কয়লা আৰু পেট্ৰলিয়াম

AskAssam.com Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Science

অধ্যায় – ৫

TEXTUAL QUESTIONS AND ANSWERS

১। জীৱাশ্ম ইন্ধন মানে কি বুজা? উদাহৰণ দিয়া।

উত্তৰ: কিছুমান প্রাকৃতিক সম্পদ মৃত জীৱৰ অৱশেষৰ পৰা অৰ্থাৎ জীৱাশ্মৰ পৰা উৎপন্ন হয়। সেয়েহে এইবোৰক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। উদাহৰণ — কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ।

২। অংগাৰীকৰণ মানে কি?

উত্তৰ: মৃত উদ্ভিদ বহু বছৰ মাটিৰ তলত উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ প্ৰভাৱত কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক অংগাৰীকৰণ বোলে।

৩। ৰাস্তা পকী কৰোঁতে আজি কালি আলকতৰাৰ সলনি ব্যৱহাৰ কৰা সামগ্ৰী বিধৰ নাম কি?

উত্তৰ: বিটুমেন।

৪। পেট্ৰ’ল আৰু পেৰাফিন মমৰ ব্যৱহাৰ লিখা।

উত্তৰ:
পেট্ৰ’ল: যানবাহনৰ ইন্ধন আৰু দ্ৰাৱক হিচাপে।
পেৰাফিন মম: মমবাতি, ভেছলিন, মলম প্ৰস্তুত কৰাত।

৫। মৃত গছ-গছনিৰ পৰা কয়লা কিদৰে সৃষ্টি হৈছিল বৰ্ণনা কৰা।

উত্তৰ: প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ থকাৰ ফলত এইবোৰ সংকুচিত হৈ যায়। গভীৰলৈ প্ৰৱেশ কৰাৰ লগে লগে তলৰ এই অৰণ্যবোৰ অধিক উষ্ণতা আৰু উচ্চ চাপৰ সংস্পৰ্শলৈ আহে। এইদৰে বহু বছৰ ধৰি উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ প্ৰভাৱত মৃত গছ-গছনি বা উদ্ভিদসমূহ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়। মৃত গছ-গছনিৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱা বাবে কয়লাক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়।

৬। পেট্ৰ’লিয়ামৰ শোধন মানে কি?

উত্তৰ: কেঁচা পেট্ৰ’লিয়ামৰ বিভিন্ন উপাদান পৃথক কৰাৰ প্ৰক্ৰিয়াক পেট্ৰ’লিয়ামৰ শোধন বোলে।

৭। খালী ঠাই পূৰ কৰা।

উত্তৰ:
(ক) কোনো বস্তু পিছল কৰিবলৈ পিচ্ছিলক তেল ব্যৱহাৰ কৰা হয়।
(খ) কয়লাৰ প্ৰধান উপাদান হৈছে কাৰ্বন
(গ) আলকতৰা প্ৰায় ২০০ তকৈ অধিক পদাৰ্থৰ মিশ্ৰণ।
(ঘ) পেৰাফিন মম ৰ পৰা ভেছলিন প্ৰস্তুত কৰা হয়।

৮। তলৰ উক্তিসমূহ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰা।

উত্তৰ:
(ক) ক’ক হ’ল কাৰ্বনৰ এটা অশুদ্ধ ৰূপ। — শুদ্ধ
(খ) নেফথালিন পেট্ৰ’লিয়ামৰ পৰা প্ৰস্তুত কৰা হয়। — অশুদ্ধ
(গ) কোনো বস্তু শুকানকৈ ধুবলৈ পেট্ৰ’ল ব্যৱহাৰ কৰা হয়। — শুদ্ধ
(ঘ) সূৰ্যৰ ৰশ্মি নিঃশেষীয় সম্পদ। — অশুদ্ধ

৯। কি কি কাৰণত ইন্ধন হিচাপে প্ৰাকৃতিক গেছৰ বিশেষ গুৰুত্ব আছে?

উত্তৰ: প্ৰাকৃতিক গেছ এবিধ গুৰুত্বপূৰ্ণ ইন্ধন।কেইবাটাও কাৰণত এই ইন্ধনৰ বিশেষ গুৰুত্ব আছে- 
(ক) পৰিষ্কাৰ ইন্ধন।
(খ) সহজে নলীৰে পৰিবহন কৰিব পাৰি।
(গ) অধিক তাপ উৎপন্ন কৰে।
(ঘ) ছাই উৎপন্ন নকৰে।

১০। সংকুচিত প্ৰাকৃতিক গেছ মানে কি?

উত্তৰ: উচ্চ চাপত সংকুচিত কৰা প্ৰাকৃতিক গেছক সংকুচিত প্ৰাকৃতিক গেছ (CNG) বোলে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অনিঃশেষীয় আৰু নিঃশেষীয় প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰ:
যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিলেও শেষ নহয় সিহঁত অনিঃশেষীয় সম্পদ (যেনে — সূৰ্যৰ ৰশ্মি, বায়ু)।
যিবোৰ সম্পদ একবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যাব পাৰে সিহঁত নিঃশেষীয় সম্পদ (যেনে — কয়লা, পেট্ৰ’লিয়াম)।

২। কয়লা কি? ইয়াক কি কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ: কয়লা কাৰ্বন সমৃদ্ধ জীৱাশ্ম ইন্ধন। ইয়াক বিদ্যুৎ উৎপাদন, শিল্প উদ্যোগ আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

৩। কয়লাৰ পৰা উৎপাদিত প্ৰধান সামগ্ৰী আৰু ব্যৱহাৰ লিখা।

উত্তৰ:
ক’ক: তীখা প্ৰস্তুত কৰাত।
আলকতৰা: ৰঞ্জক, ঔষধ, প্লাষ্টিক প্ৰস্তুত কৰাত।
কয়লা গেছ: ইন্ধন হিচাপে।

৪। পেট্ৰ’লিয়ামক কিয় ‘জুলীয়া সোণ’ বুলি কোৱা হয়?

উত্তৰ: পেট্ৰ’লিয়াম দেশৰ অৰ্থনীতি আৰু উদ্যোগৰ বাবে অতি মূল্যৱান। সেয়ে ইয়াক ‘জুলীয়া সোণ’ বুলি কোৱা হয়।

৫। পৃথিৱীৰ প্ৰথম তেল খাদটো ক’ত আৰু কেতিয়া খন্দা হৈছিল?

উত্তৰ: ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়াত।

৬। অসমত পোন প্ৰথম তেল খাদ ক’ত খন্দা হৈছিল?

উত্তৰ: ডিগবৈত।

৭। পেট্ৰ’লিয়ামৰ উপাদান আৰু ব্যৱহাৰ (তালিকা)

ক্ৰম উপাদান ব্যৱহাৰ
LPG (তৰলীকৃত পেট্ৰ’লিয়াম গেছ) ঘৰুৱা ৰন্ধন ইন্ধন
পেট্ৰ’ল যানবাহনৰ ইন্ধন, দ্ৰাৱক
কেৰাচিন ষ্টভ, লেম্প, জেট ইন্ধন
ডিজেল গধুৰ যানবাহন, বিদ্যুৎ উৎপাদক যন্ত্ৰৰ ইন্ধন
পিচ্ছিলক তেল (লুব্ৰিকেটিং অইল) যন্ত্ৰৰ ঘৰ্ষণ কমানো
পেৰাফিন মম মমবাতি, ভেছলিন, মলম
বিটুমেন ৰাস্তা পকীকৰণ, ৰং প্ৰস্তুতকৰণ


Comments

Log in to leave a comment.

No comments yet. Be the first!