জীৱৰ মৌলিক একক

admin Last Updated: Published:
SEBA/SCERT – Class 9 – Science

Chapter 5: জীৱৰ মৌলিক একক (The Fundamental Unit of Life)

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল?

উত্তৰঃ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আবিস্কাৰ কৰিছিল। ৰবাৰ্ট হুকে যেতিয়া এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰিছিল তেতিয়া তেখেতে মৌকোহৰ নিচিনা কিছুমান কোঠালি দেখা পাইছিল। তেখেতে সেই কোঠালিবোৰকে "কোষ" নাম দিছিল।

2. কোষত কিয় গঠনৰ আৰু কাৰ্য্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ জীৱৰ দেহ কোষেৰে গঠিত। এককোষী জীৱৰ ক্ষেত্ৰত কোষটোৱেই জীৱটোৰ পৰিচয় । এনে এককোষী জীৱৰ যাৱতীয় জীৱন প্ৰক্ৰিয়া সেই একেটা মাত্র কোষতেই সম্পন্ন কৰি জীৱন সঞ্চাৰ কৰে। উচ্চ শ্ৰেণীৰ বহুকোষী জীৱৰ দেহৰ গঠন আৰু জৈৱিক প্ৰক্ৰিয়া কিছু জটিল যদিও মূল একক কোষ। জীৱৰ প্ৰত্যেকটো কোষত জীৱনৰ প্ৰয়োজনীয় বিভিন্ন জৈৱিক প্ৰক্ৰিয়াসমূহ অহর্নিশে সম্পন্ন হৈয়ে থাকে। জীৱৰ সমূদায় কোষৰ এনে সক্ৰিয়তাৰ ফলতেই জীৱন সঞ্চাৰ হয়। অর্থাৎ জীৱৰ গঠন সঞ্চাৰ কৰিব পৰা গুণ বা ধৰ্ম বিলাক প্ৰতিটো কোষতে বিদ্যামান।

প্রশ্নাৱলী

1. CO₂ আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা।

উত্তৰঃ CO₂ আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে। কোষৰ বাহিৰৰ পৰিবেশত CO₂ ৰ গাঢ়তা কোষটোৰ ভিতৰৰ CO₂ ৰ গাঢ়তাতকৈ কম। যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO₂ৰ গাঢ়তাৰ তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ CO₂ উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে। পানীৰ ক্ষেত্ৰত অৰ্ধভেদ্য আবৰণৰ মাজেদি পানীৰ অণুৰ একেদৰে সংঘটিত হোৱা সঞ্চলন বা চলাচলক আসৃতি বোলে। কোষাবৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্রবীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্রভাম্বিত কৰে। অৰ্থাৎ আসৃতি হ'ল এখন অর্ধভেদ্য আবৰণৰ মাজেদি নিম্ন দ্রব পদাৰ্থৰ গাঢ়তা থকা অঞ্চলৰ পৰা অধিক দ্রব পদাৰ্থৰ গাঢ়তা থকা অঞ্চললৈ হোৱা পানীৰ গতি।

2. কোষাবৰণখনক কিয় অর্ধভেদ্য আবৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰঃ কোষাবৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ যোৱাত বা ভেদ কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্যক সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে। সেই বাবে কোষাবৰণখনক অৰ্ধভেদ্য আবৰণ বুলি কোৱা হয়।

প্রশ্নাৱলী

1. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

উত্তৰঃ
বৈশিষ্ট্য প্ৰকোষকেন্দ্ৰীয় কোষ সংকোষকেন্দ্ৰীয় কোষ
কোষকেন্দ্ৰ প্রকৃত কোষকেন্দ্ৰ নাথাকে (কেন্দ্ৰাৱৰণ নাথাকে) সুস্পষ্ট কোষকেন্দ্ৰ থাকে (কেন্দ্ৰাৱৰণেৰে আবৃত)
কোষ অংগানু আৱৰণীবিশিষ্ট অংগানু (মাইট'কণ্ড্ৰিয়া, গলজি সংঘ, প্লাষ্টিড) নাথাকে আৱৰণীবিশিষ্ট অংগানু থাকে (মাইট'কণ্ড্ৰিয়া, গলজি সংঘ, ইত্যাদি)
আকাৰ সাধাৰণতে সৰু (1-10 মাইক্ৰ'মিটাৰ) ডাঙৰ (10-100 মাইক্ৰ'মিটাৰ)
ৰাইব'জম ৭০S প্ৰকাৰৰ থাকে ৮০S প্ৰকাৰৰ থাকে
উদাহৰণ বেক্টেৰিয়া, আৰ্কিয়া উদ্ভিদ কোষ, প্রাণী কোষ, ভেকুৰী

প্রশ্নাৱলী

1. তুমি অধ্যয়ন কৰি অহা কোষ অংগানুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগানুৰ নাম উল্লেখ কৰা যি দুটাৰ আনুবংশিক পদার্থ (Genetic material) থাকে।

উত্তৰঃ প্লাষ্টিড আৰু মাইট্ৰ'কন্দ্ৰিয়া।

2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া কি হ'ব?

উত্তৰঃ কোষটোৱে তাৰ প্ৰাথমিক কাম কৰিবলৈ বন্ধ কৰি দিব। ফলত কোষটোৰ মৃত্যু হ'ব আৰু তেতিয়া লাইছ'ছমে সিহঁতৰ ভিতৰত থকা পৰিপকীয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে৷

3. লাইছছ'মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ লাইছ'জমত থকা পাচক উৎসেচকে কোষৰ ভিতৰৰ অপদাৰ্থ, ক্ষতিগ্ৰস্ত অংগানু আৰু বেক্টেৰিয়া ধ্বংস কৰে। কেতিয়াবা কোষটো মৰি গ'লে বা ক্ষতিগ্ৰস্ত হ'লে এই উৎসেচকবোৰে নিজে থকা কোষটোকো হজম কৰি পেলায়। সেয়েহে লাইছ'জমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়।

4. কোষৰ অভ্যন্তৰৰ ক'ত প্ৰটিন সংশ্লেষণ সংঘটিত হয়?

উত্তৰঃ ৰাইব'জমত প্রটিন সংশ্লেষণ সংগটিত হয় যিবোৰ খহটা অন্তঃপ্ৰৰসীয় জালিকাৰ গাত লাগি থাকে। ৰাইব'জম বিলাকক প্ৰটিন উৎপাদকৰ কাৰখানা বুলি কোৱা হয়।

অনুশীলনী

1. উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্রাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজৰ পাৰ্থক্য :
বৈশিষ্ট্য উদ্ভিদকোষ প্রাণীকোষত
1. কোষবেৰ কোষবেৰ চেলুলজৰ দ্বাৰা গঠিত কোষবেৰ নাথাকে
2. ৰসাধানী এটা বা তাতকৈ অধিক ৰসাধানী থাকে সাধাৰণতে ৰসাধানী নাথাকে (ক্ষুদ্ৰ ৰসাধানী থাকিব পাৰে)
3. প্লাষ্টিড প্লাষ্টিড থাকে প্লাষ্টিড নাথাকে
4. লাইছজম সাধাৰণতে নাথাকে (ৰসাধানীয়ে একেধৰণৰ কাম কৰে) লাইছ'জম তেজৰ লোহিত কণাক বাদে আন সকলো প্রাণীকোষত থাকে।
5. মাইক্ৰ'বডি মাইক্রবডি থাকে মাইক্রবডি থাকে (যেনে: পেৰ'ক্সিজম)
6. নিৰ্জীৱ পদার্থ। কেতবোৰ নিৰ্জীৱপদার্থও থাকে কোনো নিৰ্জীৱ পদাৰ্থ নাথাকে।
7. চেন্ট্রিঅ'ল চেন্ট্রিঅ'ল নাথাকে (কেবল নিম্ন শ্ৰেণীৰ উদ্ভিদত থাকে) চেন্ট্রিঅ'ল থাকে

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ
বৈশিষ্ট্য প্রকোষকেন্দ্রীয় কোষ সংকোষকেন্দ্রীয় কোষ
1. কোষকেন্দ্র প্রকৃত কোষকেন্দ্র নাথাকে (কেন্দ্ৰাৱৰণ নাথাকে) সুস্পষ্ট কোষকেন্দ্র থাকে (কেন্দ্ৰাৱৰণেৰে আবৃত)
2. কোষ অংগানু আৱৰণীবিশিষ্ট অংগানু (মাইটকণ্ড্ৰিয়া, গলজি সংঘ, প্লাষ্টিড) নাথাকে আৱৰণীবিশিষ্ট অংগানু থাকে
3. আকাৰ সাধাৰণতে সৰু (1-10 মাইক্ৰমিটাৰ) ডাঙৰ (10-100 মাইক্ৰমিটাৰ)
4. ৰাইব'জম ৭০S প্ৰকাৰৰ ৮০S প্ৰকাৰৰ
5. শ্বসনক্ৰিয়া মেছ'ছ'মত সম্পন্ন হয় মাইটকণ্ড্ৰিয়াত সম্পন্ন হয়
6. উদাহৰণ বেক্টেৰিয়া, আৰ্কিয়া উদ্ভিদ কোষ, প্ৰাণী কোষ, ভেকুৱেলি

3. কোষৰ কোষাবৰণখন ফাটি গ'লে কি হ'ব?

উত্তৰঃ কোষাবৰণখন ফাটি গ'লে কোষস্থ পদার্থখিনি বাহিৰলৈ ওলাই আহিব। ফলত কোষস্থ পদাৰ্থখিনিৰ সুৰক্ষা তথা দৃঢ়তাত বাধাৰ সৃষ্টি হ'ব আৰু কোষবিলাকৰ মাজত দ্ৰব্যৰ আদান-প্রদানত বাধা জন্মিব।

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কি হ'ব?

উত্তৰঃ গলজি সংঘই (i) জৈৱিক ক্ৰিয়াৰ বাবে প্রয়োজনীয় প্রটিয়েইজ, লাইপেইজ আদি উৎসেচক আৰু চেলুল'জ, পেকটিন আদি দ্রব্য নিঃসৰণ কৰে। (ii) কোষৰ অন্যান্য নিঃসৰণীয় দ্রব্য সাঁচি ৰাখে। (iii) কাৰ্বহাইড্ৰেট আৰু গ্লাইক'প্ৰটিন সংশ্লেষণ কৰে। উদ্ভিদৰ কোষবিভাজনৰ সময়ত এটা অপত্য কোষৰ মাজত কোষবেৰ গঠনত সহায় কৰে আৰু লাইছ'জম নামৰ অংগিকাও গঠন কৰে। গতিকে যদি গলজি সংঘ নাথাকে তেতিয়াহ'লে কোষ এটাৰ ওপৰত উল্লেখিত কামবোৰত প্রভাব পৰিব।

5. কোনটো কোষ অংগানুক কোষৰ শক্তিৰ ভৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰঃ মাইট'কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়। শ্বসনত প্ৰয়োজন হোৱা এনজাইম প্ৰস্তুত কৰাৰ লগতে খাদ্য বস্তুত নিহিত হৈ থকা শক্তি জাৰণ ক্ৰিয়াৰ দ্বাৰা মুক্ত কৰি মাইটকণ্ড্রিয়াই সিহঁতৰ দেহত থকা ATP নামৰ কণাবোৰত সঞ্চয় কৰি ৰাখে। সেইবাবে মাইটকণ্ড্রিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়।

6. কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক'ত সংশ্লেষিত হয়?

উত্তৰঃ (i) প্ৰটিনবোৰ ৰাইব'জমত সংশ্লেষিত হয়। (ii) লিপিডবোৰ মিহি অন্তঃপ্ৰৰসীয় জালিকাত সংশ্লেষিত হয়।

7. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰঃ কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃপৰিবেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে।

8. আসৃতি কি?

উত্তৰঃ নিম্ন দ্রব পদাৰ্থৰ গাঢ়তা থকা অঞ্চলৰ পৰা অধিক দ্রব পদাৰ্থৰ গাঢ়তা থকা অঞ্চললৈ অৰ্ধভেদ্য আৱৰণৰ মাজেদি হোৱা পানীৰ গতিকে আসৃতি বোলে।

9. আসৃতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা। বাকলি গুচোৱা আলুগুটি চাৰিফালে লোৱা আৰু প্ৰত্যেক টুকুৰাৰ মাজৰ অংশটো এৰুৱাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা। ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা লবা (ক, খ, গ, ঘ নামাংকিত কৰি লবা) (ক) 'ক' পিয়লাটো খালী কৰি ৰাখিবা। (খ) 'খ' পিয়লাটোত এচামুচ শৰ্কৰা বা চেনী দি দিয়া। (গ) 'গ' পিয়লাটোত এচামুচ শৰ্কৰা বা নিমখ দি দিয়া। (ঘ) 'ঘ' পিয়লাটো যিটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিলা সেইটোতও চেনী এচামুচ দি দিয়া। আটাইকেইটা প্রায় দুই ঘণ্টামান ৰাখি পিছত নিৰীক্ষণ কৰি তলৰ প্রশ্নকেইটাৰ উত্তৰ দিয়া। (i) 'খ' আৰু 'গ' পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল। (ii) এই পৰীক্ষটোৰ বাবে 'ক' পিয়লাটো কিয় প্রয়োজন? (iii) 'ক' আৰু 'ঘ' পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দৰ্শাই বর্ণনা দিয়া।

উত্তৰঃ
(i) 'খ' আৰু 'গ' পিয়লাটো আসৃতিৰ বাবে পানীৰে ভৰি পৰিল। পিয়লাটোৰ ভিতৰত থকা দ্রৱ (চেনী/নিমখ) বাহিৰৰ পানীতকৈ অধিক গাঢ় হোৱাৰ বাবে পানী ভিতৰলৈ সোমাই গ'ল।
(ii) নিয়ন্ত্ৰণ (control) হিচাপে 'ক' পিয়লাটোৰ প্রয়োজন। ইয়াত কোনো দ্রৱ নথকাত পানী সোমোৱা নাই, যাৰ পৰা প্ৰমাণ হয় যে 'খ' আৰু 'গ' পিয়লাত পানী সোমোৱাটো দ্ৰৱৰ কাৰণেহে হৈছে, আলুৰ পৰা নিৰ্গত হোৱা বাবে নহয়।
(iii) 'ক' পিয়লাটোত দ্রৱ নাই বাবে আসৃতি হোৱা নাই। 'ঘ' পিয়লাটো সিজোৱা আলুৰ পৰা তৈয়াৰী বাবে ইয়াৰ কোষবোৰ মৃত। মৃত কোষে অৰ্ধভেদ্য ধৰ্ম হেৰুওৱাৰ বাবে আসৃতি প্রক্রিয়া সংঘটিত হ'ব পৰা নাই।


Comments

Log in to leave a comment.

No comments yet. Be the first!