পৰমাণু আৰু অণু

admin Last Updated: Published:
SEBA/SCERT – Class 9 – Science

Chapter 3: পৰমাণু আৰু অণু (Atoms and Molecules)

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. বিক্রিয়া এটাত 5.3 গ্রাম ছডিয়াম কার্বনেট 6 গ্রাম ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্রব্যবোৰ আছিল 2.2 গ্রাম কার্বন-ডাই-অক্সাইড, 0.9 গ্রাম পানী আৰু 8.2 গ্রাম ছ'ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।

ছডিয়াম কার্বনেট + ইথানয়িক এছিড → ছডিয়াম ইথানয়েট + কার্বন-ডাই-অক্সাইড + পানী

উত্তৰঃ
ছডিয়াম কার্বনেটৰ ভৰ = 5.3 gm
ইথানয়িক এচিডৰ ভৰ = 6 gm
বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ = (5.3 + 6) gm = 11.3 gm
ছডিয়াম ইথানয়েটৰ ভৰ = 8.2 gm
কার্বন-ডাই-অক্সাইডৰ ভৰ = 2.2 gm
পানীৰ ভৰ = 0.9 gm
উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ = (8.2 + 2.2 + 0.9) gm = 11.3 gm
∴ বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ = উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ।
যিহেতু বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰৰ সৈতে উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ সমান, গতিকে ফলাফলবোৰে ভৰৰ নিত্যতা সূত্র মানি চলে।

2. হাইড্ৰজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্রাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেন প্রয়োজন হ'ব?

উত্তৰঃ
1 গ্রাম হাইড্ৰজেনৰ সৈতে বিক্রিয়া কৰা অক্সিজেনৰ পৰিমাণ = 8 গ্রাম
∴ 3 গ্রাম হাইড্ৰজেনৰ সৈতে বিক্রিয়া কৰা অক্সিজেনৰ পৰিমাণ = 8 × 3 = 24 গ্রাম

3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?

উত্তৰঃ ডেল্টনৰ মতে পৰমাণু সৃষ্টি বা বিনাশ কৰিব নোৱাৰি; ৰাসায়নিক বিক্ৰিয়াত কেৱল পুনৰ্বিন্যাস ঘটে। এই স্বীকাৰ্য্যই ভৰৰ নিত্যতা সূত্ৰ ব্যাখ্যা কৰে।

4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ সৰল গোটা সংখ্যাৰ অনুপাতত যোজিত হয়। এই স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰ ব্যাখ্যা কৰে।

প্রশ্নাৱলী

1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।

উত্তৰঃ পাৰমাণবিক ভৰ একক হৈছে এটা কাৰ্বন-12 পৰমাণুৰ ভৰৰ 1/12 ভাগ।

2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভব নহয় কিয়?

উত্তৰঃ কাৰণ পৰমাণুৰ আকাৰ অতি ক্ষুদ্ৰ (প্ৰায় 10⁻¹⁰ m), সেইবাবে খালী চকুৰে দেখা সম্ভৱ নহয়।

প্রশ্নাৱলী

1. তলৰ যৌগবোৰৰ সংকেত লিখা—

(i) ছডিয়াম অক্সাইড

উত্তৰঃ
চিহ্ন :
Na O
আধান :
1⁺ 2⁻

সংকেত = Na₂O

(ii) এলুমিনিয়াম ক্লৰাইড

উত্তৰঃ
চিহ্ন :
Al Cl
আধান :
3⁺ 1⁻

সংকেত = AlCl₃

(iii) ছডিয়াম ছালফাইড

উত্তৰঃ
চিহ্ন :
Na S
আধান :
1⁺ 2⁻

সংকেত = Na₂S

(iv) মেগনেছিয়াম হাইড্রক্সাইড

উত্তৰঃ
চিহ্ন :
Mg OH
আধান :
2⁺ 1⁻

সংকেত = Mg(OH)₂

2. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা—
(i) Al₂(SO₄)₃
(ii) CaCl₂
(iii) K₂SO₄
(iv) KNO₃
(v) CaCO₃

উত্তৰঃ
(i) এলুমিনিয়াম ছালফেট
(ii) কেলছিয়াম ক্লৰাইড
(iii) পটাছিয়াম ছালফেট
(iv) পটাছিয়াম নাইট্রেট
(v) কেলছিয়াম কাৰ্বনেট

3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?

উত্তৰঃ কোনো যৌগ বা পদাৰ্থত থকা মৌলসমূহৰ চিহ্ন আৰু সেইবোৰৰ পৰমাণুৰ সংখ্যা দেখুৱোৱা প্ৰতীকক ৰাসায়নিক সংকেত বোলে।

4. (i) H₂S অণু আৰু (ii) PO₄³⁻ আয়নত কেইটাকৈ পৰমাণু আছে?

উত্তৰঃ
(i) H₂S অণুত 2টা হাইড্ৰজেন (H) পৰমাণু আৰু 1টা ছালফাৰ (S) পৰমাণু থাকে।
(ii) PO₄³⁻ আয়নত 1টা ফছফৰাছ (P) পৰমাণু আৰু 4টা অক্সিজেন (O) পৰমাণু থাকে।

প্রশ্নাৱলী

1. H₂, O₂, Cl₂, CO₂, CH₄, C₂H₆, C₂H₄, NH₃ আৰু CH₃OH ৰ আণবিক ভৰ গণনা কৰা।

উত্তৰঃ
H₂ ৰ আণবিক ভৰ = 2 × 1 = 2u
O₂ ৰ আণবিক ভৰ = 2 × 16 = 32u
Cl₂ ৰ আণবিক ভৰ = 2 × 35.5 = 71u
CO₂ ৰ আণবিক ভৰ = 12 + 2 × 16 = 12 + 32 = 44u
CH₄ ৰ আণবিক ভৰ = 12 + 4 × 1 = 12 + 4 = 16u
C₂H₆ ৰ আণবিক ভৰ = 2 × 12 + 6 × 1 = 24 + 6 = 30u
C₂H₄ ৰ আণবিক ভৰ = 2 × 12 + 4 × 1 = 24 + 4 = 28u
NH₃ ৰ আণবিক ভৰ = 14 + 3 × 1 = 14 + 3 = 17u
CH₃OH ৰ আণবিক ভৰ = 12 + (4 × 1) + 16 = 12 + 4 + 16 = 32u

2. ZnO, Na₂O আৰু K₂CO₃ ৰ সংকেত গোটৰ ভৰ গণনা কৰা। (পাৰমাণৱিক ভৰ: Zn = 65u, Na = 23u, K = 39u, C = 12u, O = 16u)

উত্তৰঃ
ZnO ৰ সংকেত গোটৰ ভৰ = 65 + 16 = 81u
Na₂O ৰ সংকেত গোটৰ ভৰ = 2 × 23 + 16 = 46 + 16 = 62u
K₂CO₃ ৰ সংকেত গোটৰ ভৰ = 2 × 39 + 12 + 3 × 16 = 78 + 12 + 48 = 138u

প্রশ্নাৱলী

1. এক ম'ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হ'লে 1টা কাৰ্বন পৰমাণুৰ ভৰ (গ্রামত) কিমান হ'ব?

উত্তৰঃ
1 ম'ল কাৰ্বন পৰমাণু = 6.022 × 10²³ টা পৰমাণু
6.022 × 10²³ টা কাৰ্বন পৰমাণুৰ ভৰ = 12 গ্রাম
∴ 1 টা কাৰ্বন পৰমাণুৰ ভৰ = 12 / (6.022 × 10²³) গ্রাম
= 1.99 × 10⁻²³ গ্রাম

2. 100 গ্রাম ছডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব? (Na = 23u, Fe = 56u)

উত্তৰঃ
ছডিয়ামৰ পাৰমাণবিক ভৰ = 23u
1 ম'ল ছডিয়ামৰ ভৰ = 23 গ্রাম
23 গ্রাম ছডিয়ামত থকা পৰমাণুৰ সংখ্যা = 6.022 × 10²³ টা
∴ 100 গ্রাম ছডিয়ামত থকা পৰমাণুৰ সংখ্যা = (6.022 × 10²³ × 100) / 23
= (6.022 × 10²⁵) / 23 = 2.61 × 10²⁴ টা

আইৰণৰ পাৰমাণবিক ভৰ = 56u
1 ম'ল আইৰণৰ ভৰ = 56 গ্রাম
56 গ্রাম আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.022 × 10²³ টা
∴ 100 গ্রাম আইৰণত থকা পৰমাণুৰ সংখ্যা = (6.022 × 10²³ × 100) / 56
= (6.022 × 10²⁵) / 56 = 1.07 × 10²⁴ টা

∴ 100 গ্রাম ছডিয়ামত পৰমাণুৰ সংখ্যা বেছি থাকিব।

অনুশীলনী

1. অক্সিজেন আৰু বৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24 gm বিশ্লেষণ কৰাত 0.096 gm বৰণ আৰু 0.144 gm অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।

উত্তৰঃ
যৌগটোৰ মুঠ ভৰ = 0.24 gm
বৰণৰ শতকৰা পৰিমাণ = (0.096 / 0.24) × 100 = 40%
অক্সিজেনৰ শতকৰা পৰিমাণ = (0.144 / 0.24) × 100 = 60%

2. 3.0 gm কাৰ্বন 8.00 gm অক্সিজেনৰে সৈতে দহন কৰাত 11.00 gm কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। 3.00 gm কাৰ্বন 50.00 gm অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব? ৰাসায়নিক সংযোগত কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্রযোজ্য হ'ব?

উত্তৰঃ
স্থিৰানুপাত বিধি অনুসৰি কাৰ্বন ডাই অক্সাইডত সদায় কাৰ্বন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 3 : 8।
গতিকে 3.00 gm কাৰ্বন 50.00 gm অক্সিজেনত দহন কৰিলেও গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ 11.00 gm হ'ব।
ইয়াত ৰাসায়নিক সংযোগৰ স্থিৰানুপাত বিধি প্রযোজ্য হয়।

3. বহুপাৰমাণৱিক আয়নবোৰ কি? উদাহৰণ দিয়া।

উত্তৰঃ একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহুপাৰমাণৱিক আয়ন বোলা হয়। উদাহৰণ — SO₄²⁻, SO₃²⁻, NH₄⁺ ইত্যাদি।

4. তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা—
(a) মেগনেছিয়াম ক্লৰাইড
(b) কেলছিয়াম অক্সাইড
(c) কপাৰ নাইট্রেট
(d) এলুমিনিয়াম ক্লৰাইড
(e) কেলছিয়াম কাৰ্বনেট

উত্তৰঃ
(a) মেগনেছিয়াম ক্লৰাইড = MgCl₂
(b) কেলছিয়াম অক্সাইড = CaO
(c) কপাৰ নাইট্রেট = Cu(NO₃)₂
(d) এলুমিনিয়াম ক্লৰাইড = AlCl₃
(e) কেলছিয়াম কাৰ্বনেট = CaCO₃

5. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া—
(a) পোৰা চূণ (Quick Lime)
(b) হাইড্ৰজেন ব্ৰ'মাইড
(c) বেকিং পাউডাৰ
(d) পটেছিয়াম ছালফেট

উত্তৰঃ
(a) পোৰা চূণ (CaO) : কেলছিয়াম, অক্সিজেন
(b) হাইড্ৰজেন ব্ৰ'মাইড (HBr) : হাইড্ৰজেন, ব্ৰমিন
(c) বেকিং পাউডাৰ (NaHCO₃) : ছডিয়াম, হাইড্ৰজেন, কাৰ্বন, অক্সিজেন
(d) পটেছিয়াম ছালফেট (K₂SO₄) : পটেছিয়াম, ছালফাৰ, অক্সিজেন

6. তলৰ পদাৰ্থবোৰৰ ম'লাৰ ভৰ গণনা কৰা—
(a) ইথাইন C₂H₂
(b) ছালফাৰ অণু S₈
(c) ফছফৰাছ অণু P₄ (ফছফৰাছৰ পাৰমাণবিক ভৰ = 31)
(d) হাইড্রক্লৰিক এছিড HCl
(e) নাইট্রিক এছিড HNO₃

উত্তৰঃ
(a) ইথাইন C₂H₂ ৰ ম'লাৰ ভৰ = 2 × 12 + 2 × 1 = 24 + 2 = 26 gm
(b) ছালফাৰ অণু S₈ ৰ ম'লাৰ ভৰ = 8 × 32 = 256 gm
(c) ফছফৰাছ অণু P₄ ৰ ম'লাৰ ভৰ = 4 × 31 = 124 gm
(d) হাইড্রক্লৰিক এছিড HCl ৰ ম'লাৰ ভৰ = 1 + 35.5 = 36.5 gm
(e) নাইট্রিক এছিড HNO₃ ৰ ম'লাৰ ভৰ = 1 + 14 + 3 × 16 = 1 + 14 + 48 = 63 gm

7. ভৰ কিমান—
(a) 1 ম'ল নাইট্ৰ'জেন পৰমাণুৰ?
(b) 4 ম'ল এলুমিনিয়াম পৰমাণুৰ? (এলুমিনিয়ামৰ পাৰমাণবিক ভৰ = 27)
(c) 10 ম'ল ছডিয়াম ছালফাইট (Na₂SO₃) ৰ?

উত্তৰঃ
(a) 1 ম'ল নাইট্ৰ'জেন পৰমাণুৰ ভৰ = 14 gm
(b) 4 ম'ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 27 × 4 = 108 gm
(c) 1 ম'ল ছডিয়াম ছালফাইট Na₂SO₃ ৰ ভৰ = 2 × 23 + 32 + 3 × 16 = 46 + 32 + 48 = 126 gm
∴ 10 ম'ল ছডিয়াম ছালফাইটৰ ভৰ = 126 × 10 = 1260 gm

8. ম'ললৈ পৰিবৰ্তন কৰা—
(a) 12 gm অক্সিজেন গেছ
(b) 20 gm পানী
(c) 22 gm কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ
(a) O₂ ৰ আণবিক ভৰ = 32 gm
32 gm O₂ = 1 ম'ল
∴ 12 gm O₂ = 12/32 = 0.375 ম'ল

(b) H₂O ৰ আণবিক ভৰ = 18 gm
18 gm H₂O = 1 ম'ল
∴ 20 gm H₂O = 20/18 = 1.11 ম'ল

(c) CO₂ ৰ আণবিক ভৰ = 44 gm
44 gm CO₂ = 1 ম'ল
∴ 22 gm CO₂ = 22/44 = 0.5 ম'ল

9. ভৰ কিমান—
(a) 0.2 ম'ল অক্সিজেন পৰমাণুৰ?
(b) 0.5 ম'ল পানী অণুৰ?

উত্তৰঃ
(a) 1 ম'ল অক্সিজেন পৰমাণুৰ ভৰ = 16 gm
∴ 0.2 ম'ল অক্সিজেন পৰমাণুৰ ভৰ = 0.2 × 16 = 3.2 gm

(b) 1 ম'ল পানী H₂O অণুৰ ভৰ = 18 gm
∴ 0.5 ম'ল পানী অণুৰ ভৰ = 0.5 × 18 = 9 gm

10. 16 gm গোটা ছালফাৰত থকা ছালফাৰ অণু (S₈) ৰ সংখ্যা গণনা কৰা।

উত্তৰঃ
1 ম'ল S₈ ৰ ভৰ = 8 × 32 = 256 gm
256 gm S₈ ত থকা অণুৰ সংখ্যা = 6.022 × 10²³ টা
∴ 16 gm S₈ ত থকা অণুৰ সংখ্যা = (16 × 6.022 × 10²³) / 256
= (6.022 × 10²³) / 16 = 3.76 × 10²² টা

11. 0.051 gm এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা।

উত্তৰঃ
এলুমিনিয়াম অক্সাইড Al₂O₃ ৰ আণবিক ভৰ = 2 × 27 + 3 × 16 = 54 + 48 = 102 gm
102 gm Al₂O₃ ত থকা Al আয়নৰ সংখ্যা = 2 × 6.022 × 10²³ টা
∴ 0.051 gm Al₂O₃ ত থকা Al আয়নৰ সংখ্যা = (0.051 × 2 × 6.022 × 10²³) / 102
= (0.102 × 6.022 × 10²³) / 102
= (6.022 × 10²³) / 1000 = 6.022 × 10²⁰ টা



Comments

Log in to leave a comment.

No comments yet. Be the first!