শস্য উৎপাদন আৰু ব্যৱস্থাপনা

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Science

পাঠ্যভিত্তিক প্ৰশ্ন আৰু উত্তৰ

১। খালী ঠাই পূৰণ কৰক:

  • (ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি তাক শস্য বোলে।
  • (খ) শস্য সিঁচাৰ আগতে মাটিডৰা চহোৱা হয়।
  • (গ) নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে।
  • (ঘ) শস্য বৃদ্ধিৰ বাবে সূৰ্য্যৰ পোহৰ আৰু মাটিৰ পৰা আৰু পানী তথা পোষক দ্ৰব্যৰ প্রয়োজন।
  • (ঙ) খেতি পথাৰত গজা অনাৱশ্যকীয় উদ্ভিদসমূহক অপতৃণ বোলে।
  • (চ) শস্য চপোৱা আৰু মৰণা মৰা যন্ত্ৰটোক কম্বাইন মেচিন বোলে।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা:

(ক) ৰাসায়নিক সাৰ (ছ) ইউৰিয়া আৰু চুপাৰ ফচফেট
(খ) জৈৱিক সাৰ (খ) উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য
(গ) দলিমাৰি (ঙ) চপৰা ভঙা সঁজুলি
(ঘ) কাঁচি (ক) শস্য চপোৱা সজুলি
(ঙ) খাৰিফ শস্য (ঘ) ধান আৰু যব
(চ) ৰবি শস্য (গ) ঘেঁহু, বুট, মটৰ মাহ

৩। চমুকৈ বৰ্ণনা কৰা:

(ক) মাটি চহোৱা (Ploughing):

উত্তৰঃ মাটি চহোৱা হ'ল শস্য উৎপাদনৰ প্ৰথম আৰু প্ৰধান কাম। মাটি চহাওঁতে ঢিলা কৰা হয়। ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ গ'লেও অতি সহজে উশাহ ল'ব পাৰে। তদুপৰি, মাটিত থকা পুষ্টিকৰ খনিজ দ্ৰব্য, অনুজীৱবোৰে পচোৱা পোষক দ্ৰব্যসমূহ মাটিডৰা চহাই ঢিলা কৰাৰ ফলত শিপাই সহজে শোষণ কৰিব ল'ব পাৰে। সেয়েহে মাটি চহোৱা আৰু কোমল বা ঢিলা কৰা শস্য উৎপাদনৰ বাবে অতি প্রয়োজনীয়।

(খ) বীজ সিঁচা:

উত্তৰঃ মাটি চহোৱাৰ পিছত বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ প্ৰধান কাম। বীজ সিঁচাৰ আগতে খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজহে নির্বাচন কৰে। তদুপৰি, বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ নির্বাচন কৰি বীজসমূহ সাধাৰণতে পৰিষ্কাৰ কৰি ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা সংগ্ৰহ কৰা হয়। এই বীজসমূহ সিঁচাৰ আগতে বেয়া বীজৰ পৰা পৃথক কৰি ল'ব লাগে।

(গ) বনবাত নিৰোৱা (Weeding):

উত্তৰঃ খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে আৰু ইয়াক আঁতৰ কৰাক বনবাত নিৰোৱা বোলে। এই অপতৃণ উদ্ভিদবোৰকো শস্যৰ সমানে পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয়। ফলত, অপতৃণে শস্য বৃদ্ধিত প্ৰভাৱ পেলায় আৰু খেতি চপোৱাৰ সময়ত বাধাৰ সৃষ্টি কৰাৰ লগতে ইহঁতৰ কিছুমান প্ৰাণী আৰু মানুহৰ কাৰণে বিষাক্ত হয়। বীজ সিঁচাৰ আগতে মাটি চহাওঁতে অপতৃণসমূহ উভালি পেলোৱা হয় যাতে এইবোৰ শুকাই মাটিৰ লগত মিহলি হৈ যায়। অপতৃণত ফুল আৰু গুটি ধৰাৰ আগতেই উঘালি বা গুৰিতে কাটি খেতিৰ পৰা আঁতৰ কৰিব পাৰি। খন্তি বা বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা অপতৃণ আঁতৰ কৰিব পাৰি। শস্য ডৰাৰ ক্ষতি নকৰাকৈ কিছুমান ৰাসায়নিক দ্ৰব্য যেনে 2,4-D ব্যৱহাৰ কৰি অপতৃণ ধ্বংস কৰিব পাৰি।

(ঘ) মৰণা মৰা (Threshing):

উত্তৰঃ গা গছৰ পৰা বীজসমূহক পৃথক কৰাক মৰণা মৰা বোলে। গৰু, মহ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। মৰণা মৰা কাৰ্য কম্বাইন মেচিনৰ দ্বাৰাও কৰা হয়, যিয়ে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰে। ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা মুকলি ঠাইত বা দিয়া যন্ত্ৰৰ সহায়ত পাতনৰ পৰা বীজ পৃথক কৰে।

(ঙ) ৰবি শস্য:

উত্তৰঃ শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে। সাধাৰণতে ৰবি শস্যৰ সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে থাকে। এনেবোৰ শস্যৰ বাবে পানীৰ প্রয়োজন কিছু কম। ৰবি শস্যৰ উদাহৰণ হ'ল ঘেঁহু, বুট, মটৰ মাহ, সৰিয়হ, তিচি। তদুপৰি, শীতকালত হোৱা নানান শাক-পাচলি ৰবি শস্যৰ ভিতৰতে পৰে।

(চ) খাৰিফ শস্য:

উত্তৰঃ বাৰিষা কালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে। ভাৰতবৰ্ষত সাধাৰণতে বাৰিষা কাল জুনৰ পৰা চেপ্টেম্বৰ মাহলৈ থাকে। খাৰিফ শস্যৰ উদাহৰণ হ'ল ধান, মাকৈ, ছয়াবিন, বাদাম, কপাহ।

৪। খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব?

উত্তৰঃ ঘেঁহু হ'ল ৰবি শস্য। ঘেঁহু খেতিৰ বাবে পানীৰ প্ৰয়োজন কম। সেইবাবে, খাৰিফ ঋতুত ঘেঁহু খেতি কৰিলে অত্যধিক পানীৰ বাবে খেতিডৰা নষ্ট হৈ মৰি যাব।

৫। খেতি পথাৰত সাৰৰ প্ৰয়োজনীয়তা সম্পর্কে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বলৈ যিবোৰ পোষক দ্ৰব্য প্রয়োগ কৰা হয় তাকে সাৰ বোলে। সাৰ দুই প্ৰকাৰৰ - জৈৱিক আৰু ৰাসায়নিক সাৰ। উদ্ভিদৰ বৃদ্ধিৰ বাবে পোষক দ্ৰব্য অতি প্রয়োজন। এই পোষক দ্ৰব্যসমূহ সাধাৰণতে মাটিয়ে যোগান ধৰে যদিও একেডৰা মাটিতে এবিধ শস্য পিছত আনবিধ শস্যৰ খেতি একেলেথাৰিয়ে কৰি থাকিলে মাটিৰ পোষক দ্ৰব্য কমি যায়। তাৰ বাবে খেতিয়কে মাটিত সাৰৰ যোগান ধৰি পুনৰায় মাটিৰ উৰ্বৰতা ঘূৰাই আনিব পাৰে। জৈৱিক সাৰৰ প্ৰয়োগে মাটিৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে পানী ধৰি ৰখাৰ শক্তি বৃদ্ধি কৰে। জৈৱিক সাৰৰ উৎপাদন ঘৰুৱাভাৱে উদ্ভিদ আৰু প্ৰাণী বৰ্জিত আৰু পেলনীয়া দ্ৰব্যৰ সহায় কৰিব পাৰি। আনহাতে ৰাসায়নিক সাৰ পোষক দ্ৰব্যৰ দ্বাৰা সমৃদ্ধ আৰু এইবোৰ সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰবোৰ নিৰ্দিষ্ট পোষক দ্ৰব্যৰে সমৃদ্ধ ৰাসায়নিক দ্ৰব্য। ৰাসায়নিক সাৰৰ প্ৰয়োগ মাটিত যি পোষক দ্ৰব্যৰ অভাৱ সেইবিধ প্ৰয়োগ কৰিলে উৎকৃষ্ট ফলাফল পোৱা যায়। ৰাসায়নিক সাৰৰ উদাহৰণ হ'ল ইউৰিয়া, চুপাৰ ফচফেট, এমোনিয়াম ছালফেট, পটাছ, এন পি কে ইত্যাদি।

৬। পচন সাৰৰ উৎপাদন কি দৰে কৰা হয়?

উত্তৰঃ প্ৰাণী আৰু উদ্ভিদৰ বৰ্জিত দ্ৰব্যসমূহৰ পচনৰ ফলত জৈৱিক সাৰ পোৱা যায়। এই সাৰক পচন সাৰ বুলিও কোৱা হয়। খেতিয়কে এখন মুকলি ঠাইত অথবা নিজৰ বাৰীৰে একাষত গাঁত খান্দি তাত উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত আৰু পেলনীয়া দ্ৰব্যবোৰ পচিবৰ বাবে ৰাখে। এই পচন কাৰ্য কিছুমান অনুজীৱৰ দ্বাৰা হয়। এই পচি যোৱা বস্তুখিনিকে জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এই পচন সাৰত প্ৰচুৰ পৰিমাণে হিউমাছ থাকে।

৭। জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি? বৰ্ণনা কৰা।

উত্তৰঃ
জৈৱিক সাৰ:
(ক) জৈৱিক সাৰ প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা এবিধ সাৰ। এই সাৰ প্ৰাণী আৰু উদ্ভিদৰ বৰ্জিত আৰু অবশিষ্ট দ্ৰব্যৰ পচন ঘটাই প্ৰস্তুত কৰা হয়।
(খ) জৈৱিক সাৰ ঘৰ বা পথাৰত প্ৰস্তুত কৰা হয়।
(গ) জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে।
(ঘ) জৈৱিক সাৰত উদ্ভিদৰ প্রয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে।

ৰাসায়নিক সাৰ:
(ক) ৰাসায়নিক সাৰ এবিধ অজৈৱ লৱণ।
(খ) ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়।
(গ) ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে।
(ঘ) ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে।

৮। জলসিঞ্চন কি? ইয়াৰ পৰম্পৰাগত পদ্ধতিসমূহৰ নাম লিখা।

উত্তৰঃ উদ্ভিদৰ বিকাশৰ বাবে বিভিন্ন সময়ত নিয়মিত ভাৱে শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। মাটিভেদে, শস্যভেদে আৰু বতৰ অনুযায়ী পানী যোগানৰ সময় আৰু পৰিমাণ বেলেগ হয়। জলসিঞ্চনৰ পৰম্পৰাগত পদ্ধতিসমূহ হ'ল - (ক) খাৱৈ বা পানীৰ লোৰ (কপিচ কল পদ্ধতি), (খ) শিকলি পাম্প, (গ) ঢেকী পদ্ধতি, (ঘ) ৰাইট (লিউৱাৰ পদ্ধতি)।

৯। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল - (ক) পানী ছটিওৱা পদ্ধতি আৰু (খ) পানী নিগৰোৱা পদ্ধতি।

(ক) পানী ছটিওৱা পদ্ধতি: এই পদ্ধতিত পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূর্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা থাকে। যেতিয়া পাম্প চাপযুক্ত পানী মূল নলীডালেদি প্রবাহিত হয় তেতিয়া ঘূর্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে। অসমান খেতি পথাৰ আৰু ঢলা মাটিৰ বাবে এই পদ্ধতি অতি উপযোগী।

(খ) পানী নিগৰোৱা পদ্ধতি: এই পদ্ধতিত পানী টোপটোপকৈ নিগৰাই উদ্ভিদৰ শিপাৰ ওচৰত পেলোৱা হয়। সেয়ে এই পানী নিগৰোৱা পদ্ধতি বোলে। ফলৰ গছ, বাগিছা আদিত ই এক উত্তম ব্যৱস্থা। পানীৰ অভাৱ থকা শুকান ঠাইত এই পদ্ধতি অতি উপযোগী, কাৰণ এই পদ্ধতিত পানীৰ একেবাৰে অপচয় নহয়।

১০। একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা।

উত্তৰঃ একেডৰা মাটিতে এবিধ শস্যৰ পিছত আনবিধ শস্যৰ খেতি একেলেথাৰিয়ে কৰিলে মাটিডৰাৰ পোষক দ্ৰব্য কমি যায়। ফলত মাটিৰ উৰ্বৰতা কমি শস্যৰ উৎপাদনো কম হয়। তাৰ বাবে খেতিয়কে মাটিডৰাত জৈৱিক সাৰ, ৰাসায়নিক সাৰ আদি প্রয়োগ কৰি মাটিৰ উৰ্বৰতা বঢ়াব পাৰে। ইয়াৰ উপৰিও দুটা খেতিৰ মাজত মাটি চূন পেলাই বা শস্যাৱৰ্তনৰ দ্বাৰাও মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰে।

১১। অপতৃণ বুলিলে কি বুজা? অপতৃণৰ কি দৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

উত্তৰঃ খেতিত গজা অনাৱশ্যকীয় উদ্ভিদক অপতৃণ বোলে। ই মাটিৰ পোষক ক্ষমতা কমায়। খেতিয়কে অপতৃণ আঁতৰোৱা আৰু সিহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে - (ক) শস্যৰ বীজ সিঁচাৰ আগতে মাটি চহাওঁতে অপতৃণবোৰ উভালি পেলোৱা হয় যাতে এইবোৰ শুকাই মাটিৰ লগত মিহলি হৈ যায়। (খ) অপতৃণত ফুল আৰু গুটি ধৰাৰ আগতেই উভালি বা গুৰিতে কাটি অপতৃণবোৰ পথাৰৰ পৰা আঁতৰ কৰিব পাৰি। (গ) কিছুমান অপতৃণনাশক ৰাসায়নিক দ্ৰব্য যেনে 2,4-D ব্যৱহাৰ কৰিও অপতৃণ নিয়ন্ত্ৰণ কৰিব পাৰি। এইবোৰে শস্যৰ ক্ষতি নকৰাকৈ অপতৃণবোৰ মাৰি পেলায়।

১২। তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে ধান উৎপাদনৰ এখন ক্রম তালিকা পোৱা যায়।

উত্তৰঃ পথাৰত হাল বোৱা (১), মাটি চহোৱা (২), বীজ সিঁচা/ৰোৱা (৩), সাৰ প্ৰয়োগ (৪), জলসিঞ্চন (৫), খেতি চপোৱা (৬), ভড়ালত ধান মজুতকৰণ (৭)।



Comments

Log in to leave a comment.

No comments yet. Be the first!