশ্ৰয় লৈছিল। এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বদৌপায়াই ওভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। কিন্তু ব্ৰিটিছ চৰকাৰ মান্তি নোহোৱাত শৰণাৰ্থীসকলক লৈ মান আৰু ইংৰাজৰ মাজত মনোমালিন্যই দেখা দিছিল।
৬) বদনৰ পেহীয়েকৰ প্ৰভাৱ: মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ বদনচন্দ্ৰৰ পেহীয়েক আছিল। তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল। সেয়ে বদনচন্দ্ৰই মানৰ সহায় লাভ কৰাত সহজ হৈছিল।

৭) মানৰ অসম আক্ৰমণৰ পৰিণতি সমূহ ফঁহিয়াই দেখুওৱা।

উত্তৰঃ- মানৰ অসম আক্ৰমণৰ পৰিণতি সমূহ তলত উল্লেখ কৰা হ'লঃ
১) আহোম ৰাজত্বৰ অৱসান: মানৰ অসম আক্ৰমণে অসমত আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল।
২) আহোম ৰজাৰ তলতীয়া অৱস্থা: অহোম স্বৰ্গদেউসকল অস্থায়ীভাৱে হ'লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল।
৩) ৰাজনৈতিক অস্থিৰতা: আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল। সিংহাসন প্ৰাপ্তিৰ বাবে চলা আভ্যন্তৰীণ সংঘাতে আহোম ৰাজতন্ত্ৰক দুৰ্বল কৰি পেলাইছিল। চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহয়ো ব্ৰিটিছ ৰাজ্যত আশ্ৰয় লৈছিল।
৪) অৰ্থনৈতিক অৱস্থা মষিমূৰ: মানৰ আক্ৰমণে অসমৰ অৰ্থনৈতিক অৱস্থা মষিমূৰ কৰিছিল। উৎপন্ন বস্তুৰ পৰিমাণ ভীষণভাৱে কমি গৈছিল, সদাগৰ-বেপাৰীসকলে বেপাৰ-বাণিজ্য বন্ধ কৰিছিল।
৫) সামাজিক জীৱন ছিন্ন-ভিন্ন: মানৰ আক্ৰমণৰ ফলত অসমৰ সামাজিক জীৱন ছিন্ন-ভিন্ন হৈ পৰে। গাওঁবোৰত জনসংখ্যা কমি গৈছিল। বহুতো প্ৰজাই প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি পাহাৰে-পৰ্বতে আশ্ৰয় লৈছিল। কিছুমানে দেশ এৰি চুবুৰীয়া ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিছিল। ইয়াৰ ফলত গাওঁ উছন হৈ আৰু খেতি-বাতি নোহোৱা হৈ ভালেমান ঠাই হাবিলৈ পৰিণত হৈছিল।
৬) ব্ৰিটিছৰ হস্তক্ষেপ: মানসকলে অসম অধিকাৰ কৰা ঘটনাই ব্ৰিটিছসকলক অসমলৈ অগমনৰ সুযোগ দিছিল। অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত মানসকলৰ অস্তিত্বই ব্ৰিটিছসকলৰ শক্তিৰ প্ৰতি ভাবুকি হিচাপে পৰিছিল। মানৰ অগ্ৰগতিক বাধা দিয়াৰ বাবেই ১৮২৪-১৮২৬ চনত প্ৰথম ইঙ্গ-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল।
৭) ইয়াণ্ডাবু সন্ধি আৰু ব্ৰিটিছ শাসনৰ আৰম্ভণি: ইঙ্গ-বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা। এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায়।

৮) কোনটো বিদ্ৰোহক 'পানীমুৱা বিদ্ৰোহ' বুলি কোৱা হয়?

উত্তৰঃ- ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামৰ কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলিছিল। দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত।

৯) ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।

উত্তৰঃ- ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল হ'লঃ
ক) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰীতাৰ অৱসান ঘটিল।
খ) চন্দ্ৰকান্ত সিংহক ৰজা পতা হ'ল আৰু বদনচন্দ্ৰ বৰফুকন হিচাপে নিযুক্ত হ'ল।

১০) প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল?

উত্তৰঃ- প্ৰথম ইঙ্গ-বৰ্মা যুদ্ধ ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত সংঘটিত হৈছিল। এই যুদ্ধখন অসম, মণিপুৰ, আৰাকান আৰু ব্ৰহ্মদেশ অঞ্চল জুৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান সেনাৰ মাজত সংঘটিত হৈছিল।

১১) ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফল সমূহ উল্লেখ কৰা।

উত্তৰঃ- ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত। এই সন্ধিৰ ফলত ইঙ্গ-বাৰ্মা সংঘৰ্ষৰ অন্ত পৰিল। এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। এই সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী আভা ৰজাই অসম, কাছাৰ, জয়ন্তীয়া, মণিপুৰ আদি ওচৰ-চুবুৰীয়া ৰাজ্যৰ ওপৰত থকা সকলো দাবী ত্যাগ কৰে। লগতে ভৱিষ্যতলৈও সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়।

১২) ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা।

উত্তৰঃ- অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। মানৰ ৰাজত্বৰ ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিতাৰিত কৰাৰ অজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। এই সন্ধিৰ মাধ্যমত ব্ৰিটিছে অসমত নিজৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল।

চমু টোকা

১) বদৌপায়া

উত্তৰঃ- বদৌপায়া আছিল ব্ৰহ্মদেশৰ ৰজা। বদৌপায়াৰ আমোলৰ মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈকে সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰে। তেওঁ বদনচন্দ্ৰ বৰফুকনক অসমত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সামৰিক সাহায্য প্ৰদান কৰিছিল।

২) গম্ভীৰ সিং

উত্তৰঃ- গম্ভীৰ সিং আছিল মণিপুৰৰ ৰজা। তেওঁৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি কাছাৰৰ ৰজা গোবিন্দ সিংহই ইংৰাজৰ শৰণাপন্ন হৈছিল।

৩) গোবিন্দচন্দ্ৰ

উত্তৰঃ- গোবিন্দচন্দ্ৰ কাছাৰৰ ৰজা আছিল। তেওঁ মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল।

৪) দামান গগৈ

উত্তৰঃ- মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পঠিওৱা আহোম সেনাপতি। তেওঁ ঘিলাধাৰীৰ যুদ্ধত মুখ্য সেনাপতি সকলৰ মাজত এজন আছিল।

৫) হাও বৰা

উত্তৰঃ- ঘিলাধাৰী যুদ্ধৰ এজন আহোম সেনাপতি। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁক ঘিলাধাৰী যুদ্ধৰ বাবে মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল।

৬) ঘিলাধাৰীৰ যুদ্ধ

উত্তৰঃ- মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। এই যুদ্ধত পৰাজয়ৰ বাতৰি পায়েই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়।

৭) ব্ৰজনাথ

উত্তৰঃ- ব্ৰজনাথ সিংহ ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আৰু পুৰন্দৰ সিংহৰ পিতৃ আছিল। তেওঁ অংগক্ষত হোৱাত তেওঁৰ পুত্ৰ পুৰন্দৰক ৰজা পতা হৈছিল।

৮) পুৰন্দৰ সিংহ

উত্তৰঃ- ব্ৰজনাথ সিংহৰ পুত্ৰ আছিল পুৰন্দৰ সিংহ। ব্ৰজনাথ সিংহৰ অংগক্ষত হোৱা বাবে পুতেক পুৰন্দৰক ৰজা পতা হৈছিল। পিছলৈ তেওঁ ব্ৰিটিছৰ আশ্ৰয় লৈছিল।

৯) লুকু ডেকাফুকন

উত্তৰঃ- চন্দ্ৰকান্ত সিংহই ৰুচিনাথৰ বিৰুদ্ধে লুকু ডেকাফুকনৰ নেতৃত্বত এটা সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা এই সেনাবাহিনী ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকাফুকন ৰণত নিহত হয়।

১০) আলুমিংগি

উত্তৰঃ- বদনচন্দ্ৰ বৰফুকনৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিংগিৰ নেতৃত্বত ব্ৰহ্ম ৰজাই ১৮১৯ খ্ৰীষ্টাব্দত এটি সৈন্য বাহিনী পঠাই দিয়ে। এই আক্ৰমণত পুৰন্দৰ সিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটী এৰি বংগদেশলৈ পলাই গৈ ইংৰাজৰ আশ্ৰয় লয়।

১১) দোৱনীয়া

উত্তৰঃ- ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে এই সময়ছোৱাক 'মানৰ দিন' বুলি কোৱা হয়। মান সেনাৰ লুটপাত, অত্যাচাৰত টিকিব নোৱাৰি অসমীয়া 'মানুহ ভগনীয়া' হৈ দিহিঙে-দিপাঙে যাবলগা হৈছিল। ইয়াক বুৰঞ্জীত 'মান ভগনৰ দিন' বোলে। বুৰঞ্জী অনুসৰি, মানৰ আক্ৰমণৰ সময়ত বহুতো ধনবান অসমীয়াই মানৰ ভেশ ধৰি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল। তেওঁলোককে দোৱনীয়া বা ছদ্মবেশী মান বোলা হয়।

১২) ইয়াণ্ডাবু সন্ধি

উত্তৰঃ- ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে। ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে প্ৰথম ইঙ্গ-বাৰ্মা যুদ্ধৰ সামৰণি হৈছিল। এই সন্ধিৰ চৰ্তসমূহ আছিলঃ
১) মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণ বাবদ কোম্পানীক এক কোটি টকা পৰিশোধ কৰিব লাগিব।
২) আৰাকান আৰু টেনাছেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব।
৩) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনোধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব।
৪) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানি ল'ব লাগিব।
৫) আভাত এজন ব্ৰিটিছ ৰেচিডেন্ট থাকিব। এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰে।



Comments

Log in to leave a comment.

No comments yet. Be the first!