আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে
Chapter 2: আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে (Is Matter Around Us Pure)
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
1. বিশুদ্ধ পদার্থ বুলিলে কি বুজায়?
উত্তৰঃ যিবোৰ পদাৰ্থ কেৱল একেবিধ কণিকা (মৌল বা যৌগ)ৰ দ্বাৰা গঠিত হয় তাক বিশুদ্ধ পদাৰ্থ বোলে।
2. সমসত্ব আৰু অসমসত্ব মিশ্ৰনৰ মাজৰ প্ৰভেদবোৰ লিখা।
উত্তৰঃ সমসত্ব মিশ্ৰন এটাৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয়। অসমসত্ব মিশ্ৰণত মিশ্ৰণৰ সংযুতি সকলো অংশত একে নহয়। দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰন হৈ দ্ৰৱৰ সৃষ্টি কৰে।
প্রশ্নাৱলী
1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰনৰ পাৰ্থক্য লিখা।
উত্তৰঃ ওপৰৰ প্ৰশ্নটোৰ উত্তৰৰ সৈতে একে।
2. কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?
| কলয়ড | দ্ৰৱণ | প্ৰলম্বন |
|---|---|---|
| অসমসত্ব মিশ্ৰন | সমসত্ব মিশ্ৰন | অসমসত্ব মিশ্ৰন |
| কণিকাৰ আকাৰ 1 nm – 1000 nm | কণিকাৰ আকাৰ < 1 nm | কণিকাৰ আকাৰ > 1000 nm |
| খালী চকুৰে দেখা নাযায় | খালী চকুৰে দেখা নাযায় | খালী চকুৰে দেখা যায় |
| টিণ্ডল প্ৰভাৱ দেখা যায় | টিণ্ডল প্ৰভাৱ দেখা নাযায় | টিণ্ডল প্ৰভাৱ দেখা যাব পাৰে |
| স্থিৰ (সহজে জমা নহয়) | স্থিৰ | অস্থিৰ (সহজে জমা হয়) |
3. 293k উষ্ণতাত 100gm পানীত 36gm ছডিয়াম ক্লৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা।
উত্তৰঃ
ছডিয়াম ক্লৰাইডৰ ভৰ = 36gm
পানীৰ ভৰ = 100gm
দ্ৰৱটোৰ মুঠ ভৰ = 36gm + 100gm = 136gm
∴ দ্ৰৱণটোৰ গাঢ়তা = (দ্ৰাব্যৰ ভৰ / দ্ৰৱটোৰ মুঠ ভৰ) × 100
= (36 / 136) × 100 = 26.47%
প্রশ্নাৱলী
1. কেৰাচিন আৰু পেট্ৰ'লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ বেছি) মিশ্ৰনৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা?
উত্তৰঃ ভগ্নাংশ পাতন (Fractional distillation) প্ৰক্ৰিয়াৰ দ্বাৰা।
2. তলৰ মিশ্ৰনবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।
(i) দৈৰ পৰা মাখন
(ii) সাগৰৰ পানীৰ পৰা নিমখ
(iii) নিমখৰ পৰা কৰ্পূৰ
উত্তৰঃ
(i) অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা।
(ii) বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা।
(iii) উৰ্ধপাতন প্ৰক্ৰিয়াৰ দ্বাৰা।
3. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰন পৃথক কৰা যায়?
উত্তৰঃ স্ফটিকীকৰণ পদ্ধতিৰে অশুদ্ধি থকা কঠিন পদাৰ্থ এটা বিশুদ্ধ গোটা স্ফটিক ৰূপত পৃথক কৰা হয়।
প্রশ্নাৱলী
1. তলৰ কাৰ্য্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন?
(a) গছ কটা
(b) কেৰাহি এখনত মাখন বিগলন
(c) আলমাৰিত মামৰ ধৰা
(d) পানী উতলাই জলীয় ভাপ কৰা
(e) পানীৰ মাজেদি বিদ্যুৎ প্রবাহিত কৰিলে হাইড্ৰ'জেন আৰু অক্সিজেন গেছ উপন্ন হোৱা
(f) পানীত নিমখ দ্ৰবীভূত কৰা
(g) কেচা ফলৰ পৰা চালাড প্রস্তুত কৰা
(h) কাগজ আৰু কাঠ পুৰিলে
উত্তৰঃ
(a) ভৌতিক পৰিবৰ্তন
(b) ভৌতিক পৰিবৰ্তন
(c) ৰাসায়নিক পৰিবৰ্তন
(d) ভৌতিক পৰিবৰ্তন
(e) ৰাসায়নিক পৰিবৰ্তন
(f) ভৌতিক পৰিবৰ্তন
(g) ভৌতিক পৰিবৰ্তন
(h) ৰাসায়নিক পৰিবৰ্তন
2. তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰন হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।
উত্তৰঃ
পানী – বিশুদ্ধ পদাৰ্থ
গাখীৰ – মিশ্ৰন
LPG – মিশ্ৰন
কেৰাচিন তেল – মিশ্ৰন
বায়ু – মিশ্ৰন
কাগজ – মিশ্ৰন
বৰফ – বিশুদ্ধ পদাৰ্থ
চিয়াহী – মিশ্ৰন
কাঠ – মিশ্ৰন
মাখন – মিশ্ৰন
অনুশীলনী
1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কোনটো পৃথকীকৰণ পদ্ধতি প্রয়োগ কৰিবা?
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল'ৰাইড
(b) ছডিয়াম ক্লৰাইড আৰু এম'নিয়াম ক্ল'ৰাইডৰ মিশ্ৰনৰ পৰা এমনিয়াম ক্লৰাইড
(c) গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা
(d) ফুলৰ পাহিৰ আৰকৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ
(e) দৈৰ পৰা মাখন
(f) পানীৰ পৰা তেল
(g) চাহৰ পৰা চাহপাত
(h) বালিৰ পৰা লোৰ পিন
(i) চোকোৰাৰ পৰা গমৰ গুটি
(j) পানী আৰু বোকাৰ প্ৰলম্বণৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ
উত্তৰঃ
(a) বাষ্পীভৱন
(b) উৰ্ধপাতন
(c) চুম্বকৰ সহায়ত পৃথকীকৰণ
(d) বৰ্ণলেখন
(e) অপকেন্দ্ৰিক পদ্ধতি
(f) পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি
(g) ফিল্টাৰ কৰি
(h) চুম্বকৰ সহায়ত পৃথকীকৰণ
(i) জৰা প্ৰক্ৰিয়া
(j) অৱক্ষেপণ
2. একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ (Steps) লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাব্য, দ্ৰবীভূত, দ্ৰবণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।
উত্তৰঃ
পদক্ষেপ 1: এটা পাত্ৰত কিছু দ্ৰাৱক (পানী) লোৱা হ'ল। দ্ৰাৱকখিনি গৰম কৰা হ'ল।
পদক্ষেপ 2: পাত্ৰটোত অলপ দ্ৰাব্য (চাহপাত) দিয়া হ'ল।
পদক্ষেপ 3: পানী আৰু চাহপাতৰ দ্ৰৱণটো কিছু সময় গৰম কৰা হ'ল।
পদক্ষেপ 4: চাহৰ পাত্ৰ এটাত দ্ৰৱণটো থোৱা হ'ল।
পদক্ষেপ 5: কাপ এটাত এচামুচ দ্ৰাব্য (চেনি) লোৱা হ'ল।
পদক্ষেপ 6: চেকনিৰ সহায়ত কাপটোত একাপ চাহ ছেকা হ'ল। চেনিখিনি কাপটোত ঘুটি দিয়া হ'ল, এতিয়া চাহৰ মিশ্ৰনটো পোৱা যাব। চেনীখিনি চাহত দ্ৰবীভূত হ'ল। চেনী চাহত দ্ৰবণীয়। আনহাতে চাহপাত অদ্ৰৱণীয়। চেনী, চাহপাত আৰু পানীৰ দ্ৰৱণটো পৰিশ্ৰুত কৰিলে চাহপাত অৱশেষ হিচাপে থাকি যায়।
3. প্রজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিবলৈ আৰু ফলাফলবোৰৰ সংগ্ৰহ তলৰ তালিকাত দিয়া হৈছে। (তালিকাখনত 100 gm পানীত সংপৃক্ত দ্ৰবণ প্রস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰাব্যৰ পৰিমাণ দিয়া হৈছে।)
(a) পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313k উষ্ণতাত 50gm পানীত কিমান গ্রাম পটাছিয়াম নাইট্ৰেট দ্ৰবীভূত কৰিব লাগিব?
(b) 353k উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে। দ্ৰবটো ঠাণ্ডা হলে তেওঁ কি দেখিব? ব্যাখ্যা কৰা।
(c) প্ৰতিটো লবণৰে দ্ৰবণীয়তা 293k ত নিৰ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি?
(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্রভাব ব্যাখ্যা কৰা।
উত্তৰঃ
(a) 313k উষ্ণতাত সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 100gm পানীত লগা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ = 62gm
∴ 1gm পানীত লগা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ = 62/100 gm
∴ 50gm পানীত লগা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ = (62/100) × 50 = 31gm
(b) 353k উষ্ণতাত পটাছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ দিলে দ্ৰবটো অতিপৃক্ত হ'ব আৰু কিছু পটাছিয়াম ক্লৰাইড পাত্ৰৰ তলিত জমা হ'ব।
(c) 293k উষ্ণতাত –
পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱণীয়তা = 32 gm/100gm পানী
ছডিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা = 32 gm/100gm পানী
পটাছিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা = 35 gm/100gm পানী
এম'নিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা = 37 gm/100gm পানী
293k উষ্ণতাত এম'নিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি।
(d) যদি পানীত লৱণ দ্ৰবীভূত হোৱা প্ৰক্ৰিয়াটো তাপবর্জী হয়, তেন্তে উষ্ণতা বাঢ়িলে ইয়াৰ দ্ৰৱণীয়তা কমিব। যদি পানীত লৱণ দ্ৰবীভূত হোৱা প্ৰক্ৰিয়াটো তাপগ্ৰাহী হয়, তেন্তে উষ্ণতা বাঢ়িলে ইয়াৰ দ্ৰৱণীয়তা বাঢ়িব।
4. উদাহৰণ দি ব্যাখ্যা কৰা—
(a) সংপৃক্ত দ্ৰৱ
(b) বিশুদ্ধ পদাৰ্থ
(c) কলয়ড
(d) প্রলম্বন
উত্তৰঃ
(a) সংপৃক্ত দ্ৰব: এটা নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰবত দ্ৰবীভূত কৰিব পৰা সর্বোচ্চ পৰিমাণৰ দ্ৰাব্য দ্ৰবীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰব বোলে। অৰ্থাৎ দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাব্যহে দ্ৰবীভূত কৰিব পাৰি আৰু তেতিয়া দ্ৰবটোক সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 100 ml পানীত 36 gm NaCl যোগ কৰিলে সংপৃক্ত দ্ৰৱ পোৱা যায়।
(b) বিশুদ্ধ পদাৰ্থ: যিবোৰ পদাৰ্থ কেৱল একেবিধ অনুৰ দ্বাৰা গঠিত তাক বিশুদ্ধ পদাৰ্থ বোলে। এটা বিশুদ্ধ পদাৰ্থ সদায়েই নিৰ্দিষ্ট উষ্ণতাত গলে বা গোটা অৱস্থা প্ৰাপ্ত হয়। উদাহৰণ স্বৰূপে, বিশুদ্ধ বৰফ সদায়েই 0°C উষ্ণতাত গলে আৰু পানী সদায়েই 0°C উষ্ণতাত ঘনীভূত হয়। এটা বিশুদ্ধ পদাৰ্থ সদায়েই এটা নির্দিষ্ট উষ্ণতাত উতলে বা তৰলীকৃত হয়। উদাহৰণ স্বৰূপে বিশুদ্ধ পানী সদায়েই 100°C উষ্ণতাত উতলে আৰু পানীৰ ভাপ 100°C উষ্ণতাত তৰল অৱস্থা প্ৰাপ্ত হয়।
(c) কলয়ড: এটা পদাৰ্থ কলয়ডীয় অৱস্থাত থকা বুলি কোৱা হয় যদি ইয়াৰ কণিকাবোৰৰ আকাৰ 1 nm ৰ পৰা 1000 nm ৰ ভিতৰত হয়। কলয়ড অসমসত্ব মিশ্ৰন। কলয়ডীয় দ্ৰব সুস্থিৰ। উদাহৰণঃ কুৱলী, মেঘ, গাখীৰ।
(d) প্রলম্বন: যিবোৰ অসমসত্ব মিশ্ৰনত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় তেনে মিশ্ৰনক প্ৰলম্বন বুলি কোৱা হয়। নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট খায়। তৰলটো সাৱধানে বাকি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পাৰি। যেনে – পানী আৰু বোকাৰ মিশ্ৰন।
5. তলৰ মিশ্ৰনবোৰ সমসত্ব নে অসমসত্ব শ্রেণীভুক্ত কৰা।
চডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, ছেকিলোৱা চাহ
উত্তৰঃ
চডা পানী – সমসত্ব
কাঠ – অসমসত্ব
বায়ু – সমসত্ব
মাটি – অসমসত্ব
ভিনেগাৰ – সমসত্ব
ছেকিলোৱা চাহ – সমসত্ব
6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা?
উত্তৰঃ যদি এক বায়ুমণ্ডলীয় চাপত তৰলখিনিৰ উতলাংক 100°C হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী, আৰু যদি তৰলখিনিৰ উতলাংক 100°C তকৈ বেছি হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী নহয়।
7. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ "বিশুদ্ধ পদাৰ্থৰ" শাৰীত পৰিব?
(a) বৰফ
(b) গাখীৰ
(c) লো
(d) হাইড্ৰক্লৰিক এচিড
(e) কেলচিয়াম অক্সাইড
(f) পাৰা
(g) ইটা
(h) কাঠ
(i) বায়ু
উত্তৰঃ
(a) বৰফ – বিশুদ্ধ পদাৰ্থ
(b) গাখীৰ – বিশুদ্ধ পদাৰ্থ নহয়
(c) লো – বিশুদ্ধ পদাৰ্থ
(d) হাইড্ৰক্লৰিক এচিড – মিশ্ৰণ
(e) কেলচিয়াম অক্সাইড – বিশুদ্ধ পদাৰ্থ
(f) পাৰা – বিশুদ্ধ পদাৰ্থ
(g) ইটা – বিশুদ্ধ পদাৰ্থ নহয়
(h) কাঠ – বিশুদ্ধ পদাৰ্থ নহয়
(i) বায়ু – বিশুদ্ধ পদাৰ্থ নহয়
8. তলৰ মিশ্ৰনবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাচি উলিওৱা
(a) মাটি
(b) সাগৰৰ পানী
(c) বায়ু
(d) কয়লা
(e) চডা পানী
উত্তৰঃ (b) সাগৰৰ পানী, (c) বায়ু, (e) চডা পানী
9. তলৰ কোনটোৱে "টিণ্ডল প্রভাব" দেখুৱায়?
(a) লৱণৰ দ্ৰব
(b) গাখীৰ
(c) কপাৰ ছালফেটৰ দ্ৰৱণ
(d) ষ্টাৰ্চৰ দ্ৰৱণ
উত্তৰঃ (b) গাখীৰ, (d) ষ্টাৰ্চৰ দ্ৰৱণ
10. তলত দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰন হিচাপে শ্রেণীভুক্ত কৰা।
(a) ছডিয়াম
(b) মাটি
(c) চেনিৰ দ্ৰৱণ
(d) চিলভাৰ
(e) কেলচিয়াম কার্বনেট
(f) টিন
(g) চিলিকন
(h) কয়লা
(i) বায়ু
(j) চাবোন
(k) মিথেন
(l) কার্বন-ডাই-অক্সাইড
(m) তেজ
উত্তৰঃ
(a) ছডিয়াম – মৌল
(b) মাটি – মিশ্ৰন
(c) চেনিৰ দ্ৰৱণ – মিশ্ৰন
(d) চিলভাৰ – মৌল
(e) কেলচিয়াম কার্বনেট – যৌগ
(f) টিন – মৌল
(g) চিলিকন – মৌল
(h) কয়লা – মিশ্ৰন
(i) বায়ু – মিশ্ৰন
(j) চাবোন – মিশ্ৰন
(k) মিথেন – যৌগ
(l) কার্বন-ডাই-অক্সাইড – যৌগ
(m) তেজ – মিশ্ৰন
11. তলৰ কোনবিলাক ৰাসায়নিক পৰিবৰ্তন?
(a) উদ্ভিদৰ বৃদ্ধি
(b) লোত মামৰে ধৰা
(c) লোৰ গুড়ি আৰু বালি মিহলিকৰণ
(d) খাদ্য ৰন্ধন
(e) খাদ্য হজম হোৱা
(f) পানী গোট মৰা
(g) মমবাতি জ্বলোৱা
উত্তৰঃ (a) উদ্ভিদৰ বৃদ্ধি, (b) লোত মামৰে ধৰা, (d) খাদ্য ৰন্ধন, (e) খাদ্য হজম হোৱা, (g) মমবাতি জ্বলোৱা
Comments
No comments yet. Be the first!