অণুজীৱ: মিত্ৰ আৰু শত্ৰু

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Science

TEXTUAL QUESTIONS AND ANSWERS

১। বসন্ত প্রতিষেধক ছিটা দিওঁতে কোন বিধ দ্রব্য শৰীৰত সুমুৱাই দিয়া হয় ?

উত্তৰ: বসন্ত প্রতিষেধক ছিটা দিওঁতে ভেকচিনিয়া ভাইৰাছ (গো-বসন্তৰ ভাইৰাছ) মানুহৰ শৰীৰত সুমুৱাই দিয়া হয়। ইয়াৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে আৰু বসন্ত ৰোগৰ পৰা সুৰক্ষা দিয়ে।

২। তলত দিয়া ৰোগবোৰ কি কি ধৰণৰ অণুজীৱৰ দ্বাৰা সৃষ্টি হয় এখন তালিকা প্ৰস্তুত কৰা।

ৰোগৰোগ সৃষ্টিকাৰী অণুজীৱ
বসন্তভাইৰাছ
যক্ষ্মাবেক্টেৰিয়া
জলাতংকভাইৰাছ
গ্ৰহণী (আমাশয়)প্ৰট'জ'ৱা
হাইজা (কলেৰা)বেক্টেৰিয়া
মেলেৰিয়াপ্ৰট'জ'ৱা

৩। পোন প্ৰথমে কোনে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰে ? প্ৰতিজৈৱিকৰ নাম লিখা।

উত্তৰ: আলেকজেণ্ডাৰ ফ্লেমিংয়ে ১৯২৮ চনত পেনিচিলিন আৱিষ্কাৰ কৰে। দুটা প্ৰতিজৈৱিকৰ নাম হ'ল — (ক) পেনিচিলিন (খ) টেট্ৰাছাইক্লিন।

৪। গাখীৰ পেষ্টুৰাইজ কৰা পদ্ধতিটো বৰ্ণনা কৰা।

উত্তৰ: গাখীৰ প্ৰথমে ৭২° চেলচিয়াছ উষ্ণতাত ১৫ ছেকেণ্ড সময় গৰম কৰা হয় আৰু তাৰ পিছত তৎক্ষণাৎ ঠাণ্ডা কৰা হয়। এই পদ্ধতিটোক পেষ্টুৰাইজেচন বোলে। ইয়াৰ দ্বাৰা ক্ষতিকাৰক অণুজীৱ ধ্বংস হয় আৰু গাখীৰ অধিক সময় সংৰক্ষণ কৰিব পাৰি।

৫। ৰাইজ'বিয়াম আৰু নীল-হৰিৎ শেলায়ে মাটিত কিদৰে নাইট্ৰ'জেন স্থিৰকৰণ কৰে ব্যাখ্যা কৰা।

উত্তৰঃ ৰাইজ'বিয়াম বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনা সৃষ্টি কৰি বায়ুমণ্ডলৰ নাইট্ৰ'জেন স্থিৰ কৰি নাইট্ৰ'জেন যৌগলৈ ৰূপান্তৰ কৰে। ইয়াৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। নীল-হৰিৎ শেলায়েও বায়ুৰ পৰা নাইট্ৰ'জেন গ্ৰহণ কৰি মাটিত নাইট্ৰ'জেনৰ পৰিমাণ বৃদ্ধি কৰে।

৬। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা লিখা।

উত্তৰঃ (ক) দৈ, পাউৰুটি, সুৰা আদি প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। (খ) প্ৰতিজৈৱিক আৰু ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। (গ) জৈৱিক আবৰ্জনা পঁচাই পৰিবেশ পৰিষ্কাৰ কৰে। (ঘ) মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। (ঙ) কিছুমান অণুজীৱ শিল্পক্ষেত্ৰত ব্যৱহাৰ হয়।

৭। অণুজীৱ বুলিলে কি বুজা ? অণুজীৱ সমূহক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ অতি ক্ষুদ্ৰ জীৱ যিবোৰ খালী চকুৰে দেখা নাযায় তাক অণুজীৱ বোলে। ইহঁতক চাৰিটা ভাগত ভাগ কৰা হৈছে — (i) বেক্টেৰিয়া (ii) ভেঁকুৰ (iii) প্ৰট'জ'ৱা (iv) কিছুমান শেলাই।

৮। শুদ্ধ উত্তৰত (√) চিন দিয়া :

(ক) চেনি / সুৰা / হাইড্ৰ’ক্লৰিক এছিড / অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

উত্তৰ : চেনি / সুৰা √ / হাইড্ৰ’ক্লৰিক এছিড / অক্সিজেন।

(খ) আলেকজেণ্ডাৰ ফ্লেমিং / এডৱাৰ্ড জেনাৰ / লুই পেষ্টিউৰে পেনিচিলিন প্রস্তুত কৰিছিল।

উত্তৰ : আলেকজেণ্ডাৰ ফ্লেমিং √ / এডৱাৰ্ড জেনাৰ / লুই পেষ্টিউৰ।

(গ) মাইকী এন’ফিলিচ মহ / পঁইতাচোৰা / মাখি / পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক।

উত্তৰ : মাইকী এন’ফিলিচ মহ √ / পঁইতাচোৰা / মাখি / পখিলা।

(ঘ) তাপ / গুড়ি কৰা / ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটিৰ লডা ফুলি উঠে।

উত্তৰ : তাপ / গুড়ি কৰা / ইষ্ট কোষ √

অতিৰিক্ত প্রশ্নোত্তৰ

১। অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পোৱা যায়।

উত্তৰঃ অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়।

২। প্ৰতিজৈৱিক কি ? ব্যৱহাৰৰ সাৱধানতা লিখা।

উত্তৰ: এটা জীৱৰ দ্বাৰা উৎপন্ন হোৱা যি পদাৰ্থই আন জীৱৰ বৃদ্ধি ৰোধ কৰে তাক প্ৰতিজৈৱিক বোলে। চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰিব নালাগে। সম্পূৰ্ণ ড'জ গ্ৰহণ কৰিব লাগে। অপ্রয়োজনীয় ব্যৱহাৰ ক্ষতিকাৰক।

৩। ডাঙৰ আইৰ টিকা কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ এডৱাৰ্ড জেনাৰে ১৭৯৮ চনত ডাঙৰ আইৰ টিকা আৱিষ্কাৰ কৰিছিল।

৪। নাইট্ৰ'জেন স্থিৰকৰণ কি ?

উত্তৰ: বায়ুমণ্ডলৰ নাইট্ৰ'জেন বিভিন্ন প্ৰক্ৰিয়াৰে নাইট্ৰ'জেন যৌগলৈ ৰূপান্তৰ হৈ মাটিত মিহলি হোৱা প্ৰক্ৰিয়াক নাইট্ৰ'জেন স্থিৰকৰণ বোলে।

৫। ভাইৰাছ কি ? ভাইৰাছৰ দ্বাৰা হোৱা তিনিবিধ মানুহৰ আৰু তিনিবিধ উদ্ভিদৰ ৰোগ লিখা।

উত্তৰ : ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা। ই পোষক দ্ৰব্যৰ ভিতৰতহে বৃদ্ধি পায়। ভাইৰাছৰ দ্বাৰা হোৱা মানুহৰ ৰোগ — (ক) বসন্ত (খ) জলাতংক (গ) হেপাটাইটিছ। উদ্ভিদৰ ৰোগ — (ক) মটৰৰ ম'জেইক (খ) বিলাহীৰ পাত কুঞ্চন (গ) ধপাতৰ ম'জেইক।

৬। পচন সাৰ কি দৰে প্ৰস্তুত কৰা হয় ?

উত্তৰ: গাঁত খান্দি তাত খাদ্যৰ পেলনীয়া বস্তু, পাত-পাচলি, গোবৰ আদি জমা কৰি কিছুমান মাহ ঢাকি ৰাখিলে অণুজীৱৰ ক্ৰিয়াৰ ফলত পচি উত্তম পচন সাৰ তৈয়াৰ হয়।

৭। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা :

বেক্টেৰিয়াকলেৰা ৰোগ সৃষ্টিত
ৰাইজ'বিয়ামনাইট্ৰ'জেন স্থিৰকৰণ
লেক্টবেছিলাছদৈ প্ৰস্তুত কৰাত
ইষ্টপাউৰুটি প্ৰস্তুতকৰণত
প্ৰট'জ'ৱামেলেৰিয়া ৰোগ সৃষ্টিত
ভাইৰাছবসন্ত ৰোগ সৃষ্টিত

৮। খালী ঠাই পূৰ কৰা :

উত্তৰ: (ক) অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।
(খ) নীল-হৰিৎ শেলায়ে বায়ুৰ পৰা নাইট্ৰ'জেন গ্ৰহণ কৰে।
(গ) ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত হয়।
(ঘ) বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়।
(ঙ) পেনিচিলিন আলেকজেণ্ডাৰ ফ্লেমিংয়ে আৱিষ্কাৰ কৰিছিল।
(চ) শৰ্কৰা জাতীয় খাদ্য কিন্বণ প্ৰক্ৰিয়াৰে সুৰা আৰু এঙাৰ গেছলৈ ৰূপান্তৰিত হয়।



Comments

Log in to leave a comment.

No comments yet. Be the first!