তৰা আৰু সৰৌজগত
অনুশীলনী
১) তলৰ বাক্যসমূহ সত্য (স) আৰু অসত্য (অ) হিচাপে চিহ্নিত কৰা।
ক) চন্দ্ৰ পৃথিৱীৰ এটা কৃত্রিম উপগ্রহ।
উত্তৰঃ অসত্য। (চন্দ্ৰ এটা প্ৰাকৃতিক উপগ্ৰহ)
খ) বুধ সৌৰজগতৰ ক্ষুদ্রতম গ্রহ।
উত্তৰঃ সত্য।
গ) উপগ্রহবােৰ সৌৰজগতৰ সদস্য নহয়।
উত্তৰঃ অসত্য। (উপগ্রহবোৰ সৌৰজগতৰ সদস্য)
ঘ) নেপচুন সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্রহ।
উত্তৰঃ সত্য।
ঙ) সৌৰজগতত নটা গ্রহ আছে।
উত্তৰঃ অসত্য। (বৰ্তমান ৮ টা গ্রহ আছে, প্লাউটোক বামন গ্ৰহ হিচাপে শ্ৰেণীভুক্ত কৰাৰ পিছত)
২। খালী ঠাই পূৰ কৰক
- (ক) তৰাবোৰে পূৱৰ পৰা পশ্চিমলৈ গতি কৰে।
- (খ) আৰ্যভট্ট ভাৰতৰ প্রথম কৃত্রিম উপগ্রহ আছিল।
- (গ) পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ উৎস হ'ল সূৰ্য।
- (ঘ) আলােকবর্ষ হ'ল পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব।
- (ঙ) শুক্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্রহ (যেতিয়া ই নিম্ন সংযোগত থাকে)।
৩। সৌৰজগতৰ চিত্ৰ আঁকি তাত গ্রহবােৰৰ স্থান দেখুওৱা।
উত্তৰঃ

৪। নক্ষত্ৰমণ্ডল মানে কি? যিকোনাে দুটা নক্ষত্ৰমণ্ডলৰ নাম লিখা।
উত্তৰঃ যিবিলাক তৰা থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰকে নক্ষত্ৰমণ্ডল বোলে। দুটা নক্ষত্ৰমণ্ডলৰ নাম হ'ল - অৰিঅ'ন (কালপুৰুষ) আৰু কেশ্বিঅ'পিয়া (কাশ্যপী)।
৫। সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু গ্ৰহটোৰ নাম লিখা।
উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি আৰু আটাইতকৈ সৰু গ্ৰহটো হ'ল বুধ।
৬। গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্যৰ নাম লিখা।
উত্তৰঃ গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্য হ'ল - গ্ৰহাণুপুঞ্জ আৰু ধূমকেতু।
৭। বৃহস্পতি গ্রহৰ উপগ্রহ কেইটা?
উত্তৰঃ বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা বৰ্তমানলৈকে আৱিষ্কৃত হৈছে ৯২ টা।
৮। সপ্তৰ্ষিমণ্ডলৰ সহায়ত কেনেকৈ ধ্ৰুৱতৰাৰ স্থান বিচাৰি উলিয়াব পাৰি ব্যাখ্যা কৰা।
উত্তৰঃ সপ্তৰ্ষি মণ্ডলৰ শেষৰ ফালে থকা তৰা দুটাৰ (দূৰবীক্ষণ যন্ত্ৰৰ মাজেৰে চালে যিটো তৰা শেষত দেখা যায়) মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰিব লাগে। সৰল ৰেখাডাল উত্তৰ দিশত আগবঢ়াই দিলে (তৰা দুটাৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচ গুণ) ৰেখাডালে আন এটা তৰা পাবগৈ যিটো বেছি উজ্জ্বল নহয়। এইটোৱেই ধ্ৰুৱ তৰা।
৯। কৃত্রিম উপগ্রহৰ পৰা কি কি তথ্য লাভ কৰিব পাৰি? ই কেনেকৈ আমাক সহায় কৰে?
উত্তৰঃ কৃত্ৰিম উপগ্ৰহবোৰৰ সহায়ত বতৰৰ আগজাননী পাব পাৰি। ইয়াৰ উপৰিও দূৰদৰ্শন সম্প্ৰচাৰ, অঁনাতাৰ তৰংগ প্ৰেৰণ, যোগাযোগ, ভূ-চিত্ৰণ, জি.পি.এছ. আদি কামত কৃত্ৰিম উপগ্ৰহবোৰ ব্যৱহাৰ কৰা হয়।
১০। চমুটোকা লিখা?
ক) ধূমকেতু:
উত্তৰঃ ধূমকেতুবোৰে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ কক্ষপথেৰে পৰিভ্ৰমণ কৰে। সিহঁতৰ পৰিভ্ৰমণকাল সাধাৰণতে খুব দীঘলীয়া হয়। ইয়াৰ সাধাৰণতে এটা উজ্জ্বল মূৰ আৰু দীঘল নেজ থাকে। বহুতো ধূমকেতু নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে আবিৰ্ভাৱ হয়। উদাহৰণস্বৰূপে, হেলিৰ ধূমকেতু প্ৰায় ৭৬ বছৰৰ মূৰে মূৰে দেখা যায়। ইয়াক ১৯৮৬ চনত শেষবাৰৰ বাবে দেখা গৈছিল আৰু পৰৱৰ্তী সময়ত ২০২১-২২ চনত দেখা গৈছিল।
খ) উল্কা আৰু উল্কাপিণ্ড:
উত্তৰঃ উল্কা হৈছে কিছুমান সৰু সৰু বস্তু যিবোৰ কেতিয়াবা বায়ুমণ্ডলত প্ৰৱেশ কৰে। প্ৰৱেশৰ সময়ত সিহঁতৰ তীব্ৰ গতি থাকে। পৃথিৱীৰ বায়ুমণ্ডলৰ ঘৰ্ষণত ইহঁত উত্তপ্ত হৈ উঠে আৰু ভাস্বৰ হৈ বাষ্পীভূত হয়। সেয়ে উজ্জ্বল পোহৰৰ আঁচডাল মাত্ৰ কিছু সময়ৰ বাবেহে দেখা যায়। কিছুমান উল্কা ডাঙৰ হয়; সিহঁত সম্পূৰ্ণৰূপে জ্বলি বাষ্পীভূত হোৱাৰ আগতেই পৃথিৱীত পৰিব পাৰে। যিবোৰ বস্তু ভূপৃষ্ঠত পৰে সেইবোৰক উল্কাপিণ্ড বোলে।
গ) গ্ৰহাণুপুঞ্জ:
উত্তৰঃ মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত এক বৃহৎ ব্যৱধান আছে। এই খালী ঠাইখিনি বহুসংখ্যক সৰু সৰু বস্তুৰে ভৰি আছে; এইবিলাকে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ইহঁতক গ্ৰহাণুপুঞ্জ বোলে। কেৱল শক্তিশালী দূৰবীক্ষণ যন্ত্ৰৰ সহায়তহে গ্ৰহাণুপুঞ্জ দেখা পোৱা যায়। (এই অঞ্চলটোক গ্ৰহাণুপুঞ্জ বলয় বুলি কোৱা হয়)।
Comments
No comments yet. Be the first!