বল আৰু গতি
অধ্যায় – ১১
চমু প্ৰশ্নঃ
১. স্থিৰ অৱস্তাত থকা বস্তু এটাক কেনেকৈ গতি প্ৰদান কৰিব পাৰি?
উত্তৰঃ- স্থিৰ অৱস্থাত থকা বস্তু এটাক টানি বা ঠেলি গতি প্ৰদান কৰিব পাৰি।
২. গৈ থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে কি কি হ'ব পাৰে?
উত্তৰঃ- গৈ থকা বস্তু এটাৰ ওপৰত গতিৰ বিপৰীত দিশত বল প্রয়োগ কৰিলে বস্তুটো ৰৈ যাব। গৈ থকা বস্তু এটাক একে দিশতে বল প্রয়োগ কৰিলে মুঠ বল যোগ হৈ লব্ধ বল হয় আৰু দ্ৰুতি বাঢ়ে।
৩. গতিৰ দিশ সলনি কৰিবলৈ কি কৰিব লাগে?
উত্তৰঃ- গতিৰ দিশ সলনি কৰিবলৈ বস্তুটোৰ গতিৰ দিশৰ সৈতে একে নোহোৱা (অর্থাৎ কৌণিক বা বেলেগ) দিশত বল প্ৰয়োগ কৰিব লাগে। তেতিয়া বস্তুটোৰ গতিৰ দিশ সলনি হয়।
৪. এটা গধুৰ বস্তু দাঙিবলৈ আমি বেছি বল প্ৰয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্ৰয়োগ কৰিব লাগিব। কাৰণ কি বুজাই লিখা।
উত্তৰঃ- মহাকৰ্ষণ বলৰ বাবে এটা গধুৰ বস্তু ডাঙিবলৈ আমি বেছি বল প্রয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্রয়োগ কৰিব লাগে। প্ৰকৃততে, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে এটাই আনটোৰ ওপৰত বল প্রয়োগ কৰে। গধুৰ বস্তু এটাৰ ভৰ (mass) বেছি হোৱা বাবে পৃথিৱীৰ মহাকৰ্ষণ বল সেই বস্তুটোৰ ওপৰত বেছিকৈ ক্ৰিয়া কৰে, সেইবাবে ইয়াৰ ওজন বেছি হয় আৰু দাঙিবলৈ বেছি বল প্রয়োগ কৰিব লাগে। ইপিনে, পাতল বস্তু এটাৰ ভৰ কম হোৱা বাবে মহাকৰ্ষণ বলৰ প্ৰভাৱ কম, সেই কাৰণে ইয়াৰ ওজন কম হয় আৰু দাঙিবলৈ কম বল প্রয়োগ কৰিব লাগে।
৫. বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়া উদাহৰণ দিয়া।
উত্তৰঃ- বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা প্ৰক্ৰিয়াৰ এটা উদাহৰণ – ক্ৰিকেট খেলোতে বেট ধৰোতাজনৰ ফাললৈ আহি থকা ক্ৰিকেটৰ বল এটা বেটখনেৰে বেঁকাকৈ কোবাই ঠেলি দিয়া অৰ্থাৎ বল প্রয়োগ কৰি বলটো দিশ সলনি কৰি বেলেগ দিশত গতি কৰায়। বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ টনা প্ৰক্ৰিয়াৰ উদাহৰণ – পোনে পোনে গৈ থকা পুতলা গাড়ী এখনৰ আগতে লগাই থোৱা সুতা এডালেৰে সোঁ বা বাওঁফালে টানিলে গাড়ীখনে গতিৰ দিশ সলায়।
৬. বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ- বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ'ল—
১. বল প্রয়োগ কৰি লোৰ মাৰি এডালক বেঁকা কৰা।
২. হাতুৰীৰে কোবাই একে পাত ধাতুৰ পৰা বিভিন্ন আকাৰৰ বস্তু বনোৱা।
৭. তলৰ বলকেইটা সংজ্ঞা দিয়াঃ
(ক) স্থিতিস্থাপক বল
উত্তৰঃ বল প্ৰয়োগ কৰি কোনো এটা বস্তুৰ দৈৰ্ঘ্য, আয়তন অথবা আকাৰ সলনি কৰিব বিচাৰিলে বস্তুটোৱে বাধা প্ৰদান কৰে। ফলত বস্তুটোৰ ভিতৰত প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত এটা নিজা বলৰ সৃষ্টি হয়। এই বলকে স্থিতিস্থাপক বল বোলে।
(খ) চুম্বকীয় বল
উত্তৰঃ চুম্বকে আন চুম্বকৰ ওপৰত বা চুম্বকজাতীয় পদাৰ্থৰ ওপৰত যি বল প্ৰয়োগ কৰে সেই বলকে চুম্বকীয় বল বোলে।
(গ) মহাকৰ্ষণিক বল
উত্তৰঃ প্ৰখ্যাত বিজ্ঞানী নিউটনৰ সূত্ৰমতে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে প্ৰতিটো বস্তুক আকৰ্ষণ কৰি আছে। বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত থকা এই আকৰ্ষণী বলেই মহাকৰ্ষণিক বল।
(ঘ) নিউক্লীয় বল
উত্তৰঃ প্ৰত্যেক পৰমাণুৰ কেন্দ্ৰস্থলত পৰমাণুৰ নিউক্লিয়াছ থাকে। এই নিউক্লিয়াছ প্ৰ'টন আৰু নিউট্ৰনেৰে গঠিত। প্ৰ'টন ধনাত্মক আধান বিশিষ্ট আৰু নিউট্ৰন আধানবিহীন। নিউক্লিয়াছত থকা এই প্ৰ'টন আৰু নিউট্ৰনবোৰক এক শক্তিশালী আকৰ্ষণী বলে বান্ধি থূপ খুৱাই ৰাখিছে। এই বল অতি স্বল্প পৰিসৰীয় (short range), অৰ্থাৎ ই কেৱল নিউক্লিয়াছৰ ভিতৰতহে কাৰ্যকৰী। এই বলকে নিউক্লীয় বল বোলে।
৮. তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে চিনাক্ত কৰা।
(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।
(খ) টুথপেষ্ট টিবৰ পৰা পেষ্ট উলিওৱা।
(গ) বেৰৰ হাঁকোটাৰপৰা ওলমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলমাই ৰখা হৈছে।
(ঘ) নিৰ্দিষ্ট উচ্চতাৰ প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।
| কাৰক | বল প্রয়োগ কৰা বস্তু | পৰিণতি |
|---|---|---|
| হাতৰ আঙুলি | নেমু | ৰস নির্গত হয় |
| হাতৰ আঙুলি | টুথপেষ্ট টিউব | পেষ্ট ওলায় |
| গধুৰ ভাৰ | ওলোমাই থোৱা স্প্রিং | আকৃতিৰ পৰিৱৰ্তন |
| খেলুৱৈৰ ভৰি / পেশীৰ বল | খেলুৱৈৰ নিজৰ শৰীৰ (মাটিত ঠেলি জঁপ) | ঠাইৰ পৰিবৰ্তন (উচ্চতা অতিক্ৰম) |
৯. এটা বস্তুৰ ওপৰত দুটা বলে একে সময়ত ক্ৰিয়া কৰিবলৈ মুঠ ফল কি হ'ব?
উত্তৰঃ- যেতিয়া দুটা বলে এটা বস্তুৰ ওপৰত একে দিশত অথবা বিপৰীত দিশত ক্ৰিয়া কৰে বস্তুটোৱে লব্ধ বলৰ দিশত ক্ৰিয়া কৰে। এইক্ষেত্ৰত বল দুটাৰ মুঠ প্রযুক্ত বল বা বল দুটাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে।
১০. যেতিয়া দুটা বা তাতোধিক বলে এটা বস্তুৰ ওপৰত বিভিন্ন দিশত ক্ৰিয়া কৰে কি ঘটিব?
উত্তৰঃ- যেতিয়া এটা বস্তুৰ ওপৰত দুটা বা তাতোধিক বলে বিভিন্ন দিশত ক্ৰিয়া কৰে, বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ মুঠ লব্ধ বল অনুযায়ীহে বস্তুৰ ওপৰত প্ৰভাৱ পৰিব।
১১. দ্রুতি কাক বােলে? দ্রুতিৰ মান কেতিয়া বৃদ্ধি পায় আৰু কেতিয়া কমে?
উত্তৰঃ- কোনো বস্তুৱে একক সময়ত যিমান দূৰত্ব অতিক্ৰম কৰে তাকে সেই বস্তুৰ দ্ৰুতি বোলে। যদি বস্তুটোৰ গতিৰ দিশত বল প্ৰয়োগ কৰা হয়, তেন্তে ইয়াৰ দ্ৰুতি বৃদ্ধি পায়। আনহাতে, গতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰিলে বস্তুটোৰ দ্ৰুতি কমে।
১২. বল প্রয়ােগ কৰিলে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন হ'বই নে? এটা উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ- বল প্রয়োগ কৰিলেও বহুক্ষেত্ৰত গতি অৱস্থাৰ পৰিবৰ্তন নহয়। উদাহৰণ স্বৰূপে, গধুৰ বাকচ এটা আমি সৰ্বোচ্চ বল প্রয়োগ কৰিও লৰাব নোৱাৰিব পাৰো। ঠিক তেনেদৰে, পকী বেৰ এখন জোৰেৰে ঠেলিও লৰাব নোৱাৰি।
১৩. তলৰ উক্তিবােৰত খালী স্থান পূৰ কৰা—
উত্তৰঃ
(ক) কুঁৱাৰপৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব লাগে।
(খ) বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব লাগিব।
(গ) দুটা বস্তুৰ পাৰস্পৰিক ক্ৰিয়াৰ বাবে বলৰ জন্ম হয়।
(ঘ) বৈদ্যুতিক (তড়িৎ-চুম্বকীয়) বলৰ উৎস বৈদ্যুতিক আধান।
Comments
No comments yet. Be the first!