শব্দ

admin Last Updated:
SEBA/SCERT – Class 9 – Science

শব্দ

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. তৰংগৰ কি ধৰ্মই – (a) তীব্ৰতা আৰু (b) তীক্ষ্ণতা নিৰ্ণয় কৰে?

উত্তৰঃ- (a) শব্দৰ তীব্ৰতা ইয়াৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। কম্পনৰ বিস্তাৰ বেছি হ’লে সৃষ্টি হোৱা শব্দ ডাঙৰ হয়। বিস্তাৰ কম হ’লে সৃষ্টি হোৱা শব্দ দুর্বল হয়।
(b) কম্পনাংকই শব্দৰ তীক্ষ্ণতা নিৰ্ণয় কৰে। এটা শব্দৰ কম্পনাংক বেছি হ’লে তীক্ষ্ণতা বেছি হয়। কম্পনাংক কম হ’লে তীক্ষ্ণতা কম হয়।

2. গাড়ীৰ হৰ্ণ আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি?

উত্তৰঃ- তীক্ষ্ণতা কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে। গীটাৰ বা গাড়ীৰ হৰ্ণ — যিটোৰ কম্পনাংক বেছি, তাৰ তীক্ষ্ণতা বেছি হ’ব।

প্রশ্নাৱলী

1. শব্দ তৰংগৰ তৰংগদৈৰ্ঘ্য, কম্পনাংক, পৰ্য্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা।

উত্তৰঃ-
তৰংগ দৈৰ্ঘ্য : দুটা অনুক্রমিক ঘনীভবন বা দুটা অনুক্রমিক তনুভবনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে।
কম্পনাংক : মাধ্যমৰ কোনো বিন্দুৰ মাজেদি এক ছেকেণ্ডত পাৰ হৈ যোৱা তৰংগৰ সংখ্যাক তৰংগৰ কম্পনাংক বোলে।
পৰ্য্যায়কাল : মাধ্যমৰ কণা এটাৰ এটা সম্পূৰ্ণ দোলন সম্পূৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা সময়ক শব্দ তৰংগৰ পৰ্য্যায়কাল বোলে।
বিস্তাৰ : শব্দ তৰংগৰ কণাবোৰে সাম্য অৱস্থাৰ পৰা দুয়োফালে অতিক্ৰম কৰা গৰিষ্ঠ দূৰত্বক বিস্তাৰ বোলে।

2. শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে?

উত্তৰঃ- কম্পনাংক, তৰংগ দৈৰ্ঘ্য আৰু দ্ৰুতিৰ মাজৰ সম্পৰ্ক হ’ল – \( v = n\lambda \)
য’ত \( v \) = দ্রুতি, \( n \) = কম্পনাংক, \( \lambda \) = তৰংগ দৈৰ্ঘ্য।

3. প্রদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 m/s আৰু কম্পনাংক 220 Hz। ইয়াৰ তৰংগ দৈৰ্ঘ্য নির্ণয় কৰা।

উত্তৰঃ- ইয়াত, \( v = 440 \) m/s, \( n = 220 \) Hz, \( \lambda = ? \)
এতিয়া \( v = n\lambda \)
⇒ \( \lambda = \frac{v}{n} = \frac{440}{220} = 2 \) m

4. উৎসৰ পৰা 450 m দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 Hz। উৎসৰ পৰা নিৰ্গত অনুক্রমিক ঘনীভবনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান?

উত্তৰঃ- ইয়াত, \( n = 500 \) Hz, \( T = ? \)
আমি জানো যে, \( T = \frac{1}{n} = \frac{1}{500} = 0.002 \) s

প্রশ্নাৱলী

1. শব্দৰ তীব্ৰতা আৰু প্রাবল্যৰ মাজৰ পাৰ্থক্য কি?

উত্তৰঃ- শব্দৰ প্রাবল্য হ’ল একক ক্ষেত্ৰফলৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণ। আনহাতে তীব্ৰতা হ’ল মানুহৰ কাণে অনুভৱ কৰা শব্দৰ শক্তিৰ মান। তীব্ৰতা কাণৰ অনুভূতিৰ ওপৰত নিৰ্ভৰশীল।

প্রশ্নাৱলী

1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমৰ এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি?

উত্তৰঃ- লো মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি। ইয়াৰ পিছত পানী মাধ্যমত আৰু শেষত বায়ু মাধ্যমত।

প্রশ্নাৱলী

1. শব্দ এটাৰ প্ৰতিধ্বনি 3 s পিছত শুনা গ’ল। প্রতিফলন পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান? দিয়া আছে শব্দৰ দ্ৰুতি 342 m/s।

উত্তৰঃ- ইয়াত, \( v = 342 \) m/s, \( t = \frac{3}{2} = 1.5 \) s, \( s = ? \)
আমি জানো যে, \( s = v \times t = 342 \times 1.5 = 513 \) m

প্রশ্নাৱলী

1. সংগীত সমাৰোহৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয়?

উত্তৰঃ- কাৰণ শব্দ প্রতিফলনৰ পিছত যাতে প্ৰেক্ষাগৃহৰ প্ৰতিটো চুক-কোণলৈ যাব পাৰে।

প্রশ্নাৱলী

1. সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ কি?

উত্তৰঃ- 20 Hz ৰ পৰা 20,000 Hz ৰ ভিতৰত।

2. কম্পনাংকৰ পৰিসৰ কি? (a) অৱশব্দৰ (b) অতিশব্দৰ।

উত্তৰঃ- (a) 20 Hz তকৈ কম। (b) 20,000 Hz তকৈ বেছি।

প্রশ্নাৱলী

1. চাবমেৰিণ এখনে নির্গত কৰা চনাৰ স্পন্দন (Sonar Pulse) এটা সমুদ্র তলিৰ টিলা এটাত খুন্দা খাই 1.02 s ত ঘূৰি আহিল। যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 m/s হয় তেন্তে টিলাটোৰ দূৰত্ব কিমান?

উত্তৰঃ- ইয়াত, \( v = 1531 \) m/s, \( t = \frac{1.02}{2} = 0.51 \) s, \( d = ? \)
আমি জানো যে, \( d = v \times t = 1531 \times 0.51 = 780.81 \) m

প্রশ্নাৱলী

1. বস্তুৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি কেনেদৰে হয় আৰু আমাৰ কাণত পৰে?

উত্তৰঃ- শব্দ তৰংগ বায়ু মাধ্যমৰ মাজেৰে অনুদৈৰ্ঘ্য তৰংগ হিচাপে সঞ্চালিত হয়। কম্পমান বস্তুৱে ইয়াৰ সন্মুখৰ বায়ুৰ তৰপটো সংকুচিত কৰে, ফলত বায়ুত সংকোচন সৃষ্টি হয়। বস্তুটো পিছফালে গতি কৰোঁতে ওচৰৰ বায়ুৰ তৰপটো টানি আনে, ফলত বায়ুৰ ঘনত্ব হ্রাস পায় আৰু প্ৰসাৰণ সৃষ্টি হয়। বস্তুটোৰ অবিৰত কম্পনৰ ফলত সংকোচন আৰু প্ৰসাৰণৰ একক তৰংগ এটাৰ পিছত এটাকৈ সৃষ্টি হয়। বায়ুৰ সংকোচন আৰু প্ৰসাৰণৰ এই তৰংগবোৰ আমাৰ কাণত আপাতিত হোৱাৰ ফলত কৰ্ণমাদল কম্পিত হয় আৰু ফলত শ্ৰৱণৰ অনুভূতি সঞ্চাৰ হয়।

অনুশীলনী

1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয়?

উত্তৰঃ- শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। বস্তুৰ কম্পনৰ দ্বাৰা শব্দ উৎপন্ন কৰা হয়।

2. শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভবন আৰু তনুভবন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ- স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক ঠেলি সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়। এনে অঞ্চলক ঘনীভবন বোলে। স্পন্দনশীল বস্তুটোৰ পৰা এই ঘনীভবন আঁতৰি যাবলৈ আৰম্ভ কৰে। যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে, তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে যাক তনুভবন বোলে। বস্তুটোৰ ক্ষীপ্ৰ অগা-পিচা গতিৰ বাবে বায়ুত ঘনীভবন আৰু তনুভবনৰ অগ্রগামী হোৱা শব্দ তৰংগ সৃষ্টি হয়।

3. শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা।

উত্তৰঃ- কাঁচৰ পাত্ৰ এটাত বৈদ্যুতিক ঘণ্টা এটা সুমুৱাই পাত্ৰটোৰ মুখ বায়ু সোমাব নোৱাৰাকৈ বন্ধ কৰি দিয়া হয়। পাত্ৰটো এটা ভেকুৱাম পাম্পৰ লগত সংযোগ কৰা হয়। আৰম্ভনিতে পাত্ৰটো বায়ুৰে পূৰ্ণ কৰি ঘণ্টাটো বজালে শব্দ স্পষ্টকৈ শুনা যায়। এতিয়া পাম্পৰ সহায়ত পাত্ৰটোৰ পৰা বায়ু আঁতৰাবলৈ ধৰিলে ঘণ্টাৰ শব্দ ক্ষীণ হৈ পৰে আৰু বায়ু সম্পূৰ্ণৰূপে আঁতৰালে শব্দ একেবাৰে নুশুনা হয়। ইয়াৰ পৰা প্ৰমাণিত হয় যে শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন।

4. শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?

উত্তৰঃ- শব্দ তৰংগত মাধ্যমৰ কণাবোৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত নহয়। সিহঁতে নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে অগা-পিচা কৰি দুলি থাকে। এই দোলন তৰংগৰ সঞ্চালন দিশৰ সমান্তৰাল হোৱাৰ বাবে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়।

5. অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুক চিনাক্ত কৰিব পৰা?

উত্তৰঃ- শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্যৰ বাবে বন্ধুক চিনাক্ত কৰিব পৰা যায়। একে তীক্ষ্ণতা আৰু তীব্ৰতাৰ শব্দও বিভিন্ন উৎসৰ ক্ষেত্ৰত বেলেগ বেলেগ ধ্বনি বৈশিষ্ট্যৰ হোৱা দেখা যায়।

6. বিজুলী আৰু ঢেৰেকণি দুয়োটা একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইছেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায় কিয়?

উত্তৰঃ- বায়ুত পোহৰৰ বেগ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ, আনহাতে শব্দৰ বেগ প্ৰতি ছেকেণ্ডত প্ৰায় 330 মিটাৰ। গতিকে আকাশত যদিও বিজুলী আৰু ঢেৰেকণি একেলগে সৃষ্টি হয়, পোহৰ শব্দতকৈ সোনকালে আহি পৃথিৱী পায়। সেইবাবে আমি ঢেৰেকণি শুনাৰ আগেয়ে বিজুলী দেখিবলৈ পাওঁ।

7. ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 Hz – 20 kHz ৰ ভিতৰত। এই দুটা তৰংগ কম্পনাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰাৰূপিক তৰংগ দৈৰ্ঘ্য কিমান? বায়ুত শব্দৰ দ্ৰুতি 344 m/s বুলি ধৰা।

উত্তৰঃ- (i) \( v = 344 \) m/s, \( n = 20 \) Hz
\( \lambda = \frac{v}{n} = \frac{344}{20} = 17.2 \) m

(ii) \( n = 20 \) kHz = 20,000 Hz
\( \lambda = \frac{v}{n} = \frac{344}{20000} = 0.0172 \) m = \( 1.72 \times 10^{-2} \) m

8. এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্ৰ আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকুৰিয়াই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ আনজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা। (বায়ুত শব্দৰ দ্ৰুতি = 346 m/s, এলুমিনিয়ামত শব্দৰ দ্ৰুতি = 6420 m/s)

উত্তৰঃ- ধৰা হ’ল দণ্ডডালৰ দৈৰ্ঘ্য = \( L \)
বায়ুত শব্দৰ দ্ৰুতি \( v_{air} = 346 \) m/s, এলুমিনিয়ামত \( v_{al} = 6420 \) m/s
বায়ুত লগা সময় \( t_{air} = \frac{L}{v_{air}} = \frac{L}{346} \)
এলুমিনিয়ামত লগা সময় \( t_{al} = \frac{L}{v_{al}} = \frac{L}{6420} \)
\( \frac{t_{air}}{t_{al}} = \frac{L/346}{L/6420} = \frac{6420}{346} = \frac{3210}{173} \)
∴ \( t_{air} : t_{al} = 3210 : 173 \)

9. শব্দৰ উৎস এটাৰ কম্পনাংক 100 Hz। ই এক মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব?

উত্তৰঃ- ইয়াত, \( n = 100 \) Hz, সময় \( t = 1 \) মিনিট = 60 s
1 ছেকেণ্ডত কম্পনৰ সংখ্যা = 100 টা
60 ছেকেণ্ডত কম্পনৰ সংখ্যা = \( 100 \times 60 = 6000 \) টা

10. পোহৰৰ প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।

উত্তৰঃ- পোহৰৰ প্ৰতিফলনৰ সূত্ৰ শব্দই মানি চলে। অৰ্থাৎ –
(i) শব্দৰ আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে।
(ii) শব্দৰ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান।

11. দূৰৰ বস্তু এটাই শব্দ প্রতিফলিত কৰিলে প্রতিধ্বনিৰ সৃষ্টি হ’ব। ধৰা হওঁক, শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। গৰম দিন এটাতো প্রতিধ্বনিৰ শব্দ শুনিবানে?

উত্তৰঃ- প্রতিধ্বনি শুনিবলৈ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব যথেষ্ট (প্ৰায় 17 m বা তাতকৈ বেছি) হ’ব লাগিব যাতে শব্দ 0.1 s পিছত উভতি আহে। উষ্ণতা বৃদ্ধিত শব্দৰ বেগ কিছু বৃদ্ধি পায়, কিন্তু যথেষ্ট দূৰত্ব থাকিলে গৰম দিনতো প্রতিধ্বনি শুনা যায়।

12. শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যাৱহাৰিক প্ৰয়োগ লিখা।

উত্তৰঃ- (i) মেগাফোন, হৰ্ণ, শিঙ্গা আদিৰে শব্দ তৰংগক বিক্ষিপ্ত নকৰাকৈ কোনো এক বিশেষ দিশত সঞ্চালিত কৰা হয়।
(ii) ষ্টেথ'স্কপত ৰোগীৰ হৃৎস্পন্দনৰ শব্দ পুনঃ পুনঃ প্ৰতিফলনৰ যোগেদি চিকিৎসকৰ কাণত পৰে।

13. 500 m ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হ’ল। পানীত পৰা শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব? দিয়া আছে \( g = 10 \) m/s² আৰু শব্দৰ দ্ৰুতি = 340 m/s

উত্তৰঃ- ধৰা হ’ল, শিলটো পানীত পৰোতে লগা সময় = \( t_1 \)
\( s = 500 \) m, \( u = 0 \), \( g = 10 \) m/s²
\( s = ut_1 + \frac{1}{2}gt_1^2 \)
\( 500 = 0 + \frac{1}{2} \times 10 \times t_1^2 \)
\( 500 = 5t_1^2 \) ⇒ \( t_1^2 = 100 \) ⇒ \( t_1 = 10 \) s

শব্দটো উভতি যাওঁতে লগা সময় = \( t_2 \)
\( v = 340 \) m/s, \( s = 500 \) m
\( v = \frac{s}{t_2} \) ⇒ \( t_2 = \frac{s}{v} = \frac{500}{340} = \frac{50}{34} = \frac{25}{17} \approx 1.47 \) s

নির্ণেয় সময় = \( t_1 + t_2 = 10 + 1.47 = 11.47 \) s

14. শব্দ তৰংগ এটা 339 m/s দ্ৰুতিৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5 cm হয়, তেন্তে তৰংগটোৰ কম্পনাংক কিমান? ই শ্ৰাব্য হ'বনে?

উত্তৰঃ- ইয়াত, \( v = 339 \) m/s, \( \lambda = 1.5 \) cm = 0.015 m
\( v = n\lambda \) ⇒ \( n = \frac{v}{\lambda} = \frac{339}{0.015} = 22600 \) Hz = 22.6 kHz
যিহেতু 22.6 kHz > 20 kHz, গতিকে ই শ্ৰাব্য নহয়।

15. অনুৰণন কাক বোলে? ইয়াক কেনেকৈ কমাব পাৰি?

উত্তৰঃ- ডাঙৰ হলঘৰ এটাত সৃষ্টি হোৱা শব্দ বেৰবোৰত পুনঃ পুনঃ প্রতিফলিত হৈ কিছু সময় ধৰি কাণত বাজি থাকে। এই ঘটনাক অনুৰণন (reverberation) বোলে।
অনুৰণন কমাবৰ বাবে প্ৰেক্ষাগৃহৰ বেৰ আৰু মূধচ শব্দ শোষণকাৰী পদাৰ্থ যেনে – ফাইবাৰ বৰ্ড, খহটা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আবৰি দিয়া হয়।

16. শব্দৰ তীব্ৰতা কাক বোলে? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল?

উত্তৰঃ- শব্দৰ প্রাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সহাঁৰিয়েই হ’ল শব্দৰ তীব্ৰতা। শব্দৰ তীব্রতা তাৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। শব্দৰ তীব্রতা কম্পনৰ বিস্তাৰৰ বৰ্গৰ সমানুপাতিক।

17. চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যাৱহাৰ কেনেকৈ কৰে?

উত্তৰঃ- বাদুলিয়ে অতিশাব্দিক তৰংগ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰে। ই অতিশাব্দিক সংকেত প্ৰেৰণ কৰে আৰু ইয়াৰ গতি পথত থকা চিকাৰৰ পৰা প্রতিফলিত হৈ অহা এই সংকেতবোৰ পুনৰ গ্ৰহণ কৰে। অতিশাব্দিক সংকেতৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধানৰ জৰিয়তে বাদুলীয়ে নিজৰ চিকাৰৰ অৱস্থান, দূৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰে।

18. পৰিস্কাৰ কৰিবলৈ অতিশব্দৰ ব্যাৱহাৰ কেনেকৈ কৰা হয়?

উত্তৰঃ- সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিস্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। পৰিস্কাৰ কৰিবলগীয়া বস্তুবোৰ এটা পৰিস্কাৰক দ্ৰৱত ৰখা হয় আৰু দ্ৰৱৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়। উচ্চ কম্পনাংকৰ খুন্দাত ধুলিমাকতি, তেলেচীয়া পদাৰ্থ আদি বস্তুৰ পৰা আঁতৰি আহি দ্ৰৱৰ তলিত জমা হয়। এই প্ৰক্ৰিয়াত বস্তুটো সম্পূৰ্ণৰূপে পৰিস্কাৰ হয়।

19. চনাৰৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা।

উত্তৰঃ- চনাৰ (SONAR) যন্ত্ৰৰে পানীৰ তলৰ বস্তুৰ দূৰত্ব, দিশ আৰু দ্ৰুতি নিৰ্ণয় কৰা হয়। ইয়াত এটা প্ৰেৰক আৰু এটা গ্ৰাহক যন্ত্ৰ থাকে। প্ৰেৰকে অতিশাব্দিক তৰংগ উৎপন্ন কৰি প্ৰেৰণ কৰে। এই তৰংগবোৰ পানীৰ মাজেৰে সঞ্চালিত হৈ কোনো বস্তুত খুন্দা খাই প্ৰতিফলিত হয় আৰু গ্ৰাহক যন্ত্ৰই সিহঁতক ধৰা পেলায়। গ্ৰাহক যন্ত্ৰই উভতি অহা তৰংগবোৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। পানীত শব্দৰ দ্ৰুতি জনা থাকিলে আৰু সময়ৰ অন্তৰাল মাপিলে বস্তুটোৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰি: \( 2d = v \times t \)। সমুদ্রৰ গভীৰতা, চাবমেৰিণ, হিমশিলা, ডুব যোৱা জাহাজ আদিৰ অৱস্থান নিৰ্ণয়ত চনাৰ ব্যৱহাৰ কৰা হয়।

20. চাবমেৰিণত সংযুক্ত চনাৰ সঁজুলি এটাই সংকেত প্ৰেৰণ কৰাৰ 5 s পিছত প্ৰতিধ্বনি ধৰা পেলালে। চাবমেৰিণৰ পৰা বস্তুটোৰ দূৰত্ব 3625 m হলে পানীত শব্দৰ দ্ৰুতি নিৰ্ণয় কৰা।

উত্তৰঃ- ইয়াত, \( d = 3625 \) m, \( t = \frac{5}{2} = 2.5 \) s, \( v = ? \)
শব্দই যোৱা মুঠ দূৰত্ব \( 2d = v \times t \) ⇒ \( v = \frac{2d}{t} = \frac{2 \times 3625}{5} = \frac{7250}{5} = 1450 \) m/s

21. অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা।

উত্তৰঃ- ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। ধাতুৰ কুণ্ডাৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয় আৰু প্ৰেৰিত তৰংগবোৰ সংসূচকত ধৰা পেলোৱা হয়। ধাতুৰ কুণ্ডাৰ অন্তৰ্ভাগৰ অতি ক্ষুদ্র বিসংগতিয়েও (ফাট, চ্যুতি আদি) অতিশব্দক প্ৰতিফলিত কৰে। এই প্ৰতিফলিত তৰংগৰ দ্বাৰা বিসংগতিৰ উপস্থিতি নিৰ্ণয় কৰা হয়।

22. মানুহৰ কাণৰ কাৰ্য্য পদ্ধতি ব্যাখ্যা কৰা।

উত্তৰঃ- কাণৰ বাহ্যিক অংশ কৰ্ণপালিয়ে চৌপাশৰ শব্দ সংগ্ৰহ কৰে। শব্দ শ্ৰৱণ নলীৰে সঞ্চালিত হৈ কাণ-মাদলত আপতিত হয়। মাধ্যমৰ ঘনীভবনে কাণ-মাদলক ভিতৰলৈ ঠেলে আৰু তনুভবনে বাহিৰলৈ টানে। এইদৰে কাণ-মাদলত কম্পন সৃষ্টি হয়। মধ্যকৰ্ণৰ তিনিডাল হাড়ে এই কম্পন কেইবাগুণে বৃদ্ধি কৰি অন্তঃকৰ্ণলৈ প্ৰেৰণ কৰে। অন্তঃকৰ্ণই চাপৰ পৰিবৰ্তনক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে আৰু শ্ৰৱণ স্নায়ুৰ যোগেদি এই সংকেত মগজুলৈ যায়। মগজুৱে এই সংকেতবোৰ শব্দ বুলি চিনাক্ত কৰে।



Comments

Log in to leave a comment.

No comments yet. Be the first!