দহন আৰু শিখা

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Science

অধ্যায় – ৬

TEXTUAL QUESTIONS AND ANSWERS

১। দহন কাক বোলে? দাহ্য পদাৰ্থ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্রয়োজন?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন হয় তাকে দহন বোলে। দাহ্য পদাৰ্থ এটা দাহিত কৰিবলৈ তিনিটা চৰ্তৰ প্ৰয়োজন – বায়ু (অক্সিজেন), ইন্ধন আৰু তাপ (প্ৰজ্বলন উষ্ণতা)।

২। জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচ এটাৰে ঢাকি ধৰিলে কি ঘটে?

উত্তৰঃ মমবাতিডাল কিছু সময়ৰ পিছত নুমাই যাব। কাৰণ গিলাচৰ ভিতৰত থকা অক্সিজেন দহনৰ ফলত শেষ হৈ যায়।

৩। প্রজ্জলন উষ্ণতা কি? এই উষ্ণতাৰ লগত দহনৰ সম্বন্ধ কি?

উত্তৰঃ যি নিম্নতম উষ্ণতা লাভ কৰিলে দাহ্য পদাৰ্থ এটাৰ দহন আৰম্ভ হয়, তাক সেই পদাৰ্থটোৰ প্ৰজ্বলন উষ্ণতা বোলে। দাহ্য পদাৰ্থে প্ৰজ্বলন উষ্ণতা লাভ নকৰিলে দহন নঘটে।

৪। শিখা কি? ই কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ গেছীয় অৱস্থাত থকা দাহ্য পদাৰ্থ জ্বলাৰ ফলত যি উজ্জ্বল অংশ দেখা যায় তাকে শিখা বোলে। গেছ বা বাষ্প জ্বলাৰ ফলত শিখাৰ সৃষ্টি হয়।

৫। মমবাতিৰ শিখাৰ পৰা আমি কিয় পোহৰ পাওঁ?

উত্তৰঃ মমবাতিৰ শিখাত থকা অদাহিত কাৰ্বনৰ কণাবোৰ উত্তপ্ত হৈ দীপ্তিমান হয়। এই দীপ্তিমান কণাবোৰৰ বাবেই পোহৰ উৎপন্ন হয়।

৬। খালী ঠাঁই পূৰ কৰা :

উত্তৰঃ
(ক) জুই নিয়ন্ত্রণ কৰিবলৈ সাধাৰণতে পানী ব্যৱহাৰ কৰা হয়।
(খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ (LPG)
(গ) কাৰ্বন মন'অক্সাইড এটা বিষাক্ত গেছ।
(ঘ) দহন প্রক্রিয়াত তাপ আৰু পোহৰ সৃষ্টি হয়।

৭। যানবাহনত চি. এন. জি. ৰ ব্যৱহাৰে নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা।

উত্তৰঃ চি.এন.জি. এটা পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনত ক্ষতিকাৰক গেছ কম উৎপন্ন হয় আৰু ছাই উৎপন্ন নকৰে। সেয়ে নগৰাঞ্চলত বায়ু প্ৰদূষণ হ্ৰাস পায়।

৮। মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

উত্তৰঃ (শিক্ষকে দিয়া চিত্ৰ অংকন কৰা)

মমবাতি শিখা

৯। ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম কি?

উত্তৰঃ কিল'জুল প্ৰতি কেজি (kJ/kg)।

১০। কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ CO₂ বায়ুতকৈ গধুৰ। ই জুইৰ ওপৰত ঢাকি অক্সিজেনৰ যোগান বন্ধ কৰে। অক্সিজেন নথকাত জুই নুমাই যায়।

১১। সোণ আৰু ৰূপ গলাবলৈ সোণাৰীয়ে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে?

উত্তৰঃ শিখাৰ বাহিৰৰ দীপ্তিহীন মণ্ডল ব্যৱহাৰ কৰে, কাৰণ ইয়াৰ উষ্ণতা সৰ্বাধিক।

১২। মামৰে ধৰা প্ৰক্ৰিয়াটো দহন বুলি ক'ব পাৰিবানে? ব্যাখ্যা কৰা।

উত্তৰঃ নোৱাৰি। কাৰণ দহনত তাপ আৰু পোহৰ উৎপন্ন হয়, কিন্তু মামৰে ধৰা ধীৰ জাৰণ প্ৰক্ৰিয়া।

১৩। কাৰণ দর্শোৱা :

(ক) বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।

উত্তৰঃ পানীয়ে বিদ্যুৎ পৰিবহণ কৰে। সেইবাবে বিদ্যুতাহত হোৱাৰ সম্ভাৱনা থাকে।

(খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল.পি.জি. অধিক ভাল।

উত্তৰঃ এল.পি.জি. পৰিষ্কাৰ ইন্ধন, ছাই উৎপন্ন নকৰে আৰু অধিক তাপ উৎপন্ন কৰে।

১৪। অগ্নি নির্বাপক যন্ত্ৰ এটাৰ আৰ্হি বনোৱাৰ পৰীক্ষাটোত কি ঘটে বুজাই লিখা।

উত্তৰঃ বেকিং ছ'ডা আৰু ভিনেগাৰৰ বিক্ৰিয়াত CO₂ উৎপন্ন হয়। ই অক্সিজেনৰ যোগান বন্ধ কৰি জুই নুমুৱায়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। দাহ্য পদাৰ্থ কাক বোলে?

উত্তৰঃ যিবোৰ পদাৰ্থ বায়ুত জ্বলে সিহঁতক দাহ্য পদাৰ্থ বোলে।

২। কেইপ্ৰকাৰমান দহনৰ নাম লিখা।

উত্তৰঃ দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন আৰু বিস্ফোৰণ।

৩। শিখাৰ কেইটা অংশ আছে?

উত্তৰঃ তিনিটা — আন্ধাৰ মণ্ডল, দীপ্তিমান মণ্ডল আৰু দীপ্তিহীন মণ্ডল।

৪। ইন্ধনৰ দহনে পৰিবেশৰ ওপৰত কি ক্ষতিকাৰক প্ৰভাৱ পেলায়?

উত্তৰঃ (ক) বায়ু প্ৰদূষণ সৃষ্টি কৰে।
(খ) কাৰ্বন মন'অক্সাইড উৎপন্ন হয়।
(গ) কাৰ্বন ডাই অক্সাইড বৃদ্ধি পায় আৰু গোলকীয় উষ্ণতা বৃদ্ধি কৰে।

৫। ইন্ধন কি? ইন্ধনৰ দক্ষতা কিদৰে প্ৰকাশ কৰা হয়?

উত্তৰঃ যিবোৰ পদাৰ্থ তাপ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় সিহঁতক ইন্ধন বোলে। ইন্ধনৰ দক্ষতা কেলৰি মান (kJ/kg) ত প্ৰকাশ কৰা হয়।



Comments

Log in to leave a comment.

No comments yet. Be the first!