কৈশোৰপ্ৰাপ্তি

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Science

অধ্যায় – ১০

১। দেহৰ পৰিৱর্তনৰ সময়ত অন্তঃস্রাৱী গ্রন্থিবােৰৰ নিঃসৰণক কি বােলে?

উত্তৰঃ দেহৰ পৰিৱৰ্তনৰ সময়ত অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ নিঃসৰণক হৰম'ন বোলে।

২। কৈশোৰপ্ৰাপ্তিৰ সংজ্ঞা লিখা।

উত্তৰঃ ডাঙৰ-দীঘল হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। জীৱনৰ যিটো সময়ত দেহটোৰ পৰিৱৰ্তন হৈ প্ৰজননক্ষম অৱস্থা আহৰণ কৰে তাক কৈশোৰপ্ৰাপ্তি বোলা হয়।

৩। ঋতুস্ৰাৱ কি? বহলাই লিখা।

উত্তৰঃ মাইকী মানুহৰ প্ৰজননক্ষম দশা যৌৱনাৰম্ভ আৰম্ভ হয় ১০-১২ বছৰ বয়সত আৰু সাধাৰণতে ৪৫-৫০ বছৰ বয়সলৈকে থাকে। যৌৱনাৰম্ভত ডিম্বাণু পৰিপক্ক হয়। প্ৰায় ২৮-৩০ দিনৰ ভিতৰত এটা ডিম্বাশয়ৰ পৰা ওলাই আহে। এই সময়ত যদি ডিম্বাণুটো নিষেচিত হয়, তেতিয়া জৰায়ুৰ বেৰখন ডাঠ হয় যাতে ডিম্বটো জৰায়ুৰ অভ্যন্তৰত ৰাখিব পাৰে আৰু বিকাশ আৰম্ভ হ'ব পাৰে। ইয়াৰ ফলত গৰ্ভধাৰণ হয়। যদি ডিম্বাণুটো নিষেচিত নহয়, তেতিয়া ডিম্বাণুটো ৰক্তনলীসমূহ আৰু জৰায়ুত গঠন হোৱা ডাঠ ত্বকখনৰ সৈতে বাহিৰলৈ ওলাই আহে। ইয়াৰ বাবে মাইকী মানুহৰ ৰক্তক্ষৰণ হয় আৰু যাক ঋতুস্ৰাৱ বোলে।

৪। যৌৱনাৰম্ভত হোৱা দেহৰ পৰিৱৰ্তনসমূহৰ তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ যৌৱনাৰম্ভত হোৱা দেহৰ পৰিৱৰ্তনসমূহ হ'ল— উচ্চতা বৃদ্ধি, ল'ৰাৰ মাতৰ পৰিৱৰ্তন, ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ ক্ৰিয়া বৃদ্ধি, জনন অংগসমূহৰ বিকাশ, গৌণ লৈংগিক বৈশিষ্ট্যসমূহৰ প্ৰকাশ (ছোৱালীৰ স্তনৰ বিকাশ, ল'ৰাৰ ডাঢ়ি-গোঁফ গজা, বুকু আৰু গুপ্তাংগ প্ৰদেশত নোম গজা), বৌদ্ধিক বিকাশ, আত্মসচেতনতা বৃদ্ধি আদি।

যৌৱনাৰম্ভত হােৱা দেহৰ পৰিৱর্তনসমূহৰ তালিকা

৫। অন্তঃস্ৰাৱী গ্ৰন্থি আৰু সিহঁতে নিঃসৰণ কৰা হৰম'নৰ এখন তালিকা প্ৰস্তুত কৰা।

ক্ৰমিক নং অন্তঃস্ৰাৱী গ্ৰন্থি নিঃসৰিত হৰম'ন
পিটুইটাৰী গ্ৰন্থি বৃদ্ধি হৰম'ন
থাইৰইড গ্ৰন্থি থাইৰক্সিন
অগ্নাশয় গ্ৰন্থি ইনচুলিন
এড্ৰিনেল গ্ৰন্থি এড্ৰিনেলিন
শুক্ৰাশয় টেষ্ট'ষ্টেৰণ
ডিম্বাশয় ইষ্ট্ৰ'জেন আৰু প্ৰজেষ্টেৰণ

৬। লৈংগিক হৰম'ন কি? সেইবোৰক কিয় এনেদৰে নামকৰণ কৰা হয়? সিহঁতৰ কার্য লিখা।

উত্তৰঃ যিবোৰ হৰম'ন পুং আৰু স্ত্ৰী লৈংগিক চৰিত্ৰৰ বিকাশত জড়িত সেইবোৰ হৰম'নক লৈংগিক হৰম'ন বোলে। এই হৰম'নবোৰ হ'ল – টেষ্ট'ষ্টেৰণ (পুং হৰম'ন) আৰু ইষ্ট্ৰ'জেন (স্ত্ৰী হৰম'ন)। সিহঁতক এনেদৰে নামকৰণ কৰাৰ কাৰণ হ'ল – শুক্ৰাশয়ে পুং লৈংগিক হৰম'ন আৰু ডিম্বাশয়ে স্ত্ৰী লৈংগিক হৰম'ন নিঃসৰণ কৰে। এই হৰম'নসমূহে ডিম্বাশয়ত ডিম্বাণু আৰু শুক্ৰাশয়ত শুক্ৰাণু পূৰঠ কৰে।

৭। শুদ্ধ উত্তৰ বাছি উলিওৱা।

(ক) কিশোৰ-কিশোৰীসকল খাদ্যৰ প্ৰতি সাৱধান হ'ব লাগে, কাৰণ—

(i) সঠিক আহাৰে মগজুৰ বিকাশ ঘটায়।
(ii) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।
(iii) কিশোৰ-কিশোৰীৰ সোনকালে ভোক লাগে।
(iv) কিশোৰ-কিশোৰীৰ স্বাদকুঁহিবোৰ বিকশিত হয়।

উত্তৰঃ (ii) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।

(খ) স্ত্ৰী প্ৰজনন কাল আৰম্ভ হয় যেতিয়া তেওঁলোকৰ—

(i) ঋতুচক্ৰ আৰম্ভ হয়।
(ii) স্তনৰ বিকাশ হয়।
(iii) দেহৰ ওজন বাঢ়ে।
(iv) উচ্চতা বাঢ়ে।

উত্তৰঃ (i) ঋতুচক্ৰ আৰম্ভ হয়।

(গ) কিশোৰ-কিশোৰীৰ সঠিক আহাৰ হৈছে—

(i) চিপচ্, চাওমিন, কোকাকোলা।
(ii) ৰুটি, দাইল, শাক-পাচলি।
(iii) ভাত, চাওমিন, বাৰ্গাৰ।
(iv) কাটলেট, চিপচ্ আৰু নেমুৰ চৰবত।

উত্তৰঃ (ii) ৰুটি, দাইল, শাক-পাচলি।

৮। টোকা লিখা—

(ক) ঘটিকা

উত্তৰঃ যৌৱনাৰম্ভৰ সময়ত ল'ৰাবোৰৰ স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে। ছোৱালীবোৰৰ স্বৰযন্ত্ৰটো বাহিৰৰ পৰা দেখা নাযায় কাৰণ ইয়াৰ আকাৰ সৰু। ল'ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায়। এই অংশক ডিঙিৰ ঘটিকা বোলা হয়। ইয়াক চিকিৎসা বিজ্ঞানত স্বৰযন্ত্ৰৰ থাইৰইড তৰুণাস্থি বোলা হয়। কৈশোৰ প্ৰাপ্ত ল'ৰাৰ বাঢ়ি থকা স্বৰযন্ত্ৰৰ পেশী নিয়ন্ত্ৰণত নাথাকে আৰু তেতিয়া মাতবোৰ কৰ্কশ হয়।

(খ) গৌণ লৈংগিক বৈশিষ্ট্যসমূহ

উত্তৰঃ আমি জানো যে শুক্ৰাশয় আৰু ডিম্বাশয় প্ৰধান জনন অংগ। এই অংগসমূহে যথাক্ৰমে শুক্ৰাণু আৰু ডিম্বাণু নামৰ জনন কোষ উৎপন্ন কৰে। যৌৱনাৰম্ভত ছোৱালীবোৰৰ স্তনৰ বিকাশ হয় আৰু ল'ৰাৰ মুখমণ্ডলত ডাঢ়ি, গোঁফ আদি গজিবলৈ আৰম্ভ হয়। এই লক্ষণসমূহৰ দ্বাৰা ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নিৰ্দ্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰসমূহক গৌণ লৈংগিক বৈশিষ্ট্য বোলে। ল'ৰাবোৰৰ বুকু অংশত নোম গজে। ল'ৰা-ছোৱালী উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগ প্ৰদেশত নোম গজে।

(গ) লিংগ নিৰ্দ্ধাৰণ

উত্তৰঃ নিষিক্ত ডিম্বাণু বা যোজক কোষেই কেচুৱাটোৰ লিংগ কি হ'ব সেইটোৰ সংকেত দিয়ে। নিষিক্ত ডিম্বাণুৰ ভিতৰত থকা সূতাৰ নিচিনা আকৃতিযুক্ত গঠন, যাক ক্ৰম'জম বোলা হয়, এই সংকেতবোৰ থাকে। প্ৰতিটো কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ ক্ৰম'জম থাকে। ইয়াৰে এযোৰ ক্ৰম'জমক X আৰু Y বা লিংগ ক্ৰম'জম বোলে। এগৰাকী মহিলাৰ দুডাল X ক্ৰম'জম থাকে। এজন পুৰুষৰ এডাল X আৰু এডাল Y ক্ৰম'জম থাকে। ডিম্বাণুত সদায় X ক্ৰম'জম থাকে। শুক্ৰাণু দুপ্ৰকাৰৰ— X ক্ৰম'জমযুক্ত আৰু Y ক্ৰম'জমযুক্ত। X শুক্ৰাণুৰে নিষেচন হ'লে (XX) ছোৱালী আৰু Y শুক্ৰাণুৰে নিষেচন হ'লে (XY) ল'ৰা সন্তানৰ সৃষ্টি হয়। অৰ্থাৎ দেউতাকৰ শুক্ৰাণুৱে সন্তানৰ লিংগ নিৰ্দ্ধাৰণ কৰে।

৯। খালী ঠাই পূৰ্ণ কৰা —

উত্তৰঃ
(i) মগজুৰ লগত সংলগ্ন অন্তঃস্ৰাৱী গ্ৰন্থি পিটুইটাৰী
(ii) অগ্ন্যাশয়ে নিঃসৰণ কৰা হৰম'নক ইনচুলিন বোলে।
(iii) ১০ বছৰৰ পৰা ১৯ বছৰৰ ল'ৰা-ছোৱালীক কিশোৰ-কিশোৰী বোলে।
(iv) পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ হোৱা পৰিৱৰ্তনক কায়ান্তৰণ বোলে।
(v) থাইৰক্সিন হৰম'নৰ উৎপাদনৰ বাবে আয়ডিনৰ প্ৰয়োজন।

১০। চমু টোকা লিখা —

(i) ৰজোদৰ্শন (menarche)

উত্তৰঃ কৈশোৰ প্ৰাপ্তিৰ সময়ত ছোৱালীৰ প্ৰথমবাৰলৈ হোৱা ঋতুস্ৰাৱক ৰজোদৰ্শন বোলে। এই ৰজোদৰ্শন সাধাৰণতে ১০-১২ বছৰ বয়সত হয় আৰু সেই সময়ৰ পৰাই প্ৰজননক্ষম দশা আৰম্ভ হয়।

(ii) ৰজোবন্ধ (menopause)

উত্তৰঃ ছোৱালী মানুহৰ প্ৰজননক্ষম দশা ১০-১২ বছৰ বয়সত আৰম্ভ হয়। এই সময়ৰ পৰাই মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়। ৪৫ৰ পৰা ৫০ বছৰ বয়সত মাহেকীয়া ঋতুস্ৰাৱ চক্ৰ বন্ধ হয়। ঋতুস্ৰাৱ বন্ধ হোৱাক ৰজোবন্ধ বোলে। এই সময়ৰ পৰাই প্ৰজননক্ষমতা নোহোৱা হয়।

(iii) যৌৱনাৰম্ভ (puberty)

উত্তৰঃ ল'ৰা-ছোৱালীৰ কৈশোৰ প্ৰাপ্তিৰ সময়ত দেহত কেইবাটাও পৰিবৰ্তনে দেখা দিয়ে; এই পৰিৱৰ্তনে যৌৱনাৰম্ভৰ সূচনা কৰে। এই সময়তে ল'ৰা-ছোৱালীবোৰ প্ৰজননক্ষম হয়। এই সময়ত উচ্চতা বৃদ্ধি, ল'ৰাৰ মাতৰ পৰিবৰ্তন, ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ ক্ৰিয়া বৃদ্ধি, জনন অংগসমূহৰ বিকাশ হয়। কিশোৰ-কিশোৰীসকল আগতকৈ অধিক স্বাধীন আৰু আত্মসচেতন হয়। তেওঁলোকৰ বৌদ্ধিক বিকাশ হয়। যৌৱনাৰম্ভত গৌণ লৈংগিক বৈশিষ্ট্যসমূহ প্ৰকাশ পায়।



Comments

Log in to leave a comment.

No comments yet. Be the first!