প্ৰাণীৰ প্ৰজনন
অধ্যায় – ৯
১। জীৱৰ প্ৰজননৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ- প্ৰজনন হৈছে জীৱৰ বংশ বিস্তাৰ কৰা প্ৰক্ৰিয়া। এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্ৰজনন প্ৰক্ৰিয়া অত্যাৱশ্যকীয়। কোনো প্ৰজাতিৰ জীৱৰ বংশ বৃদ্ধি হোৱাৰ বাবেহে জীৱসমূহ পৃথিৱীত বিদ্যমান থাকে। যদি কোনো ঠাইত এটা মাত্ৰ জীৱ বংশ বৃদ্ধি নকৰাকৈ থাকে, তেতিয়া ভৱিষ্যতে সেই প্ৰজাতিটোৰ অস্তিত্ব নাথাকিব। পৰিবেশত একে প্ৰজাতিৰ বহু জীৱ দেখিবলৈ পোৱা যায়। একে প্ৰজাতিৰ অন্তৰ্ভুক্ত দুটা পৃথক জীৱৰ মাজত সাদৃশ্য থাকে আৰু সিহঁতে প্ৰজননৰ সহায়ত দেখাত একে ধৰণৰ নতুন জীৱৰ সৃষ্টি কৰে। বিভিন্ন জীৱৰ দেহৰ গঠন আৰু জীৱন প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে বেলেগ বেলেগ পদ্ধতিত প্ৰজনন কৰে। কিছুমানে অযৌন প্ৰজননৰ দ্বাৰা, যেনে দ্বিবিভাজন, মুকুলন বা আংগিক বিস্তাৰণৰ জৰিয়তে নতুন জীৱ সৃষ্টি কৰে। আনহাতে যৌন প্ৰজননত দুটা পৃথক লিঙ্গৰ জীৱ জড়িত থাকে আৰু নিষেচনৰ ফলত নতুন প্ৰজন্মৰ সৃষ্টি হয়। প্ৰজননৰ ফলত বংশগত গুণাবলী এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ স্থানান্তৰিত হয়। গতিকে প্ৰজনন প্ৰক্ৰিয়াই জীৱজগতৰ ধাৰাবাহিকতা ৰক্ষা কৰে আৰু পৃথিৱীত জীৱৰ অস্তিত্ব নিশ্চিত কৰে।
২। মানুহৰ নিষেচনৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা।
উত্তৰঃ- মানুহৰ প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় হৈছে শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোজন। নিষেচন সাধাৰণতে স্ত্ৰীৰ ডিম্বনলীত (Fallopian tube) সংঘটিত হয়। সহবাসৰ সময়ত পুৰুষৰ দেহৰ পৰা শুক্ৰাণুসমূহ স্ত্ৰীৰ প্ৰজননতন্ত্ৰত প্ৰৱেশ কৰে আৰু ডিম্বনলীত থকা ডিম্বাণুৰ সংস্পৰ্শলৈ আহে। বহু শুক্ৰাণুৰ মাজৰ পৰা মাত্ৰ এটা শুক্ৰাণুৱে ডিম্বাণুৰ সৈতে সংযোজন কৰিব পাৰে। ডিম্বাণু আৰু শুক্ৰাণুৰ সংযোজনক নিষেচন বোলে। নিষেচনৰ সময়ত দুয়োটাৰ কোষকেন্দ্ৰ সংযুক্ত হৈ এটা নতুন একক কোষকেন্দ্ৰ গঠন কৰে আৰু যোজক কোষ (zygote) সৃষ্টি হয়। এই যোজক কোষটো বাৰম্বাৰ বিভাজিত হৈ গৰ্ভভ্ৰূণলৈ পৰিণত হয়। তাৰ পিছত গৰ্ভভ্ৰূণ জৰায়ুৰ বেৰত সংস্থাপিত হয় আৰু ধীৰে ধীৰে বিকশিত হৈ শিশুৰ ৰূপ লয়।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা।
(ক) আভ্যন্তৰীণ নিষেচন সম্পন্ন হয়।
(i) স্ত্ৰীৰ দেহৰ বাহিৰত (ii) স্ত্ৰীৰ দেহত (iii) পুং দেহত (iv) পুং দেহৰ বাহিৰত
উত্তৰঃ (ii) স্ত্ৰীৰ দেহত।
(খ) এটা লালুকী প্ৰাপ্তবয়স্ক ভেকুলী এটালৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হৈছে।
(i) নিষেচন (ii) কায়ান্তৰণ (iii) সংস্থাপন (iv) মুকুলন
উত্তৰঃ (ii) কায়ান্তৰণ।
৪। শুদ্ধ (শু) নে অশুদ্ধ (অ) চিহ্নিত কৰা।
(ক) ডিম্বজ প্ৰাণীয়ে পোৱালি জন্ম দিয়ে।
উত্তৰঃ অশুদ্ধ।
(খ) শুক্ৰাণু এটা একক কোষ।
উত্তৰঃ শুদ্ধ।
(গ) ভেকুলীত বাহ্যিক নিষেচন সম্পন্ন হয়।
উত্তৰঃ শুদ্ধ।
(ঘ) যোজক কোষৰ পৰা মানুহৰ বিকাশ হয়।
উত্তৰঃ শুদ্ধ।
(ঙ) নিষেচনৰ ফলত যোজক কোষৰ গঠন হয়।
উত্তৰঃ শুদ্ধ।
৫। যোজক কোষ আৰু গৰ্ভভ্ৰূণৰ দুটা পাৰ্থক্য লিখা।
উত্তৰঃ- শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত সৃষ্টি হোৱা যোজক কোষ মাত্ৰ এটা কোষেৰে গঠিত। আনহাতে গৰ্ভভ্ৰূণ হৈছে যোজক কোষৰ বাৰম্বাৰ বিভাজনৰ ফলত সৃষ্টি হোৱা বহুকোষী অৱস্থা। যোজক কোষ নিষেচনৰ ফলত ডিম্বনলীত সৃষ্টি হয়। গৰ্ভভ্ৰূণ জৰায়ুৰ বেৰত সংস্থাপিত হৈ ধীৰে ধীৰে বিকশিত হয়। যোজক কোষত দেহৰ অংশসমূহ স্পষ্ট নাথাকে, কিন্তু গৰ্ভভ্ৰূণৰ বিকাশৰ সময়ত ধীৰে ধীৰে দেহৰ অংগসমূহ গঠন আৰম্ভ হয়।
৬। অযৌন প্ৰজননৰ সংজ্ঞা লিখা। প্ৰাণীৰ দুটা অযৌন প্ৰজননৰ পদ্ধতি বৰ্ণনা কৰা।
উত্তৰঃ- যিবোৰ প্ৰজননত কেৱল এজন পিতৃ বা মাতৃ জড়িত থাকে আৰু নিষেচন সংঘটিত নহয়, তাক অযৌন প্ৰজনন বোলে।
মুকুলন – হাইড্ৰাত এই ধৰণৰ অযৌন প্ৰজনন দেখা যায়। হাইড্ৰাৰ দেহৰ পৃষ্ঠত এটা সৰু উঁচু অংশ গজি উঠে, যাক মুকুল বোলে। এই মুকুলটো ধীৰে ধীৰে বৃদ্ধি পায় আৰু পূৰ্ণাঙ্গ হাইড্ৰালৈ বিকশিত হয়। পিছত ই জনক দেহৰ পৰা পৃথক হৈ নতুন জীৱৰ সৃষ্টি কৰে।
দ্বিবিভাজন – এই ধৰণৰ অযৌন প্ৰজননত এটা এককোষী জীৱ বিভাজিত হৈ দুটা নতুন জীৱৰ সৃষ্টি কৰে। এমিবা এবিধ এককোষী জীৱ আৰু ইয়াত দ্বিবিভাজন দেখা যায়। প্ৰথমে কোষকেন্দ্ৰ বিভাজিত হয়, তাৰ পিছত কোষপ্রৰস বিভাজিত হয়। ফলত এটা জনক এমিবাৰ পৰা দুটা নতুন এমিবা সৃষ্টি হয়।
৭। কোনটো স্ত্ৰীজনন অংগত ভ্ৰূণ সংস্থাপিত হয়?
উত্তৰঃ- স্ত্ৰীজনন অংগৰ জৰায়ুত ভ্ৰূণ সংস্থাপিত হয়।
৮। কায়ান্তৰণ কি? উদাহৰণ দিয়া।
উত্তৰঃ- জীৱৰ জীৱন চক্ৰত পলু বা লালুকী অৱস্থাৰ পৰা বহুতো শাৰীৰিক পৰিবৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্ক অৱস্থালৈ পৰিৱৰ্তিত হোৱাকে কায়ান্তৰণ বোলে। উদাহৰণস্বৰূপে, ভেকুলীৰ জীৱন চক্ৰত কণী – লালুকী – প্ৰাপ্তবয়স্ক ভেকুলী অৱস্থা থাকে। আনহাতে পাটপলুৰ জীৱন চক্ৰত কণী – পলু – লেটা – প্ৰাপ্তবয়স্ক পখিলা অৱস্থা দেখা যায়।
৯। আভ্যন্তৰীণ আৰু বাহ্যিক নিষেচনৰ পাৰ্থক্য লিখা।
উত্তৰঃ আভ্যন্তৰীণ নিষেচন স্ত্ৰীৰ দেহৰ ভিতৰত সংঘটিত হয়, আনহাতে বাহ্যিক নিষেচন স্ত্ৰীৰ দেহৰ বাহিৰত সংঘটিত হয়। আভ্যন্তৰীণ নিষেচনত ভ্ৰূণৰ বিকাশ মাতৃদেহৰ ভিতৰত জৰায়ুত হয়, ফলত ভ্ৰূণ অধিক সুৰক্ষিত থাকে। বাহ্যিক নিষেচনত ডিম্বাণু বাহিৰত নিৰ্গত কৰা হয় আৰু নিষেচন বাহিৰত সংঘটিত হয়; ইয়াত ডিম্বৰ সংখ্যা অধিক হয় কিন্তু বাচি থকাৰ সম্ভাৱনা কম থাকে।
১০। খালী ঠাই পূৰ্ণ কৰা।
উত্তৰঃ
(ক) এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ হোৱা প্ৰক্ৰিয়াক প্ৰজনন বোলে।
(খ) এমিবাই দ্বিবিভাজনৰ দ্বাৰা প্ৰজনন কৰে।
(গ) হাইড্ৰাই মুকুলনৰ দ্বাৰা প্ৰজনন কৰে।
(ঘ) পোৱালি জন্ম দিয়া প্ৰাণীক জীৱজ প্ৰাণী বোলে।
(ঙ) ডিম্বাণু আৰু শুক্ৰাণুৰ সংযোজনক নিষেচন বোলে।
Comments
No comments yet. Be the first!