ঘৰ্ষণ

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Science

অধ্যায় – ১২

A. ১। ঘর্ষণ বলৰ সংজ্ঞা দিয়া।

উত্তৰঃ এখন পৃষ্ঠৰ ওপৰেৰে গতি কৰা বস্তু এটাৰ গতিৰ বিপৰীত দিশত সেই পৃষ্ঠই যি বল প্ৰয়োগ কৰে, সেই বলকেই ঘৰ্ষণ বল বোলে।

২। ঘর্ষণ বলে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ ঘৰ্ষণ বল তলত দিয়া কাৰক সমূহৰ ওপৰত নিৰ্ভৰশীল –
(ক) সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ প্ৰকৃতিৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।
(খ) দুখন প্ৰদত্ত পৃষ্ঠৰ মসৃণতা বা খহটাৰ মাত্ৰাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।
(গ) পৃষ্ঠ দুখন কিমান জোৰেৰে পৰস্পৰ হেঁচা খাই থাকে (অৰ্থাৎ লম্ব বল) তাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।

৩। মজিয়াৰ ওপৰেৰে বগৰাই দিয়া মাৰ্বল এটা কিছু দূৰ গৈ ৰৈ যায় কিয় ব্যাখ্যা কৰা।

উত্তৰ : মজিয়াৰ ওপৰেৰে বগৰাই দিয়া মাৰ্বল এটা কিছু দূৰ গৈ ৰৈ যায়, কাৰণ ইয়াৰ গতিৰ বিপৰীত দিশত মজিয়াখনে ঘৰ্ষণ বল প্ৰয়োগ কৰে। এই ঘৰ্ষণ বলৰ ফলতেই মাৰ্বলটোৰ গতি ধীৰে ধীৰে কমি অৱশেষত বন্ধ হয়।

৪। পিছল ঘৰ্ষণ আৰু ঘূৰ্ণি ঘৰ্ষণৰ পাৰ্থক্য কি? কোন বিধ ঘৰ্ষণৰ মান বেছি?

উত্তৰঃ পিছল ঘৰ্ষণত এটা বস্তু আন এটাৰ ওপৰেৰে পিচলি গতি কৰে। আনহাতে, ঘূৰ্ণি ঘৰ্ষণত এটা বস্তু আন এটা বস্তুৰ ওপৰেৰে বাগৰি গতি কৰে। ঘৰ্ষণৰ মানৰ ক্ৰম হৈছে: স্থিতি ঘৰ্ষণ > পিছল ঘৰ্ষণ > ঘূৰ্ণি ঘৰ্ষণ। সেয়েহে পিছল ঘৰ্ষণৰ মান ঘূৰ্ণি ঘৰ্ষণতকৈ বেছি।

৫। দৈনন্দিন জীৱনত ঘৰ্ষণে কৰা তিনিটা সুবিধাৰ কথা উল্লেখ কৰা।

উত্তৰঃ দৈনন্দিন জীৱনত ঘৰ্ষণে কৰা তিনিটা সুবিধা হ'ল—
(ক) খোজ কঢ়াত ঘৰ্ষণ বলে আমাক সহায় কৰে।
(খ) সুতা বা ৰচিৰে গাঁঠি মাৰিব পৰা যায় ঘৰ্ষণৰ বাবেই।
(গ) হাতেৰে বস্তু ধৰি ৰাখিব বা চামুচেৰে ভাত খাব পাৰি ঘৰ্ষণৰ কাৰণে।

৬। ঘৰ্ষণৰ ফলত হোৱা দুটা অপকাৰৰ বিষয়ে লিখা।

উত্তৰ: ঘৰ্ষণৰ ফলত হোৱা দুটা অপকাৰ হৈছে –
যান-বাহনৰ চকাৰ ওপৰত ৰাস্তাই দিয়া ঘৰ্ষণ বল অতিক্ৰম কৰিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয় আৰু শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হৈ অপচয় হয়।
যান বাহন অথবা যন্ত্ৰপাতিৰ যিবোৰ অংশ অনবৰতে ঘঁহনি খাই গতি কৰি থাকে সেইবোৰ অংশ ঘৰ্ষণৰ কাৰণে ধীৰে ধীৰে ক্ষয় গৈ নষ্ট হয়।

৭। ব্ৰেকৰ ব্যৱহাৰ কেনেকৈ ঘৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ: চাইকেল, মটগাড়ী আদিৰ ব্ৰেক প্ৰণালীত ব্ৰেক পেড ব্যৱহাৰ কৰি ঘৰ্ষণ বৃদ্ধি কৰা হয়। চাইকেল চলাই থাকোতে ৰখাব লগা হ'লে ব্ৰেক লিভাৰত হেঁচা দিলে, তেতিয়া ব্ৰেক পেডে চকাৰ লগত ঘৰ্ষণ সৃষ্টি কৰে। ফলত চকাৰ গতি ধীৰে ধীৰে কমি অৱশেষত বন্ধ হয়।

৮। যান বাহনৰ চকা ব্যৱহাৰ কৰাৰ পৰা কি কি সুবিধা পোৱা যায়?

উত্তৰঃ চকাৰ ব্যৱহাৰে পিছল ঘৰ্ষণক ঘূৰ্ণি ঘৰ্ষণলৈ ৰূপান্তৰিত কৰে। ঘূৰ্ণি ঘৰ্ষণ পিছল ঘৰ্ষণতকৈ কম হোৱা বাবে যান-বাহন চলোৱাত কম শক্তিৰ প্ৰয়োজন হয় আৰু বস্তু সহজে আৰু দ্ৰুতভাৱে আগুৱাব পাৰে।

৯। মজিয়াত তেল পৰিলে তাৰ ওপৰেদি কিয় খোজ কাঢ়িব নোৱাৰি?

উত্তৰ: মজিয়াত তেল পৰিলে ভৰি আৰু মজিয়াৰ মাজত ঘৰ্ষণ কমি যায়। ঘৰ্ষণ কমি গ’লেই ভৰিয়ে মজিয়াত খোপনি পাতিব নোৱাৰে, ফলত পিচলি পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

১০। লুব্রিকেটিং বা পিছলকাৰী তেলৰ কাম কি?

উত্তৰঃ লুব্রিকেটিং বা পিছলকাৰী তেলৰ কাম হ'ল দুটা পৃষ্ঠৰ মাজৰ ঘৰ্ষণ কমোৱা, ক্ষয় হ্ৰাস কৰা আৰু যন্ত্ৰৰ কাৰ্যদক্ষতা বৃদ্ধি কৰা।

B. খালী ঠাই পূৰ কৰা

উত্তৰঃ
(ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ আপেক্ষিক গতিত ঘৰ্ষণে বাধা দিয়ে।
(খ) ঘৰ্ষণে তাপ উৎপন্ন কৰে।
(গ) কেৰম ব'ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ কমে
(ঘ) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান কম

C. (i) তলৰ বিভিন্ন ঘৰ্ষণৰ মান বোৰ অধঃক্ৰমত সজাবলৈ কোৱা হ'ল। কোনটো শুদ্ধ নিৰ্ণয় কৰা।

(ক) ঘূৰ্ণি, স্থিতি, পিছল
(খ) ঘূৰ্ণি, পিছল, স্থিতি
(গ) স্থিতি, পিছল, ঘূৰ্ণi
(ঘ) পিছল, স্থিতি, ঘূৰ্ণি

উত্তৰঃ (গ) স্থিতি, পিছল, ঘূৰ্ণি।

D. ব্যাখ্যা কৰা –

(ক) বঠা মাৰিলে কিয় নাও চলে?

উত্তৰঃ নাৱৰীয়াই বঠাৰে পানীক পিছলৈ ঠেলে — এয়া ক্ৰিয়া। নিউটনৰ তৃতীয় সূত্ৰ অনুসাৰে পানীয়ে নাওখনক সমান বলেৰে আগলৈ ঠেলে — এয়া প্ৰতিক্ৰিয়া। এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবেই নাও আগুৱাই যায়।

(খ) আমি খোজ কঢ়া কিয় সম্ভৱ হয়?

উত্তৰঃ খোজকাঢ়োতে আমি ভৰিৰে মজিয়াখন পিছলৈ ঠেলো। মজিয়াই ঘৰ্ষণ বলৰ জৰিয়তে আমাক আগলৈ ঠেলে। ঘৰ্ষণ নাথাকিলে খোজ কঢ়াটো সম্ভৱ নহ'লহেঁতেন।

(গ) ৰকেট মহাকাশলৈ নিক্ষেপ কৰা কিয় সম্ভৱ হয়? জেট বিমান কিয় চলাব পাৰে?

উত্তৰঃ ৰকেটৰ ইঞ্জিনে প্ৰচণ্ড বেগেৰে গেছ তললৈ উলিয়াই দিয়ে — এয়া ক্ৰিয়া। গেছে প্ৰতিক্ৰিয়া হিচাপে ৰকেটটোক ওপৰলৈ ঠেলে। সেইদৰে জেট ইঞ্জিনে গেছ পিছলৈ উলিয়াই দিয়ে আৰু প্ৰতিক্ৰিয়া হিচাপে বিমানখন আগলৈ ঠেলে।

E.

(ক) দুৰ্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এটা বাল্টি চাবোন পানী পেলালা। ইয়াৰ বাবে মজিয়াখনত খোজ কঢ়াটো সহজ হ'বনে কঠিন হ'ব? কাৰণ দৰ্শোৱা।

উত্তৰঃ মজিয়াখনত খোজ কঢ়াটো কঠিন হ'ব। কাৰণ চাবোন পানীয়ে পৃষ্ঠৰ মাজৰ ঘৰ্ষণ কমাই দিয়ে। ঘৰ্ষণ কমি গ’লেই ভৰিয়ে মজিয়াত খোপনি পাতিব নোৱাৰে আৰু পিচলি পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

(খ) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম? ব্যাখ্যা কৰা।

উত্তৰঃ স্থিতি অৱস্থাত পৃষ্ঠ দুখনৰ ক্ষুদ্ৰ অসমতাবোৰ অধিক শক্তকৈ একেলগে জড়িত থাকে। গতি আৰম্ভ হোৱাৰ পিছত এই জড়িত অৱস্থা সম্পূৰ্ণকৈ গঢ় ল’ব নোৱাৰে। সেইবাবে পিছল ঘৰ্ষণ স্থিতি ঘৰ্ষণতকৈ কম হয়।

(গ) তৰলত গতি কৰা বস্তু সমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা।

উত্তৰঃ তৰল পদাৰ্থৰ মাজেৰে গতি কৰা বস্তুৱে ঘৰ্ষণ (ড্ৰেগ) অতিক্ৰম কৰিব লাগে। শক্তি ক্ষয় কমাবলৈ বস্তুবোৰক সোঁত-সহজ (streamlined) আকৃতি দিয়া হয়।

(ঘ) হঠাৎ ঘৰ্ষণ অদৃশ্য হ'ল বুলি কল্পনা কৰা। জীৱন শৈলীত কি পৰিবৰ্তন ঘটিব। এনে পাঁচটা অৱস্থা লিখা।

উত্তৰঃ
(i) আমি মজিয়া বা ৰাস্তাত খোজ কঢ়াটো অসম্ভৱ হ'ব।
(ii) কোনো যান-বাহন চলিব নোৱাৰিব।
(iii) আমি কলম অথবা পেঞ্চিলেৰে লিখিব নোৱাৰিম।
(iv) সুতা বা ৰচিৰে কোনো গাঁঠিয়েই মাৰিব নোৱাৰিম।
(v) হাতেৰে কোনো বস্তু ধৰি ৰাখিব নোৱাৰিম।

(ঙ) তোমাৰ পছন্দৰ খেল বিধত ঘৰ্ষণে কি ভূমিকা পালন কৰে? য'ত ঘৰ্ষণে সহায় কৰিছে নে বাধা দিছে?

উত্তৰঃ মোৰ প্ৰিয় খেল জিমনাষ্টিক। জিমনাষ্টিকত ঘৰ্ষণে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জিমনাষ্টসকলে দণ্ড, ৰিং বা মেটৰ ওপৰত ভালকৈ খোপনি ৰাখিবলৈ হাত আৰু ভৰিৰ মাজত হোৱা ঘৰ্ষণৰ সহায় লয়। তেওঁলোকে হাতত চক পাউডাৰ ব্যৱহাৰ কৰে, যিয়ে ঘৰ্ষণ বৃদ্ধি কৰে। যদি ঘৰ্ষণ কম হয়, তেন্তে পিছলি পৰাৰ সম্ভাৱনা থাকে। সেয়েহে এই খেলত ঘৰ্ষণে মুখ্যভাৱে সহায় কৰে।

(চ) খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।

উত্তৰঃ গজাল থকা জোতাই খেল পথাৰত অধিক ঘৰ্ষণ সৃষ্টি কৰে। ফলত খেলুৱৈসকলে ভালকৈ খোপনি ৰাখি দৌৰিব পাৰে আৰু পিচল নেখায়।

(ছ) স্থিতিশীল বস্তু এটাতকৈ গতি কৰি থকা বস্তু এটাৰ গতি বৰ্তাই ৰাখিবলৈ সহজ কিয় ব্যাখ্যা কৰা।

উত্তৰঃ স্থিতি অৱস্থাত পৃষ্ঠ দুখনৰ ক্ষুদ্ৰ অসমতাবোৰ অধিক শক্তকৈ জড়িত থাকে। গতি আৰম্ভ হোৱাৰ পিছত এই জড়িত অৱস্থা সম্পূৰ্ণকৈ গঢ় ল’ব নোৱাৰে। সেইবাবে পিছল ঘৰ্ষণ স্থিতি ঘৰ্ষণতকৈ কম হয় আৰু গতি কৰি থকা বস্তু এটাৰ গতি বৰ্তাই ৰাখিবলৈ সহজ হয়।



Comments

Log in to leave a comment.

No comments yet. Be the first!