খাদ্য সম্পদৰ উৎকর্ষ সাধন

admin Last Updated: Published:
SEBA/SCERT – Class 9 – Science

খাদ্য সম্পদৰ উৎকর্ষ সাধন

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰো?

উত্তৰঃ- শস্যৰ পৰা আমি কাৰ্বহাইড্ৰেট পাওঁ। মাহৰ পৰা প্ৰটিন পাওঁ। ফলমূল আৰু শাক-পাচলিৰ পৰা বেছি পৰিমাণৰ ভিটামিন, খনিজ লবণ আৰু কম পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু তেল পাওঁ।

2. শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ- জৈৱিক কাৰক যেনে – বেমাৰৰ বীজাণু, কীট-পতংগ আৰু কৃমি আদিয়ে ভেঁকুৰ আৰু বেক্টেৰিয়াজনিত ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ফলত শস্যৰ উৎপাদনত বাধাৰ সৃষ্টি হয়। অজৈৱিক কাৰক যেনে – খৰাং, অধিক লৱণযুক্ত মাটি, বানপানী, উষ্ণতা, শীত আৰু হিম আদি পৰিবেশৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহেও শস্যৰ উৎপাদনত বাধাৰ সৃষ্টি কৰে।

3. শস্যৰ উৎকর্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয়?

উত্তৰঃ- শস্যৰ উন্নতিৰ বাবে তলত দিয়া বৈশিষ্ট্যসমূহ বিবেচনা কৰা হয় – উচ্চ উৎপাদন ক্ষমতা, ৰোগ প্ৰতিৰোধ ক্ষমতা, পোক-পতংগ প্ৰতিৰোধ ক্ষমতা, কম সময়ত ফলন, খৰাং সহনশীলতা, বানপানী সহনশীলতা, উন্নত গুণমান (পুষ্টিগুণ, সোৱাদ, আকাৰ), সংৰক্ষণ ক্ষমতা। পশুধনৰ খাদ্যৰ বাবে প্ৰয়োজনীয় শস্যবিলাক ওখ হোৱাৰ উপৰিও জোপোহা হ’ব লাগে। ধান জাতীয় শস্যৰ ক্ষেত্ৰত চাপৰ হ’ব লাগে যাতে বতাহত নোসোমায়।

4. মুখ্য অনুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয়?

উত্তৰঃ- মুখ্য অনুপোষক – নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম, মেগনেচিয়াম, ছালফাৰ। উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে এই ছয়বিধ অনুপোষক অতি বেছি পৰিমাণে প্ৰয়োজন হয় আৰু সেইবাবে ইহঁতক মুখ্য অনুপোষক বুলি কোৱা হয়।

5. উদ্ভিদে অনুপোষক দ্রব্যবিলাক ক'ৰ পৰা কেনেকৈ আহৰণ কৰে?

উত্তৰঃ- উদ্ভিদে অনুপোষক দ্রব্যবিলাক বায়ু, পানী আৰু মাটিৰ পৰা আহৰণ কৰে। বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড (CO₂) ৰূপত কাৰ্বন আৰু অক্সিজেন আহৰণ কৰে, পানীয়ে হাইড্ৰজেনৰ যোগান ধৰে, আৰু মাটিয়ে আন ১৩ বিধ অনুপোষক যোগান ধৰে।

6. মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্রিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা।

উত্তৰঃ- জৈৱিক সাৰে মাটিত অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিক সাৰুৱা বা উৰ্বৰ কৰি তোলে। জৈৱিক সাৰত থকা জৈৱ পদার্থবিলাকে মাটিৰ গঠন আৰু গুণাগুণৰ উৎকৰ্ষ সাধন কৰে। ইয়াৰ দ্বাৰাই বালিঅঁহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে। একেদৰে প্ৰচুৰ পৰিমাণে জৈৱ পদার্থ থকা বোকা মাটিকো পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে।

এডোখৰ ভূমিত একেৰাহে কৃত্ৰিম সাৰ প্ৰয়োগ কৰি থাকিলে সেই মাটিৰ উৰ্বৰতা নাশ হয়, কাৰণ কৃত্রিম সাৰে জৈৱিক পদার্থবিলাক পুনৰাই মাটিলৈ ওভোতাই আনিব নোৱাৰে আৰু মাটিৰ অনুজীৱবিলাকৰো অপকাৰ সাধন কৰে। কৃত্রিম সাৰ ব্যৱহাৰ কৰি এককালীনভাৱেহে উপকৃত হ’ব পাৰি, কিন্তু জৈৱিক সাৰ প্ৰয়োগ কৰিলে মাটিৰ উৰ্বৰতা ধৰি ৰাখে বাবে দীর্ঘকালীনভাৱে উপকৃত হ’ব পাৰি।

7. তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভবান হ’ব পাৰি?

(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্রিম সাৰৰ প্ৰয়োগ কৰা।
(b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা।
(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্রিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা।

উত্তৰঃ- (c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰি অধিক লাভবান হ’ব পাৰে। কাৰণ —
(i) উন্নত মানদণ্ডৰ বীজৰ পৰা অধিক ফচল পাব পাৰি।
(ii) কৃত্ৰিম সাৰ প্ৰয়োগৰ ফলত উদ্ভিদৰ গা-গছ ভালদৰে বিকাশ, বৃদ্ধি হৈ শ্ৰীবৃদ্ধি হোৱাত নিশ্চয়তা থাকে।
(iii) শস্যৰ বৃদ্ধি কালছোৱাত প্রয়োজনীয় পানী সঠিক সময়ত নিৰ্দিষ্ট পৰিমাণে দিব পাৰিলে আশা কৰা মতে উৎপাদন পাব পাৰি।
(iv) কীট-পতংগ, গৰু-ছাগলী, বিভিন্ন ৰোগৰ পৰা উদ্ভিদক সুৰক্ষা দিব পাৰিলে উৎপাদিত শস্যৰ হানি-বিঘিনি নহয়।

8. শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়?

উত্তৰঃ- (i) এই পদ্ধতিত প্ৰদূষণ নহয়।
(ii) শস্যসমূহ জৈৱিক কাৰক যেনে – পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰিয়া আদিৰ দ্বাৰা ক্ষতিগ্রস্থ হয়। এই বিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্রাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়। সেইবাবে জৈৱিক নিয়ন্ত্রণক অগ্ৰাধিকাৰ দিয়া হয়।

9. কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়?

উত্তৰঃ- জৈৱিক কাৰক — পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰিয়া। অজৈৱিক কাৰক — ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় বাষ্প।

10. মাছ কেনেকৈ পাব পাৰি?

উত্তৰঃ- নৈ, বিল, সাগৰ, মহাসাগৰৰ দৰে প্ৰাকৃতিক উৎসৰ পৰা মাছ পাব পাৰি। নলা-পুখুৰী, জলাশয়, জলাধাৰ আদিত মাছৰ খেতি কৰা হয়। ধান খেতিৰ লগে লগে ধাননি পথাৰতো মাছ পুহিব পাৰি। তদুপৰি মাছৰ খেতি অন্যান্য সম্বন্ধিত খেতিৰ লগতো কৰিব পাৰি।

11. মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি?

উত্তৰঃ- মিশ্ৰিত মীন পালনত একেটা পুখুৰীতে কেইবাপ্ৰকাৰৰ মাছৰ খেতি কৰা হয়। এনে পদ্ধতিত প্রত্যেক প্ৰকাৰৰ মাছৰ খাদ্যভ্যাস বেলেগ বেলেগ হয় যাতে প্ৰজাতিবোৰে খাদ্যৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব নালাগে। লগতে এই পদ্ধতিত মাছবোৰৰ থকা ঠাইৰো ভিন্নতা দেখা যায়।

অনুশীলনী

1. শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বর্ণনা দিয়া।

উত্তৰঃ- অনুপোষক দ্ৰব্যৰ ব্যৱস্থাপনা: উদ্ভিদৰ বৃদ্ধিৰ বিভিন্ন সময়ত বিভিন্ন পোষক দ্ৰব্যৰ প্ৰয়োজন হয়। এইবোৰৰ কিছুমান পৰ্যাপ্ত পৰিমাণে আৱশ্যক হয় আৰু এইবোৰক মুখ্য অনুপোষক দ্রব্য বুলি কোৱা হয়। নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ হৈছে মুখ্য অনুপোষক দ্ৰব্য। আয়ৰণ, মেংগানিজ, ব’ৰণ, জিংক, কপাৰ, মলিবডেনাম আৰু ক্লৰিণ অতি কম পৰিমাণে আৱশ্যক হয় আৰু এইবোৰক গৌণ অনুপোষক দ্রব্য বুলি কোৱা হয়। এই পোষক দ্ৰব্যসমূহ ৰাসায়ণিক সাৰ বা জৈৱ সাৰৰ ৰূপত প্ৰয়োগ কৰা হয়। সাৰে উদ্ভিদক জীৱনদায়ক পোষক দ্ৰব্যৰ যোগান ধৰে আৰু লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। ফলত শস্য স্বাস্থ্যবান হয় আৰু উৎপাদন বৃদ্ধি হয়।

2. পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্রিম সাৰ প্ৰয়োগ কৰা হয়?

উত্তৰঃ- জৈৱ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োজনীয়তা:
(i) জৈৱ আৰু কৃত্ৰিম সাৰে মাটিত পোষক দ্ৰব্যৰ যোগান ধৰে।
(ii) জৈৱ আৰু কৃত্ৰিম সাৰে মাটিৰ গঠন আৰু গুণাগুণৰ উৎকৰ্ষ সাধন কৰে। বালিঅঁহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় হয়। বোকা মাটিক পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে।
(iii) মাটিত থকা অণুজীৱবিলাকক খাদ্য যোগান ধৰে।

3. অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাবৰ্তনৰ সুবিধাসমূহ কি কি?

উত্তৰঃ- অন্তৰাৱৰ্তী কৃষি পদ্ধতিৰ সুবিধা:
(i) এই পদ্ধতিত একে সময়তে দুই বা ততোধিক ফচল পাব পাৰি।
(ii) এই পদ্ধতিত পোষক দ্ৰব্যৰ সঠিক প্রয়োগ হয়।
(iii) কীট-পতংগৰ বৃদ্ধি বন্ধ কৰে।
(iv) এই পদ্ধতিত মাটিৰ উৰ্বৰতা ৰক্ষা হয়।

শস্যাবৰ্তনৰ সুবিধাসমূহ:
(i) মাটিৰ উৰ্বৰতা বৃদ্ধি হয়। ফলত শস্যৰ উৎপাদন বাঢ়ে।
(ii) মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি হয়। কাৰণ এই পদ্ধতিত মাহজাতীয় উদ্ভিদবোৰে বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰি মাটিত স্থিতিকৰণ কৰে।
(iii) কীট-পতংগৰ আক্ৰমণৰ পৰা উদ্ভিদক ৰক্ষা কৰে। কাৰণ বেলেগ বেলেগ শস্যৰ খেতি কৰাৰ ফলত কীট-পতংগ স্থিতি থাকিব নোৱাৰে।
(iv) শস্যৰ গুণাগুণ উন্নত হয়।
(v) মাটিৰ পোষক দ্রব্যসমূহ সঠিকভাৱে ব্যৱহাৰ হয়।

4. বৰ্ণসংকৰীকৰণ কৌশল কি? ই কৃষি পদ্ধতিত কিয় উপযোগী?

উত্তৰঃ- নিৰ্ধাৰিত গুণসম্পন্ন বিভিন্ন উদ্ভিদৰ মিলনৰ দ্বাৰা উৎপাদিত ফচলসমূহক বৰ্ণসংকৰ ফচল বুলি কোৱা হয়। ফচল উন্নত কৰিবলৈ নিৰ্ধাৰিত উদ্ভিদৰ জিন প্ৰয়োগ কৰা হয়। এই পদ্ধতিক বৰ্ণসংকৰীকৰণ কৌশল বোলে। এই পদ্ধতিত উৎপাদিত ফচলবোৰ উন্নত মানদণ্ডৰ হয়, ৰোগ প্ৰতিৰোধী হয়, ফচলৰ আকাৰ ডাঙৰ হয় আৰু কম সময়তে ফচল উৎপাদন হয়।

5. ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয়?

উত্তৰঃ- ভঁৰালত মজুত কৰি ৰখা শস্যৰ ক্ষতিৰ প্ৰধান কাৰকবিলাক হ’ল জৈৱিক কাৰক যেনে – পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰিয়া আৰু অজৈৱিক কাৰক যেনে – অনুপযুক্ত উষ্ণতা আৰু জলীয় বাষ্প। এইবিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্রাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়।

6. পশুপালনৰ দ্বাৰা কৃষকসকলে কেনেকৈ লাভান্বিত হয়?

উত্তৰঃ- পশুপালনৰ দ্বাৰা কৃষকসকলে তলত দিয়া ধৰণে লাভান্বিত হয়:
(i) এইবোৰে আমাক মাংস, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যৰ যোগান ধৰে।
(ii) এইবোৰৰ গোবৰ সাৰ আৰু ইন্ধন হিচাপে ব্যৱহাৰ হয়।
(iii) এই জন্তুবোৰক বাহন হিচাপে, বোজা কঢ়িয়াবলৈ আৰু মাল-গাড়ী টানিবলৈ প্ৰয়োগ কৰা হয়।
(iv) উদ্ভিদৰ প্ৰটিনৰ তুলনাত জন্তুৱে উচ্চমানৰ প্ৰটিনৰ যোগান ধৰে।
(v) জন্তুৱে ঘাঁহ আৰু কৃষিজাত পেলনীয়া দ্রব্য খায়।

7. গো-পালনৰ দ্বাৰা কি কি লাভালাভ হয়?

উত্তৰঃ- (i) গো-পালনৰ ফলত গাখীৰ পোৱা যায়।
(ii) গোবৰ সাৰ পোৱা যায়। গৰুৰ গোবৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি।
(iii) হাল বোৱা, গাড়ী টনা আদি কামত গৰুক ব্যৱহাৰ কৰা হয়।

8. উৎপাদন বৃদ্ধি কৰিবৰ বাবে 'পল্ট্ৰী পালন', মীন পালন আৰু মৌ-মাখি পালনত কি ব্যৱস্থা লোৱা হয়?

উত্তৰঃ- এইবোৰৰ উৎপাদন বৃদ্ধিৰ বাবে বৈজ্ঞানিক পদ্ধতিত পালন কৰা হয় আৰু উন্নত মানৰ সঁচ ব্যৱহাৰ কৰিব লাগে। লগতে পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ আহাৰ, ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা, উপযুক্ত পৰিবেশ আৰু নিয়মিত চিকিৎসা সেৱা নিশ্চিত কৰিব লাগে।



Comments

Log in to leave a comment.

No comments yet. Be the first!