কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Science

অধ্যায় – ৩

TEXTUAL QUESTIONS AND ANSWERS

১। উত্তৰ দিয়া —

(ক) কৃত্ৰিম আঁহ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ আঁহ মানুহে ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰে সেইবোৰক কৃত্ৰিম বা সাংশ্লেষিক আঁহ বোলা হয়। এই আঁহবোৰ বহু সংখ্যক সৰু একক মিলি গঠিত হয়, যিবোৰক পলিমাৰ বোলে। কৃত্ৰিম আঁহসমূহ সাধাৰণতে পেট্ৰ’লিয়াম উৎসৰ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়।

(খ) প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ প্লাষ্টিক সাধাৰণতে দুই ভাগত ভগাব পাৰি — থাৰ্ম’প্লাষ্টিক (তাপ নমনীয়) আৰু থাৰ্মছেটিং প্লাষ্টিক (তাপ দৃঢ়)।

(গ) কাঠ পচিবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন?

উত্তৰঃ কাঠ পচিবলৈ সাধাৰণতে ১০–১৫ বছৰ বা তাতোকৈ বেছি সময় লাগে।

(ঘ) 4R নীতি কি?

উত্তৰঃ 4R নীতি হৈছে — হ্ৰাস কৰা (Reduce), পুনঃ ব্যৱহাৰ কৰা (Reuse), পুনৰাবৰ্তন কৰা (Recycle) আৰু পুনৰুদ্ধাৰ কৰা (Recover)।

২। তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক ‘পুনৰাবৰ্তন কৰিব পৰা’ আৰু ‘পুনৰাবৰ্তন কৰিব নোৱাৰা’ হিচাপে শ্রেণীভূক্ত কৰা।

প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, প্লাষ্টিকৰ বাতি, বৈদ্যুতিক ছুইচ, কেৰিবেগ, বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিক চকী।

পুনৰাবৰ্তন কৰিব পৰাঃ প্লাষ্টিকৰ খেলনা, প্লাষ্টিকৰ বাতি, কেৰিবেগ, প্লাষ্টিকৰ চকী, বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ।

পুনৰাবৰ্তন কৰিব নোৱাৰাঃ কুকাৰৰ নাল, বৈদ্যুতিক ছুইচ।

৩। তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ব্যাখ্যা কৰা —

(ক) বিদ্যুতৰ প্লাগ, ছুইচ্/প্লাগ

উত্তৰঃ বিদ্যুতৰ প্লাগ, ছুইচ্ আৰু প্লাগ বৰ্ড সাধাৰণতে বেকেলাইট নামৰ তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। এই প্লাষ্টিক তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী আৰু তাপ পালে গলি নাযায়।

(খ) ছছপেনৰ নাল

উত্তৰঃ ছছপেনৰ নাল তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয়, কিয়নো ই তাপৰ কু-পৰিবাহী আৰু তাপ পালে গলি নাযায়। সেইবাবে সহজে ধৰিব পাৰি।

(গ) অগ্নি প্ৰতিৰোধী কাপোৰ

উত্তৰঃ অগ্নি প্ৰতিৰোধী কাপোৰ মেলামাইন নামৰ এবিধ তাপ দৃঢ় প্লাষ্টিকেৰে প্ৰস্তুত কৰা হয়। মেলামাইন অধিক তাপ সহ্য কৰিব পাৰে আৰু সহজে গলি নাযায়।

৪। তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ তাপ নমনীয় প্লাষ্টিকসমূহ তাপ পালে নরম হয় আৰু পুনৰ আকাৰ দিব পাৰি। যেনে — PVC আৰু পলিথিন। আনহাতে তাপ দৃঢ় প্লাষ্টিকসমূহ এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তাপ দিলেও আকাৰ সলনি কৰিব নোৱাৰি। যেনে — বেকেলাইট আৰু মেলামাইন।

৫। “পৰা পক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত” — কাৰণ দৰ্শাই ব্যাখ্যা কৰা।

উত্তৰঃ প্লাষ্টিক জৈৱ অপচনশীল পদাৰ্থ। প্লাষ্টিক পচিবলৈ বহু বছৰ লাগে আৰু ই মাটি, পানী আৰু বায়ু প্ৰদূষিত কৰে। দহন কৰিলে বিষাক্ত গেছ নিৰ্গত হয়। পশুৱে ভুলতে গিলিলে মৃত্যু হ’ব পাৰে। সেইবাবে প্লাষ্টিকৰ ব্যৱহাৰ কমাই 4R নীতি মানি চলা উচিত।

৬। কৃত্ৰিম আঁহৰ বিশেষত্বসমূহ কি কি?

উত্তৰঃ কৃত্ৰিম আঁহসমূহৰ পৰা তৈয়াৰী পোছাক সোনকালে শুকায়, বহু দিন টিকে, কম দামী, সহজে পোৱা যায় আৰু সহজে যত্ন ৰাখিব পাৰি।

৭। ৰান্ধনী শালত কাম কৰোতে কৃত্ৰিম আঁহৰ দ্বাৰা তৈয়াৰী পোচাক কিয় পৰিধান কৰিব নালাগে?

উত্তৰঃ কৃত্ৰিম আঁহ তাপ পালে গলি যায়। জুই লাগিলে কাপোৰ গলি শৰীৰত লাগি ডাঙৰ আঘাত কৰিব পাৰে। সেইবাবে ৰান্ধনী শালত কৃত্ৰিম আঁহৰ পোচাক পৰিধান কৰিব নালাগে।

৮। প্লাষ্টিকৰ লগত পৰিবেশৰ সম্পৰ্ক কি বুজাই লিখা।

উত্তৰঃ প্লাষ্টিক জৈৱ অপচনশীল পদাৰ্থ। ই বহু বছৰ পচি নাযায় আৰু পৰিবেশ প্ৰদূষিত কৰে। পলিথিন নলা-নৰ্দমা বন্ধ কৰে আৰু জীৱ-জন্তুৰ ক্ষতি কৰে। দহন কৰিলে বিষাক্ত গেছ নিৰ্গত হয়।

৯। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

কৃত্ৰিম আঁহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো?

  • (ক) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।
  • (খ) ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়।
  • (গ) ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে।

উত্তৰঃ (খ) ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়।

১০। ‘ক’ স্তম্ভত দিয়া শব্দবোৰক ‘খ’ স্তম্ভৰ খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা —

(ক) পলিয়েষ্টাৰ (ক) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(খ) টেফলন (খ) মোজা আৰু পেৰাছুট বনাবলৈ ব্যৱহাৰ কৰা হয়।
(গ) ৰেয়ন (গ) আট খাই অথবা লাগি নধৰা ৰন্ধন সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়।
(ঘ) নাইলন (ঘ) সহজে শোটোৰা নপৰা কাপোৰ

উত্তৰঃ

(ক) পলিয়েষ্টাৰ (ঘ) সহজে শোটোৰা নপৰা কাপোৰ
(খ) টেফলন (গ) আট খাই অথবা লাগি নধৰা ৰন্ধন সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়।
(গ) ৰেয়ন (ক) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(ঘ) নাইলন (খ) মোজা আৰু পেৰাছুট বনাবলৈ ব্যৱহাৰ কৰা হয়।

অতিৰিক্ত প্রশ্ন

১। খালী ঠাঁই পূৰ কৰা

(ক) সাংশ্লেষিক আঁহবোৰক কৃত্ৰিম বা মানৱ-সৃষ্ট বুলিও কোৱা হয়।
(খ) সাংশ্লেষিক আঁহবোৰক পেট্ৰ’ৰাসায়নিক নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়।
(গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম পদাৰ্থ।
(ঘ) পলিথিন এবিধ তাপ নমনীয় প্লাষ্টিক।
(ঙ) বেকেলাইট এবিধ তাপ দৃঢ় প্লাষ্টিক।

২। আঁহৰ শ্ৰেণী বিভাজনৰ তালিকা প্ৰস্তুত কৰা।

আঁহ ভাগ
প্ৰাকৃতিক আঁহ উদ্ভিদ আৰু প্ৰাণী উৎসৰ পৰা পোৱা
কৃত্ৰিম আঁহ ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা

৩। সাধাৰণতে ব্যৱহাৰ হোৱা আঁশৰ প্ৰকাৰ, আঁশৰ নাম আৰু উৎসৰ এখন তালিকা প্ৰস্তুত কৰা।

আঁশৰ প্ৰকাৰ আঁশৰ নাম উৎস
প্ৰাকৃতিক (উদ্ভিদ) কপাহী কপাহ গছ
প্ৰাকৃতিক (উদ্ভিদ) লিনেন শণ গছ (Flax)
প্ৰাকৃতিক (প্ৰাণী) উল ভেড়া, ছাগলী, উট, ইয়াক
প্ৰাকৃতিক (প্ৰাণী) ৰেচম পাট পলু
পুনৰউৎপন্ন কৃত্ৰিম ৰেয়ন কাঠৰ গুঁড়া আৰু ৰাসায়নিক পদাৰ্থ
সাংশ্লেষিক নাইলন পেট্ৰ’ৰাসায়নিক পদাৰ্থ
সাংশ্লেষিক পলিয়েষ্টাৰ পেট্ৰ’ৰাসায়নিক পদাৰ্থ
সাংশ্লেষিক এক্ৰাইলিক পেট্ৰ’ৰাসায়নিক পদাৰ্থ

৪। কৃত্ৰিম আঁহ কেইপ্ৰকাৰৰ আৰু এইবোৰৰ নাম লিখি কি কি কার্যত ব্যৱহাৰ কৰা হয় উল্লেখ কৰা।

উত্তৰঃ কৃত্ৰিম আঁহ সাধাৰণতে চাৰি প্ৰকাৰৰ — ৰেয়ন, নাইলন, পলিয়েষ্টাৰ আৰু এক্ৰাইলিক।

  • ৰেয়ন — কাপোৰ, বিচনা চাদৰ, কাৰ্পেট তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।
  • নাইলন — মোজা, ৰছী, পেৰাছুট, টুথব্ৰাছ, তম্বু আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।
  • পলিয়েষ্টাৰ — পিন্ধন সামগ্ৰী আৰু PET বটল প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।
  • এক্ৰাইলিক — চুৱেটাৰ, কম্বল, শ্বল আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

৫। কৃত্ৰিম আঁহসমূহক কিয় পেট্ৰ’কেমিকেল বুলি কোৱা হয়?

উত্তৰঃ পেট্ৰ’লিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি ৰাসায়নিক প্ৰক্ৰিয়াৰে কৃত্ৰিম আঁহসমূহ প্ৰস্তুত কৰা হয় বাবে এইবোৰক পেট্ৰ’কেমিকেল বুলি কোৱা হয়।



Comments

Log in to leave a comment.

No comments yet. Be the first!