জীৱৰ বিচিত্ৰতা

admin Last Updated: Published:
SEBA/SCERT – Class 9 – Science

অনুশীলনী

1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ- বৰ্গীকৰণৰ সুবিধাসমূহ তলত আলোচনা কৰা হ'ল 一

  • (১) জীৱ-জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে।
  • (২) জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰোঁ।
  • (৩) জীৱ এটাৰ বিতংকৈ অধ্যয়ন কৰিবলৈ হ'লে বৰ্গীকৰণৰ প্ৰয়োজন হয়।
  • (৪) জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰমবিকাশৰ জ্ঞান দিয়ে।
  • (৫) জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ প্ৰয়োজন হয়।
  • (৬) জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী, স্ব-পোষী নে পৰপোষী জানিব পাৰোঁ।

2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?

উত্তৰঃ- জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি শ্ৰেণীবিভাজন কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষকেন্দ্ৰীয় নে প্ৰকোষকেন্দ্ৰীয়। অৰ্থাৎ, কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত সু-স্পষ্ট কোষকেন্দ্ৰ আৰু আন কোষ অংগাণু আছে নে নাই চাব লাগিব। পিছত জীৱকেইটা পৰপোষী নে স্ব-পোষী এইটো বৈশিষ্ট্য চাব লাগিব। অৰ্থাৎ, জীৱটোৱে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে।

3. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ- জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ'ল 一

  • (১) পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট্য হ'ল যে জীৱ প্ৰকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয়। অৰ্থাৎ জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষ অংগাণু (যেনে: কোষকেন্দ্ৰ) আছে নে নাই।
  • (২) কোষবোৰ গাইগুটিয়াকৈ থাকেনে নে সমষ্টি হিচাপে থাকে। বহুকোষী জীৱৰ দেহত কোষবোৰে শ্ৰম বিভাজন নীতিটো মানি চলে। ইয়াত সকলোবোৰ কোষ দেখাত ইটোৰ লগত সিটো একে নহয়। গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।
  • (৩) জীৱবোৰ স্ব-পোষী নে পৰপোষী চোৱা হয়। অৰ্থাৎ, জীৱই সালোক সংশ্লেষণ কৰিব পৰা বা নোৱৰাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।
  • (৪) প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ অংগৰ গঠন আৰু দেহ-গঠন পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।

4. উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে?

উত্তৰঃ- উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ তলত দেখুওৱা হ'ল 一

উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত,

  • (১) প্ৰথম পৰ্যায়ত, উদ্ভিদৰ দেহটো বিভিন্ন অংশত (মূল, কাণ্ড, পাত) বিভক্ত নে অপৰিস্ফুট (খণ্ডিত) তাক বিবেচনা কৰা হয়।
  • (২) দ্বিতীয় পৰ্যায়ত, সিহঁতৰ দেহত পানী আৰু অন্যান্য দ্ৰব্যৰ পৰিবহণৰ বাবে বিশেষ সংবহন কলা (জাইলেম আৰু ফ্লোৱেম) থাকে নে নাই তাক বিবেচনা কৰা হয়।
  • (৩) পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰাক লৈ বিবেচনা কৰা হয়। তদুপৰি বীজ ফলৰ দ্বাৰা আবৃত হয় নে নহয় তাকো বিবেচনা কৰা হয়।

5. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি?

উত্তৰঃ- উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয়। যেনেー উদ্ভিদ দেহ পৃথক অংশত (মূল, কাণ্ড, পাত) ভাগ কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে, লগতে বীজ আৱৰণ (ফল) থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়।

আনহাতে, প্ৰাণী শ্ৰেণীবিভাজনৰ সময়ত প্ৰাণীসমূহৰ দেহ গঠনৰ জটিলতা আৰু পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হয়। যেনে一 কোষ স্তৰৰ সংগঠন নে কলা স্তৰৰ সংগঠন, দেহ গহ্বৰ (coelom) থাকে নে নাথাকে, মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়।

6. মেৰুদণ্ডী প্ৰাণীসমূহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা।

উত্তৰঃ- মেৰুদণ্ডী প্ৰাণীসমূহক প্ৰধানকৈ পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে। সেইকেইটা হ'ল: মৎস্য, উভচৰ, সৰীসৃপ, পক্ষী আৰু স্তন্যপায়ী।

মৎস্যঃ এই শ্ৰেণীৰ সকলোবোৰ প্ৰাণীয়ে জলচৰ। ইহঁতৰ দেহ মাছৰ দৰে আৰু বাকলিৰে আবৃত। দেহত থকা ফুলৰ সহায়ত সিহঁতে শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰে। মৎস্যবোৰ শীতলৰক্তী আৰু হৃদযন্ত্ৰ দুটা কোঠালিৰ। উদাহৰণঃ ছাৰ্ক মাছ, ৰৌ মাছ, কাৱৈ মাছ ইত্যাদি।

উভচৰঃ উভচৰ প্ৰাণীবোৰৰ দেহত মৎস্যৰ দৰে বাকলি নাথাকে; ছাল শ্লেষ্মা গ্ৰন্থিযুক্ত আৰু সেমেকা। ইহঁত শীতলৰক্তী। পূৰ্ণবয়স্ক অৱস্থাত ত্বক আৰু ফুসফুসৰ সহায়ত উশাহ-নিশাহ লয় (লাৰ্ভা অৱস্থাত ক্লমৰ সহায়ত)। ইহঁতৰ হৃদযন্ত্ৰ তিনি কোঠালিৰ। উদাহৰণঃ ভেকুলী, চালামাণ্ডাৰ ইত্যাদি।

সৰীসৃপঃ সৰীসৃপ শ্ৰেণীৰ প্ৰাণীবোৰ শীতলৰক্তী। দেহ শুষ্ক, বাকলিৰে আবৃত আৰু কেৱল হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়। ঘৰিয়ালৰ বাহিৰে বাকী সকলোবোৰ সৰীসৃপৰ হৃদযন্ত্ৰ তিনি কোঠালিৰ (ঘৰিয়ালৰ চাৰিটা কোঠালি)। ইহঁতে ডাঠ বাকলিৰে আবৃত কণী পাৰে, যাৰ বাবে কণী পৰাৰ বাবে পানীৰ প্ৰয়োজন নহয়। উদাহৰণঃ সাপ, কাছ, ঘৰিয়াল, টিকটিকী ইত্যাদি।

পক্ষীঃ পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী। ইহঁতৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিত বিভক্ত। ইহঁতে কণী পাৰে। পক্ষীবোৰৰ বহিঃআৱৰণ পাখীৰে আবৃত আৰু আগৰ ঠেং দুখন ডেউকালৈ ৰূপান্তৰিত হৈছে (বেছিভাগ পক্ষীয়ে উৰিব পাৰে)। উদাহৰণঃ কাউৰী, শালিকা, চৰাইবোৰ।

স্তন্যপায়ীঃ স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণৰক্তী। ইহঁতৰ দেহত নোম বা চুলি থাকে আৰু মাইকী প্ৰাণীয়ে স্তন গ্ৰন্থিৰে পোৱালিক খুৱায়। হৃদযন্ত্ৰ চাৰিটা কোঠালিৰে গঠিত। উদাহৰণঃ মানুহ, গাই, বাঘ, বান্দৰ আদি।

প্ৰশ্নাৱলীঃ

1. আমি জীৱবিলাকৰ কিয় শ্ৰেণীবিভাজন কৰোঁ?

উত্তৰঃ- আমি জীৱবিলাকৰ অধ্যয়নৰ সুবিধাৰ বাবে জীৱবিলাকৰ শ্ৰেণীবিভাজন কৰোঁ। পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য জীৱ আছে। কম সময়ত আমি আটাইবোৰ জীৱৰ বিষয়ে জনাটো সম্ভৱ নহয়। লগতে জীৱবোৰ এটা এটাকৈ অধ্যয়ন কৰাও সম্ভৱ নহয়। অধ্যয়নৰ সুবিধাৰ বাবে জীৱবোৰৰ শ্ৰেণীবিভাজন কৰি লোৱা হয়, যাতে একে ধৰ্মী জীৱবোৰ একেলগে অধ্যয়ন কৰিব পাৰি।

2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ- আমাৰ চাৰিওফালে থকা জীৱবোৰৰ মাজত দেখা পোৱা পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ'ল 一

  • ১। আকাৰৰ পাৰ্থক্যঃ এফালে অণুবীক্ষণ যন্ত্ৰতহে দেখা পোৱা বেক্টেৰিয়াৰ দৰে অণুজীৱ (এককোষী) আছে, আনফালে সাগৰত থকা প্ৰকাণ্ড নীল তিমিৰ দৰে ডাঙৰ জীৱ (বহুকোষী) আছে।
  • ২। আয়ুষ্কালৰ পাৰ্থক্যঃ কিছুমান গছ বহু বছৰ ধৰি জীয়াই থাকে, আনহাতে মহ, মাখিৰ দৰে পতংগৰ মাত্ৰ কেইদিনমানৰ ভিতৰতে মৃত্যু ঘটে।
  • ৩। বাসস্থানৰ পাৰ্থক্যঃ কিছুমান জীৱ কেৱল পানীত বাস কৰে (মাছ), আন কিছুমান কেৱল স্থলত বাস কৰে (বাঘ, মানুহ) আৰু কিছুমানে উভয় স্থানতে বাস কৰিব পাৰে (ভেকুলী)।

3. জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?
(ক) সিহঁতে বসবাস কৰা স্থানক?
(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? আৰু কিয়?

উত্তৰঃ- জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে সদায় জীৱবোৰৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক অধিক গুৰুত্ব দিয়া হয়। কাৰণ জীৱবোৰৰ দেহ গঠন আৰু কাৰ্যৰ একক হ'ল কোষ। গতিকে কোষৰ গঠন আৰু সংগঠনৰ ওপৰত ভিত্তি কৰিহে আমি জীৱৰ মৌলিক শ্ৰেণীবিভাজন কৰিব পাৰোঁ।

আনহাতে, আমি জীৱৰ বাসস্থানৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰিব নোৱাৰোঁ। কাৰণ একে বাসস্থানত থকা জীৱৰ মাজত ঘনিষ্ঠ সম্পৰ্ক নাথাকিবও পাৰে (যেনে: মাছ আৰু তিমি)।

4. জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

উত্তৰঃ- জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল জীৱৰ কোষৰ প্ৰকাৰ। অৰ্থাৎ,

  • জীৱটো সংকোষকেন্দ্ৰীয় নে (সু-স্পষ্ট কোষকেন্দ্ৰ থকা)?
  • নে প্ৰকোষকেন্দ্ৰীয় (সু-স্পষ্ট কোষকেন্দ্ৰ নথকা)?

5. কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?

উত্তৰঃ- উদ্ভিদ আৰু প্ৰাণীবোৰক পৃথক ভাগত ভাগ কৰাৰ মূল ভিত্তি হ'ল পুষ্টিৰ ধৰণ। অৰ্থাৎ, উদ্ভিদবোৰ স্ব-পোষী জীৱ। কাৰণ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আনহাতে, প্ৰাণীবোৰ পৰপোষী জীৱ; সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আৰু খাদ্যৰ বাবে উদ্ভিদ বা আন প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল।

6. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

উত্তৰঃ- যিবোৰ জীৱৰ দেহৰ গঠন সৰল, প্ৰায়ে এককোষী বা সৰল বহুকোষী আৰু শৰীৰত শ্ৰমবিভাজনৰ পৰিমাণ কম তাক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয়। (যেনে: স্পঞ্জ) ।

উচ্চস্তৰৰ জীৱবোৰ বহুকোষী, দেহৰ গঠন অত্যন্ত জটিল, লগতে দেহত বিভিন্ন স্তৰৰ সংগঠন (কলা, অংগ, অংগতন্ত্ৰ) আৰু সুস্পষ্ট শ্ৰমবিভাজন দেখা যায়।

7. উচ্চস্তৰীয় জীৱ আৰু জটিল জীৱসমূৰ দৰে একেইনে? যদি হয়, কিয়?

উত্তৰঃ- উচ্চস্তৰীয় আৰু জটিল জীৱসমূহ একেই। কাৰণ উচ্চস্তৰৰ জীৱবোৰৰ দেহৰ গঠন জটিল হয়। ইহঁতৰ দেহত কোষবোৰে একত্ৰিত হৈ কলা, কলাই গঠন কৰে অংগ আৰু অংগই গঠন কৰে অংগতন্ত্ৰ। এইদৰে সংগঠনৰ স্তৰ জটিল হোৱাৰ লগে লগে শৰীৰৰ বিভিন্ন কাৰ্য সম্পাদনৰ বাবে শ্ৰমবিভাজনো সুস্পষ্ট ৰূপত দেখা যায়।

8. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে?

উত্তৰঃ- মনেৰা আৰু প্ৰটিষ্টা দুয়ো ৰাজ্যৰেই জীৱবোৰ প্ৰধানকৈ এককোষী। কিন্তু ইহঁতৰ মাজত থকা নিৰ্ণায়ক পাৰ্থক্য হ'ল কোষৰ গঠন। মনেৰা ৰাজ্যৰ জীৱবোৰ (যেনে: বেক্টেৰিয়া) প্ৰকোষকেন্দ্ৰীয় অৰ্থাৎ ইহঁতৰ কোষত সু-স্পষ্ট কোষকেন্দ্ৰ আৰু অন্যান্য আৱৰণীবদ্ধ কোষ অংগাণু নাথাকে। আনহাতে, প্ৰটিষ্টা ৰাজ্যৰ জীৱবোৰ (যেনে: অ্যামিবা, পেৰামেচিয়াম) সংকোষকেন্দ্ৰীয়; ইহঁতৰ কোষত সু-স্পষ্ট কোষকেন্দ্ৰ আৰু অন্যান্য কোষ অংগাণু থাকে।

9. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা?

উত্তৰঃ- সালোক সংশ্লেষণ কৰিব পৰা (যেনে: ইউগ্লিনা), সংকোষকেন্দ্ৰীয়, এককোষী জীৱবোৰ প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত।

10. শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়?

উত্তৰঃ- শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমত (ৰাজ্য > পর্ব/বিভাগ > শ্ৰেণী > বৰ্গ > পৰিয়াল > গণ > প্ৰজাতি) আটাইতকৈ কম সংখ্যক জীৱ থকা শ্ৰেণীবিন্যাসিক স্তৰটো হ'ল **প্ৰজাতি**। আটাইতকৈ বেছি সংখ্যক জীৱ থকা স্তৰটো হ'ল **ৰাজ্য**।

11. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

উত্তৰঃ- থেলোফাইটা (Thallophyta) বা সমাঙ্গদেহী উদ্ভিদ। (যেনে: শেলাই) ।

12. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য?

উত্তৰঃ-

ঢেঁকীয়া জাতীয় উদ্ভিদ (টেৰিডোফাইটা) সপুষ্পক উদ্ভিদ (এঞ্জিওস্পাৰ্ম)
১। ঢেঁকীয়া জাতীয় উদ্ভিদত ফুল নাথাকে। ১। সপুষ্পক উদ্ভিদত ফুল থাকে।
২। ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰে; বীজ ধাৰণ নকৰে। ২। বীজ ধাৰণ কৰে আৰু সেই বীজ ফলৰ ভিতৰত আবৃত থাকে।
৩। সংবহন কলা থাকিলেও বীজ নাথকে, সেয়ে নিম্নস্তৰীয় উদ্ভিদৰ শ্ৰেণীত পৰে। ৩। সংবহন কলা আৰু বীজ থকা উচ্চস্তৰীয় উদ্ভিদ।

13. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা পাৰ্থক্য কি?

উত্তৰঃ- পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ'ল 一

নগ্নবীজী (Gymnosperms) গুপ্তবীজী (Angiosperms)
১। বীজ নগ্ন অৱস্থাত থাকে, ফলৰ দ্বাৰা আবৃত নহয়। ১। বীজ ফলৰ ভিতৰত আবৃত থাকে।
২। কোনো ধৰণৰ ফল সৃষ্টি নহয়। ২। ফল সৃষ্টি হয়।
৩। উদাহৰণঃ সৰল গছ, চাইকাছ, পাইনাছ। ৩। উদাহৰণঃ আম গছ, ধান গছ, সূৰ্যমুখী ফুল ইত্যাদি।

14. ৰন্ধ্ৰীপ্ৰাণীসমূহক (পৰিফেৰা) একনলদেহী প্ৰাণীসমূহ (নিডেৰিয়া)ৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?

উত্তৰঃ-

ৰন্ধ্ৰীপ্ৰাণী (পৰিফেৰা) একনলদেহী প্ৰাণী (নিডেৰিয়া)
১। দেহ অসংখ্য ৰন্ধ্ৰ (Ostia) আৰু একেটা ওপৰৰ ৰন্ধ্ৰ (Osculum) ৰে গঠিত। ১। দেহত কোনো সৰু ৰন্ধ্ৰ নাথাকে, কেৱল মুখছিদ্ৰ (mouth) থাকে।
২। দেহৰ গঠন অতি সৰল আৰু কোষ স্তৰৰ সংগঠন। ২। দেহৰ গঠন কলা স্তৰৰ আৰু অপেক্ষাকৃত জটিল।
৩। দেহত স্পিকিউল (Spicules) বা স্পঞ্জিন (Spongin) দ্বাৰা গঠিত আভ্যন্তৰীণ কংকাল থাকে। ৩। কংকাল নাথাকে, কিন্তু দংশনকোষ (Cnidoblasts) বা নিডোচাইট (Cnidocytes) নামৰ বিশেষ কোষ থাকে।
৪। দেহত কোনো প্ৰকৃত দেহগহ্বৰ (body cavity) নাথাকে। ৪। দেহত গেষ্ট্ৰ'ভাস্কুলাৰ গহ্বৰ (Gastrovascular cavity) নামৰ এটা মাত্ৰ গহ্বৰ থাকে।
৫। উদাহৰণঃ স্পঞ্জ। ৫। উদাহৰণঃ প্ৰবাল (কোৰেল), জেলিফিছ, হাইড্ৰা ইত্যাদি।

15. কেনেকৈ বলয়ীদেহী প্ৰাণীসমূহক (এনেলিডা) সন্ধীপদী প্ৰাণীসমূহ (আৰ্থ্ৰ'পডা)ৰ পৰা পাৰ্থক্য কৰিব পাৰি?

উত্তৰঃ-

বলয়ীদেহী প্ৰাণী (এনেলিডা) সন্ধীপদী প্ৰাণী (আৰ্থ্ৰ'পডা)
১। দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু দেহ একেৰাহে খণ্ডিত (ring-like segments)। ১। দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত যদিও খণ্ডবোৰ বিভিন্ন অঞ্চলত বিভক্ত হৈ থাকিব পাৰে।
২। বন্ধ পৰিবহণ তন্ত্ৰ (Closed circulatory system) পোৱা যায়। ২। মুক্ত পৰিবহণ তন্ত্ৰ (Open circulatory system) পোৱা যায় আৰু তেজ দেহগহ্বৰত (Haemocoel) থাকে।
৩। প্ৰকৃত দেহগহ্বৰ (True coelom) তেজেৰে পূৰ্ণ হৈ নাথাকে বৰং coelomic fluid ৰে পূৰ্ণ থাকে। ৩। দেহগহ্বৰ (Haemocoel) তেজেৰে পূৰ্ণ হৈ থাকে।
৪। সন্ধিযুক্ত ঠেং নাথাকে; চলনৰ বাবে setae (কেঁচু) বা parapodia (নেৰিছ) থাকে। ৪। প্ৰাণীবোৰৰ ঠেং সন্ধিযুক্ত (jointed appendages)।
৫। উদাহৰণঃ কেঁচু, জোক ইত্যাদি। ৫। উদাহৰণঃ পখিলা, মাখি, মকৰা, কেঁকোৰা ইত্যাদি।

16. উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ- পাৰ্থক্যসমূহ তলত দিয়া হ'ল一

উভচৰ (Amphibia) সৰীসৃপ (Reptilia)
1. ছাল কোমল, সেমেকা আৰু শ্লেষ্মা গ্ৰন্থিযুক্ত। 1. ছাল শুকান, কৰ্কশ আৰু বাকলিৰে আবৃত; শ্লেষ্মা গ্ৰন্থি নাথাকে।
2. পূৰ্ণবয়স্ক অৱস্থাত ত্বক আৰু ফুসফুশ্বাস-প্ৰশ্বাস লয় (লাৰ্ভা অৱস্থাত ক্লম)। 2. কেৱল হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়।
3. কণীসমূহ নৰম আৱৰণযুক্ত, সেয়ে কণী পৰাৰ বাবে পানীৰ প্ৰয়োজন হয়। 3. কণীবোৰত ডাঠ বাকলিযুক্ত আৱৰণ (চোকোৰা) থাকে, সেয়ে পানীত কণী পৰাৰ প্ৰয়োজন নহয়।
4. উদাহৰণঃ ভেকুলী, চালামাণ্ডাৰ ইত্যাদি। 4. উদাহৰণঃ সাপ, কাছ, ঘৰিয়াল, টিকটিকী ইত্যাদি।

17. পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ীৰ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি?

উত্তৰঃ-

পক্ষী (Aves) স্তন্যপায়ী (Mammalia)
1. পক্ষীবোৰে কণী পাৰে (ডিম্বজ)। 1. অধিকাংশ স্তন্যপায়ীয়ে পোৱালি জন্ম দিয়ে (জৰায়ুজ)।
2. দেহত স্তন গ্ৰন্থি নাথাকে, সেয়ে পোৱালিক খুৱাব নোৱাৰে। 2. মাইকী প্ৰাণীৰ দেহত স্তন গ্ৰন্থি থাকে, যাৰ সহায়ত পোৱালিক খুৱায়।
3. দেহৰ বহিঃআৱৰণ পাখিৰে আবৃত। 3. দেহ নোম বা চুলিৰে আবৃত।
4. আগৰ ঠেং ডেউকালৈ ৰূপান্তৰিত হৈছে (বেছিভাগ পক্ষীয়ে উৰিব পাৰে)। 4. ডেউকা নাথাকে; হাত, ভৰি সাধাৰণতে দৌৰিবলৈ, বগাবলৈ বা সাঁতুৰিবলৈ অভিযোজিত।
5. ছালত চুলি, ঘৰ্মগ্ৰন্থি (sweat gland) নাথাকে। কিন্তু এটা তৈলগ্ৰন্থি (uropygial gland) থাকে পাখি চিকচিকীয়া কৰিবলৈ। 5. ছালত নোম বা চুলি, ঘৰ্মগ্ৰন্থি (sweat gland) আৰু তৈলগ্ৰন্থি (oil gland) পোৱা যায়।


Comments

Log in to leave a comment.

No comments yet. Be the first!