পৰমাণুৰ গঠন
Chapter 4: পৰমাণুৰ গঠন (Structure of the Atom)
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
1. কেনেল ৰশ্মি কি ?
উত্তৰঃ বিদ্যুত মোক্ষণ নলী এটাত অতি কম চাপত বিদ্যুৎ প্রবাহিত কৰিলে এন'ডৰ পৰা কেথ'ডলৈ সৰল ৰেখাত কিছুমান ৰশ্মি গতি কৰে। এই ৰশ্মিবোৰ নলীটোৰ ভিতৰত থকা গেছৰ ধণাত্মক আধান বিশিষ্ট অণু বা পৰমাণুৰ দ্বাৰা গঠিত। এই ৰশ্মিবোৰক কেনেল ৰশ্মি বোলে।
2. পৰমাণু এটাত এটা প্ৰ'টন আৰু এটা ইলেকট্রন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে?
উত্তৰঃ নকৰে। ই কোনো আধান বহন নকৰে।
প্রশ্নাৱলী
1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
উত্তৰঃ থমছনৰ মতে,
(i) পৰমাণু এটা ধণাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্রনবোৰ ইয়াত সোমাই থাকে।
(ii) ঋণাত্মক আৰু ধণাত্মক আধান মানত সমান। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম।
2. ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণবিক কণা থাকে?
উত্তৰঃ নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে।
3. তিনিটা শ্বেলৰে সৈতে ব'ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকন কৰা।
উত্তৰঃ [চিত্রঃ ব'ৰৰ পৰমাণুৰ আৰ্হি]
4. যদি α-কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা তেনেহ'লে কি দেখা যাব বুলি ভাবা?
উত্তৰঃ প্রায় সকলোবোৰ α-কণা বিক্ষেপিত নোহোৱাকৈ পাৰ হৈ যাব আৰু খুব কম α-কণাহে বিক্ষেপিত হ'ব পাৰে।
প্রশ্নাৱলী
1. পাৰমাণুৰ তিনিটা উপ-পাৰমাণবিক কণাৰ নাম লিখা।
উত্তৰঃ (i) ইলেকট্রন, (ii) প্ৰটন, (iii) নিউট্রন।
2. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u ইয়াৰ নিউক্লিয়াছত দুটা প্ৰটন আছে। ইয়াত কিমানটা নিউট্রন থাকিব?
উত্তৰঃ হিলিয়ামৰ পাৰমাণৱিক ভৰ = 4u, প্রটনৰ সংখ্যা = 2, ∴ নিউট্রনৰ সংখ্যা = 4 – 2 = 2
প্রশ্নাৱলী
1. কাৰ্বন আৰু ছডিয়াম পৰমাণুৰ ইলেকট্ৰনৰ বিতৰণ দেখুওৱা।
উত্তৰঃ
কাৰ্বন (C) : ইলেকট্রনীয় বিন্যাস = 2, 4
ছডিয়াম (Na) : ইলেকট্রনীয় বিন্যাস = 2, 8, 1
2. পৰমাণু এটাৰ K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্রনৰ মুঠ সংখ্যা কিমান হ'ব?
উত্তৰঃ K – শ্বেলত থকা ইলেকট্রনৰ সংখ্যা = 2 টা, L – শ্বেলত থকা ইলেকট্রনৰ সংখ্যা = 8 টা, ∴ মুঠ ইলেকট্রন = 2 + 8 = 10 টা
প্রশ্নাৱলী
1. ক্লৰিণ, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা?
উত্তৰঃ
ক্লৰিণৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 7 ∴ ক্লৰিণৰ যোজ্যতা = 8 – 7 = 1
ছালফাৰৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 6 ∴ ছালফাৰৰ যোজ্যতা = 8 – 6 = 2
মেগনেছিয়ামৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 2 ∴ মেগনেছিয়ামৰ যোজ্যতা = 2
প্রশ্নাৱলী
1. যদি পৰমাণু এটাত ইলেকট্ৰনৰ সংখ্যা 8 আৰু প্ৰটনৰ সংখ্যা 8 হয় তেন্তে,
(i) পৰমাণুটোৰ পাৰমাণবিক সংখ্যা কি হ'ব?
(ii) পৰমাণুটোৰ আধান কিমান হ'ব?
উত্তৰঃ (i) প্ৰটনৰ সংখ্যা = 8 ∴ পাৰমাণৱিক সংখ্যা = 8
(ii) আধান শূণ্য হ'ব।
2. অক্সিজেন আৰু ছালফাৰ পৰমাণুৰ ভৰ সংখ্যা উলিওৱা।
উত্তৰঃ
অক্সিজেনৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা = 8, নিউট্রনৰ সংখ্যা = 8 ∴ ভৰ সংখ্যা = 8 + 8 = 16
ছালফাৰৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা = 16, নিউট্রনৰ সংখ্যা = 16 ∴ ভৰ সংখ্যা = 16 + 16 = 32
প্রশ্নাৱলী
1. চিহ্ন H, D আৰু T প্ৰতিটোতে পোৱা উপ-পাৰমাণৱিক কণাবোৰ তালিকাভূক্ত কৰা।
| মৌলৰ চিহ্ন | পাৰমাণৱিক সংখ্যা | ভৰ সংখ্যা | ইলেকট্রনৰ সংখ্যা | প্ৰটনৰ সংখ্যা | নিউট্রনৰ সংখ্যা |
|---|---|---|---|---|---|
| H | 1 | 1 | 1 | 1 | 0 |
| D | 1 | 2 | 1 | 1 | 1 |
| T | 1 | 3 | 1 | 1 | 2 |
2. একোযোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেকট্রনীয বিন্যাস লিখা।
উত্তৰঃ
সমস্থানিকঃ ³⁵₁₇Cl আৰু ³⁷₁₇Cl
ক্লৰিণৰ (Cl) পাৰমাণৱিক সংখ্যা = 17 ∴ ক্লৰিণৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 7
সমভাৰীঃ ⁴⁰₁₈Ar আৰু ⁴⁰₁₉K
আৰ্গনৰ (Ar) পাৰমাণৱিক সংখ্যা = 18 ∴ আৰ্গনৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 8
পটেছিয়ামৰ (K) পাৰমাণবিক সংখ্যা = 19 ∴ পটেছিয়ামৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 8, 1
অনুশীলনী
1. ইলেকট্রন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা।
| ধৰ্ম | ইলেকট্রন | প্ৰটন | নিউট্রন |
|---|---|---|---|
| আধানৰ প্রকৃতি | ঋণাত্মক | ধণাত্মক | প্ৰশম |
| আধানৰ মান (কুলম্ব) | -1.602×10⁻¹⁹ | +1.602×10⁻¹⁹ | 0 |
| ভৰ (গ্রাম) | 9.109×10⁻²⁸ | 1.672×10⁻²⁴ | 1.675×10⁻²⁴ |
2. জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰঃ (i) ই পৰমাণুৰ স্থিৰতা সম্পর্কে ব্যাখ্যা আগবঢ়াব পৰা নাছিল।
(ii) ই হাইড্রজেন বৰ্ণালীৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল।
3. ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰঃ (i) ই পৰমাণুৰ সুস্থিৰতাৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল।
(ii) ই হাইড্ৰ'জেন বৰ্ণালীৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল।
4. ব'ৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা।
উত্তৰঃ ব'ৰে পৰমাণুৰ আৰ্হিটো তলত দিয়া প্ৰকল্পবোৰৰ ওপৰত ভিত্তি কৰি দিছিল—
(i) পৰমাণু এটাৰ ইলেকট্রনবোৰে নিউক্লিয়াছটোৰ চাৰিওফালে থকা কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰ কক্ষপথত ঘুৰি থাকে। এই কক্ষপথবোৰক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলি কোৱা হয়।
(ii) প্ৰতিটো শক্তিস্তৰত নিহিত থকা শক্তিৰ পৰিমাণ নিৰ্দিষ্ট। শক্তিস্তৰবোৰক K, L, M, N বা 1, 2, 3, 4 সংখ্যাৰ দ্বাৰা বুজোৱা হয়। নিউক্লিয়াছৰ একেবাৰে ওচৰৰ শক্তিস্তৰটোৰ শক্তি নিম্নতম। নিউক্লিয়াছ পৰা আতৰি যোৱাৰ লগে লগে ওপৰলৈ কক্ষপথবোৰৰ শক্তি ক্রমান্বয়ে বাঢ়ি গৈ থাকে।
(iii) নিৰ্দিষ্ট কক্ষপথ এটাত ঘূৰি থাকোতে ইলেকট্রন এটাত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে। গতিকে স্থিৰ কক্ষপথ এটাত ঘূৰি থকা অৱস্থাত ইলেকট্রন এটাই শক্তিৰ অৱশোষণ বা বিকিৰণ নকৰে।
(iv) এটা কক্ষপথৰ পৰা অন্য এটা কক্ষপথলৈ ইলেকট্রন এটাই জপিয়ালে নিৰ্দিষ্ট পৰিমাণৰ শক্তি অৱশোষণ বা বিকিৰণ কৰিব। তলৰ কক্ষপথৰ পৰা ওপৰৰ কক্ষপথলৈ গ'লে ইলেকট্রনে শক্তি অৱশোষণ কৰিব আৰু ওপৰৰ কক্ষপথৰ পৰা তলৰ কক্ষপথলৈ জপিয়ালে ইলেকট্রনে শক্তি বিকিৰণ কৰিব।
5. এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হিকেইটা তুলনা কৰা।
উত্তৰঃ
(A) থমছনৰ পৰমাণুৰ আৰ্হিঃ (i) পৰমাণু এটা ধণাত্মকভাৱে আৰ্হিত একোটা গোলক আৰু ইলেকট্রনবোৰ ইয়াত সোমাই থাকে। (ii) ঋণাত্মক আৰু ধণাত্মক আধান মানত সমান। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম।
(B) ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিঃ (i) পৰমাণু এটাৰ বেছিভাগ ঠাই খালি আৰু নিউক্লিয়াছটোত পৰমাণুটোৰ গোটেই ভৰখিনি থুপ খাই থাকে। (ii) নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ পথত ঋণাত্মক আধানযুক্ত ইলেকট্রনবোৰ ঘূৰি থাকে। (iii) ইলেকট্রনৰ সংখ্যা নিউক্লিয়াছত থকা মুঠ আধানৰ সংখ্যাৰ সমান। (iv) নিউক্লিয়াছ আৰু ইলেকট্রনৰ মাজৰ কুলম্বীয় আকৰ্ষণ আৰু ইলেকট্রনবোৰে বৃত্তাকাৰ পথত ঘূৰি থাকোতে আৱশ্যকীয় কেন্দ্ৰাতিগ বল এই দুয়োটা সাম্যবস্থাত থাকে।
(C) ব'ৰৰ পৰমাণুৰ আৰ্হিঃ (i) পৰমাণুৰ ভিতৰত ইলেকট্রনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে। (ii) এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্রনে শক্তি বিকিৰণ নকৰে।
6. প্রথম ওঠৰটা মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্রন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা।
উত্তৰঃ (i) পৰমাণু এটাৰ কোনো এটা শ্বেলত ইলেকট্রনৰ সৰ্বাধিক সংখ্যা হ'ব 2n², ইয়াত n হ'ল শক্তিস্তৰটোৰ সংখ্যা। গতিকে, প্রথম শক্তিস্তৰ (n=1, K শ্বেল) = 2×1² = 2, দ্বিতীয় শক্তিস্তৰ (n=2, L শ্বেল) = 2×2² = 8, তৃতীয় শক্তিস্তৰ (n=3, M শ্বেল) = 2×3² = 18, চতুর্থ শক্তিস্তৰ (n=4, N শ্বেল) = 2×4² = 32 ইত্যাদি।
(ii) পৰমাণু এটাৰ বহিঃতম শ্বেলত 8 টাতকৈ আৰু শেষৰ আগৰ শ্বেলত 18 টাতকৈ বেছি ইলেকট্রন থাকিব নোৱাৰে।
(iii) এটা শ্বেল সম্পূৰ্ণৰূপে পূৰ্ণ নোহোৱালৈকে পৰৱৰ্তী শ্বেলত ইলেকট্রন সোমাব নোৱাৰে।
7. চিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত কোনো মৌলৰ এটা পৰমাণুৱে ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছৰ সজ্জা পাবলৈ যিমান সংখ্যক ইলেকট্রন এৰি দিয়ে বা গ্রহণ কৰে বা অন্য মৌলৰ পৰমাণুৰ সৈতে ভাগ কৰে সেই সংখ্যাটোকে সেই মৌলৰ যোজ্যতা বোলে। উদাহৰণস্বৰূপে – চিলিকনৰ (Si) ইলেকট্রনীয় বিন্যাস = 2, 8, 4 ∴ ইয়াৰ যোজ্যতা = 4; অক্সিজেনৰ (O) ইলেকট্রনীয় বিন্যাস = 2, 6 ∴ ইয়াৰ যোজ্যতা = 8 – 6 = 2
8. উদাহৰণৰ সৈতে ব্যাখ্যা কৰা –
(i) পাৰমাণবিক সংখ্যা
(ii) ভৰ সংখ্যা
(iii) সমস্থানিক
(iv) সমভাৰী
সমস্থানিকৰ যিকোনো দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ
(i) পাৰমাণৱিক সংখ্যা : মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যাই হৈছে সেই মৌলৰ পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যাক Z চিনৰ দ্বাৰা সূচিত কৰা হয়। উদাহৰণস্বৰূপে হাইড্ৰজেনৰ পৰমাণুত 1 টা প্রটন থাকে, গতিকে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1।
(ii) ভৰ সংখ্যা : পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাক ভৰ সংখ্যা বোলে। যদি পৰমাণুটোত P সংখ্যক প্ৰটন আৰু N সংখ্যক নিউট্রন থাকে তেন্তে ভৰ সংখ্যা A হ'ব: A = P + N। উদাহৰণস্বৰূপে, কাৰ্বনত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা ক্রমে 6 আৰু 6, এতেকে কাৰ্বনৰ ভৰ সংখ্যা 6+6 = 12।
(iii) সমস্থানিক : একে পাৰমাণবিক সংখ্যাযুক্ত বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইডবোৰক সমস্থানিক বোলে। সমস্থানিকবোৰৰ ৰাসায়নিক ধর্ম একে কিন্তু ভৰ সংখ্যা বিভিন্ন হোৱাৰ বাবে ইহঁতৰ ভৌতিক ধৰ্মবোৰ যেনে – ঘনত্ব, গলনাংক, উতলাংক আদি বেলেগ হয়। উদাহৰণস্বৰূপে ক্লৰিণৰ দুটা সমস্থানিক ³⁵₁₇Cl আৰু ³⁷₁₇Cl ।
(iv) সমভাৰী : বেলেগ বেলেগ পাৰমাণবিক সংখ্যা বিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক সমভাৰী বোলা হয়। উদাহৰণস্বৰূপে আৰ্গন, পটেছিয়াম আৰু কেলছিয়ামৰ ভৰ সংখ্যা 40। কিন্তু ইহঁতৰ পাৰমাণবিক সংখ্যা যথাক্রমে 18, 19 আৰু 20। গতিকে ⁴⁰₁₈Ar, ⁴⁰₁₉K আৰু ⁴⁰₂₀Ca সমভাৰী।
সমস্থানিকৰ ব্যৱহাৰ : (i) ⁶⁰₂₇Co, ²²⁵₈₈Ra আৰু ¹⁹⁸₇₈Au সমস্থানিকক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। (ii) তীখাৰ উৎপাদনত চলা লোত থকা ফছফৰাছখিনি সম্পূর্ণভাৱে আঁতৰ হৈছে নে নাই চাবৰ কাৰণে ³²₁₅P সমস্থানিক ব্যৱহাৰ কৰা হয়।
9. Na⁺ ত সম্পূৰ্ণৰূপে পূৰ হৈ থকা K আৰু L শ্বেল আছে। ব্যাখ্যা কৰা।
উত্তৰঃ Na ৰ পাৰমাণবিক সংখ্যা = 11, ∴ Na ত থকা ইলেকট্রনৰ সংখ্যা = 11, Na⁺ ত থকা ইলেকট্রনৰ সংখ্যা = 11 – 1 = 10, Na⁺ ৰ ইলেকট্রনীয় বিন্যাস = K₂, L₈, ∴ Na⁺ ৰ K আৰু L শ্বেল সম্পূৰ্ণৰূপে পূৰ হৈ থাকে।
10. যদি ব্ৰ'মিন পৰমাণু ⁷⁹₃₅Br (49.7%) আৰু ⁸¹₃₅Br (50.3%) সমস্থানিকৰ ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ'ব গণনা কৰা।
উত্তৰঃ ব্ৰ'মিনৰ গড় পাৰমাণৱিক ভৰ = (79×49.7 + 81×50.3) / 100 = (3926.3 + 4074.3) / 100 = 8000.6 / 100 = 80.006 u
11. এটা মৌল X এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2u। নমুনাটোত সমস্থানিক ¹⁶₈X আৰু ¹⁸₈X ৰ শতকৰা পৰিমাণ কি কি?
উত্তৰঃ ধৰা হ'ল, ¹⁶₈X ৰ শতকৰা পৰিমাণ = P, ∴ ¹⁸₈X ৰ শতকৰা পৰিমাণ = 100 – P।
প্ৰশ্নমতে, (P×16 + (100 – P)×18) / 100 = 16.2
⇒ 16P + 1800 – 18P = 1620
⇒ –2P = 1620 – 1800
⇒ –2P = –180
⇒ P = 90
∴ ¹⁶₈X ৰ শতকৰা পৰিমাণ = 90%, ¹⁸₈X ৰ শতকৰা পৰিমাণ = 10%।
12. যদি Z = 3 হয়, তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব? মৌলটোৰ নাম লিখা।
উত্তৰঃ Z = 3, ∴ পাৰমাণৱিক সংখ্যা = 3, ∴ ইলেকট্রনৰ সংখ্যা = 3, ∴ ইলেকট্রনীয় বিন্যাস = 2, 1, ∴ মৌলটোৰ যোজ্যতা = 1, মৌলটোৰ নাম = লিথিয়াম।
13. দুটা পৰমাণু X আৰু Y ৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে।
X: প্রটন = 6, নিউট্রন = 6
Y: প্রটন = 6, নিউট্রন = 8
X আৰু Y ৰ ভৰ সংখ্যা দিয়া। দুয়োটাৰ মাজৰ সম্পৰ্কটো কি?
উত্তৰঃ X ৰ ভৰ সংখ্যা = 6+6 = 12, Y ৰ ভৰ সংখ্যা = 6+8 = 14। যিহেতু দুয়োটা পৰমাণুতে থকা প্ৰটনৰ সংখ্যা একে কিন্তু ভৰ সংখ্যা বেলেগ, গতিকে দুয়োটা সমস্থানিক।
14. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত “T” ভুলবোৰৰ ঠাইত ‘F’ লিখা।
(a) জে. জে. থমছনে প্ৰস্তাব কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে।
(b) ইলেকট্রন এটা আৰু প্ৰটন এটা লগ লাগি নিউট্রন এটা গঠন হয়। সেইবাবে ই প্ৰশম।
(c) ইলেকট্রন এটাৰ ভৰ প্ৰটনৰ ভৰৰ প্ৰায় 1/2000 গুণ।
(d) টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত আয়ডিনৰ এটা সমস্থানিক ব্যৱহাৰ কৰা হয়।
(e) টিংচাৰ আয়ডিন মেডিটিন হিচাপে ব্যৱহাৰ কৰা হয়।
উত্তৰঃ
(a) F
(b) F
(c) T
(d) T
(e) T
15. ৰাডাৰফ'ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই –
(a) পাৰমাণৱিক নিউক্লিয়াছ।
(b) ইলেকট্রন।
(c) প্রটন।
(d) নিউট্রন আবিষ্কাৰ কৰিছিল।
(a) পাৰমাণৱিক নিউক্লিয়াছ (3)
(b) ইলেকট্রন (x)
(c) প্রটন (x)
(d) নিউট্রন (x)
16. মৌল এটাৰ সমস্থানিকবোৰৰ –
(a) একে ভৌতিক ধর্ম।
(b) ভিন্ন ৰাসায়নিক ধর্ম।
(c) ভিন্ন সংখ্যক নিউট্রন।
(d) ভিন্ন পাৰমাণবিক সংখ্যা থাকে।
(a) একে ভৌতিক ধর্ম (3)
(b) ভিন্ন ৰাসায়নিক ধর্ম (x)
(c) ভিন্ন সংখ্যক নিউট্রন (3)
(d) ভিন্ন পাৰমাণৱিক সংখ্যা (x)
17. Cl⁻ আয়নত যোজ্যতা ইলেকট্রনৰ সংখ্যা –
(a) 16 (b) 8 (c) 17 (d) 18
(a) 16 (x)
(b) 8 (3)
(c) 17 (x)
(d) 18 (x)
18. তলৰ কোনটো ছ'ডিয়ামৰ শুদ্ধ ইলেকট্রনীয় বিন্যাস?
(a) 2,8 (b) 8,2,1 (c) 2,1,8 (d) 2,8,1
উত্তৰঃ (d) 2,8,1
19. তলৰ তালিকাখন সম্পূৰ্ণ কৰা।
| পাৰমাণৱিক সংখ্যা | ভৰ সংখ্যা | নিউট্রনৰ সংখ্যা | প্ৰটনৰ সংখ্যা | ইলেকট্রনৰ সংখ্যা | পৰমাণু/আয়নৰ নাম |
|---|---|---|---|---|---|
| 9 | 19 | 10 | 9 | 9 | ফ্লৰিণ |
| 16 | 32 | 16 | 16 | 16 | ছালফাৰ |
| 12 | 24 | 12 | 12 | 12 | মেগনেছিয়াম |
| 1 | 2 | 1 | 1 | 1 | ডিউটেৰিয়াম |
| 1 | 1 | 0 | 1 | 1 | হাইড্ৰজেন |
Comments
No comments yet. Be the first!