কলা
Chapter 6: কলা (Tissues)
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
1. কলা কি?
উত্তৰঃ নির্দিষ্ট একোটা কাম কৰা একে উৎপত্তি, গঠন আৰু আকৃতিযুক্ত কোষৰ সমষ্টিকে কলা বোলা হয়।
2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?
উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন ভিন কলাই ভিন ভিন কাম কৰে। একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কলাসমূহে নির্দিষ্ট বৈশিষ্ট্য লাভ কৰে। সাধাৰণতে একোবিধ কলাই একোটা সুকীয়া কাম সম্পন্ন কৰে যদিও একোটা উমৈহতীয়া কামৰ বা কেইবা প্ৰকাৰৰো কলাৰ সমন্বয় ঘটে আৰু সেয়ে জীৱদেহত একোটা অংগৰ গঠনত একাধিক কলা জড়িত থাকে।
প্রশ্নাৱলী
1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।
উত্তৰঃ সৰল কলা তিনি প্ৰকাৰৰ – (ক) পেৰেণকাইমা, (খ) কলেণকাইমা, (গ) স্ক্লেৰেণকাইমা।
2. অগ্রন্থ ভাজক কলা ক’ত পোৱা যায় ?
উত্তৰঃ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায়।
3. কেনেবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?
উত্তৰঃ স্ক্লেৰেণকাইমা কলাই।
4. ফ্লোৱেম কলা কিহেৰে গঠিত?
উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত— (ক) চালনি নলীকা, (খ) সংগী কোষ, (গ) ফ্লোৱেম তন্ত্ৰ, (ঘ) ফ্লোৱেম পেৰেণকাইমা।
প্রশ্নাৱলী
1. আমাৰ দেহৰ চলনত ব্যাৱহাৰ হোৱা কলাবিধৰ নাম কি?
উত্তৰঃ পেশীকলা।
2. স্নায়ুকোষ দেখিবলৈ কেনেকুৱা?
উত্তৰঃ স্নায়ুকোষ হৈছে দীঘল আৰু শাখাবিশিষ্ট কোষ যাৰ তিনিটা অংশ থাকে— ডেণ্ড্ৰাইট, কোষদেহ আৰু এক্সন। ই প্রাণীদেহৰ আটাইতকৈ দীঘল কোষ।
3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
(i) ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰৰ।
(ii) এইবোৰ অনৈচ্ছিক পেশী (অর্থাৎ ইচ্ছাধীন নহয়)।
(iii) এই পেশীবোৰৰ অনবৰতে ছন্দময় সংকোচন আৰু প্ৰসাৰণ হৈ থাকে। ই কেতিয়াও ভাগৰি নাযায়।
4. এৰিওলাৰ কলাৰ কাৰ্য্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ কলাই দেহৰ আভ্যন্তৰীণ অংগসমূহৰ মাজৰ খালী ঠাই পূৰণ কৰে, অংগসমূহক সংলগ্ন কৰি ৰাখে, ঘৰ্ষণ আৰু আঘাতৰ পৰা সুৰক্ষা দিয়ে, লগতে ক্ষতিগ্ৰস্ত কলাৰ মেৰামতিত সহায় কৰে।
অনুশীলনী
1. 'কলা'ৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে।
2. কি কি উপাদানেৰে জাইলেম কলাবিলাক গঠিত? নাম লিখা।
উত্তৰঃ চাৰি প্ৰকাৰ কোষেৰে জাইলেম কলা গঠিত। সেইবোৰ হৈছে— (ক) ট্ৰেকাইড, (খ) নলিকা (ভেছেল), (গ) কাষ্ঠ তন্ত্ৰ (জাইলেম তন্ত্ৰ), (ঘ) জাইলেম পেৰেণকাইমা।
3. উদ্ভিদৰ সৰল কলা জটিল কলাতকৈ কেনেদৰে পৃথক?
| সৰল কলা | জটিল কলা |
|---|---|
| 1. একে ধৰণৰ গঠন, আকৃতি আৰু কাম সমাধা কৰা স্থায়ী কোষৰ সমষ্টি। | 1. গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন ভিন কাৰ্য্য সম্পাদন কৰা কোষৰ সমষ্টি। |
| 2. সৰল কলা তিনি প্ৰকাৰৰ— (ক) পেৰেণকাইমা, (খ) কলেণকাইমা, (গ) স্ক্লেৰেণকাইমা। | 2. এই কলা দুই প্ৰকাৰৰ – (ক) জাইলেম, (খ) ফ্লোৱেম। |
4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, কলেণকাইমা আৰু স্ক্লেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা।
| বৈশিষ্ট্য | পেৰেণকাইমা | কলেণকাইমা | স্ক্লেৰেণকাইমা |
|---|---|---|---|
| কোষবেৰ | পাতল, ছেলুলোজেৰে গঠিত, মিহি | ডাঠ, ছেলুলোজ আৰু পেক্টিনেৰে গঠিত, খহটা | অতি ডাঠ, লিগনিনেৰে গঠিত, কঠিন |
5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?
উত্তৰঃ (i) ইয়াৰ মাজেৰে বায়ুমণ্ডলীয় গেছৰ (CO₂ আৰু O₂) আদান-প্ৰদান হয়। (ii) ইয়াৰ মাজেৰে বাষ্পমোচন প্ৰক্ৰিয়া সংঘটিত হয়।
6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?
উত্তৰঃ পেশীকলা।
7. নিউৰণ দেখাত কেনেকুৱা হয়?
উত্তৰঃ [চিত্রঃ নিউৰণ]

8. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
(i) হৃদপেশী অনৈচ্ছিক পেশী (ইচ্ছাধীন নহয়)।
(ii) তন্ত্ৰবোৰ শাখাবিশিষ্ট আৰু অনুপ্ৰস্থীয় ৰেখাযুক্ত।
(iii) ই অনবৰতে ছন্দময়ভাৱে সংকুচিত আৰু প্ৰসাৰিত হৈ থাকে আৰু কেতিয়াও ভাগৰি নাযায়।
9. এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ কলাই অংগসমূহৰ মাজৰ স্থান পূৰণ কৰে, ইহঁতক সংলগ্ন কৰি ৰাখে, আঘাতৰ পৰা ৰক্ষা কৰে আৰু কলাৰ ক্ষত মেৰামতি কৰে।
10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ৰসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।
উত্তৰঃ [চিত্রঃ বিভিন্ন পেশীতন্ত্ৰ]

11. হৃদপেশীসমূহৰ বিশেষ কাম কি?
উত্তৰঃ হৃৎপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটাই তেজ সঞ্চালন কৰাটোৱেই হৃদপেশীৰ মুখ্য কাম।
12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নির্ণয় কৰা।
| ৰেখিত পেশী | অৰেখিত পেশী | হৃদপেশী |
|---|---|---|
| কোষ দীঘল, চুঙাকৃতিৰ, শাখাহীন। | কোষ দীঘল, টেঙৰাকৃতিৰ (মহুৰাৰ দৰে), শাখাহীন। | কোষ দীঘল, চুঙাকৃতিৰ, শাখাযুক্ত। |
| অনুপ্ৰস্থীয় ৰেখা থাকে। | অনুপ্ৰস্থীয় ৰেখা নাথাকে। | অনুপ্ৰস্থীয় ৰেখা থাকে। |
| একাধিক কোষকেন্দ্ৰ থাকে (বহুকেন্দ্ৰিক)। | এটাহে কোষকেন্দ্ৰ থাকে (এককেন্দ্ৰিক)। | সাধাৰণতে এটা কোষকেন্দ্ৰ থাকে। |
| ঐচ্ছিক (ইচ্ছাধীন) পেশী। | অনৈচ্ছিক (ইচ্ছাধীন নহয়) পেশী। | অনৈচ্ছিক (ইচ্ছাধীন নহয়) পেশী। |
| হাত, ভৰি, জিভা আদিত পোৱা যায়। | পাকস্থলী, অন্ত্ৰ, ৰক্তনলী আদিত পোৱা যায়। | কেৱল হৃদপিণ্ডত পোৱা যায়। |
13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা।
উত্তৰঃ [চিত্রঃ স্নায়ুকোষ]

14. তলত দিয়া সমূহৰ কলাৰ নাম লিখাঃ
(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত? উত্তৰঃ আচ্ছাদক কলা (স্তৰীভূত চটীয়া আচ্ছাদক কলা)।
(b) পেশী আৰু অস্থিক কি কলাৰে সংযোজন কৰিছে? উত্তৰঃ টেণ্ডন (সংযোজক কলা)।
(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে? উত্তৰঃ ফ্লোৱেম।
(d) আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি? উত্তৰঃ মেদকলা (এডিপ'জ টিছু)।
(e) জুলীয়া মেট্রিক্স থকা সংযোজক কলাবিধৰ নাম কি? উত্তৰঃ তেজ।
(f) মগজুত কি কলা থাকে? উত্তৰঃ স্নায়ু কলা।
15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰঃ স্তৰীভূত চটীয়া আচ্ছাদক কলা।
16. তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ ছাল, অস্থি, বন্ধৰ আৱৰণ।
| অংগ | কলা |
|---|---|
| ছাল | আচ্ছাদক আৰু সংযোজক কলা। |
| অস্থি | সংযোজক কলা (অস্থি কলা)। |
| বন্ধৰ আৱৰণ | ঘনাকাৰ আচ্ছাদক কলা। |
17. তলৰ তালিকাখন পূৰ্ণ কৰা।

| (1) | পেৰেণকাইমা |
| (2) | স্ক্লেৰেণকাইমা |
| (3) | ফ্লোৱেম |
Comments
No comments yet. Be the first!