প্রাকৃতিক সম্পদ

admin Last Updated:
SEBA/SCERT – Class 9 – Science

প্রাকৃতিক সম্পদ

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মঙ্গল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?

পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগলৰ বায়ুমণ্ডল
(i) ইয়াত নাইট্ৰজেন আৰু অক্সিজেন যথেষ্ট পৰিমাণে আছে। (i) নাইট্ৰজেন আৰু অক্সিজেন অতি কম পৰিমাণে আছে।
(ii) কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কম (0.03%)। (ii) কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি (৯৫-৯৭%)।
(iii) জলীয় বাষ্প পৰ্যাপ্ত পৰিমাণে থাকে। (iii) জলীয় বাষ্প প্ৰায় নাই।
(iv) জীৱ জীয়াই থকাৰ অনুকূল পৰিবেশ। (iv) জীৱ জীয়াই থকাৰ প্ৰতিকূল পৰিবেশ।

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?

উত্তৰঃ- তলত দিয়া কাৰণসমূহৰ বাবে বায়ুমণ্ডলে এখন কম্বলৰ দৰে কাম কৰে —
(i) বায়ু তাপৰ কুপৰিবাহী।
(ii) সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলে নির্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক সুস্থিৰ উষ্ণতাত ৰাখে।
(iii) দিনৰ ভাগত সূৰ্য্যৰ পোনপতীয়া তাপত পৃথিৱীৰ বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে। ৰাতি ভাগত ইয়াৰ ওপৰিভাগে ধীৰে ধীৰে তাপ এৰি দিয়াৰ ফলত পৃথিৱী লাহে লাহে ঠাণ্ডা হয়।

3. বতাহ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ- সূৰ্য্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠত পৰোতে ভূ-ভাগ সাগৰীয় অংশতকৈ বেছি সোনকালে উত্তাপিত হয়। ফলত মাটিৰ ওপৰৰ বায়ু সোনকালে উত্তাপিত হয় আৰু ওপৰলৈ উঠি যায়। ওপৰলৈ যোৱা গৰম বায়ুৰ ঠাই পূৰণ কৰিবলৈ সাগৰ বা জলভাগৰ ওপৰৰ শীতল বতাহ ভূ-ভাগৰ ফালে গতি কৰে। বায়ুৰ এই গতিকে বতাহ বোলে। অৰ্থাৎ বতাহ নতুনকৈ সৃষ্টি নহয়, বৰঞ্চ গৰম আৰু ঠাণ্ডা বায়ুৰ স্থানান্তৰণেই বতাহ।

4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ- যেতিয়া দিনৰ ভাগত সূৰ্য্যৰ তাপত জলভাগ গৰম হয়, তেতিয়া পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ ফলতো বায়ুমণ্ডললৈ বাষ্প আকাৰে আহে। ফলত বায়ু গৰম হৈ পৰে। এই গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে। গৰম বায়ু ওপৰলৈ উঠি প্ৰসাৰিত হৈ লাহে লাহে ঠাণ্ডা হয়। ফলত জলীয় বাষ্প ঘনীভূত হৈ সৰু সৰু পানীৰ কণিকাৰ সৃষ্টি হয়। বায়ুমণ্ডলত থকা ধূলিকণাৰ চাৰিওফালে এই পানীকণা গোট খাই ওলমি থাকে। ইয়াকে ডাৱৰ বোলে।

5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্রস্তুত কৰা।

উত্তৰঃ- (i) কয়লা, পেট্ৰল, ডিজেল আদি জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত বায়ু প্ৰদূষণ হয়।
(ii) শিল্প উদ্যোগৰ পৰা নিৰ্গত ধোঁৱা আৰু ৰাসায়নিক গেছবোৰে বায়ু প্ৰদূষিত কৰে।
(iii) মটৰ গাড়ী, বিমান আদিৰ পৰা নিৰ্গত ধোঁৱাও বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ।

প্রশ্নসমূহ

1. জীৱসমূহক পানীৰ কিয় প্রয়োজন হয়?

উত্তৰঃ- সকলোবিলাক কোষীয় প্ৰক্ৰিয়া পানীৰ মাধ্যমত সংঘটিত হয়। আমাৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদার্থসমূহ কোষৰ ভিতৰত পানীত দ্রবীভূত হৈ থাকে। দ্রবীভূত অৱস্থাতেই পদাৰ্থবোৰ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয়। সেয়ে জীৱসমূহৰ বাবে পানী অতি প্ৰয়োজনীয়। স্থলজ জীৱবোৰে নির্মল বা অলুণীয়া পানীৰ প্ৰয়োজন, কাৰণ ইহঁতৰ শৰীৰে লুণীয়া পানীত থকা অধিক পৰিমাণৰ দ্রবীভূত লৱণ গ্ৰহণ কৰিব নোৱাৰে।

2. নগৰ, মহানগৰ, গাওঁ অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা?

উত্তৰঃ- (i) নির্মল পানী পৰ্বতৰ চূড়াত বৰফ হিচাপে পোৱা যায় (বৰফ গলিলে পানী পোৱা যায়)।
(ii) মাটিৰ তলৰ পানী, হ্রদ, নদী, নিজৰা আদিতো নির্মল পানী পোৱা যায়।
(iii) এই পানীবোৰ মানুহৰ ব্যৱহাৰৰ বাবে উপযোগী।
(উত্তৰদাতাই নিজৰ বাসস্থান অনুসৰি উত্তৰ দিব লাগিব।)

3. কি কি কাৰ্য্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে?

উত্তৰঃ- (i) কল-কাৰখানাৰ পৰা ওলোৱা দূষিত ৰাসায়নিক পদাৰ্থ পানীৰ লগত মিহলি হলে।
(ii) কৃষি ক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক আদি বৰষুণৰ পানীৰ সৈতে মিহলি হৈ নদী-নালাত পৰিলে।
(iii) জলবিদ্যুৎ প্রকল্পৰ পৰা উলিয়াই দিয়া উত্তপ্ত পানীয়ে নদীৰ পানীৰ উষ্ণতা বৃদ্ধি কৰি পানী দূষিত কৰে।
(iv) গৃহস্থালিৰ আৱৰ্জনা আৰু নলা-নৰ্দমাৰ বর্জ্য পানীত মিহলি হ’লেও পানী দূষিত হয়।

প্রশ্নসমূহ

1. মাটি কেনেকৈ গঠন হয়?

উত্তৰঃ- লক্ষ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাগি-চূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয়। ইয়াকেই মাটি বুলি কোৱা হয়। তলত দিয়া কাৰকসমূহে মাটি গঠনত সহায় কৰে:

(i) সূৰ্য্যৰ তাপ: দিনত সূৰ্য্যৰ তাপত শিলাস্তৰ প্ৰসাৰিত হয় আৰু ৰাতি ঠাণ্ডা হৈ সংকুচিত হয়। শিলাখণ্ডৰ বিভিন্ন অংশৰ অসম প্ৰসাৰণ-সংকোচনৰ ফলত ইয়াত ফাট ধৰে আৰু সৰু সৰু খণ্ডত বিভক্ত হয়।
(ii) পানী: শিলৰ ফাটত সোমোৱা পানীয়ে শীতকালত গোট মাৰি বৰফ হৈ প্ৰসাৰিত হৈ শিল ভাঙিবলৈ বাধ্য কৰে। বৈ যোৱা পানীয়ে শিলৰ টুকুৰাবোৰ ঘঁহনি খুৱাই সৰু কণিকালৈ পৰিণত কৰে আৰু সেইবোৰ বিভিন্ন স্থানলৈ কঢ়িয়াই নিয়ে।
(iii) বতাহ: বতাহে শিলৰ টুকুৰাবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে আৰু ঘঁহনি খুৱাই সৰু কণিকালৈ পৰিণত কৰে।
(iv) লাইকেন আৰু উদ্ভিদ: লাইকেনে শিলৰ ওপৰত গজি কিছুমান এছিড নিঃসৰণ কৰি শিল ভাঙিবলৈ সহায় কৰে। মছ উদ্ভিদৰ শিপাই শিলৰ ফাটত সোমাই শিল ভাঙে। বৃহৎ উদ্ভিদৰ শিপাইও শিল ভাঙি মাটি গঠন কৰাত অৰিহণা যোগায়।

2. মাটি ক্ষয়ীভৱন কি?

উত্তৰঃ- প্রাকৃতিক কাৰক (বতাহ, পানী) বা মানুহৰ কাৰ্য্যকলাপৰ দ্বাৰা মাটিৰ উৰ্বৰ ওপৰৰ স্তৰটো অপসাৰিত হোৱাকে মাটি ক্ষয়ীভৱন বুলি কোৱা হয়।

3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত লবা?

উত্তৰঃ- মাটি ক্ষয়ীভৱন ৰোধ কৰিবলৈ তলৰ ব্যৱস্থাসমূহ হাতত ল’ব পাৰি:
(i) অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰা (বনাঞ্চল সৃষ্টি)।
(ii) পানীৰ সোঁত নিয়ন্ত্ৰণ কৰি মাটিৰ ওপৰেৰে পানী বোৱা নিয়মিত কৰা।
(iii) পাহাৰীয়া ঢালত খোজকঢ়া শস্য খেতি (কন্টুৰ খেতি) কৰা।
(iv) নদীৰ পাৰত শক্তিশালী বান্ধ দি গৰাখহনীয়া ৰোধ কৰা।
(v) পৰিকল্পিতভাৱে কৃষি, ঘৰ আৰু পথ নিৰ্মাণ কৰা।
(vi) মাটি সদায় ঘাঁহেৰে আবৃত কৰি ৰখা।

প্রশ্নসমূহ

1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়?

উত্তৰঃ- জলচক্ৰত পানী তিনিটা অৱস্থাত পোৱা যায়—
(i) জুলীয়া: নদী, হ্ৰদ, সাগৰ আদি।
(ii) গেছীয় (জলীয় বাষ্প): বায়ুমণ্ডলত।
(iii) কঠিন: বৰফ আৰু তুষাৰ হিচাপে পৰ্বতত।

2. জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা।

উত্তৰঃ- প্ৰটিন আৰু নিউক্লিক এচিড (DNA আৰু RNA)।

3. বায়ুত CO₂ৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কাৰ্য্যকলাপ উল্লেখ কৰা।

উত্তৰঃ- (i) কল-কাৰখানা আৰু যান-বাহনত জীৱাশ্ম ইন্ধনৰ দহন।
(ii) খেতিৰ বাবে বনাঞ্চল ধ্বংস কৰা।
(iii) জনসংখ্যা বৃদ্ধিৰ ফলত শিল্পায়ন আৰু নগৰায়ণ বৃদ্ধি।

4. সেউজ গৃহ প্রভাব কি?

উত্তৰঃ- বায়ুমণ্ডলত থকা কিছুমান গেছ যেনে— কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (CFC)-এ সূৰ্য্যৰ তাপ শোষণ কৰি ৰাখে। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা তাপ বিকিৰণবোৰ মহাকাশলৈ যাবলৈ নিদি পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়ায়। বায়ুমণ্ডলত ক্ৰিয়া কৰা এই প্ৰক্ৰিয়াকে সেউজ গৃহ প্রভাব বুলি কোৱা হয়। ইয়াৰ ফলত বৈশ্বিক উষ্ণতা বৃদ্ধি পাইছে।

5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়?

উত্তৰঃ- (i) অক্সিজেন (O₂) ৰূপত।
(ii) অ’জন (O₃) ৰূপত (স্তৰমণ্ডলত)।

অনুশীলনী

1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি?

উত্তৰঃ- (i) বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখে। বায়ুমণ্ডল নাথাকিলে দিনত অতি তীব্ৰ তাপ আৰু ৰাতি অতি শীতল হ’লেহেঁতেন।
(ii) অ’জন স্তৰে সূৰ্য্যৰ ক্ষতিকাৰক অতিবেঙুনী ৰশ্মি শোষণ কৰি জীৱকুল ৰক্ষা কৰে।
(iii) বায়ুমণ্ডলত থকা অক্সিজেন জীৱ-জন্তুৰ বাবে শ্বসন ক্ৰিয়াৰ কাৰণে অতি প্ৰয়োজনীয়।
(iv) বায়ুমণ্ডলত থকা কার্বন-ডাই-অক্সাইড উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে প্ৰয়োজন।
(v) বায়ুমণ্ডলৰ দ্বাৰা জলচক্ৰ সক্ৰিয় হৈ থাকে, যাৰ ফলত বৰষুণ হয় আৰু পানীৰ যোগান ধৰে।

2. পানী জীৱৰ বাবে প্ৰয়োজন কিয়?

উত্তৰঃ- তলত দিয়া কাৰণবোৰৰ বাবে পানী জীৱৰ বাবে অপৰিহাৰ্য:
(i) শৰীৰৰ শতকৰা ৬০-৭০ ভাগ পানীয়ে গঠিত।
(ii) শৰীৰৰ জৈৱ ৰাসায়নিক বিক্ৰিয়াবোৰ পানীৰ মাধ্যমত সংঘটিত হয়।
(iii) দ্ৰৱীভূত অৱস্থাত খাদ্য আৰু অন্যান্য পদাৰ্থ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।
(iv) পানী উৎকৃষ্ট দ্ৰাৱক হিচাপে কাম কৰে।
(v) পানী শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
(vi) প্ৰট’প্লাজমৰ ঘনত্ব পানীৰ ঘনত্বৰ সমান হোৱাটো অপৰিহাৰ্য।

3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূর্ণভাৱে আত্মনির্ভৰশীলনে?

উত্তৰঃ- (i) উদ্ভিদে মাটিৰ পৰা পানী আৰু খনিজ লৱণ গ্ৰহণ কৰি খাদ্য প্ৰস্তুত কৰে।
(ii) মাটিয়ে উদ্ভিদৰ শিপাক দৃঢ়ভাৱে ধৰি ৰাখে।
(iii) খাদ্য শস্য, ঘাঁহ আদি মাটিতে উৎপন্ন হয়, যিয়ে প্ৰাণীৰ খাদ্যৰ যোগান ধৰে।
(iv) বহু স্থলজ প্ৰাণীয়ে মাটিতে বাস কৰে।
পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয়, কিয়নো ইহঁতৰ বেছিভাগ প্ৰয়োজনীয়তা পানীৰ পৰাই পূৰণ হয়। কিন্তু পুষ্টি চক্ৰৰ অংশ হিচাপে ইহঁত পৰোক্ষভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল।

4. বতৰৰ আগলি বতৰা কেনেকৈ পোৱা যায়?

উত্তৰঃ- তলৰ উপাদানসমূহ অধ্যয়ন কৰি বতৰৰ আগলি বতৰা পোৱা যায়:
(i) বতাহৰ গতি আৰু দিশ।
(ii) বায়ুৰ আপেক্ষিক আৰ্দ্ৰতা।
(iii) মেঘৰ গঠন আৰু প্ৰকৃতি।
(iv) বায়ুৰ চাপৰ পৰিৱৰ্তন।
(v) বিভিন্ন স্থানৰ জলবায়ু সম্পৰ্কীয় তথ্য।

5. মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নির্দিষ্ট অঞ্চলত এই কাৰ্য্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি?

উত্তৰঃ- হয়, নিশ্চয়। কোনো নির্দিষ্ট অঞ্চলত প্ৰদূষণ সৃষ্টিকাৰী কাৰ্য্যকলাপ চিনাক্ত কৰিব পাৰিলে সেইবোৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পাৰি। যেনে— কল-কাৰখানাৰ বর্জ্য পৰিশোধন কৰা, কীটনাশকৰ ব্যৱহাৰ হ্ৰাস কৰা, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা নিয়ন্ত্ৰণ কৰা আদিৰ জৰিয়তে প্ৰদূষণৰ মাত্ৰা বহু পৰিমাণে কমাব পাৰি।

6. বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্রভাব পেলায়? এটা টোকা লিখা।

উত্তৰঃ- বনাঞ্চলসমূহে তলৰ ধৰণে বায়ু, মাটি আৰু পানীৰ গুণাগুণ প্ৰভাৱিত কৰে:
(i) উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে অক্সিজেন এৰি দি বায়ুত অক্সিজেনৰ মাত্ৰা বজাই ৰাখে।
(ii) বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড শোষণ কৰি বায়ু পৰিষ্কাৰ কৰে।
(iii) উদ্ভিদৰ শিপাই মাটি আৱদ্ধ কৰি ৰাখি মাটি ক্ষয় ৰোধ কৰে।
(iv) বনাঞ্চলে মাটিৰ উৰ্বৰতা বজাই ৰাখে।
(v) গছ-গছনিয়ে বৰষুণৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।
(vi) বনাঞ্চলে পানীৰ উৎসবোৰ সংৰক্ষণ কৰে।
(vii) বিভিন্ন ধৰণৰ প্ৰদূষণ কমাই ৰখাত বনাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।



Comments

Log in to leave a comment.

No comments yet. Be the first!