কিছুমান প্ৰাকৃতিক পৰিঘটনা
অধ্যায় – ১৫
১) শুদ্ধ (শু) নে অশুদ্ধ (অ) লিখাঃ
ক) ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা আধানক স্থৈতিক আধান বোলে।
উত্তৰঃ শুদ্ধ।
খ) এটা আহিত বস্তুৰ পৰা ভূমিলৈ আধান স্থানান্তৰক ভূমিসংযোগ বোলে।
উত্তৰঃ শুদ্ধ।
গ) ভূমিকম্পৰ কথা আগতীয়াকৈ ক'ব পৰা যায়।
উত্তৰঃ অশুদ্ধ।
ঘ) কাঁচৰ দণ্ড পাটৰ কাপোৰেৰে ঘঁহি পোৱা আধানক ঋণাত্মক আধান বোলে।
উত্তৰঃ অশুদ্ধ।
২) আহিত বস্তু এটা হাতেৰে চুলে বস্তুটোৱে কিয় আধান হেৰুৱায় ব্যাখ্যা কৰা।
উত্তৰঃ- আমাৰ শৰীৰ বিদ্যুৎ পৰিবাহী আৰু পৃথিৱীৰ সৈতে সংযুক্ত। হাতেৰে স্পৰ্শ কৰাৰ লগে লগে আহিত বস্তুৰ আধান আমাৰ শৰীৰৰ মাজেৰে পৃথিৱীলৈ সৰি যায় (ভূমিসংযোগ হয়)। ফলত বস্তুটো আধান হেৰুৱায় আৰু নিৰপেক্ষ হৈ পৰে।
৩) ভূমিকম্পৰ ধ্বংসকাৰী শক্তি জোখা স্কেলডালৰ নাম লিখা। এই স্কেলত পোৱা ৭ ৰ ওপৰ ভূমিকম্প ক্ষতিকাৰকনে?
উত্তৰঃ- ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হ’ল – ৰিখটাৰ স্কেল। ৰিখটাৰ স্কেলত ৭ বা তাতকৈ বেছি প্ৰাবল্যৰ ভূমিকম্প অতি ক্ষতিকাৰক। এই ভূমিকম্পই ব্যাপক ধ্বংসযজ্ঞ ঘটাব পাৰে।
৪) বজ্ৰপাতৰ পৰা নিজকে সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থাৰ আভাস দিয়া।
উত্তৰঃ- বজ্ৰপাতৰ পৰা সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থা হ'ল—
(১) বিজুলী-ঢেৰেকনিৰ সময়ত মুকলি স্থানত থকা অনুচিত। ঘৰৰ ভিতৰত বা সম্পূৰ্ণ বন্ধ গাড়ীৰ ভিতৰত আশ্ৰয় ল’ব লাগে।
(২) খিৰিকী, দুৱাৰ, বৈদ্যুতিক সঁজুলি আৰু লেণ্ডলাইন ফোনৰ পৰা দূৰত থাকিব লাগে।
(৩) পানীৰ পৰা দূৰত থাকিব লাগে আৰু ধাতৱীয় সঁজুলি স্পৰ্শ কৰিব নালাগে।
৫) আহিত বস্তু এটা নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো চিত্ৰৰ সহায়েৰে বৰ্ণনা কৰা।
উত্তৰঃ- (ইলেক্ট্ৰ'স্কোপৰ চিত্ৰ আঁকিব লাগে। ইয়াত এটা ধাতুৰ দণ্ড, ওপৰত ধাতুৰ টুপি আৰু তলত দুটা পাত থাকে। আহিত বস্তু টুপিৰ ওচৰত আনিলে পাতদুটা দূৰত সৰি যায়, যাৰ দ্বাৰা আধান নিৰূপণ কৰিব পাৰি।)
৬) অসম ৰাজ্য ভূমিকম্পপ্ৰৱণ হয়নে? ভাৰতবৰ্ষৰ ভূমিকম্পপ্ৰৱণ তিনিখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ- হয়, অসম ৰাজ্য ভূমিকম্পপ্ৰৱণ। ভাৰতবৰ্ষৰ ভূমিকম্পপ্ৰৱণ তিনিখন ৰাজ্যৰ নাম হ'ল— অসম, গুজৰাট, আৰু জম্মু-কাশ্মীৰ।
৭) চ্যুতি অঞ্চল কাক বোলে? এই অঞ্চলত সহজে ভূমিকম্প হয়নে?
উত্তৰঃ- ভূত্বকৰ ফলকত সৃষ্টি হোৱা ভাঙন বা চিৰা অংশক চ্যুতি অঞ্চল বোলে। এই অঞ্চলত ফলকবোৰৰ গতিৰ বাবে সহজে ভূমিকম্প হয়।
৮) ভূমিসংযোগ কি? অট্টালিকাত কিয় ভূমিসংযোগ কৰিব লাগে বহলাই লিখা।
উত্তৰঃ- এটা আহিত বস্তুৰ পৰা ভূমিলৈ আধান স্থানান্তৰ কৰাকে ভূমিসংযোগ বোলে। বিদ্যুৎ প্ৰৱাহৰ কোনো অবাঞ্চিত নিঃসৰণৰ ফলত হোৱা বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা পাবৰ বাবে অট্টালিকা বা গৃহবোৰত ভূমিসংযোগ কৰা হয়।
৯) পৃথিৱীৰ গঠনৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহৰ নাম লিখা।
উত্তৰঃ- (চিত্ৰত ভূত্বক, মেণ্টল, বাহিৰা কেন্দ্ৰ আৰু অন্তঃকেন্দ্ৰ দেখুৱাব লাগে।)
১০) পৃথিৱীৰ ফলকবোৰৰ গতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- পৃথিৱীৰ বহিঃস্তৰ টেক্টনিক ফলকসমূহত বিভক্ত। এই ফলকবোৰ অবিৰতভাৱে গতি কৰে। যেতিয়া ফলকবোৰে পৰস্পৰৰ লগত সংঘৰ্ষ কৰে, ঘঁহা খায় বা এখন ফলক আনখনৰ তললৈ সোমায়, তেতিয়া ভূত্বকত আলোড়ন সৃষ্টি হয় আৰু ভূমিকম্প ঘটে।
Comments
No comments yet. Be the first!