বৰগীত

admin Last Updated: Published:
Shankardev Vidya Niketan – Class 8 – Assamese

শব্দ-টোকাঃ

  • বায় = বজায়।
  • ভুলে = ভোল যায়।
  • ৰহিয়া = ৰৈ।
  • গণ্ড = গণ্ডা, গলত থকা ৰেখা।
  • মধুপ = ভোমোৰা।
  • ত্ৰিভং = ডিঙি, কঁকাল, আঠু বেকা কৰি থিয় হোৱা কৃষ্ণৰ ৰূপ।
  • ভাস = প্ৰকাশ।
  • দৰশিয়া = দেখুৱাই।
  • মঞ্জীৰ = ভৰিৰ অলংকাৰ, নুপুৰ।
  • উচ্চায়া = ওখ বা ডাঙৰ, ওপৰলৈ তুলি বা ধৰি।
  • পঞ্চম = পঞ্চম স্বৰ।
  • বেত্ৰ = বেত।
  • ধ্ৰুং = বৰগীতৰ ধ্ৰুৱ পদ বা স্থায়ী অংশ।
  • কাঞ্চি = ককাঁলত পিন্ধা কেইবাগছীয়া হাৰ।
  • ভ্ৰূৱ = চেলাউৰি।
  • কালিন্দী = কীলিন্দ পৰ্বতৰ পৰা ওলোৱা যমুনা নৈ।
  • তীৰে = নেৰ পাৰ।
  • পৰকাশ = প্ৰকাশ।
  • তনু = শৰীৰ, দেহ।
  • কেয়ুৰ = বাহুৰ অলংকাৰ, বাজু।

ক্ৰিয়া-কলাপঃ

১। চমু উত্তৰ দিয়া।

(ক) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ বৰগীতটি শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা।

(খ) বৰগীতটি কি ৰাগত উল্লেখ আছে?

উত্তৰঃ বৰগীতটি আশোৱাৰী ৰাগত উল্লেখ আছে।

(গ) কালিন্দী নদীৰ তীৰত কোনে ধেনু চৰাইছে?

উত্তৰঃ কালিন্দী নদীৰ তীৰত শ্ৰীকৃষ্ণই ধেনু চৰাইছে।

(ঘ) গোপ শিশুসকলে কাৰ সৈতে আনন্দ কৰিছে?

উত্তৰঃ গোপ শিশুসকলে শ্ৰীকৃষ্ণৰ সৈতে আনন্দ কৰিছে।

(ঙ) কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত কিহে শোভা বঢ়াইছে?

উত্তৰঃ কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত বেশভূষা আৰু পীত বস্ত্ৰই শোভা বঢ়াইছে।

(চ) শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্ত্তন ঘোষা।

২। বৃন্দাবনৰ আনন্দমুখৰ পৰিৱেশটোৰ চমু বর্ণনা দিয়া।

উত্তৰঃ বৃন্দাবনত গোপবিলাকৰ সৈতে কৃষ্ণই গৰু চৰাইছিল। তেওঁলোকে নানা লীলা-খেলা কৰিছে। কৃষ্ণ উপস্থিতিত বৃন্দাবনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰে সকলোকে মোহিত কৰি তুলিছে। যমুনা নৈৰ পাৰত এক আনন্দৰ উৎসৱ চলিছে।

৩। শ্রীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য পাঠৰ আধাৰত বর্ণনা কৰা।

উত্তৰঃ শ্ৰীকৃষ্ণৰ শৰীৰটো হ'ল শ্যাম বৰণীয়া। সেই শৰীৰত তেওঁ নানা বেশভূষা আৰু পীত বস্ত্ৰ পৰিধান কৰিছে। যিয়ে তেওঁক এক অপৰূপ সৌন্দৰ্য দান কৰিছে।

৪। “ত্রিভঙ্গ ললিত হাস” মানে কি?

উত্তৰঃ “ত্রিভঙ্গ ললিত হাস” মানে হ'ল আঠুঁ বেকা কৰি থিয় হোৱা কৃষ্ণৰ ৰূপ।

৫। ‘গণ্ড’ আৰু ‘পঙ্কজ’ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ ‘গণ্ড’ শব্দৰ অৰ্থ গলত থকা ৰেখা আৰু ‘পঙ্কজ’ শব্দৰ অৰ্থ কমল।

৬। বৰগীত কাক বোলে? ইয়াৰ তিনিটা লক্ষণ লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয়।

  1. বৰগীতৰ মূল ভাষা ব্ৰজাৱলী।
  2. শাস্ত্ৰীয় ৰাগ আৰু আধ্যাত্মিক ভাবৰ প্ৰাধান্য।
  3. বাৎসল্য, শান্ত আৰু দাস্য ভাবৰ প্ৰাধান্য দেখা যায়।

৭। ভটিমা কাক বোলে? ই কেই প্ৰকাৰ আৰু কি কি?

উত্তৰঃ ভটিমা হ'ল একপ্ৰকাৰৰ প্ৰশ্ৰস্তিমূলক গীত। প্ৰকাশভংগীৰ গাম্ভীৰ্য ইয়াৰ প্ৰধান লক্ষণ। ‘ভাট্’ মূলৰ পৰা ওলোৱা ভক্তিপদক ভটিমা বোলা হয়।

  1. ৰাজ ভটিমা
  2. দেৱ ভটিমা
  3. গুৰু ভটিমা

ভাষা বিচাৰঃ

১। সমাৰ্থক শব্দ লিখা

  • তনু — দেহ
  • নেত্ৰ — চকু
  • পদুম — কমল
  • অৰুণ — সূৰ্য
  • চৰণ — ভৰি

২। আধুনিক ৰূপ লিখা

  • ভাস — প্ৰকাশ
  • ভ্ৰূৱ — চেলাউৰি
  • বেত্ৰ — বেত
  • মধুপ — ভোমোৰা
  • দৰশিয়া — দেখুৱাই


Comments

Log in to leave a comment.

No comments yet. Be the first!